অয়েষ্টাৰ কাঠফুলা খেতিৰে স্বাৱলম্বন Self-independence through Oyester Mushroom Cultivation

~পংকজ পুৰান।
অতীজৰে পৰা ব্যৱহাৰ কৰি অহা অৰ্থাৎ খাদ্য হিচাপে গ্রহণ কৰি অহা কাঠফুলা হৈছে এবিধ উচ্চ শ্রেণীৰ ভেঁকুৰ (Higher class fungi) । কিন্তু কাঠফুলাৰ বিভিন্ন প্রজাতি থকাৰ বাবে মানুহে সহজতে কোনবিধ খাবৰ বাবে উপযোগী আৰু কোনবিধ বিষাক্ত চিনাক্ত কৰিব নোৱাৰে । তাৰ ফলশ্রুতিতেই বিভিন্ন ধৰণৰ অঘটনবোৰ হোৱাৰ পৰিলক্ষিত হয় । ভাৰতবৰ্ষত বিশেষভাৱে খেতি কৰা কাঠফুলাৰ নাম হ’ল – বাট’ন মাচৰুম (Button Mushroom) Agaricus spp ; পেদি ষ্ট্র’ মাচৰুম (Paddy straw Mushroom)- Volvariella spp , অ’য়ষ্টাৰ মাচৰুম (Oyster Mushroom) – Pleurotus spp. , মিলকি মাচৰুম (Milky Mushroom – Calocybe indica) আৰু ছিটাকে (Shiitake)।
পুষ্টিকৰ দ্রৱ্যৰ পৰিমাণঃ
প্র’টিনঃ ২.৫- ৩% (সতেজ)
২০.০-৩৫% (শুকান)
লগতে প্রয়োজনীয় এমিন’ এছিডসমূহ বহু পৰিমাণে পোৱা যায় । যিবোৰ সাধাৰণতে চাউল বা ঘেহুঁত পোৱা নাযায় ।
ভিটামিনঃ ভিটামিন B আৰু C, ফ’লিক এছিড আৰু B12 – যিবোৰ সেউজীয়া শাক-পাচলিত পোৱা নাযায়
খনিজ লৱণঃ বহু পৰিমাণে পটাছিয়াম K পোৱা যায় । পটাছিয়াম 🙂 ছডিয়াম অনুপাতটো বেছি, সেই কাৰণে ই উচ্ছ ৰক্তচাপ আৰু হৃদযন্ত্রৰ ৰোগীৰ বাবে উপকাৰী ।
শৰ্কৰা কাৰ্বহাইড্রেটঃ ৪-৫%, ষ্টাৰ্চ পোৱা নাযায় ।
বিশেষ ব্যৱহাৰঃ
১/ তেজৰ কলেষ্টেৰল পৰিমাণ কমোৱাত সহায় কৰে ।
২/ ডায়েবেটিছ আৰু মেদবহুল লোকৰ বাবে অয়েষ্টাৰ কাঠফুলা বিশেষভাৱে উপকাৰী ।
৩/ কেন্সাৰ টিউমাৰ কমোৱাটো কাঠফুলাই বিশেষ সহায় কৰে ।
৪/ কিছুমান কাঠফুলা এণ্টিভাইৰেল । বিভিন্ন ভাইৰাছ জনিত যেনে- ইনফ্লোৱেঞ্জা, পলিঅ’, AIDS বিপৰীতে কিছু পৰিমাণে কাম কৰা দেখা যায় ।
অয়েষ্টাৰ কাঠফুলা খেতি পদ্ধতিঃ
খেতিৰ সময়ঃ অসমৰ ক্ষেত্রত অক্টোবৰৰ পৰা এপ্রিললৈকে ।
প্রয়োজনীয় উষ্ণতা ২৩-২৫° ছেল্‌ছিয়াছ আদ্র জলবায়ু প্রয়োজন ।
খেতিৰ প্রণালীসমূহঃ
ক) জৈৱিক প্রণালীঃ
প্রয়োজনীয় সামগ্রীঃ
খৰি, ডাঙৰ টৌ, খেৰ কটা সঁজুলি, পৰিষ্কাৰ পানী, ধান খেৰ(শালিধান), চূণ (CaCO3), নহৰুৰ ৰস ইত্যাদি →শালি ধানৰ খেৰ সমূহ ৪-৫ ছেঃমিঃ দৈৰ্ঘ্যত কাটিব লাগে→ ৬-৮ ঘণ্টাৰ কাৰণে পানীত ডুবাই ৰাখিব লাগে → পানী খিনি আঁতৰাই নতুন পানী ভৰাই ডাঙৰ টৌ এটাত উতলাব লাগে → প্রায় ৩০ মিনিটৰ কাৰণে উতলাব লাগে → গৰম পানী খিনি খেৰৰ পৰা নিগৰি যাবলৈ দিব লাগে → খেৰখিনি পৰিষ্কাৰ মজিয়াত বা ত্রিপাল এখনৰ ওপৰত মেলি দিব লাগে, যাতে অলাগতিয়াল পানী শুকায় । মন কৰাৰ দৰকাৰ যাতে খেৰখিনি চেপিলে পানী নিগৰি নাহে→ খেৰখিনিত চূণ CaCO3 মিহলি কৰিব লাগে যাতে খেৰৰ PH 6.5-8 ভিতৰত থাকে → নহৰুৰ পৰা নিষ্কাশন কৰা ৰস ৩ মিঃলিঃ প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে (যদি আমি নহৰু ৫০ গ্ৰাম লওঁ , ঠিক ৫০ মি.লি . পানীত মিহলি কৰি প্ৰস্তুত কৰা দ্ৰব্য খিনিয়েই হ’ল মূখ্য । তাৰ পৰা ৩ মি. লি. লয় প্ৰতি লি.পানীত মিহলাই স্প্ৰে কৰিব লাগে।)
খ) খেৰৰ ৰসায়নিক পৰিশোধন প্রণালীঃ
প্রয়োজনীয় সামগ্রীঃ
কাৰ্বেন্দাজিম,ফৰমেলডিহাইড,, ডাঙৰ টৌ, খেৰ কটা সঁজুলি, পৰিষ্কাৰ পানী, ধান খেৰ(শালিধান), চূণ (CaCO3) ইত্যাদি → আগতে কোৱাৰ দৰে ৪-৫ ছেঃমিঃ দৈৰ্ঘ্যত খেৰবোৰ কাটিব লাগে → ডাঙৰ টৌ ১০০ লিটাৰ পানীত ৪ গ্রাম কাৰ্বেন্দজিম (Carbendazim) আৰু ফ’ৰমেলডিহাইড (Formaldehyde) ৭০ মিঃলিঃ দি মিহলি কৰিব লাগে → মিহলি কৰাৰ পিছত বস্তাত বান্ধি ৰখা খেৰ ডুবাই দিব লাগে যাতে খেৰবোৰ ভালদৰে তিতিব পাৰে → ১৫-১৮ ঘণ্টাৰ পাছত খেৰৰ বস্তাৰ উলিয়াই আনিব লাগে আৰু চাঙ এখনত থৈ দিব লাগে যাতে পানীবোৰ নিগৰি যায় → ২৪ ঘণ্টাৰ পাছত খেৰবোৰ বস্তাৰ পৰা উলিয়াই পৰিষ্কাৰ মজিয়াত মেলি দিব লাগে ।
কাঠফুলাৰ বেগঃ
১/ দীঘে-পথালিয়ে ৪৫ ছেঃমিঃ x ৩০ ছেঃমিঃ পলিথিন বেগ ল’ব লাগে
২/ পলিথিন বোৰ দীঘলে চাৰি ভাঁজ কৰি ৫ টা ফুটা কৰিব লাগে, যাতে ২০ টা ফুটাৰ সৃষ্টি হয়
কাঠফুলাৰ গুটি (Spawn):
১ কেজি শুকান খেৰৰ বাবে ৩০ গ্রাম গুটি (Spawn) প্রয়োজন হয় । ১০০ গ্রাম গুটিৰে এটা কাঠফুলাৰ বেগ বনাব পাৰি ।
কাঠফুলাৰ বেগ প্রস্তুতকৰণঃ
চূণ মিহলি খেৰবোৰ ৫-৬ ছেঃমিঃ উচ্চতাত প্রথম তৰপ এটা দিব লাগে আৰু হাতেৰে হেচাঁ প্রয়োগ কৰিব লাগে → ২৫ গ্রাম গুটি তৰপটোৰ ওপৰত চাৰিওফালে ছটিয়াব লাগে → একেদৰে আৰু তিনিটা তৰপত গুটিখিনি সিঁচিব লাগে→ শেষৰ তৰপত খেৰ দি, পলিথিন বেগটো ভালদৰে বান্ধি দিব লাগে।
প্রয়োজনীয় কোঠাঃ
১/ কোঠাটো ছাঁ পৰা ঠাইত হ’ব লাগে
২/ চালিখন খেৰৰ হ’লে ভাল
৩/ দীঘে-পথালিয়ে ৬ মিঃ x ৩ মিঃ হ’ব লাগে
৪/ সময় মতে বতাহ চলাচল কৰিব পৰা ব্যৱস্থা থাকিলে ভাল
৫/ মজিয়াখনত ৫-৬ ছেঃমিঃ তৰপ এটা থাকিব লাগে
৬/ বাহিৰৰ পোহৰ কোঠাটোৰ ভিতৰত পৰিব নালাগে
৭/ আদ্রতা বজাই ৰাখিব লাগে
প্রস্তুত হোৱা বেগসমূহঃ
প্রস্তুত হোৱা কাঠফুলাৰ বেগসমূহ বাঁহেৰে তৈাৰী চাং বোৰত শাৰী শাৰীকৈ থ’ব লাগে । উষ্ণতা ২৪-২৫° ছেলছিয়াছ থাকিব লাগে ।
দুসপ্তাহ মানৰ পাছত যেতিয়া বেগবোৰে ক্রিম বা বগা বৰণ ল’ব, দুদিনৰ পিছত পলিথিনবোৰ খুলি আতৰাই দিব লাগে ।
পলিথিনবোৰ খুলি দিয়াৰ ৪-৫দিন পিছৰ পৰা পানী দিব লাগে
পানী দিবলৈ স্প্রেয়াৰ ব্যৱহাৰ কৰিলে ভাল
লাহে লাহে বগা হৈ যোৱা খেৰ বোৰৰ পৰা আমি বিচৰা কাঠফুলাৰ গজালি মেলিব
প্রয়োজন অনুসৰি দিনে দুবাৰকৈ (ৰাতিপুৱা আৰু আবেলি) পানী দিব লাগে
গজালি মেলাৰ ৩-৪ দিনৰ পিছত কাঠফুলাবোৰ ছিঙিব পৰা হয়
কিছুমান ল’ব লগীয়া সাৱধানতাঃ
১/ যদিহে কাঠফুলাৰ খেৰত সেউজীয়া ৰঙৰ ভেকুঁৰ দেখা পোৱা যায়, লগে লগে তেনেকুৱা খেৰৰ বেগসমূহ দূৰৈত পেলাব লাগে ।
২/ নহৰুৰ ৰসৰ পৰা তৈয়াৰ কৰা দ্রৱ্য ৩ মিঃলিঃ পানীত মিহলাই ছটিয়ালে বহু পৰিমাণে সকাহ পাব পাৰি ।
৩/ অলাগতিয়াল কাঠফুলা দেখিলে, সেইবোৰ অতিশীঘ্রে আঁতৰ কৰিব লাগে ।
৪/ পৰাপক্ষত আহু ধানৰ খেৰ ল’ব নালাগে ।
৫/ বিভিন্ন ধৰণৰ পোক-পতঙ্গৰ পৰা ৰক্ষা পাবলৈ ব্লিচিং পাউদাৰ (Bleaching powder) কোঠাটোত ছটিয়াব লাগে, নিমৰ পৰা তৈয়াৰী কীটনাশক (Rakshak, Neemagon, Neemajol) ৩ মিঃলিঃ কৈ প্রতি লিটাৰ পানীত মিহলি কৰি গুটি দিয়াৰ আগতে খেৰসমূহত ছটিয়াব লাগে ।
৬/ এমাহ হোৱাৰ পিছত লাহে লাহে উৎপাদন কমি আহিলে খেৰৰ বেগবোৰ আঁতৰাই নতুনকৈ প্রস্তুত কৰিব লাগে । ব্যৱহৃত খেৰবোৰ কেচুঁসাৰ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যায় ।
অয়েষ্টাৰ কাঠফুলাৰ বিভিন্ন প্রজাতিসমূহঃ
ক) প্লিউৰ’টাছ ছাজৰ কাজো (Pleurotus sajor caju)
খ) প্লিউৰ’টাছ চেপিডাছ (Pleurotus sapidus)
গ) প্লিউৰ’টাছ ফ্লৰিডা (Pleurotus florida)
ঘ) প্লিউৰ’টাছ ইঅ’ছ (Pleurotus eous) –Pink mushroom
কেনেকৈ স্বাৱলম্বী হ’ব পাৰি?
প্রয়োজনীয় কেঁচা সামগ্রীসমূহ সহজে উপলব্ধ ৷
ঘৰতে কম ঠাইত কাঠফুলাৰ খেতি কৰি লাভান্বিত হ’ব পাৰে ৷
এটা বেগত খৰচ হয় ২৫-৩০ টকাৰ, বিনিময়ত ১০০-১৫০ টকা উপাৰ্জন কৰিব পাৰি ৷
গতানুগতিক শস্যৰ তুলনাত কষ্টৰ পৰিমাণ কম ৷
বৰ্তমান বজাৰ সমূহত কাঠফুলাৰ চাহিদা অতি বেছি ৷

(তথ্যৰ উৎস অনুৰোধ ক্ৰমে উপলব্ধ)

~পংকজ পুৰান;ছাত্র (স্নাতক ৪ৰ্থ বৰ্ষ),
অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট-১৩.

Leave a Response