আমাৰ চেনেহৰ বহাগ বিহু Our Lovely Bohag Bihu

~আজি বিহু বিহু…কালি বিহু বিহু …


–কৰি থাকোতে বিহু দুৱাৰ মুখ পালেহি৷ প্ৰকৃতিয়েও গছ, বন-বিৰিখক নতুন সাজ পিন্ধাই নিজক সজাই তুলিছে৷ কুলীজনীৰ মাতে সুৱগা চৰাই আমাৰ মনবোৰো থৌকি বাথৌ কৰি তুলিছে৷ … বহাগ পালেহি৷


এৰা,এই বহাগ বা বিহু কেৱল মাত্ৰ বিহু নহয়৷ ই আমাৰ অসমীয়াৰ চিনাকী৷ আমাৰ বাপতি-সাহোন৷ এই বহাগতে হয়টো কোনোৱে মন মেলিছে মনে -প্ৰাণে চিৰদিন একেলগ হবৰ বাবে, মৰমৰ দীঘেৰে, হেঁপাহৰ বাণীৰে বিহুৱান বৈ উলিয়াইছে চেনাইক দিবৰ বাবে৷ এই বিহুৱানখনো আমাৰ অসমীয়া সমাজৰ এক প্ৰতীক৷ ৰঙৰ,আনন্দৰ উৎসৱ কাৰণেই ইয়াক কোৱা হয় ৰঙালী বিহু৷

বিহুলৈ কেইদিনমান থকাৰে পৰা আমাৰ সকলোৰে ব্যস্ততা বাঢ়ে৷ ঘৰৰ মূল মানুহজনে সকলোৰে কাৰণে নতুন কাপোৰৰ চিন্তা কৰে৷ আইসকলেও শালত থকা গামোচাকেইখন বা কাপোৰসাজ বিহুচেৰা নহবৰ বাবে চেষ্টা কৰে৷ তাৰ লগে লগেই আৰম্ভ হয় ভৰালৰ ধানেৰে চিৰা, পিঠা, আখৈ, মুৰি, হুৰুম ইত্যাদি তৈয়াৰ কৰাৰ চিন্তা৷ সেইদৰে গাঁৱৰ ডেকাসকলেও ঢোল, পেঁপা, গগঁণাবোৰ বিচাৰি লৈ হুঁচৰিৰ আখৰা আৰম্ভ কৰে৷ তাৰ লগে লগে চকু থাকে ঘৰৰ কুকুৰাজনীৰ কণীকেইটাৰ ওপৰত, বিহুৰ দিনা লাগিব৷ কাৰ ঘৰত আমঁৰলী পৰুৱাৰ বাহঁ কেইটা আছে সেইয়াও চকু দিয়ে৷ কথিত আছে যে, বিহুৰ দিনা আমঁৰলী পৰুৱাৰ বাহঁ ভাঙিলে বিভিন্ন বেমাৰৰ পৰা উপশম পোৱাৰ লগতে বংশ ৰক্ষাও হয় হেনো৷ এইবিলাকৰ ফাঁকে ফাঁকে ডেকা-গাভৰুসকলে ইজনে সিজনৰ চকুলৈ চাবলৈ আৰম্ভ কৰিছে৷ হয়টো বিহুত নাচনীজনীয়ে, মনৰ ঢুলীয়াৰ লগত এপাক নাচিবলে পোৱাৰ সপোন দেখিছে৷ নেদেখিও উপায় নাই৷ এইয়াযে বহাগ৷ শীতে লঠঙা কৰি যোৱা গছ-বন বিলাকেও যি সময়ত চঞ্চল হৈ উঠিছে, বৰদৈচিলাজনীও মাকৰ ঘৰলৈ যাবলৈ উত্ৰাৱল হৈছে, আমি সাধাৰণ মানুহ কোন কুটা৷ হয়, এইদৰেই বহাগ আহে প্ৰতিবছৰে৷ কিন্তু বৰ্তমান এই বহাগে যেন নিজস্বতা হেৰুৱাইছে৷ আজিৰ বিহু গছৰ তলত নহয়, আজিৰ বিহু মঞ্চবিলাসী ৷
বিহুৰ ৪-৫ দিন আগৰ পৰা গোহালীৰ গৰু কেইটাৰ কাৰণে তৰাৰ পঘা বটা হয়, চ’ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱা মাহ-হালধিৰে নোৱাই গোৱা হয়-“লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা; মাৰ সৰু, বাপেৰ সৰু; তই হবি বৰ গৰু” গধুলি ঘৰলৈ ঘুৰি অহাৰ পাছত জাঁক দিয়া হয়৷ গোৱা হয় -“দীঘলতিৰ দীঘল পাত, মাখি মাৰো জাত জাত; মাখিয়তী মাখি পাত, মাখি মাৰো জাত”, নতুন তৰা পঘা পিন্ধোৱা হয়৷ গৃহিণী গৰাকীয়ে খুদ চাউলেৰে তৈয়াৰ কৰা তেলপিঠা খাবলৈ দিয়ে৷ বিহুযে আজি সিহঁতৰ৷ আমাৰ কৃষিজীৱি ৰাইজৰ বাবে গৰুহালেই, গাইজনীয়েই মূল সম্পদ৷ এই গৰুবিহুৰ দিনাই নাহৰ পাতত লিখা হয়-“ দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ,বাতবৃষ্টি হৰং দেৱ মহাদেৱ নমহস্তুতে”, এশ এবিধ শাক খোৱা হয়, হাতত জেতুকা লোৱা হয়৷ বহাগৰ প্ৰথম দিনা মানুহৰ বিহু৷ সৰুসকলে বয়োজেষ্ঠসকলক সেৱা কৰে, বিহুৱান দিয়ে৷ ডাঙৰসকলেও সৰুসকলক মৰমৰ উপহাৰ দিয়ে৷ সকলোয়ে মিলি একেলগে পুৱাৰ বিহুমূখীয়া জলপান খায়৷ ডেকাসকলে আৰু কণ -কণ মইনা হ’তে হুচৰি মাৰিবলে ওলাই যায় গাৱলৈ৷ আপোন জনে মনৰ মানুহজনীক লুকাই চুৰ কৰি আনি থোৱা আদৰৰ কপৌ ফুল পাহ দিয়ে৷ এই কপৌ ফুলপাহো আচলতে আমাৰ অসমীয়াৰ সমাজ জীৱনৰ এক এৰাব নোৱাৰা চেনেহৰ প্ৰণয়ৰ প্ৰতীক৷ আনহাতে, আমি ইয়াৰ সংৰক্ষণ তথা লাভজনক ব্যৱসায়িক দিশটোৰ প্ৰতিও চকু দিব পাৰো৷

আমাৰ কৃষি,আৰ্থ-সামাজিক জীৱনত গভীৰ প্ৰভাৱ থকা এই বিহু সাত দিনীয়াকৈ পালন কৰা হয়৷ ইয়াৰে তৃতীয় দিনা গোঁসাই বিহু, চতুৰ্থ দিনা তাতঁৰ বিহু, পঞ্চম দিনা নাঙলৰ বিহু, ষষ্ঠ দিনা মেলা বা হাট বিহু বা জেং বিহু– য’ত গাভৰুসকলে এডালগছক প্ৰতীক হিচাপে লৈ বিহু নাচে, গছজোপালৈ বিহুৱান, তামোল পান ইত্যাদি আগবঢ়াই আৰু সপ্তম দিনা চেৰা বিহু৷ এই চেৰা বিহুৰ দিনা গাওঁৰ হুঁচৰি গোৱা দলে বিহু উৰুৱাই বা সামৰণি মাৰে৷
আমি অসমীয়া কৃষিসৰ্বস্ব ৰাইজৰ কাৰণে এই বিহুৰ মূল্য অতি বেছি৷ সেইকাৰণেই বিহুৰ প্ৰথম দিনটোতে আমি গৰুহালক গা পা ধুৱাই আপদাল কৰি আগন্তুক সময়ৰ কাৰণে সাজু হওঁ৷ পঞ্চমদিনা নাঙলটো চাফা কৰি ধাৰ কৰি সাজু হওঁ৷ হুঁচৰি মাৰি আমি ৰাইজৰ আশিৰ্বাদ লওঁ৷ কৃষিৰ লগত যৌৱনৰ উৰ্বৰতা শক্তিৰ সম্পৰ্ক আছে বুলি কোৱা হয় কাৰণেই হয়টো আমাৰ চহা খেতিয়ক ৰাইজে এই বিহুৰ পৰাই কৃষি কৰ্মৰ কাৰণে সাজু হয়৷ আঁহুধান, শালিধানৰ কঠিয়া সিচিঁবলৈ সাজু হয়৷ বতৰৰ প্ৰথমজাক বৰষুণত জীপ পাই উঠা আমাৰ ধৰিত্ৰীয়েও নতুন সৃষ্টিৰ বাবে যেন সাজু হয়৷ শীতৰ শুকান পৰিবেশৰ পাছত এই বসন্তৰ লগে লগেই বৰ্ষা ঋৃতু আহে৷ কব পাৰি এইবিহুৰ লগত সংগতি থকা প্ৰতিটো বিশ্বাসেই যেন আমাৰ কৃষি ব্যৱস্থাৰ লগত ওতঃপোত ভাৱে জড়িত৷
আহঁকচোন কৃষক ৰাইজ, আমি নিজৰ সমাজ সংস্কৃতিক ধৰি ৰাখি, আমাৰ আদৰ্শ মোমাই তামুলী বৰবৰুৱাৰ বাৰী-সংস্কৃতিৰ পুনৰ সংস্থাপনৰ বাবে আগবাঢ়ো৷ এনে এখন নদন বদন ঘৰ-বাৰী য’ত আমি পৰিয়ালৰ লোক সকলে সম্পুৰ্ণ অংশীদাৰ হব পাৰিম৷ য’ত আমি সম্পুৰ্ণ পুৰিপুষ্টি গুণৰে ভৰা খাদ্য পাম৷ য’ত আমি সুন্দৰ মনোমোহা এটা প্ৰাকৃতিক পৰিবেশ পাম৷
সদৌ শেষত, সকলোকে আমাৰ আলোচনীৰ তৰফৰ পৰা এই চেনেহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো৷ নিৰোগী হওঁক,সম্পদশালী হওঁক সুখেৰে থাকক৷

Leave a Response