কণীযুঁজ-বহাগ বিহুৰ এক অন্যতম জনপ্ৰিয় অনুষ্ঠান Egg Fight- One of many Popular Events of Bohag Bihu

~প্ৰদীপ কুমাৰ সন্দিকৈ

বহাগ বিহুৰ আগমনে সকলোৰে মন-প্ৰাণত এক আনন্দৰ সঞ্চাৰ কৰে ৷ অন্য সময়ত নোৱাৰিলেও, বহাগ বিহুতে সকলোৱে আত্মীয়-স্বজন বা মিটিৰ- কুটুমৰ ঘৰলৈ এপাক মাৰিবলৈ বুলি বাট চাই থাকে ৷ আকৌ বহাগ বিহু পালন কৰা হয় ঋতুৰাজ বসন্ত কালত ৷ ঋতুৰাজ বসন্তই আহি চৌদিশে মেলি দিয়ে এক সুকোমল সেউজীয়া আচ্ছাদন ৷ এই আচ্ছাদিত সেউজৰ আঁৰে আঁৰে, তালে তালে গুঞ্জৰিত হয় কুলি, কেতেকী, সখিয়তি আদি বিবিধ বসন্তপ্ৰেমী চৰাইৰ সুমধুৰ কণ্ঠ ৷ ইফালে নাহৰ, তগৰ, কপৌ আদি ফুলৰ সুবাসিত মোহনীয়া ৰূপ ৷ এনে ফুল-পাতেৰে পয়োভৰ এক পৰিবেশতে অনুষ্ঠিত হয় বহাগ বিহু ৷

বহাগ বিহু হ’ল মূলতঃ কৃষক সমাজে কৃষি কৰ্মত নমাৰ পূৰ্বে পালন কৰি অহা এটা আনন্দ উৎসৱ ৷ এই বহাগ বিহুক সৰু-বৰ বহুবোৰ আমোদজনক অনুষ্ঠানে মহিমামণ্ডিত আৰু উপভোগ্য কৰি তুলিছে ৷ তাৰে ভিতৰত এটা জনপ্ৰিয় অনুষ্ঠান হ’ল — কণীযুঁজ ৷ কণীক বংশবৃদ্ধিৰ প্ৰতীক বুলি ভৱা হয় ৷ সেয়েহে পূৰ্বতে কৃষক সমাজে খেতিত নমাৰ আগতে কণী যুঁজুৱাটো শইচ বৃদ্ধিৰ এটা কাৰণ বুলি বিশ্বাস কৰিছিল ৷ আকৌ কণী যুঁজালে গোটেই বছৰটোলৈ মূৰঘূৰণি নহয় বুলিও পুৰণি সমাজত বিশ্বাস কৰিছিল ৷ এনেদৰে কণী যুঁজোৱাক লৈ ঠাইবিশেষে বা সমাজভেদে সুকীয়া -সুকীয়া লোকবিশ্বাস গঢ় লৈ উঠা দেখা যায় ৷ প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰিযে ম’হযুঁজৰ কাৰণে যেনেদৰে আঁহতগুৰিৰ ম’হযুঁজ বিখ্যাত ৷ ঠিক তেনেদৰে কণীযুঁজৰ কাৰণে শিৱসাগৰ জিলাৰ নেমুগুৰিৰ কণীযুঁজ বিখ্যাত ৷ আমি জানিব পৰা ম’তে আগতে অসমৰ বিভিন্ন ঠাইৰ পৰা বহু লোক এই নেমুগুৰিলৈ কণীযুঁজত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছিল ৷

সাধাৰণতে চ’ত মাহ সোমোৱাৰ লগে লগে টান কণী বিচৰাত মনোনিবেশ কৰা দেখা যায় ৷ সাধাৰণতে পাকৈত কণী খেলুৱৈসকল চ’তৰ আৰম্ভণি অথবা তাতোকৈ আগৰে পৰাকণী গোটোৱা ক৷মত ব্যস্ত হয় ৷

দুই- একে বিহুলৈ মাত্ৰ দুই- এদিন থাকোঁতে বালিত কণী পুতিথোৱাও দেখিছিলো ৷ এনে কৰিলে কণীটোৰ ওজন বাঢ়ে বুলি বিশ্বাস কৰিছিল ৷ তদুপৰি কণীবোৰ চিনিব নোৱাৰিবৰ বাবে আৰু লগতে ঠগিবৰ বাবে কণীবোৰত ৰঙা, নীলা, ক’লা আদি ৰং সানি লোৱা হৈছিল ৷

গৰু বিহুৰ দিনা ৰাতিপুৱাই গৰুৰ গা ধুউৱাৰ আচাৰ-নীতিখিনি সম্পন্ন কৰি গা-পা ধুই নতুন কাপোৰ পিন্ধি কণী যুঁজাবলৈ বুলি যায় ৷ ইতিমধ্যে সাধাৰণ কাপোৰৰ মোনা এটাত অথবা পানী গামোচা এখনত নানা বিধৰ কণী (যেনে- ফুচুৰি, পানী ফুচুৰি, শিলসৈয়া আৰু নানা ৰং বোলোৱা) ভৰাই লৈ ল’ৰা- ডেকাহঁত জুম বান্ধেহি ৷ ঘৰৰ বাৰাণ্ডা, আলিদাঁতিৰ গছৰ তল, তিনিআলি-চাৰিআলি আদিবোৰেই সাধাৰণতে কণীযুঁজৰ বাবে উত্তম স্থলী ৷ পাকৈত কণী যুঁজাৰুৱে দেখি বা স্পৰ্শ কৰিয়েই কণী টান-ঢিলাৰ উমান লব পাৰে ৷ সাধাৰণ কণী যুঁজাৰুসকলে কণী টান-ঢিলা পৰীক্ষা কৰিবৰ বাবে দাঁত বা কড়ি ব্যৱহাৰ কৰা দেখা যায় ৷ সাধাৰণতে হাঁহৰ কণীৰ সৈতে কুকুৰাৰ কণীৰ যুঁজ নহয় ৷ কেতিয়াবা অৱশ্যে একোটা শিলসৈয়া হাঁহৰ কণীয়ে ভালেকেইটা কুকুৰাৰ কণী ভাঙিব পৰা শক্তি থকা দেখা যায় ৷ এনেদৰে জুম বান্ধি কণী যুঁজাই ফুৰোঁতে কেতিয়াবা দুপৰ বেলা আৰু কেতিয়াবা ভাটীবেলা হৈ যায়গৈ ৷ কণীযুঁজৰ অন্তত কোনোৱে আনন্দ মনেৰে আৰু আন কোনোৱে অলপ বেজাৰ মনেৰে ঘৰমুৱা হোৱা দেখা যায় ৷ কণী যুঁজাই শূণ্য হাতেৰে ঘৰলৈ ঘূৰি অহা দুই-একক আনৰ ফালৰ পৰা দুই-এটা ভগা কণী মন ভাল লগাবলৈ বুলি দিয়া নিয়ম এটাও আমাৰ মাজত আছিল ৷ যি কি নহওক, বহাগ বিহুত আজিও কণীযুঁজ এবিধ জনপ্ৰিয় খেল বা আমোদজনক অনুষ্ঠান হিচাপে অনুষ্ঠিত হৈ আহিছে ৷ কিন্তু বিহুৰ বহু আগৰে পৰা, পূৰ্বৰ সেই কণী বিচাৰি ফুৰা, কণী সংৰক্ষণ কৰা, কণী ৰং কৰা আদি দৃশ্যবোৰ আজিৰ দিনত অতি বিৰল ৷ আজিৰ নতুন প্ৰজন্মই কণীযুঁজ উপলক্ষে হাবিয়ে-বননিয়ে কণী বিচাৰি পোৱা আনন্দকণ কেতিয়াও উপলদ্ধি কৰিব নোৱাৰিব ৷ আজিৰ যুগত লাগ বুলিলেই মুহূৰ্ততে ফাৰ্মৰ কণী পাব পৰা অৱস্থাত কণী বিচৰাৰ প্ৰয়োজনবোধো নোহোৱা হৈছে ৷ আনফালে গাঁৱৰ মানুহৰ মুখতো প্ৰায়ে শুনা যায়, আজিকালি বোলে আগৰ দৰে ঠাইবিশেষে গাঁৱতো জুম বান্ধি কণী যুঁজাবৰ বাবে মানুহ নোলোৱা হৈছে ৷ গাঁৱৰ তুলনাত নগৰ-চহৰতহে বেছিকৈ কণীযুঁজ অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে ৷ আৰ্থিক অনাটনে জুৰুলা কৰা কৃষক সমাজৰ অধিকাংশই ঘৰৰ কণীকেইটাকো উপাৰ্জনৰ এক সমল হিচাপে লব লগা হোৱাত ৰং-ৰহইচৰ বাবে খৰচ কৰিব নোৱাৰাৰ নিচিনা হৈ পৰিছে ৷ সেয়েহে কণীযুঁজৰ লগতে কৃষক সমাজৰ অতি চেনেহৰ আন বহুবোৰ সৰু-বৰ বিহুৰ অনুষ্ঠান নগৰ-চহৰতহে বেছিকৈ সমাদৃিত হোৱা পৰিলক্ষিত হৈছে ৷
(২০০৯ চনৰ এপ্ৰিল মাহৰ প্ৰান্তিকত পূৰ্বে প্ৰচাৰিত৷)

*******************

লেখকৰ ঠিকনা : লাচিত নগৰ, মৰাণহাট,
ডিব্ৰুগড়-৭৮৫ ৬৭০

Leave a Response