আপুনিও কৰিব পাৰিব / সপোন সাকাৰ কৰো আহক

মানুহে আপোনাক হাঁহিব
মানুহে আপোনাক ঠাট্টা কৰিব
মানুহে আপোনাক উপলুঙা কৰিব
মানুহে আপোনাক অপমান কৰিব
মানুহে আপোনাক অৱজ্ঞা কৰিব
মানুহে আপোনাক অৱমাননা কৰিব
মানুহে আপোনাৰ বিৰোধিতা কৰিব

হয়,… অতীজতে যেতিয়া কোনোবাই মানুহক আকাশত উৰাৰ কথা কৈছিল, যেতিয়া কোনোবাই তেওঁলোকক মোবাইলৰ কথা কৈছিল, যেতিয়া কোনোবাই তেওঁলোকক ৰেলগাড়ীৰ কথা কৈছিল বা যেতিয়া কোনোবাই তেওঁলোকক মটৰগাড়ীৰ কথা কৈছিল, মানুহে এনে কৰিছিল|মানুহে এইবোৰ কৰিয়েই আছে আৰু কৰিয়েই থাকিব|
কিন্তু তাৰ মাজতে অত্যুত্‍সাহী উদ্যোগী ব্যক্তিসকলে পৃথিৱীখন সলাই পেলাইছে|তেওঁলোকৰ উদ্ভাৱন আৰু সৃজনে কিংবদন্তীৰ সৃষ্টি কৰিছে|যেতিয়া এলন মাস্কে এঘণ্টাতে পৃথিৱীৰ যিকোনো ঠাইলৈ যোৱাৰ কথা কৈছিল বা মংগল গ্ৰহত গৈ এখন উপনিবেশ পতাৰ কথা কৈছিল তেতিয়া মানুহে তেওঁক এজন অহৌবলিয়া বুলিছিল|
আপোনাৰ যদি দৃঢ় মনোবল, তীব্ৰ বাসনা, হাতৰ মুঠিত জুই লৈ খেলিবৰ হাবিয়াস আছে; আপুনি যদি অস্থিৰ, নিৰ্ভীক আৰু অধৈৰ্য; আপোনাৰ যদি ব্যতিক্ৰমী কিবা এটা কৰাৰ হেঁপাহ আছে, তেন্তে আগবাঢ়ক|
তেনে কামত প্ৰত্যাহ্বান আছে আৰু সেই কামবোৰ প্ৰকট|আনকি এটি শিশুৱেও মাতৃগৰ্ভত ৯মাহ সংগ্ৰাম কৰাৰ পাছতহে পৃথিৱীৰ মুখ দেখে|প্ৰত্যাহ্বানৰ বাবে ভয় নকৰিব|হাজাৰ হাজাৰ শুক্ৰাণুক পৰাজিত কৰাৰ পাছতহে আপোনাৰ জন্ম হৈছে|মনত ৰাখিব, ওপজাৰে পৰা আপুনি ‘জয়ী’|
মানুহৰ বাবে চিন্তা নকৰিব|এইখিনি মানুহেই আপোনাৰ কৃতিত্বত হাত-চাপৰি দিব|তেতিয়া তেওঁলোকে আপোনাৰে সৈতে তেওঁলোকৰ সম্পৰ্কৰ কথা কৈ আন দহজনৰ আগত জহাই ফুৰিব| পৰাজয়ৰ বাবেও ভয় নকৰিব|সুযোগ গ্ৰহণ নকৰিলেই পৰাজয় আহিব|
জগতখনক সপোনৰ পৰাক্ৰম দেখুৱাওক|তেওঁলোকক দেখুৱাওক যে অতবোৰ হেঙাৰ নেওচিও আপুনি জয়ী হ’ব পাৰে|

এইখিনিতে সৌম্য কান্তি ৰয়ে উল্লেখ কৰা এটা কাহিনীৰ উল্লেখ কৰিব খুজিছোঁ যিটো এই প্ৰৱন্ধটোৰ প্ৰাসংগিক হ’ব :
মধ্যপ্ৰদেশৰ এজন তামোল-বেপাৰীৰ পুতেক আকাশ চৌৰাচিয়াই ডাক্তৰী পঢ়িবলৈ লৈছিল যদিও আধাতে সেই অধ্যয়ন সামৰিলে|তেওঁৰ মন কৃষিত|সেয়ে তেওঁ সেই বিষয়ৰ অধ্যয়নত লাগিল|২৮ বছৰীয়া সেই যুৱকজনে ৫ বছৰ কাল প্ৰাকৃতিক আৰু জৈৱিক কৃষি, আন্ত: শস্য আৰু বহুতৰপীয়া কৃষি কৰিলে|তেওঁৰ এনে কৃষি-পদ্ধতিৰে খেতি কৰাৰ ফলত স্থানীয় কৃষকৰ উপাৰ্জন প্ৰায় দহ গুণ বৃদ্ধি পালে!বহুতৰপীয়া কৃষিত এখন পথাৰতে বিভিন্ন শস্যৰ খেতি কৰা হয়|এই পদ্ধতিত কোনো বিৰাম নোহোৱাকৈ একে সময়তে বিভিন্ন সময়ত চপাব পৰা বিভিন্ন শস্যৰ খেতি কৰা হয়|আকাশ চৌৰাচিয়াই তেওঁৰ বাঁহ আৰু ঘাঁহৰ পাম-ঘৰত মাটিৰ তলত আদা আৰু ওপৰত মৰিছা, অমিতা আৰু তাৰো ওপৰত চাং দি কুন্দুলি বগাবলৈ দিলে|মৰিছা আৰু কুন্দুলিখিনি ২৫ দিন মানতেই ছিঙিব পৰা হ’ল|ইতিমধ্যে সেইবোৰ বেচিব পৰাও হ’ল|অমিতা গছত ফল লাগিল|এনেকৈয়ে তেওঁ আলুৰ লগত কেৰেলা আৰু বেঙেনাৰ খেতি কৰিলে|তেওঁ গৰু-মহৰ গোবৰ আৰু কেঁচু-সাৰৰ লগতে ২২ বিধ পাচকৰস আৰু ৫ বিধ অম্ল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা কীটনাশক ব্যৱহাৰ কৰি ১২টা প্ৰজাতিৰ বিলাহী খেতি কৰিলে|এনে মাত্ৰ এজোপা বিলাহী গছৰ পৰাই তেওঁ প্ৰায় ৩২ কিলোগ্ৰাম বিলাহী উত্‍পাদন কৰিবলৈ সক্ষম হ’ল|তেওঁৰ আন এক নাভুত-নাশ্ৰুত উদ্ভাৱন হ’ল, কেঁচুক শাস্ত্ৰীয় যন্ত্ৰ-সংগীত শুনাই কেঁচু-সাৰৰ উত্‍পাদন ৩৩% বৃদ্ধি কৰা!২০১৪ চনত তেওঁ উচ্চ কৃষি-শিক্ষা সদন স্থাপন কৰে|তেওঁ বৰ্তমান ৪২,০০০ জন কৃষকক শিক্ষিত কৰাৰ অৰ্থে ৪২ টা পামঘৰ নিৰ্মাণ কৰি আছে|
**********************************************

~Raj Grover ( https://uk.linkedin.com/in/rajkgrover )
Director – Digital Strategy and Transformation | Technology and Product Development | Startups
D Media Labs Punjabi University
Harrow, Greater London, United Kingdom.

Leave a Response