কুঁহিয়াৰৰ খেতিৰ উন্নত কৃষি পদ্ধতি Improved Agricultural Practices of Sugarcane Farming

~তপন বৰুৱা

বৰ্তমান সময়ত অসমত কুঁহিয়াৰ খেতিৰ প্ৰতি যুৱকসকলৰ অনিহাৰ কাৰন হৈছে ইয়াত প্ৰয়োগ হোৱা পুৰনি কলীয়া কৃষি পদ্ধতি আৰু প্ৰয়োজনীয় কৃষি বনুৱাৰ অভাৱ লগতে কুঁহিয়াৰৰ পৰা উৎপাদিত গুৰৰ ব্যৱসায়ত মধ্যভোগীৰ প্ৰভাৱৰ কাৰণে হোৱা লোকচানও এটা কাৰণ৷ কথা হৈছে আমি কুঁহিয়াৰৰ পৰা গুৰ বনাই বিক্ৰি কৰাৰ চিন্তা কৰাৰ লগতে কুঁহিয়াৰৰ ৰস বিক্ৰি কৰি ডাল হিচাপে বিক্ৰি কৰিও লাভৱান হব পাৰো ৷ যদি আমি হিচাপ কৰি চাওঁ, আমি ১০০ কেজি কুঁহিয়াৰৰ পৰা ১০ কেজি হে গুৰ বা চেনী পাও৷ ইয়াৰ পৰা কৃষকে বিক্ৰি কৰি ৪৮০ টকা হে পায়৷ এই ৪৮০ টকাৰ পৰা আমাৰ খৰচ সমূহ বাদ দিলে আমি পাও মাত্ৰ ৩০০ টকা৷ অৰ্থাৎ সেই ১০০ কেজি কুঁহিয়াৰৰ পৰা আমি প্ৰতি কেজিত ৩টকাকৈহে পাওঁ৷ এইবোৰ কাৰণতে আমি কুঁহিয়াৰৰ পৰা গুৰ বনোৱাৰ চিন্তা কৰাতকৈ ১ বছৰ হ’লে ডাল হিচাপে বেপাৰীক বিক্ৰি দিয়াৰ চিন্তা কৰিছো আজিকালি৷ এইদৰে দিলে প্ৰতি কেজি কুহিঁয়াৰত আমি ৬ টকাকৈ পাওঁ ৷ এই ব্যৱসায়ত স্থানীয় যুৱক সকল আগবাঢ়ি আহিলে,অলপ ধৈৰ্য্য সহকাৰে যদি কৰা যায় তেন্তে কৃষকসকলৰ লগতে থলুৱা যুৱক সকলৰ বাবেও ভাল ব্যৱসায় হিচাপে পৰিগণিত হব৷ কেৱল চলাই নিয়া ব্যৱসায়ী সকলতকৈ চাফ-চিকুনতা আৰু পৰিস্কাৰ ভাৱে পৰিবেশনত গুৰুত্ব দিব লাগিব৷
বৰ্তমান সময়ত বংশানুক্ৰমে কৰি অহা পদ্ধতিত প্ৰতি বিঘাত প্ৰায় ৮০ কুইন্টলৰ কুঁহিয়াৰ উৎপাদন পাই আহিছিলো৷ আমিও ইয়াৰ পৰা সন্তুষ্ট নাছিলো৷ গতিকে যোৱা বছৰ ২০১৬ চনৰ পৰা আমি সেই পুৰণা পদ্ধতি বাদ দি আমি গুজৰাটৰ শ্ৰী নৱনীত পাটিল আৰু মহাৰাষ্ট্ৰৰ শ্ৰী ওচিৎ পাটিল আৰু মহাৰাষ্ট্ৰৰে বিখ্যাত কৃষক শ্ৰী যুত সুৰেশ কাৱাডে’ৰ পৰামৰ্শ আৰু আদৰ্শৰে অণুপ্ৰাণিত হৈ তেওলোকে কোৱাৰ দৰে 5ft × 1ft দুৰত্বত কুঁহিয়াৰ ৰোৱাৰ ব্যৱস্থা কৰিছিলো আৰু ইয়াৰ ফলাফল পাইছিলো অভাৱনীয় উৎপাদনেৰে ৷ খৰচৰ মাত্ৰাতকৈ নগণ্য বুলি ক’লেও ভুল নহব৷ বৰ্তমান বৰ্তমান মোৰ ১৫ বিঘা মাটিত কুঁহিয়াৰ আছে৷ ইয়াত খৰচ মাত্ৰ ২০ হেজাৰৰ ভিতৰত এতিয়ালৈকে৷
মাটি প্ৰস্তুটি : মাটি ডৰা দুই মাহ মান আগৰ পৰা দ’কৈ হাল মাৰি যিমান পাৰি ৰ’দ খাব দিব লাগে৷ ইয়াৰ ফলত মাটিত থকা পোক পৰুৱা নষ্ট হোৱাত সহায়ক হব৷ পিছত ভালদৰে হাল বায় মৈ কৰি মাটি ডৰা মিহি কৰি লব লাগে৷ শেষৰবাৰ মাটি চহাওঁতে বিঘাই প্ৰতি ১টন পচনসাৰ, ১৫কেজি DAP, ১০ কেজি MOP, কীটনাশক হিচাপে ২ কেজি ফোটাৰা, ১ কেজি থিমেট দি মিহলাই হাল মাৰি ভালদৰে মাটি ডৰা প্ৰস্তুত কৰি লৱ লাগে৷
কুঁহিয়াৰ ৰোৱাৰ সময় : আমাৰ অসমত বিশেষকৈ গুড় উৎপাদনৰ বাবে মাঘ মাহৰ পৰা বহাগ মাহলৈকে কুঁহিয়াৰ ৰোৱা দেখা যায়৷ নামনি অসমৰ ফালে কৰা “বোম্বাই কুঁহিয়াৰ”, যি ৰস বিক্ৰিৰ বাবে লক্ষ্য কৰি খেতি কৰা হয় সেই বিলাক খেতিত কাতি – আঘোন মাহত ৰোৱা হয়৷ আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভাৱিত জাত কেইটি ৰুবৰ বাবে মাঘৰ পৰা চ’ত মাহলৈকে উত্তম সময় ৷ জলসিঞ্চনৰ বাবে প্ৰয়োজনীয় আহিলা অভাৱৰ বাবে প্ৰায় কৃষকে বহাগ আৰু জেঠ মাহত ৰোৱাৰ চিন্তা কৰে৷ ইয়াৰ ফলত উৎপাদন হ্ৰাস পায়৷ কিয়নো কুহিয়াঁৰ এজোপা সম্পূৰ্ণ অৱস্থা পাবলৈ ১০ মাহৰ অধিক সময়ৰ প্ৰয়োজন হয়৷ উত্তৰ ভাৰতৰ ৰাজ্য সমূহত কুঁহিয়াৰ খেতি ডৰাক ১৮ মাহৰ বাবে এটা কৃষি ক্ৰমত ধৰি কুঁহিয়াৰ খেতি কৰে৷ তেওঁলোকৰ কুঁহিয়াৰ উৎপাদন প্ৰতি একৰত ১০০টন৷ অসমৰ হিচাপত ৩০২ লোচা মাটি =এক একৰ৷ গতিকে আমাৰ হিচাপত প্ৰতি বিঘাত ৩৩টন৷ আমাতকৈ প্ৰায় তিনিগুণ বেছি অধিক উৎপাদন৷
এতিয়া আমি ইয়াত কুঁহিয়াৰ খেতি একেৰাহে কৰি থকা পদ্ধতিৰ বাবে হৈ থকা অসুবিধাবোৰ দূৰ কৰাৰ লগতে, কিছু নতুন পদ্ধতি ব্যৱহাৰ কৰি কৃষক ৰাইজে উপকাৰ পোৱা বা কষ্ট লাঘৱ হোৱা আৰু উৎপাদন বঢ়োৱাৰ ওপৰত আলোচনা কৰিম৷
আমি আগতে কুঁহিয়াৰবোৰৰ বাবে প্ৰতি বিঘাত প্ৰায় পাঁচ হাজাৰ টুকুৰালৈকে ৰোপন কৰিছিলো৷ কিন্তু এইবাৰ আমি প্ৰতি বিঘাত ইয়াৰ আধাহে অৰ্থাৎ ২,৫০০ টুকুৰাহে ৰোপণ কৰিম৷ আগৰ দৰে 2.5 ft/3ft দুৰত্বৰ সলনি এইবাৰ 5ft দুৰত্বত নল খন্দাৰ ব্যৱস্থা কৰিব লাগিব৷ খল বিলাক মাটি দৰাৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে দীঘলকৈ নাঙলৰ সহায়ত খল খান্দিব লাগে৷ খলবোৰ ৮” মান দকৈ খান্দিব লাগে৷ খলবোৰত এক ফুট দূৰত্বত কুঁহিয়াৰ টুকুৰাবোৰ ৰুব লাগে৷ ৰুবৰ বাবে ব্যৱহাৰ কৰা টুকুৰাবোৰত দুই-তিনিটাতকৈ বেছি গাঠি কৰিব নালাগে কুঁহিয়াৰ ৰোৱাৰ পাছতে প্ৰয়োজন হ’লে লগে লগে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে৷ (কুঁহিয়াৰ খেতিত কৰা জলসিঞ্চনৰ ফটো দিয়া হৈছে) ৰোৱাৰ ৫৫ ৰ পৰা ৭০ দিনৰ ভিতৰত কুঁহিয়াৰ গজালিবোৰৰ মূল কোহঁবোৰ টানি উলিয়াই দিব লাগে৷ ইয়াৰ ফলত কুঁহিয়াৰৰ গালফলা গজালিবোৰ সমানে বাঢ়ি অহাত সহায়ক হয় আৰু গজালিৰ সংখ্যাও বৃদ্ধি হয়৷

 

অসমৰ প্ৰায়বোৰ ঠাইতে কুঁহিয়াৰ খেতি মুলত: গুড় উৎপাদনৰ বাবে কৰা হয়৷ নামনি অসমৰ ফালে চোৱাই খাবৰ বাবে কোমল কুঁহিয়াৰ (বোম্বাই কুঁহিয়াৰ)ৰ খেতি কৰা ইয়াত মূলতঃ কুঁহিয়াৰৰ ৰস উৎপাদন কৰা ব্যৱসায়ৰ প্ৰতি লক্ষ্য ৰাখি খেতি কৰা হয়৷ এই কুঁহিয়াৰৰ পৰা গুড় উৎপাদন নহয়৷ ডাল কুঁহিয়াৰ হিচাপে বিক্ৰি কৰিও এই কুঁহিয়াৰৰ পৰা অধিক লাভৱান হব পাৰি৷
কুঁহিয়াৰ খেতিৰ বাবে পলসুৱা বালিঅহীয়া অথবা আলতীয়া,পানী বন্ধ নোহোৱা মাটি হব লাগে৷ মাটি ডৰাত সুবিধা অনুযায়ী প্ৰতি বিঘাত ১০ কেজি কৈ ধইনচা খেতি কৰি লব পাৰিলে অধিক ভাল ফল পাব পাৰি৷ প্ৰতি তিনিবিঘা মাটি ধইনচা খেতিৰ পৰা আমি গৰু গাড়ীৰে দহ গাড়ী গোবৰৰ সমান ফল লাভ কৰিব পাৰো৷
কুঁহিয়াৰ ৰোপনৰ বাবে সঁচ নিৰ্বাচন : অসমৰ জলবায়ুৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অনুমোদিত জাত বৰাক, ধনশিৰী, কপিলী আদি সঁচ অতি উত্তম৷ বৰ্তমান নতুনকৈ জনপ্ৰিয় হোৱা এটা জাত হৈছে “ অকা পোৰা” ৷ স্থানীয় “ৰঙা পিয়াজী” জাতৰ উৎপাদনো ভাল দেখা যায়৷ এই জাতি কেইটাৰ Suger Content Capacity অধিক৷ অঃকৃঃবিঃ ৰ অনুমোদিত জাত কেইটাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক, বিশেষকৈ Red Rot বেমাৰ নহয় উক্ত জাত কেইটাত৷ ইয়াৰে কপিলী আৰু কেইটিমান জাত আছে যি বানপানী সহনশীল হোৱাৰ বাবে পানী হোৱা ঠাইত ভাল ফলাফল পাব পাৰি৷
কেনেকুৱা কুঁহিয়াৰ ৰোপনৰ বাবে ব্যবহাৰ কৰিব লাগে : ৰোগ মুক্ত খেতিৰ পৰা সুস্থ-সৱল কুঁহিয়াৰ নিৰ্বাচন কৰিব লাগে এতিয়া কুঁহিয়াৰ বোৰৰ ওপৰৰ অংশৰ পৰা দুই তিনিটা গাঠি ৰাখি কুঁহিয়াৰবোৰ টুকুৰা কৰি লওক ৷ যদি কৃষকৰ নিজৰ খেতিৰ পৰা আগৰদৰে কুঁহিয়াৰ ডালৰ আগফালৰ পৰা আগ ৰাখি ৰোৱাৰ চিন্তা কৰিছে তেনেহ’লে এটা কথা মন দিব লাগে যাতে প্ৰতিটো আগেই দুই-তিনিটা গাঁঠিৰ বেছি হব নালাগে৷ এতিয়া এই সঁচখিনি ২০ দিন মানৰ বাবে ছাঁ পৰা ঠাইত পাতলকৈ মাটি দি ঢাকি পাতলীয়াকৈ পানীৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ ফলত সচঁবোৰৰ সুন্দৰকৈ শিপা আৰু গজালিবোৰ ভাটৌ থুটীয়া হৈ পৰিব আৰু ৰোৱাৰ বাবে উপযুক্ত হব৷
সঁচ শোধন: সঁচ শোধনৰ বাবে প্ৰতি লিটাৰ পানীৰ বিপৰীতে ৰোপনৰ আগত ২ গ্ৰাম ক্লৰ’পাইৰিফচ আৰু ২ গ্ৰাম বেভিষ্টন দি শোধন কৰি লব লাগে৷
এতিয়া আহো আমি নতুন পদ্ধতি ব্যৱহাৰ কৰি কুঁহিয়াৰ কেনেকৈ ৰোপন কৰিম :
কুঁহিয়াৰবোৰো বাবে আমি ৫ফুট দূৰত্বত পাৰিলে পূৱা -পশ্চিমাকৈ ৮” মান দকৈ মাটি ডৰা আৰ পাৰ কৈ খলবোৰ খান্দি ১ফুট দূৰত্বত ৰুব লাগিব৷
খেতি ডৰাত বন-বাত নিৰনি : কুঁহিয়াৰ শাৰীবোৰৰ দুয়োকাষে চিকুনাই চাফা কৰি মাজৰ অংশ মাজৰ অংশ পাৱাৰ টিলাৰৰ সহায়ত হাল বাই চাফা কৰিব পাৰি৷ যদি ঔষধ ব্যৱহাৰ কৰি চাফা কৰাৰ কথা ভবা হয় 2-4D ঔষধৰ লগত Metrubuzin, Atrazin অথবা Chempra (2-4D + অন্যান্য ঔষধ 2ml ১লিটাৰ পানীত দি স্প্ৰে কৰিব পাৰে৷ বননাশক ব্যৱহাৰ কৰাৰ সময়ত আমি দুটামান কথালৈ মন দিব লাগে৷ যেনে –
১| মাটিডৰাত প্ৰচুৰ পৰিমাণে জীপ থকাৰ দৰকাৰ৷
২| বননাশক প্ৰয়োগৰ ক্ষেত্ৰত কুঁহিয়াৰ ৰোপন কৰাৰ পৰা এক মাহৰ অধিক আৰু বনবোৰ ফুল ধৰাৰ আগতে ঔষধ প্ৰয়োগ কৰিলেহে ভাল ফল পাব পাৰি৷ এই দুইটা কথা অপতৃণ নাশকৰ ক্ষেত্ৰত বিশেষভাৱে মন কৰিবলগীয়া আৰু এবাৰতকৈ বেছি অপতৃণ নাশক কেতিয়াওঁ প্ৰয়োগ কৰিব নালাগে৷
সাৰ প্ৰয়োগ: সাৰ প্ৰয়োগ আমি দুবাৰ কৰিব লাগে৷ প্ৰথমবাৰ, পুলি ৰোপনৰ ৫৫ ৰ পৰা ৭০ দিনত বিঘাই প্ৰতি 10Kg DAP আৰু 10Kg MOP সাৰ কুঁহিয়াৰৰ শাৰীৰ কাষে কাষে দি পাৱাৰ টিলাৰৰ সহায়ত হাল বাই সাৰখিনি ঢাকি দিব লাগে৷ এনে কৰিলে কুঁহিয়াৰ পুলি বোৰেও অলপ মাটিৰ support পাব৷ সাৰ দিয়াৰ আগে আগে কুঁহিয়াৰ গজালি খিনিৰ পৰা মূল কোহঁবোৰ টানি উলিয়াই দিব লাগে৷ দ্বিতীয়তে, তৃতীয় মাহত আকৌ 10kg DAP , 10kg MoP, 1kg Borax, 2kg Zinc, 2kg Magnesium, 1kg Para-sulphate​, 1kg Calcium মিহলাই আগৰ বাৰ শাৰীৰ যি কাষে দিছিলে, তাৰ বিপৰীত ফালে প্ৰয়োগ কৰি আগৰ দৰে পাৱাৰ টিলাৰ ব্যৱহাৰ কৰি ঢাকি দিব লাগিব৷ এনেকৈ হাল বোৱাৰ পাছত কুঁহিয়াৰ গুৰিত মাটি চপোৱাৰ দৰে হৈ পৰিব৷
এনেদৰে ১২০দিনৰ ভিতৰত আকৌ এবাৰ পাৱাৰ টিলাৰ ব্যৱহাৰ কৰি মাটি চপোৱা কাম শেষ কৰিব লাগিব৷ এনেদৰে দুবাৰ হাল মাৰিলে প্ৰায় ১ফুট ওখ আৰু ১.৫ফুট বহল ঢাপৰ সৃষ্টি হব৷
অনিষ্টকাৰী কিট পতংগ নিয়ন্ত্ৰন : কুঁহিয়াৰৰ প্ৰধান অনিষ্টকাৰী পোকবোৰ হ’ল –
মজা খোৱা পোক : ইয়াৰ পূৰ্ণাঙ্গ মাইকী পখিলাবোৰে নতুনকৈ গজালি ওলোৱা কুঁহিয়াৰ গছৰ তলপিনে ১৫০-২০০ কণী পাৰে৷ কণী ফুটি ওলোৱা পলুবোৰ মাটিৰ সংস্পৰ্শত থকা গছৰ গুৰিত ফুটা কৰি ভিতৰলে সোমাই যায় আৰু মজাত আক্ৰমণ কৰে৷ ফলত গছজোপা শুকাই যায়৷ এই পোকৰ বাবে উত্তম ট্ৰাইক’গামা নামৰ এবিধ বেক্টেৰীয়া, কিন্তু আমাৰ বজাৰত ই উপলব্ধ নহয়৷ গতিকে ক’ৰাজেন , ক্লৰ’পাইৰিফচ, মন’ক্ৰট’ফচ নামৰ ঔষধসমূহ প্ৰয়োগ কৰিব লগা হয়৷
আগ বিন্ধোৱা : ইয়াৰ পূৰ্ণাঙ্গ মাইকী পখিলাবোৰে পাতৰ তলৰ ফালে থোপা থোপা কৈ কণী পাৰে আৰু শুঙেৰে ঢাকি দিয়ে৷ পলুবোৰে আগ অংশত আক্ৰমন কৰে, ফলত আক্ৰান্ত গছডাল বাঢ়িব নোৱাৰা হয় আৰু বেছি পোখা ওলাই জোপোহাৰ দৰে হয়৷ প্ৰতিকাৰ হিচাপে কণীৰ থোপাবোৰ চকুত পৰাৰ লগে লগে পাতবোৰ সংগ্ৰহ কৰি জ্বলাই দিব লাগে বা মজাখোৱা পোকৰ দৰে ব্যৱস্থা লব লাগে৷
শেষত আমাৰ নিজৰ অভিজ্ঞতাৰ পৰা কওঁ যে, অধিক উৎপাদন পাবলৈ হ’লে আমি কুঁহিয়াৰৰ পুলি নিয়ন্ত্ৰন কৰা খুবেই দৰকাৰ৷ ইয়াৰ বাবে ১৬০-৭০ দিনত খেতি দৰাত শুকান পাত গুচাই দিয়াৰ লগতে মিহি আৰু বেমাৰী কুঁহিয়াৰ বোৰ কাটি পেলাব লাগে৷ মন দিব লাগে যাতে প্ৰতি জোপাত ৫/৬ ডালতকৈ বেছি কুঁহিয়াৰ নাথাকে৷

এতিয়া যদি আমি চাওঁ
আমি কুঁহিয়াৰ ৰুইছিলো প্ৰতি বিঘাত ২৫০০ ডাল আৰু
প্ৰতি জোপা কুঁহিয়াৰত যদি ১.৫ কেজি কৈ ওজন হয় তেন্তে
২৫০০ জোপাত হব ২৫০০×৫=১২,৫০০ ডাল কুঁহিয়াৰ ×১.৫=১৮,৭৫০ কেজি ৷

আমাৰ এই পদ্ধতিত খেতি কৰি যোৱা বছৰ প্ৰতিডাল কুঁহিয়াৰ ১.৫/২.৫ কেজি কৈ হৈছিলে৷ অসমত যিহেতু বৰষুন বেছি হয়, সেইবাবে কাতি মাহ মানৰ পৰা প্ৰয়োজন অনুসাৰে জলসিঞ্চন কৰাৰ দৰকাৰ৷
এই সকলো হিচাপ কৰি চালে দেখা যায় যে, অন্য ব্যৱসায়িক খেতি বা শাক পাচলি আদি খেতিত কৈ কুঁহিয়াৰ খেতিত লাভান্বিত হব পাৰিম৷ বানপানী আৰু অতিবৃষ্টি আদিৰ পৰা ক্ষতিৰ সম্ভাৱনাও কম৷ আৰু বজাৰ মূল্যও তাৰতম্য নহয় ৷ গতিকে এই খেতি বা ব্যৱসায়ত যদি বৰ্তমান আমাৰ যুৱকসকলে মন দিয়ে যথেষ্ট লাভৱান হব পাৰিব৷

******************************************************************

লিখক তপন বৰুৱা, নগাওঁ অঞ্চলৰ এজন বিশিষ্ট কুহিঁয়াৰ খেতিয়ক ৷ তেওঁ বংশানুক্ৰমিক ভাৱে এই কুঁহিয়াৰ খেতি চলাই আহিছে ৷ তেওঁ ইয়াত উল্লেখ কৰা কুঁহিয়াৰ খেতিৰ নতুন পদ্ধতিটোৰ বিষয়ে জানিব বিচাৰলে, 9678168275 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

1 Comment

  1. বহুত ধন্যবাদ এই তথ্যখিনি দিয়াৰ বাবে৷ আমি এতিয়াও আগৰ নিয়মতে কৰি আছো৷ মোৰ ১৫বিঘা মাটিৰ কুহিঁয়াৰ আছে৷ এইবাৰ উঠাই দি আপোনাৰ ম’তে কৰিব বিচাৰিছো৷ আপোনাৰ সহযোগিতা বিচাৰিচো৷

Leave a Response