অসমীয়া থলুৱা শস্য সম্ভাৰ আৰু ইয়াৰ সংৰক্ষণ Assamese Local Crops and its Preservation

অসমৰ কৃষি ক্ষেত্ৰৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিবলৈ বৰ কঠিন,কাৰণ সমলৰ অভাব ।অতীতৰ বৃহত্তৰ অসমখন ৪টা মূল মানৱ গোষ্ঠী -দ্ৰাবিড়, মঙ্গোলীয়, অষ্ট্ৰি’ক আৰু আৰ্য্য সকলৰ সভ্যতাৰ সংমিশ্ৰিত ৰূপ এটাৰ আলমতেই বৰ্তমান গঢ়ি উঠিছে অসমৰ সাংস্কৃতিক জীৱন ধাৰাৰ । অষ্ট্ৰ’লয়ড, মঙ্গোলীয় আৰু ককেচীয় তেজৰ সংমিশ্ৰনত অসমৰ থলুৱা জনগোষ্ঠী গঢ়ি উঠিছে বুলি কোৱা হয় ।এই প্ৰক্ৰিয়াৰ মাজেৰেই অসমৰ কৃষি সংস্কৃতি গঢ়ি উঠিছে
খ্ৰীষ্টাব্দ সপ্তম অষ্টম শতিকাত কিৰাট ৰজা মহিৰংগ দানৱৰ পৰাই অসমত ৰাজকীয় শাসন ব্যৱস্থাৰ প্ৰচলন হয়। সেই সময়ত ৰাজভোগ হিচাপে সুগন্ধি চাউল অন্ন, নানাবিধ ব্যঞ্জন, দুগ্ধান্ন আৰু পায়সম আদিৰ বিষয়ে তথ্য পোৱা যায় ।এই খাদ্যাগ্ৰহৰ ভিত্তিত সেই সময়ৰ কৃষিৰ বিষয়ে ধাৰণ কৰিব পাৰি।
শালস্তম্ভ ৰজাসকলৰ দিনত পথাৰত উৎপাদন হোৱা ধানেৰে মাটিৰ পৰিমাণ নিৰ্ণয় কৰাৰ তথ্য পোৱা যায় । বুৰঞ্জী আৰু খনন কাৰ্য্যৰ তথ্য মতে এওঁলোকৰ দিনত বাঁহগছ, আম, কঠাল, জামু, শিলিখা, মধুৰীআম, অগৰ, চন্দন, লা আদি কৃষি সম্পদৰ প্ৰচলন আছিল বুলি জানিব পাৰি ।
অসমত কৃষি পৰম্পৰাত ধানৰ স্থান শীৰ্ষত । অতীতৰে পৰা অসমত আহু,শালি, বাও আৰু বৰাধানৰ খেতি প্ৰচলন হৈ আহিছে । অসমৰ পৰম্পৰাগত আহু খেতিৰ ভিতৰত বগা আহু, কলা আহু, ৰঙা আহু, বেঙেনা গুটিয়া, ৰঙাদৰীয়া, গুনী, বেতগুটি, কৈ জানৰী, লেহাদাং,ৰঙাজিৰা,বগীবৰ আদি উল্লেখযোগ্য ।
অসমত আহোমসকলে শালি ধান খেতিৰ প্ৰচলন কৰে। শালিধানৰ পুৰণি সঁচবিলাকৰ ভিতৰত অগ্নি শালি, বিৰৈ, বিৰিয়াভঙা, টিংৰাই আদি অন্যতম ।বাও ধানৰ জাত সমুহৰ ভিতৰত এদলীয়া বাও, নেঘেৰী বাও, তৰা বাও, তুলসী বাও আদি উল্লেখযোগ্য । জলপান ধানৰ ভিতৰত কলা জহা, কুনকুনি জহা, পিপৰাচোকোৱা জহা, বকুল বৰা, মইনা বৰা, চিলটীয়া, কোমল আদি অন্যতম।
অৰুণাচলৰ চিংফৌ জনগোষ্ঠীৰ খাও-লাং, মিয়াও টং, ৰঙাপিখি, কৰা পিখি ধান টোপোলা ভাতৰ বাবে উপযুক্ত। মিয়াও টং, তিওৱা পানী প্ৰাকৃতিক চেম্পু হিচাপে চিংফৌ জনগোষ্ঠীয়ে ব্যৱহাৰ কৰি আহিছে। টাই সম্প্ৰদায়ে খাও লাং জাতৰ বৰা ধানেৰে বাঁহৰ চুঙাত দিয়া ভাত প্ৰস্তুত কৰে।
আহোম যুগত যুদ্ধক্ষেত্ৰত আঘাট প্ৰাপ্ত সৈনিকক পুৰণি শালিধানৰ পিঠাগুৰিত ঘিউ মিহলাই এঠাযুক্ত লেপেৰে লেপ দি বিষ ব্যাধিৰ উপশম ঘটোৱা হৈছিল ।স্বস্তিকা ধান (গ্ৰীষ্মকালত দুমহাত কৰা খেতি)ৰ গুৰি গোমুত্ৰ আৰু গৰুৰ গাখীৰৰ সৈতে মিহলাই পুৰণি ৰোগ উপশমৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
চকুৰ দৃষ্টিশক্তি অক্ষুন্ন ৰখা, নিমজ চাল, কন্ঠ ভালে ৰখা, শুক্ৰাণু বৃদ্ধি কৰা, মূত্ৰৰোগ নিৰাময় কৰাৰ বাবে আহোম যুগত ৰঙা শালিধানৰ চাউল ব্যৱহাৰ কৰা হৈছিল।দেহৰ ভিতৰত উচিত পৰিমাণৰ ৰস নিসৰণৰ বাবে কলা আহু চাউল, বাত, ক’ফ আদিৰ দৰে ৰোগ নিৰাময়ৰ বাবে স্বস্তিকা চাউল আৰু পঙ্গুৰোগ নিৰাময়ৰ বাবে বৰা ধান ব্যৱহাৰ কৰিছিল।
অসমৰ প্ৰায় দহ হাজাৰ প্ৰজাতিৰ ধান আছিল বুলি জনা যায় । অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰায় চাৰি হাজাৰ বিধ ধানৰ জাত সংৰক্ষণ কৰা হৈছে।
যোৰহাট জিলাৰ টীয়কৰ খনামুখ গাঁৱৰ উদ্যমী খেতিয়ক দ্বীপেন বৰুৱা নামৰ এজন কৃষকে একক প্ৰচেষ্টাৰেই থলুৱা 70 টা প্ৰজাতিৰ ধানৰ বীজ নিজৰ পথাৰত উৎপাদন কৰি অসমৰ থলুৱা প্ৰজাতিৰ ধানৰ বীজবোৰ সংৰক্ষণ কৰাৰ, সমান্তৰাল ভাবে সেইবোৰ কৃষি পদ্ধতি চলমান কৰি ৰখাৰ ক্ষেত্ৰত বিৰল দৃষ্টান্ত  দাঙি ধৰিবলৈ সক্ষম হৈছে । যোৱা প্ৰায় 15 বছৰ ধৰি এই প্ৰচেষ্টা চলাই বৰুৱাই বৰ্তমান 100 টা প্ৰজাতিৰ ধান সংগ্ৰহত ৰাখিবলৈ সক্ষম হৈছে । এই প্ৰজাতিবোৰৰ ভিতৰত থুপি বৰা, বনগুটি, চৈমাৰি, গেজেন শালি, কুটকুটি, আবৰ শালি, কেচা বাও, দেউৰী বাও, বদল বাও, ঘুগুলী জহা, পাখি বৰা, মানিকী মাধুৰী, কণী ধান আদি উল্লেখযোগ্য ।
কলিয়াবৰৰ কৃষি মহকুমাৰ হাতীয়ে খোৱা গাঁৱৰ পদ্ম কান্ত নাথে ২০১৪ চনৰ পৰা অসমৰ পৰা ক্ৰমাত হেৰাই যোৱা থলুৱা জাতৰ ধানৰ বীজ সংগ্ৰহত হাতে কামে নামি পৰিছে । বৰ্তমানলৈ তেওঁ 110 বিধ থলুৱা ধানৰ বীজ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত- দল পোঙা, গৰু চকুৱা, কোমল ধান, আটা বৰা, পাৰ চকুৱা, শালিকা চুতীয়া, গুটিয়া আমোনা, শীতল জহা, নল নাৰায়ণ ধান, কলা তুলসী বৰা, মিহি জলপনীয়া ধান, জল বসুন্ধৰী, পাঞ্চা ধান, ধনীয়া গুটিয়া শালি, মনোহৰ শালি, বিৰিয়া ভঙা, আমোনা বাও, গয়া শালি, ৰঙা বৰা, পাতাল শালি, জাগলি বৰো ধান, ধুচুৰি ধান, হাৰ কনা, গাজি বৰো, ইন্দ্ৰ নাৰায়ণ ধান, কাতি বৰা, বিহাৰী শালি, বগী বৰা, জৰা বাও, বাম মাগুৰি, পানী মাগুৰি, প্ৰভাত শালি, গৌতম শালি, কৃষ্ণ জহা, কল জহা, বকুল জহা, কুৰ্মী শালি, ঘিউ বৰা, প্ৰসাদ ভোগ, হুৰূমি কোমল, সুৱাগ মণি, কুকুৱা বাও, বাদল শালি আদি।
****************************************************************************************************
~মৌচম হাজৰিকা
সহকাৰী কৃষি সঞ্চালক
কৃষি বিভাগ, অসম