অসমত মাকৈ খেতিৰ প্ৰসাৰ

✍~শ্ৰী দীপ গোস্বামী

~অসমত মাকৈ খেতিয়ে কৃষি অৰ্থনীতিত নতুনকৈ এক অৰ্থনৈতিক গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিছে৷ বিগত দশকৰ পৰা অসমৰ নদীপৰীয়া পলসুৱা অঞ্চলসমুহত মাকৈ খেতিৰ শুভাৰম্ভণি ঘটে বুলি কব পাৰি৷ সেইসময়ছোৱাত অসমত ব্যাপক পৰ্য্যায়ত অগভীৰ নলীনাদৰ প্ৰসাৰৰ সমান্তৰালভাৱে ধান খেতি বিশেষকৈ গ্ৰীস্মকালীন ধান খেতিৰ প্ৰসাৰ এক উল্লেখযোগ্য দিশ৷ যিবোৰ দূৰ্য্যোগপ্ৰৱণ অঞ্চলত শালি ধানৰ খেতিত নিশ্চিত উৎপাদন আশা কৰিব নোৱাৰি সেইবোৰ অঞ্চলৰ কৃষকে নিশ্চিত জলসিঞ্চনৰ ওপৰত নিৰ্ভৰ কৰি অধিক গুৰুত্ব আৰোপ কৰে গ্ৰীস্মকালীন ধানখেতিত৷ উচ্চ উৎপাদনক্ষম জাতৰ লগতে বৰ্ণশংকৰ জাতৰ ব্যৱহাৰৰ ফলস্বৰূপে ধান উৎপাদনৰ ক্ষেত্ৰত অসমে সৰ্বভাৰতীয় পৰ্য্যায়ত বহু স্বীকৃতি পাবলৈ সক্ষম হৈ ৰাজ্যখনলৈ কঢ়িয়াই আনিছে গৌৰৱ৷ বিভিন্ন কেন্দ্ৰীয় আচঁনিৰ কৃষি বিভাগৰ জড়িয়তে কৰা ৰূপায়ণে এই সফলতাৰ সহায়ক হৈছে৷

নদীমাতৃক দেশ অসমৰ কৃষকে প্ৰাকৃতিক দুৰ্য্যোগ বানপানীৰ ভুক্তভোগী হোৱা স্বত্তেও ন উদ্যমেৰে কৃষি উৎপাদনত অনন্য মাত্ৰা প্ৰদান কৰি আহিছে৷ বাৰিষাৰ বাঢ়নীপানীয়ে ধুৱাই নিয়া অঞ্চলসমুহ পুনৰায় শস্য-শ্যামলা কৰি গঢ়ি তোলে কৃষকে৷ পানী বন্ধ হৈ থকা অঞ্চলসমুহত সমস্যা বেছি যদিও পানী ওলাই যোৱা অঞ্চলসমুহৰ কৃষকে প্ৰকৃতিৰ খেয়ালৰ বিপৰীতে টঙালী বান্ধি পুনৰাই উৰ্বৰা শস্যভূমি বিভিন্ন শস্যক্ৰমেৰে ওপচাই পেলায় ৷ কৃষক প্ৰস্তুত হয় ৰবি শস্যৰ বাবে৷ বৈচিত্ৰময় অসমৰ বহু অঞ্চল আছে বছৰৰ তিনি চাৰিমাহ পানীৰ তলত আৱদ্ধ হৈ থাকে৷ পিছৰ ৮-৯ মাহ কৃষকৰ সোণগুটি সিচাঁৰ সময়৷

অসমৰ কৃষকে কম সময়ত কৰিব পৰা খেতি সমূহৰ ভিতৰত আমি মাকৈ খেতিৰ নাম লব পাৰো৷ মাকৈ খেতিৰ পৰিচৰ্য্যাৰ খৰচ কম, চাহিদাৰ বাবে মূল্যমান বেছি, ফলত পৰম্পৰাগত ধানখেতিৰ অঞ্চলত খোপনি পুতিছে মাকৈ খেতিয়ে৷

মাকৈ যিহেতু উদ্যোগিক ক্ষেত্ৰখনত বহুল ব্যৱহাৰ হয়, যেনে- শিশুখাদ্য কৰন-ফ্লেক্স, কৰন-ফ্লৰ আদিৰ প্ৰস্তুতিত ; পশুখাদ্য, মাছৰ খাদ্য আদিৰ প্ৰস্তুতিত আমি ইয়াৰ বজাৰ পাবৰ কাৰণেও কোনো সমস্যা নহব৷ জনামতে অসমৰ কাৰ্বি আলং জিলাৰ খটখটীত প্ৰথম মাকৈ ভিত্তিক কৃষি উদ্যোগ গঢ় লৈ উঠে৷ পৰৱৰ্তী সময়ত খাৰুপেটীয়া, বৰপেটাৰোড আদি অঞ্চলসমুহতো মাকৈৰ সংসাধন উদ্যোগ গঢ় লৈ উঠিছে৷

বৰ্তমান মাকৈৰ চাহিদা বৃদ্ধিয়ে ইয়াৰ কৃষিভূমি সম্প্ৰসাৰণত অৰিহণা যোগাইছে৷চৰ অঞ্চলত মাকৈৰ কৃষিভূমি সম্প্ৰসাৰণ লক্ষ্যনীয়৷ পৰম্পৰাগত গ্ৰীষ্মকালিন ধানখেতিৰ বাবে প্ৰখ্যাত মৰিগাওঁ, দৰং, বৰপেটা আদি জিলাসমুহত মাকৈ খেতিয়ে ধানৰ পৰিপূৰক খেতিৰূপে স্থান পাইছে৷

উদাহৰণস্বৰূপে দৰং জিলাৰ ৰঙামাটি অঞ্চলৰ কথাই কব পাৰি৷ এই অঞ্চলৰ কৃষকে আহু আৰু শালি এই দুয়োটা ১ বিঘাৰ পৰা ৩০ বিঘালৈকে মাকৈ খেতি কৰে৷ বহু ঠাইত বানপানীৰ প্ৰাদুৰ্ভাৱৰ কাৰণে প্ৰায়েই শালিধান চপাব নোৱাৰে, কিন্তু কমদিনীয়া কাৰণে মাকৈ চপাব পাৰে৷ মাকৈ চপোৱাৰ পাছত কিছু ৰ’দত শুকুৱাই চেলাৰ মেচিন দ্বাৰা গুটিবোৰ গুচাই ৰ’দত শুকুৱাই লব লাগে আৰু দুই তিনিটা চোকা ৰ’দত দি বস্তাত ভৰাই বিক্ৰিযোগ্য কৰি তুলিব পাৰি৷
মাকৈ খেতি কৰা অঞ্চলসমুহলৈ অৰ্থনৈতিক পৰিবৰ্তন অহা চকুত পৰে৷ সকলো অঞ্চলৰে পৰিবৰ্তন প্ৰায় একেধৰণৰে৷ মাকৈ খেতিয়ে কিছু হ’লেও কৃষকৰ অৰ্থনৈতিক পৰিকাঠামো সফল কৰিছে৷ এনে সৱলতা যথেষ্ট আশাব্যঞ্জক৷ তথাপিও যেন এই খেতিটোক আৰু অধিক শক্তিশালী কৰাৰ আৱশ্যক আছে৷ আনহাতে, আমি ভাবো সৰল প্ৰযুক্তি কৌশলৰ ব্যাপক ব্যৱহাৰ মাকৈ খেতিৰ উন্নয়নত অধিক সহায়ক হব৷

*******************************************************

~লিখক: শ্ৰী দীপ গোস্বামী,
কৃষি উন্নয়ন বিষয়া (কাৰিকৰি),খানাপাৰা৷
মবাইল নং- ৯৮৫৯৯৮৬৫৮৬৷

Leave a Response