কৃতজ্ঞতা স্বীকাৰ Acknowledgement of Gratitude

আমি প্ৰথমতেই কৃতজ্ঞতা স্বীকাৰ কৰিব বিচাৰো আমাৰ এই মাহৰ অতিথি সম্পাদক লক্ষীমপুৰ পশুচিকিৎসা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ২য় চেমিষ্টাৰৰ ছাত্ৰ শ্ৰী দিপাংকৰ পালদেৱক৷ ছাত্ৰ অৱস্থাতে তেওঁ কৃষকৰ সাৰথি “কৃষক বন্ধু ই আলোচনী”ৰ সম্পাদকৰ দায়িত্ব লৈ দুঃসাহস কৰি আমাক কৃতাৰ্থ কৰিলে৷ আমি তেওঁৰ উজ্বল ভবিষ্যৎ কামনা কৰিলো৷
দ্বিতীয়তে, আমি ইতিমধ্যে প্ৰকাশ হোৱা এই মাহৰ ‘ছাত্ৰ বিশেষ’ আলোচনীৰ বিশেষ পৰামৰ্শদাতা Dr Anjan Jyoti Nath, Asstt. Prof., Department of Microbiology, Lakhimpur College of Veterinary Science, AAU, Joyhing, North Lakhimpur and Shri Rudra Narayan Borkakati, Scientist, Department of Entomology, AAU , Jorhat,দুয়োজনৰ সহযোগিতা তথা আন্তৰিকতাৰ বাবে আমাৰ অতিথি সম্পাদক আৰু সম্পাদনা সমিতিৰ তৰফৰ পৰা কৃতাৰ্থ হৈ ৰম৷
তৃতীয়তে , অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত অৱস্থিত কলেজ অৱ এগ্ৰিকালচাৰৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ শ্ৰী দিপাংকৰ বৰুৱা, তেওঁৰ সহযোগী যোৰহাট জেবি কলেজৰ শ্ৰী অনুপ শৰ্মা (M.Com-2nd Sem) আৰু তেওঁলোকৰ বন্ধু বান্ধৱ সকলৰ আন্তৰিক সদ্দিচ্ছা তথা সহযোগিতাৰ বাবে আমাৰ অতিথি সম্পাদক তথা সম্পাদনা সমিতিৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো৷
চতুৰ্থতে, আমাৰ লিখাসমূহৰ কিছু অংশ ইউনিকডীয় ৰুপান্তৰৰ জড়িয়তে আমাক কৰা সহযোগিতাৰ বাবে আমি সম্পাদনা সমিতি আৰু অতিথি সম্পাদক প্লেন ইট (Plan it) নামৰ ইভেন্ট মেনেজমেন্ট কম্পেনীটোৰ স্বত্তাধিকাৰী শ্ৰী অভিলাষ শৰ্মাৰ ওচৰত কৃতজ্ঞ হৈ ৰম৷
পঞ্চমতে, আমাৰ এইমাহৰ ছাত্ৰবিশেষ সংখ্যাটোৰ সকলো লিখক-লেখিকাক অতিথি সম্পাদক তথা সম্পাদনা সমিতিৰ তৰফৰ পৰা শুভেচ্ছা তথা কৃতজ্ঞতা জনালো৷ আজিৰ ছাত্ৰ তোমালোক কাইলৈ দেশৰ ভবিষ্যৎ ৷ তোমালোকৰ মাজত আমি যি সম্ভাৱনা দেখা পাইছো, আশা কৰিছো সেইয়া উদিত সূৰ্য্যৰ দৰেই জিলিকি উঠক৷ তোমালোক দেশৰ ধৰণী হোৱা৷ কৃষকসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰা৷ এইয়াই আমি কামনা কৰিছো৷
ষষ্ঠত, আমাৰ আলোচনীৰ এইমাহৰ কভাৰ পেজৰ ফটোসমুহৰ বাবে শ্ৰী যুত ব্ৰহ্মানন্দ পাতিৰিদেৱ আৰু শ্ৰী উৎপল জোনাক হাজৰিকা দেৱক সম্পাদনা সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জনালো৷ কভাৰ পেজৰ কিছু ফটো নেটৰ পৰা সংগৃহীত আৰু কিছু ফটো অতিথি সম্পাদকৰ দ্বাৰা সংগৃহীত৷
সপ্তমত, প্ৰতি সংখ্যাতে কৰা সহযোগিতাৰ বাবে আমাৰ সমিতিৰ দুই সক্ৰিয় সদস্য পাপু আৰু অনুপক এইবাৰৰ ছবিসমূহ সংগ্ৰহ কৰাত কৰা সহযোগিতাৰ বাবে আলোচনীৰ সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো৷
সদৌ শেষত, আমাৰ আলোচনীৰ এবছৰ সম্পুৰ্ণ হোৱা উপলক্ষে ছাত্ৰ বিশেষ সংখ্যাটো সফল ভাবে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাক সাহস দিয়া, সহযোগিতা আগবঢ়োৱা সকলোলৈকে আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলো৷
ছাত্ৰ জীৱন ৰঙেৰে ভৰা, সৌন্দ্যৰ্যৰে ভৰপুৰ সদায়৷ গতিকেই আমি প্ৰাকৃতিক ভাৱে ৰঙীন বেকগ্ৰাউণ্ড ব্যৱহাৰ কৰিছো এইবাৰ কভাৰ পেজত৷ অসমীয়া পৰম্পৰা বিহু আৰু কিছু নতুন টেকনলজীও প্ৰদৰ্শন কৰা হৈছে ইয়াত৷
আমি আশা কৰাতকৈ বহুত সময়োপযোী আৰু মূল্যৱান লেখা এইবাৰ আলোচনীত প্ৰকাশিত হৈছে৷ এই সকলো লেখা আমাৰ আলোচনীৰ সম্পদ হৈ ৰব৷ কিন্তু এটা কথা মন কৰিছো যে, কৃষকৰ বাবে অতি প্ৰয়োজনীয় উদ্যান শস্য বিভাগ আৰু ৰেছম বিভাগৰ কোনো লেখা প্ৰকাশিত হোৱা নাই এই লেখা সমূহৰ ভিতৰত৷ আমাৰ অতিথি সম্পাদক আৰু তেওঁৰ সহযোগী দুজনে জনোৱা ম’তে তেওঁলোকে এই দুয়োটা বিভাগৰ লগতো যথেষ্ট যোগাযোগ কৰিছিলে, কিন্তু লেখা সংগ্ৰহ কৰিবলৈ সক্ষম )নহ’ল৷ আনহাতে আমিও আলোচনীৰ তৰফৰ পৰা গোটেই কেইখন কলেজৰ ডীনলৈ অনুৰোধ জনাইছিলো ছাত্ৰসকলৰ পৰা লেখা বিচাৰি৷ ইয়াৰ ভিতৰত যোৰহাটত থকা উদ্যান শস্য মহাবিদ্যালয়ও আছিলে৷ কৃষকৰ অতি প্ৰয়োজনীয় উদ্যান শস্য বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ লিখনি প্ৰকাশ কৰিব নোৱাৰা কথাত আমাৰ এটা আক্ষেপ থাকি গ’ল৷
আমাৰ মনত আৰু এটা আক্ষেপে শিপাইছে এইবাৰৰ সংখ্যাত প্ৰকাশিত বহুতো মূল্যৱান লেখাৰ অসমীয়া সংস্কৰণ প্ৰকাশ কৰিব নোৱাৰাটো৷ আশা কৰিছো আমাৰ প্ৰিয় আৰু সন্মাণীয় এইসংখ্যাৰ লেখক-লেখিকাসকলে কথাটো মন কৰিব৷
শেষত সকলোকে ইতিমধ্যে আৰম্ভ হোৱা নতুন বছৰটোৰ বাবে শুভেচ্ছা জনালো৷ বছৰটো ৰঙেৰে, আনন্দৰে, সুখেৰে ভৰি পৰক সকলোৰে৷ ধন্যবাদ৷

~বৰ্ণালী শৰ্মা বৰুৱা, প্ৰম’টাৰ তথা সম্পাদিকা; কৃষক বন্ধু ই আলোচনী৷

Leave a Response