উভচৰ Amphibian

 

✍~ৰঞ্জন কলিতা।

মই সকলোৰে চিৰপৰিচিত
জলে স্হলে
মোৰ আজন্ম বসতি
স্নায়ুৰ কুণ্ডলীত
মাটি-পানীৰ অপাৰ অনুভৱ।
জলৰাশিত মাছৰ সতে
মিতিৰালি পাতো
সিহঁতক ঐক্য শান্তিৰ
শ্ল’গান শিকাওঁ
বামৰ সপোন বিস্তৃতিত
মানুহৰ সতে একাত্মক হওঁ
পাপৰ আলোচনাত
সিহঁতক শুনাওঁ
সৰু বৰ মাছৰ
জুতি লগা আঞ্জাৰ
প্ৰলোভিত সাধু
সকলোৰে আলোকময় ভাবনা
ময়ে নিহত কৰোঁ
সপোনৰ আভৰণত
আন্ধাৰৰ কবিতা ৰচোঁ
অভিজ্ঞতাৰ সাঁচিপাতত
প্ৰতিপলে পঢ়ি চাওঁ
সাপৰ ইতিহাস
মোৰ দৰে চতুৰ নহ’লেও
অতিক্ৰম কৰিব পাৰে যে
সিঁহতেও
মাটি আৰু পানীৰ দুৰত্ব।

*********************************************

~ৰঞ্জন কলিতা, খাদ্য বিজ্ঞান আৰু পৰিপুষ্টি বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ, যোৰহাট, অসম- ৭৮৫০১৩
ই-মেইল: ranjankalita8471@gmail.com,        দূৰভাষ: +৯১-৭৩৯৯৯৯৪৬৯৯

Leave a Response