কাঠফুলাখেতি-এক লাভজনক ব্যৱসায় Mushroom Cultivation- a Profitable Business

~প্ৰিয়ংকা বৈৰাগী

সাম্প্ৰতিক সময়ত বিকল্প খাদ্য উৎস হিচাপে কাঠফুলা এবিধ অতি উপাদেয় খাদ্য হিচাপে পৰিগণিত হৈছে। কাঠফুলা হৈছে ভেঁকুৰৰ মঙহাল আৰু গজালি মেলিব পৰা অংগ মাথোন। পৌৰাণিক কালৰে পৰা কাঠফুলা এক ৰহস্যময় খাদ্য হিচাপে মানব জাতিৰ মাজত পৰিগণিত হৈ আহিছে। আদিম কালৰে পৰা মানুহে প্ৰকৃতিৰ পৰা কাঠফুলা আহৰণ কৰি ভক্ষণ কৰি আহিছে আৰু কেতিয়াবা কেতিয়াবা বিষাক্ত কাঠফুলা ভক্ষণ কৰি ছেগা ছোৰোকাকৈ দুই এজনে মৃত্যু বৰণ কৰাৰ ঘটনাও ঘটি আহিছে। অৱশ্যে বৰ্তমানে আধুনিক বৈজ্ঞানিক পদ্ধতিৰে দ্বাৰা বিষাক্ত আৰু ভক্ষণীয় প্ৰজাতিৰ কাঠফুলা চিনাক্ত কৰিব পৰা হোৱাত ই আৰু সিমান ৰহস্যময় হৈ থকা নাই। বৈজ্ঞানিক অনুসন্ধানৰ পৰা এইটো প্ৰতীয়মান হৈছে যে কাঠফুলা হল অতি উচ্চমান বিশিষ্ট, সহজতে হজম হোৱা, প্ৰটিন, খাদ্যপ্ৰাণ আৰু খণিজ লৱণেৰে সমৃদ্ধ এক উৎকৃষ্ট খাদ্য সম্ভাৰ।
অতি সম্প্ৰতি কাঠফুলাই এক বিশ্বজনীন জনপ্ৰিয়তা লাভ কৰিছে আৰু সেয়েহে আমাৰ অসমতো অতি কম আয়াসতে ইয়াৰ উৎপাদন কৰি বিশেষকৈ গ্ৰাম্যাঞ্চলৰ জনসধাৰণৰ প্ৰটিন, ভিটামিন, আৰু খণিজ লৱণৰ অভাৱ পূৰ কৰাত এক বিশেষ অৰিহনা যোগোৱাৰ থল আছে। অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বিশেয খৰছ নকৰাকৈ, সাধাৰণ খেৰ-বাঁহৰ চালি এখনৰ তলত মাত্ৰ কেইপেকেট স্প’ন (অঙ্কুৰিত বীজ) কিনি আনি পেলনীয়া জাবৰ-জোথৰ বিশেষকৈ ধানখেৰ আৰু নৰাৰ পৰাই অতি উচ্চমানৰ পুষ্টিগুণ সম্পন্ন কাঠফুলাৰ কৰ্ষণ কৰিব পাৰি। ঘৰুৱা ব্যবহাৰৰ উপৰিও আজিকালি বজাৰতো কাঠফুলা বিক্ৰী কৰি লাভবান হ’ব পাৰি। কাঠফুলা সম্পৰ্কীয় জনশ্ৰুতিবোৰত প্ৰাচীন কালৰে পৰা বিভিন্ন লোক কৃষ্টিত যেনে সাধুকথা, লোকগীত আদিত কাঠফুলাৰ উল্লেখ পোৱা যায়। প্ৰাচীন ভাৰতবৰ্ষ, ৰোম তথা গ্ৰীচ দেশত প্ৰচলিত জনশ্ৰুতি অনুসৰি বজ্ৰৰ প্ৰচন্দ আঘাততহে হেনো মাটিফুটি কাঠফুলা সৃষ্টি হয়। মেক্সিকোৰ জনবিশ্বাস অনুসৰি বজ্ৰৰ বান আৰু ধৰিত্ৰীৰ যৌন মিলনৰ ফলতহে কাঠফুলাৰ উৎপত্তি হৈছিল। হয়টো ধুমুহা, বজ্ৰপাত, বৃষ্টিপাত আদি সময়ৰ সৈতে কাঠফুলাৰ গজালি মেলা আৰম্ভ হোৱাৰ সময়ৰ মিল থকাৰ কাৰণেই এনে ধৰণৰ ধাৰণাৰ সূত্ৰপাত হৈছিল। বননি তথা কৃষিভুমিৰ মাজত গজি উঠা আঙঠি আকৃতি কাঠফুলাবোৰক মানুহে ‘ফেৰী ৰিং’ বুলি কৈছিল। এসময়ত মানুহে বিশ্বাস কৰিছিল যে স্বৰ্গৰ অপসৰা সকলে এনে ৰুপ লৈ ধৰিত্ৰীত নাচিবলে নামি আহে। কাঠফুলাৰ পুষ্টিগুণ সম্পৰ্কত সম্প্ৰতি বৈজ্ঞানিক গৱেষণাই এইটো নিশ্চিত কৰিছে যে ভক্ষণযোগ্য প্ৰজাতিৰ কাঠফুলা এবিধ অতি পুষ্টিকৰ আৰু উপাদেয় খাদ্য। সাধাৰণতে আমাৰ খাদ্যৰ শক্তি যোগানকাৰি প্ৰধান পুষ্টিদ্ৰব্য কাৰ্ব’হাইড্ৰেট বা শৰ্কৰা আমি মূখ্য খাদ্য চাউল, ঘেঁহুৰ পৰা পাওঁ‌। কিন্তু দেহ গঠনৰ তথা আমাৰ দেহৰ সকলো কাৰ্য্য সুচাৰুৰূপে পৰিচালিত হবলৈ আৰু শৰীৰটো নিৰোগী কৰি ৰাখিবলে প্ৰয়োজন হোৱা প্ৰটিন, ভিটামিন আৰু বিভিন্ন ধৰণৰ খনিজ দ্ৰব্য যোগান ধৰা খাদ্যৰ নাটনি বা সহজতে আহৰণ কৰিব নোৱাৰাটো আজিও সৰ্বসাধাৰণৰ বাবে এক সমস্যা হিচাপে পৰিগণিত হৈ আহিছে। এই ক্ষেত্ৰত কাঠফুলা হব পাৰে সকলোৰে বাবে গ্ৰহণযোগ্য অতি কম খৰছী আৰু অতি কম আয়াসতে উৎপাদন কৰিব পৰা এক বিকল্প খাদ্য।
মূল্যহীন পেলনীয়া উদ্ভিদজাত সামগ্ৰীক (জৈৱ ভৰ) অতি উচ্চমানৰ পুষ্টিদ্ৰব্য লৈ পৰিবৰ্ত্তন কৰিব পৰা এক উৎকৃষ্ট কাৰখানা হ’ল কাঠফুলা খেতি।
কাঠফুলা কৰ্ষণঃ
আমাৰ অসমত সাধাৰণতে কৰিব পৰা কাঠফুলাৰ প্ৰজাতি সমূহ হ’ল- অয়েষ্টাৰ মাশ্বৰূম, ইউৰোপীয়ান হোৱাইট বাটান পেডি ষ্ট্ৰ, মিল্কী মাশ্বৰূম। ইয়াৰ ভিতৰত শীতকালছোৱাত অৰ্থাৎ ছেপ্তেম্বৰ-অক্টোবৰ পৰা এপ্ৰিল মে মাহলৈকে সাধাৰণতে কৰা কাঠফুলা বিধ হ’ল অয়েষ্টাৰ মাশ্বৰূম।
বিষাক্ত কাঠফুলা চিনাক্তকৰণ প্ৰণালীঃ
1. বিষাক্ত কাঠফুলা সমূহ গন্ধযুক্ত, বেয়া স্বাদযুক্ত তথা বৰণৰ বিভিন্নতা থাকে।
2. বিষাক্ত কাঠফুলা সহজতে পোক পৰুৱাৰ দ্বাৰা আক্ৰান্ত নহয়।
3. এৱাঁ‌ গাখীৰত বিষাক্ত কাঠফুলাৰ টুকুৰা দিলে দৈৰ লেখীয়া হয়।
ইয়াৰ কৃষি পদ্ধতিৰ বিষয়ে থূলমুলকৈ আলোচনা কৰা হল-
অয়েষ্টাৰ কাঠফুলা উৎপাদনঃ অয়েষ্টাৰ কাঠফুলাৰ কৃষি প্ৰণালী সহজ, সুলভ। ছেপ্টেম্বৰৰ পৰা এপিল মাহৰ সময়ছোৱা (২২°-২৮° ছেন্টিগ্ৰেড) এইবিধ কাঠফুলা কৰাৰ উচিত সময়। কাঠফুলা উৎপাদন কৰা ঘৰটোৰ প্ৰস্থ ৩মি, উচ্চতা ২.৫মি, দীৰ্ঘ ৬মি, আৰু খেৰেৰে নিৰ্মিত চালৰ প্ৰয়োজন। যিকোনো পচা কাঠৰ সামগ্ৰীৰ পৰাই অয়েষ্টাৰ জাতৰ কাঠফুলাৰ উৎপত্তি হয়। ইয়াক ফলা কাঠৰ গুড়ি, চেনী কলৰ পেলনীয়া সামগ্ৰী হিচাপে পোৱা কুঁ‌হিয়াৰ জাৱৰি, কাগজ কলৰ পেলনীয়া সামগ্ৰী, হালধি আৰু কল গছৰ শুকান পাত ইত্যাদি বিভিন্ন শস্যৰ পেলনীয়া সামগ্ৰীৰ ওপৰত কৰ্ষণ কৰিব পৰা যায়। আনহাতে আমাৰ অঞ্চলবিলাকত ধান খেৰ সহজলভ্য। সেইকাৰণেই এই ধানখেৰবিলাক কাঠফুলা কৰ্ষণৰ এক উপযোগী মাধ্যম হিচাপে ব্যবহাৰ কৰি কেনেকৈ কাঠফলাৰ খেতি কৰিব পৰা যায়, তলত সেই কৃষি প্ৰণালীৰ বিষয়ে বিশদভাবে ব্যাখ্যা কৰা হ’ল-
কাঠফুলাৰ খেতিৰ বাবে আৱশ্যকীয় সামগ্ৰীঃ
১) স্পন
২) ধান খেৰ
৩) পলিথিনৰ মোনা (১৫০ গজ ঘনত্ব আৰু ২১×১৪ জোখৰ)
৪) খেৰ কটা মেচিন বা দা নাইবা কাঁ‌চি
৫) ড্ৰাম
৬) চিৰ-চিৰকৈ পানী ছটিওৱা যন্ত্ৰ বা স্প্ৰেয়াৰ
৭) ধোঁ‌ৱাহীন চৌকা
৮) প্লাষ্টিকৰ ৰচি
৯) কীটনাশক দ্ৰব্যঃ (ক) বেভিষ্টিন (খ) ৰগৰ (গ) নুভান (ঘ) কেলথেন (ঙ) ফৰমেল ডিহাইড (চ) চূণৰ গুড়ি
১০) কাঠ খৰি
১১) খেৰী ঘৰ আৰু
১২) টোপোলা কৰা মোনা
কৃষি পদ্ধতিঃ
অয়েষ্টাৰ জাতৰ কাঠফুলাৰ কৃষি পদ্ধতি অতি সহজ। ইয়াৰ কৃষি পদ্ধতি ইমানেই সৰল যে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই কাম হাতত লব পাৰে। তলত ইয়াৰ বিশদ বিৱৰণ দাঙি ধৰা হল-
১) ২-৩ ইঞ্চি জোখত সৰু সৰুকৈ টুকুৰা কৰি শুকান খেৰবোৰ কাটি লব লাগে।
২) কাটি থোৱা খেৰখিনি পানীত তিয়াই লব লাগে কিন্তু ৮ ঘন্টাতকৈ অধিক সময় খেৰ তিয়াই থব নালাগে।
৩) খেৰখিনি এঘন্টা সময় পানীত সিজাই লোৱাটো আৱশ্যক।
৪) কেইমিনিটমান খেৰখিনি এঢলীয়াকৈ ৰাখি অথবা সূৰ্যৰ পোহৰত শুকুৱাই, সিজোৱা খেৰখিনিৰ পৰা অতিৰিক্ত পানীভাগ আঁতৰাই পেলাব লাগে।
৫) এতিয়া ২৫×১৪ ইঞ্চি জোখৰ এটা পলিথিনৰ মোনা লব লাগে।
৬) অতিৰিক্ত পানী নথকা অথচ ভিজা কেইমুঠিমান খেৰলৈ মোনাটোৰ ভিতৰত ভৰাব লাগে। ভৰোৱা খেৰখিনি হাতৰ তলুৱাৰ সহায়ত হেঁ‌চি দি ২ ইঞ্চি ডাঠৰ এটা আটিল তৰপ কৰিব লাগে।
৭) শুকান পৰিস্কাৰ থাল এখনত স্প’নৰ (অঙ্কুৰিত বীজ) মোনাটোৰ পৰা স্প’নখিনি উলিয়াই লৈ তাক তিনিটা ভাগত ভাগ কৰিব লাগে।
৮) কিছু কাঠফুলাৰ স্প’ন খেৰৰ তৰপটোৰ ওপৰত ছটিয়াই দিব লাগে। কাঠফুলাৰ উক্ত স্প’নখিনি যাতে খেৰৰ তৰপটোৰ মাজৰ অংশ বাদ দি তাৰ কাষৰবোৰত বৃত্তাকাৰে পৰে তাৰ বাবে সতৰ্কতা অৱলম্বন কৰাটো বাঞ্চনীয়।
৯) এনেদৰে ৪-৫টা তৰপ তৈয়াৰ কৰিব লাগে। শেষৰ তৰপটো কেৱল খেৰৰ হব কাৰণে তাৰ ওপৰত আৰু স্প’ন ছটিয়াই দিয়াৰ প্ৰয়োজন নহয়।
১০) প্লাষ্টিক মোনাটোৰ মুখখনত ৰচী এডালেৰে বান্ধি মোনাটোৰ গাটোত ২ ইঞ্চি দূৰত্বত সৰু সৰু বিন্ধা কৰি দিব লাগে। ইয়াৰ পাছত ‘মাইচেলিয়াম’ ওলাবৰ কাৰণে মোনাটো আংশিকভাবে অন্ধকাৰ কোঠালিত ৰাখিব লাগে।
১১) সাধাৰণতে ‘মাইচেলিয়াম’ ওলোৱা শেষ হবৰ বাবে ১৫ দিনৰ পৰা ১৮ দিনৰ প্ৰয়োজন হয়। গতিকে ‘মাইচেলিয়াম’ ওলোৱা সম্পূৰ্ণ হলে সাবধাণে টোপোলাটোৰ পৰা প্লাষ্টিকৰ মোনাটো আঁ‌তৰাই আনিব লাগে আৰু টোপোলাটো প্লাষ্টিকৰ ৰচীৰ সহায়ত উৎপাদন গৃহত আৰি থোৱা ব্যৱস্হা কৰিব লাগে।
১২) পিছদিনাৰ পৰা, বিশেষকৈ ৰাতিপুৱা আৰু সন্ধিয়াভাগত প্ৰতিদিনে দুৱাৰকৈ টোপোলাটোত পানী ছটিয়াব লাগে। শুকান মাহ কেইটাত অতিৰিক্ত ভাবে দুপৰীয়া পানী ছটিওৱা উচিত। বৃষ্টিপাতৰ কালছোৱাত উৎপাদন গৃহটোৰ আপেক্ষিক আৰ্দ্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে দুৱাৰকৈ পানী ছটিওৱা উচিত।
১৩) টোপোলাটোৰ পৰা প্লাষ্টিকৰ মোনাটো খুলি আঁ‌তৰাই পেলোৱাৰ সাত দিন পাছত কাঠফুলাবিলাক ওলাই আহিব। এই কাঠফুলাবিলাকৰ কাষ বিলাক ওপৰফালে ভাজ লাগিবলৈ আৰম্ভ কৰিলেই ইয়াক চিঙিব পৰা যাব।
১৪) যদিহে যথোচিতভাবে পানী ছটিয়াই থকা হয়, তেনেহলে প্ৰথমবাৰ কাঠফুলা চিঙাৰ ৭ দিনৰ পৰা ১০ দিনৰ ভিতৰত আকৌ এবাৰ কাঠফুলা ছিঙিব পৰা যাব।
১৫) এনেদৰে একোটা কাঠফুলা টোপোলাৰ পৰা ৪-৫ বাৰ পৰ্য্যন্ত কাঠফুলা ছিঙিব পৰা যায়। অৱশ্যে এটা টোপোলাৰ পৰা ৪-৫ বাৰ ছিঙাৰ পাছত কাঠফুলাৰ নতুন টোপোলা ৰখাটো বাঞ্চনীয়।

*********************************************

লেখিকা প্ৰিয়ংকা বৈৰাগী,বিশ্বনাথ কৃষি মহাবিদ্যালয় (অ: কৃ: বি:)ৰ ছাত্ৰী৷ তেওঁৰ যোগাযোগ নং -৮৮১১০২৭৩৬১

Leave a Response