আন্তৰ্জাতিক নাৰী দিৱস

আন্তৰ্জাতিক নাৰী দিৱস (পূৰ্বৰ নাম আন্তৰ্জাতিক কৰ্মজীৱী নাৰী দিৱস) প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে পালন কৰা হয়। গোটেই বিশ্বব্যাপী নাৰীসকলে এটি প্ৰধান উপলক্ষ্য হিচাপে এই দিৱস উদযাপন কৰে। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰীদিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ। কৰবাত নাৰীৰ প্ৰতি সাধাৰণ সন্মান আৰু শ্ৰদ্ধা উদযাপনৰ মুখ্য বিষয় হয়, আকৌ কৰবাত মহিলাসকলৰ আৰ্থিক , ৰাজনৈতিক আৰ সামাজিক প্ৰতিষ্ঠায়ে বেছি গুৰুত্ব পায়।
এই দিৱস উদযাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰিবৈষম্য, কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউইয়ৰ্কৰ সুতা কাৰখানাৰ নাৰী শ্ৰমিক সকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ১৯০৮ চনত নিউইয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰীক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। ক্লাৰা এগৰাকী জাৰ্মান ৰা বিশ্বেৰ অনেক দেশত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে আনুষ্ঠানিকভাবে চৰকাৰী ছুটিৰ দিন হিচাপে পালন কৰা হয়। তাৰে ভিতৰত – আফগানিস্তান, আৰ্মেনিয়া,আজাৰবাইজান, বেলাৰুছ, বুৰকিনা ফাচো, কম্বোডিয়া, কিউবা, জৰ্জিয়া, গিনি-বিচাউ, ইৰিত্ৰিয়া, কাজাখাস্তান, কিৰগিজিস্তান, লাওচ, মলদভা, মংগোলিয়া,মন্টেনিগ্ৰো, ৰুছিয়া, তাজিকিস্তান, তুৰ্কমেনিস্তান, উগাণ্ডা, ইউক্ৰেন, উজবেকিস্তান, ভিয়েতনামআৰু জাম্বিয়া।
তাৰোপৰি চীন, মেচিডনিয়া, মাদাগাস্কাৰ, নেপালতকেৱল নাৰীসকলে চৰকাৰী ছুটিৰ দিন উপভোগ কৰে।
জনীতিবিদ; জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য। তাৰপিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন। ১৭ খন দেশৰ পৰা ১০০ জন নাৰী প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনতে ক্লাৰায়ে প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। তাৰ ফলশ্ৰুতিত ১৯১১ চনৰ পৰা নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন দেশেৰ সমাজতন্ত্ৰীসকল আগবাঢ়ি আহে। ১৯১৪ চনৰ পৰা কেইবাখনো দেশত ৮ মাৰ্চ পালন কৰিবলৈ আৰম্ভ কৰা হল। ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘয়ে আহ্বান জানায়। তাৰ পিছৰ পৰা গোটেই পৃথিৱী জুড়ি এই দিন নাৰীৰ সমঅধিকাৰ আদায়েৰ প্ৰত্যয় পুনৰ্ব্যক্ত কৰাৰ অভীপ্সা লৈ পালন কৰা হৈছে।
আন্তৰ্জাতিক নাৰী দিৱস ২০১৯ ৰ অভিযানৰ বিষয়:
#শ্ৰেষ্ঠতৰৰ বাবে ভাৰসাম্য
উদ্দীপনাময় ভৱিষ্যত ৷ আহক, আমি এখন লিঙ্গ ভাৰসাম্য থকা পৃথিৱী গঢ়ো ৷
প্ৰত্যেকেই নিজৰ কাম কৰিব লাগিব -সকলো সময়তে, সকলো ঠাইতে ৷
তৃণমূল পৰ্য্যায়ৰ সক্ৰিয়তাৰ পৰা বিশ্বজোৰা কৰ্ম্মসূচী লোৱা হৈছে-আমি এতিয়া ইতিহাসৰ এনে এটা উদ্দীপক সময়ত উপস্থিত হৈছো যি সময়ত বিশ্বজুৰি ভাৰসাম্য আশা কৰিছে ৷ সাধাৰণতে আমি কিন্তু ইয়াৰ অভাৱহে দেখা পাইছো আৰু সেয়ে যি ঠাইত আমি ভাৰসাম্য লক্ষ্য কৰিছো তাক উদ্‌যাপন কৰো আহক ৷
ভাৰসাম্যই শ্ৰেষ্ঠতৰ ব্যৱহাৰিক বিশ্ব এখন আনিব ৷ আহক, আমি সকলোৰে সহায়ত সৃষ্টি কৰো এখন “শ্ৰেষ্ঠতৰৰ বাবে ভাৰসাম্য” পৃথিৱী ৷

(সংগ্ৰহিত)

Leave a Response