অ’ মোৰ সোণোৱালী শইচ O’ My Golden Crop

~ ভূপেন হাজৰিকা

অ’ মোৰ সোণোৱালী শইচ
অ’ মোৰ মাণিকী মাধুৰী
সোণবৰণীয়া শইচ,
সেউজ দলিচাৰে
সীৰলুত মেলিলি পেখম
পথাৰখনৰ তই সলালি বৰণ
আষাঢ়ৰ পথাৰত
তোক যে ছটিয়াই দিলো
সাঁত ভগা সময়ত
আষি বান্ধি থলো
শাওনৰ শেতেলীত
গোজা মাৰি ৰুলো ,
বাৰিষাৰ মেঘে তোৰ
ঠিকনা বিচাৰে
বিজুলী ঢেঁৰেকণিৰে
বৰষিব ধৰে
লাহী দেহ তোৰ হৰিৎ বৰণীয়া
কত যে পাৰ কৰিলি
তই বৰদৈচিলা ,
তোক ৰখিবলৈকে গৈছিল
বগলীৰে জাক
ডাউকজনীয়েও হেনো
নাচি বাগি ৰখিছিল তোক
সময়ত মইও যাওঁ
চাবলৈ তোক
গাখীৰতী হওঁতে যে
গৈছিলোঁ মই ।
আঘোন মাহত যে তই
হালধীয়া হলি
নিয়ৰ সৰা দেহত তোৰ
কি যে জিক মিকনি ,
মই ভাল পাওঁ তোৰ
জিৰ জিৰ শৱদ
যেন এক শুৱদি সংগীত ,
ঘৰমুখী হৈ কান্ধত যে উঠিছিলি
জিৰিক্ জিৰিক্ ধ্বনিৰে
গাইছিলি গান
সচাই আছিল তাত
জীৱনৰ মধুৰ তান ,
তালৰ চেওঁতে তই
ভৰাই দিছিলি মোৰ
পুহৰ চোতাল
তই যে অতিকে আপোন মোৰ
তোক বৰ ভাল পাওঁ
অ’ মোৰ সোণোৱালী শইছ ।

*************

~ভূপেন হাজৰিকা,সহকাৰী সঞ্চালক, পশু পালন ও পশুচিকিৎসা বিভাগ, অসম।

Leave a Response