অসমীয়া মহিলা আৰু স্বাৱলম্বীতা

-ৰূপামণি গগৈ

এইয়াই সময় নিজক গঢ়াৰ
এইয়াই সময় নিজক চিনাৰ
বৰ্তমান সময়ত অসমৰ শিক্ষিত যুৱক যুৱতী সকলে নিবনুৱাৰবেহুত পৰি ককবকাইছে ।অসমৰ সকলো ব্যৱসায় বাহিৰৰ বণিক গোষ্টীয়ে দখল কৰি অসম আৰু অসমীয়াৰ ওপৰত লুট পাত কৰিছে । বৰ্তমান এনে সংকটৰ সময়ত দেখিবলৈ পাইছো ছছিয়েল মিডিয়াৰ বিভিন্ন অসমীয়া ব্যৱসায়িক গোটে তেওঁলোকৰ দিহা পৰামৰ্শ ,প্ৰেৰণাৰে বহু নিবনুৱা যুৱক যুৱতীক আশাৰ ৰেঙনি দেখুৱাই এটি সুন্দৰ পথেৰে লৈ যাবলৈ সক্ষম হৈছে । কম সময়তে সকলো নিবনুৱা যুৱক যুৱতীৰ আপোন আৰু সহযোগী হৈ পৰা তেনে গ্ৰুপ হৈছে ব্যৱসায় বাণিজ্য ,কৃষক বন্ধু ,খেতি পথাৰ আদি উল্লেখযোগ্য ।স্বাৱলম্বীৰ একো পথ বিচাৰি নোপোৱা বহু যুৱক যুৱতীয়ে এই গ্রুপৰ প্ৰেৰণা আৰু নিজৰ একান্ত প্ৰচেষ্টাত কম মূলধনেৰে ব্যৱসায় আৰম্ভ কৰি সফলতা লাভ কৰাৰ অনেক উদাহৰণ আছে।
এইয়া এক সুন্দৰ সময় ।সময়ে আহ্বান জনাইছে সকলোৰে সফলতাৰ । উচ্চ শিক্ষা গ্ৰহণ কৰি ঘৰতে নাঙল কোৰ পেলাই চহৰত চাকৰি বিচাৰি অৰঙে দৰঙে জীৱনৰ মূল্যবান সময়কণ নষ্ট কৰাতকৈ চন পৰি থকা মাটি ডৰাতে বৈজ্ঞানিক ভিত্তিত ঋতু অনুযায়ী বিভিন্ন ধৰণৰ খেতি কৰি ঘৰখনৰ শাক পাচলিৰ চাহিদা পূৰণ কৰাৰ লগতে বিক্ৰী কৰিলে অৰ্থনৈতিক ভাৱে স্বচ্ছল হব পাৰিব। স্বাৱলম্বী হবলৈ মহিলা সকল দূৰলৈ নগৈ ঘৰৰ এচুকত পৰি থকা তাঁত শাল খনৰ পৰাই আৰম্ভ কৰিব পাৰে ।অসমীয়া নাৰীয়ে গামোচা মেখেলা চাদৰ আদিত ফুলৰ ছানেকিৰে ৰঙৰ সমাহাৰ ঘটায় ।এই তাঁত শালতে অসমীয়া শিপিনীৰ সুখ দুখ,হেপাঁহ সপোনবোৰ জিলিকি ৰয় । মহিলা সকলে বিভিন্ন ধৰণৰ ফুল তুলি গামোচা ৰুমাল ,চাদৰ মেখেলা আদি বৈ বাণিজ্যি মেলা ,অসম মহোৎসৱ ,জনগোষ্ঠীয় মেলা সমূহত বিক্রীৰ বিপনন কেন্দ্ৰৰ জৰিয়তে উপাৰ্জন কৰিব পাৰে । আৰু বহু মহিলাই এনেদৰেই উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ পিঠা ,লাড়ু জলপান তৈয়াৰ কৰি বিক্ৰী কৰিব পাৰে । সততে পোৱা থলুৱা ফুল মূল সংগ্ৰহ কৰি আচাৰ বনাব পাৰে । ক্ষুদ্ৰ উদ্যোগ যেনে : ধূপ কাঠি ,মমবাতি ,আচাৰ , মাটিচাকি আদি উদ্যোগৰ জৰিয়তেআৰ্থিক ভাৱে স্বচ্ছল হব পাৰি । এমব্ৰডায়ী ,কাটিং ,পাৰ্লাৰ , কাপোৰ ডিজাইন ,গৃহসজ্জা আদি বৃত্তি গ্ৰহণ কৰি লাভবান হব পাৰে । ঘৰত থকাগাঁৱৰ মহিলা সকলে লোকেল হাঁহ কুকুৰা ও উন্নত প্ৰজাতিৰ হোৱাইট পেকিন ,কদকনাথ ,কলিংগৰ ব্ৰাউন ,টিতৰ ,লেয়াৰ ,বনৰজা,কোৱেল আদি পুহি স্বাৱলম্বীৰ বাট মুকলি কৰিব পাৰে ।গৰু পুহি গাখীৰ বিক্ৰী কৰাৰ লগতে গৰুৰ গোৱৰে কেঁচু সাৰ বনায় বিক্ৰী কৰিব উপকৃত হব পাৰে । তাৰোপৰি অসমৰমহিলা সকলক আৰ্থিক ভাৱে স্বচ্ছল আৰু স্বাৱলম্বী কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ‘কনকলতা মহিলা সাৱলীকাৰণ ‘ আঁচনিৰ যোগেদি অনেক সুবিধা প্ৰদান কৰিছে। সকলো গ্রাম্য মহিলাই এই সুবিধা গ্ৰহণ কৰিও তেওঁলোকৰ জীৱন স্বচ্ছল কৰি তুলিব পাৰে।
যিদিনাই মহিলাসকল ভৰিত থিয় হৈ আকাশলৈ মোৰ তুলি চাবলৈ শিকিব সিদিনাই নাৰীসকল সঁচা অৰ্থত জীয়াই থাকিবলৈ শিকিব । প্ৰতি গৰাকী মহিলাই নিজৰ প্ৰতিভাক বিকাশ কৰি দক্ষতা আৰু যোগ্যতাৰে নিজৰ লগতে মহিলাসকলক উপাৰ্জনৰ পথ দেখুৱাই অৰ্থনৈতিক ভাৱে সহায় কৰি এখন সর্বাংগ সুন্দৰ সমাজ গঢ়াত অগ্ৰনী ভূমিকা লওঁক ।
*******************

-ৰূপামণি গগৈ,সাপেখাতি

Leave a Response