গৰমৰ পৰা হবপৰা কৃষকৰ জৰুৰীকালীন পৰিস্থিতি আৰু ইয়াৰ সাৱধানতা

প্ৰাচীন কালৰে পৰাই মানুহে পৰিবেশৰ লগত সংগ্ৰাম কৰি চলি আহিছে৷ সভ্যতাৰ বিকাশৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতি সাধন হৈছে যদিও এই সংগ্ৰাম কিন্তু কমি যোৱা নাই বৰং দেখা গৈছে মানুহৰ কাৰুকাৰ্যই জৈৱ পৰিবেশৰ অৱস্থা অধিক ভয়াবহ আৰু জটিল কৰি তুলিছে৷ ফলত জীৱন বিকাশ আৰু লালন পালনত মানুহে বাৰে বাৰে প্ৰকৃতিৰ ওচৰত হাৰ মানিব লগা হৈছে৷ পশুপালন আৰু কৃষি এই দুটাই হৈছে মানব জীৱনৰ প্ৰধান সমল৷ জুই আৱিষ্কাৰ, চকাৰ আৱিষ্কাৰৰে আদি কৰি ন’ ন’ প্ৰযুক্তিয়ে সভ্যতাক আগুৱাই আনিলেও কৃষি আৰু পশুপালনৰ বিকল্প সাধন কিন্তু বিজ্ঞানে এতিয়াও দিব পৰা নাই৷ সেয়েহে কৃষকক বাদ দি কোনো এটা চিন্তাই আগ বাঢ়িব নোৱাৰে৷ আৰু এইটোও ঠিক যে পৰিবেশৰ লগত সংগ্ৰাম কৰি জীৱন ধাৰণৰ সমল গোটোৱা সৈনিকো কেৱল কৃষকেই৷ পথাৰত দেহৰ ঘাম মাটিত পেলাই, তেজক পানী কৰি সোণালী শস্য উৎপাদন কৰা কৃষক সকল প্ৰথমতেই প্ৰকৃতিৰ ৰোষৰ বলি হয়৷
পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ এক সমীক্ষা মতে ২০১৬ বৰ্ষত প্ৰায় ১৬০০জন লোক প্ৰকৃতিৰ তাণ্ডৱত মৃত্যু বৰণ কৰে৷ তাৰ ভিতৰত ৫৫৭ জনৰ মৃত্যুৰ কাৰণ হল গ্ৰীষ্ম প্ৰৱাহ৷ সেই একেই কাৰণতেই ২০১৫ চনত ২০৮১জন আৰু ২০১৪ চনত ৫৪৯জন মানুহৰ প্ৰাণ হানি হয়৷ আন এটা সমীক্ষাই কয় যে যোৱা চাৰিটা বছৰত সৰ্ব্বমুঠ ৪৬২০ লোকে বতৰৰ দুৰ্দশাত প্ৰাণ হেৰুৱাইছে ইয়াৰে ৪২৪৬ গৰাকীয়েই হল অন্ধ্ৰ প্ৰদেশ আৰু তেলেঙ্গানাৰ৷ বেছিভাগেই আছিল কৃষক সম্প্ৰদায়ৰ৷ ব্ৰিটেইন স্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ মতে তাপাঘাত(heat stroke) আৰু তাপ অৱসন্ন (heat exhaustion) হ’ল গ্ৰীষ্মকালৰ প্ৰধান দুৰ্ঘটনা৷ সাগৰৰ দাঁতিকাষৰীয়া হোৱা হেতুকেই তুলনামূলক ভাবে উষ্ণ প্ৰৱাহৰ বিপদাশঙ্কা দক্ষিণ ভাৰত তথা উৰিষ্যা আদি অঞ্চলত অসমৰ তুলনাত বেছি৷ তথাপিও অসমত ইয়াৰ কুপ্ৰভাৱ যথেষ্ট৷ এতিয়া প্ৰশ্ন হ’ল এই হিট্ ষ্ট্ৰোক আৰু হিট এক্সহচন কি? ই দেহৰ কেনেদৰে ক্ষতি কৰে আৰু ইয়াৰ পৰা দেহটোক বচাই ৰখাৰ উপায় কি? দেহত শীত তাপ কেনেদৰে নিয়ন্ত্ৰণ হয় তাৰ বিষয়ে অলপ জানি লোৱাটো দৰকাৰ৷
জীৱদেহৰ সকলোবোৰ কাৰ্য্যপ্ৰণালীৰ মূল অংগটো হৈছে মগজু৷ এই মগজু টোত ঠাৰি এডালৰ দৰে লাগি থাকে স্পাইনেল কৰ্ড (spinal cord, স্নায়ুদণ্ড)৷ মগজুৱে পৰা সাধাৰণতে তিনি ধৰণৰ স্নায়ুৰ জৰিয়তে সমগ্ৰ দেহাটো নিয়ন্ত্ৰণ কৰে৷ সংবেদক স্নায়ু (sensory nerve), ক্ৰিয়া কৰাৰ বাবে ক্ৰিয়াকাৰী (motor, অপবাহী) স্নায়ু আৰু স্বয়ংক্ৰিয় স্নায়ু৷ এই তিনি বিধ স্নায়ু স্নায়ুদণ্ডৰ মাজেৰে সমগ্ৰ দেহাটো ব্যাপি থাকে৷ মগজুৰ স্নায়ুদণ্ড ডাল (spinal cord) যিটো অংশত লাগি থাকে তাৰ ঠিক ওপৰফালে এটা অংশ থাকে তাৰ যাৰ নাম হাইপোথেলামাচ (Hypothalamus) l এই হাইপোথেলামাচ অংশই সমগ্ৰ দেহৰ উষ্ণতা বিশেষকৈ আভ্যন্তৰীণ উষ্ণতা (core temperature) ৯৭°F (৩৬.১°C) পৰা ৯৯°(৩৭.২°C) ভিতৰত নিয়ন্ত্ৰণ কৰি ৰাখে৷ মগজুৰ এই হাইপোথেলামাছ অংশই বাহিৰৰ পৰিবেশৰ উষ্ণতা দেহৰ ছালৰ তলত থকা শীত তাপৰ সংবেদক (receptor) ৰ জৰিয়তে উমান পায়৷ যেতিয়াই বাহিৰৰ পৰিবেশৰ উষ্ণতা বৃদ্ধি পায় তেতিয়া দেহৰ আভ্যন্তৰীণ উষ্ণতাও বৃদ্ধি পায়৷ এই আভ্যন্তৰীণ উষ্ণতা যেতিয়া ৯৯°ফাৰেইণহাইটত কৈ বেছি হয় তেতিয়া দেহ শীতলকৰণ প্ৰক্ৰিয়া আৰম্ভ হয়৷ দেহ শীতলকৰণ প্ৰক্ৰিয়াত ছাল খনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ হাইপথেলামাছৰ পৰা স্বয়ংক্ৰিয় স্নায়ু তন্ত্ৰৰে দেহৰ ছাললৈ কেতবোৰ সংকেত প্ৰেৰণ কৰে৷ ইয়াৰ ফলত প্ৰথমে, ছালৰ তলত থকা সূক্ষ্ম সূক্ষ্ম তেজৰ নলীকা বোৰৰ আকৃতিৰ লগতে তেজৰ পৰিবহণ বৃদ্ধি পায়৷ আৰু তেজে আভ্যন্তৰীণ উষ্ণতা ছালৰ জৰিয়তে বাহিৰলৈ উলিয়াই দিয়ে৷ দ্বিতীয়তে ছালত থকা ঘামৰ গ্ৰন্থি সমূহ উত্তেজিত কৰি দেহৰ উপৰিভাগ তিয়াই পোলায় আৰু এই ঘামে ছালৰ পৰা উত্তাপ গ্ৰহণ কৰি বাষ্পলৈ পৰিৱৰ্তন হয় আৰু দেহটো শীতল কৰি পেলায়৷
দেখা যায় যে কৃষক সকলে প্ৰধানতঃ প্ৰখৰ গৰমত খেতি পথাৰত কাম কৰিব লগাত পৰে৷ জেঠ, আহাৰ মহীয়া ৰ’দত কোনো নিৰাপদ ব্যৱস্থা নোহোৱাকৈ কাম কৰি থাকোঁতে প্ৰথম অৱস্থাত দেহৰ আভ্যন্তৰীণ শীতলকৰণ প্ৰক্ৰিয়াৰ যোগেদি শৰীৰে যিমান পাৰে নিজক সুৰক্ষিত কৰি ৰাখিবলৈ যত্ন কৰে৷ যেতিয়া পৰিবেশৰ উষ্ণতা ৪০°ছেলছিয়াছত কৈ বৃদ্ধি পায় দেহত ওলোটা ক্ৰিয়া আৰম্ভ হয়৷ ছালৰ যোগেদি উত্তাপ পৰিবেশত এৰিব নোৱাৰি শৰীৰে ওলোটাকৈ পৰিবেশৰ পৰা উত্তাপ গ্ৰহণ কৰিব আৰম্ভ কৰে৷ আৰু শৰীৰৰ আভ্যন্তৰীণ উত্তাপ বৃদ্ধি লাবলৈ ধৰে৷ ইতিমধ্যে ঘামৰ জৰিয়তে যথেষ্ট পৰিমাণে দেহৰ পানী আৰু লোণ বাহিৰলৈ ওলাই যায়৷ ফলত দেহত ছ’ডিয়াম আৰু পটেচিয়ামৰ অসমতাৰ সৃষ্টি হয়৷ এই দুয়োটা ক্ষতিকাৰক প্ৰক্ৰিয়াই মগজুৰ সাধাৰণ কাৰ্য্যপ্ৰণালীত এক বাধাৰ সৃষ্টি কৰে৷ ফলত কেতিয়াবা “হিট্ এক্সহচন“ বা কেতিয়াবা “হিট্ ষ্ট্ৰোক“ হিচাপে জৰুৰী কালীন পৰিস্থিতিৰ সৃষ্টি কৰে৷ ক’বলৈ হলে প্ৰাৰম্ভিক অৱস্থাটোক হিট্ এক্সহচন আৰু কোনো ব্যৱস্থা নল’লে পিচলৈ হিট্ ষ্ট্ৰোক লৈ পৰিৱৰ্তন হয়৷
তাপ অৱসন্ন(heat exhaustion) অৱস্থাত ৰোগীজনৰ মূৰটো ঘূৰোৱা যেন অনুভৱ হয়৷ বমি বমি ভাব হয়৷ দেহা অৱশ অৱশ লাগে৷ খুব ঘাম ওলায় আৰু হাত ভৰি চেঁচা পৰি আহে৷ হৃদস্পন্দন বৃদ্ধি হয় কিন্তু স্পন্দন দুৰ্বল হয়৷ মুখ মণ্ডল শেঁতা পৰে৷ মূৰৰ বিষ হয়৷ অৱস্থাৰ অধিক অৱনতি হলে ৰোগীয়ে সংজ্ঞা হেৰুৱাই পেলাব পাৰে বা ভ্ৰম বকিব পাৰে৷ যদি অত্যন্ত গৰমত কাম কৰি থকা কাৰোবাৰ যদি ওপৰোক্ত লক্ষণ সমূহ দেখা যায় তেন্তে তাপ অৱসন্ন (heat exhaustion) হোৱা বুলি ক’ব পাৰি৷ এনেকুৱা অৱস্থাত যদি কোনো প্ৰাথমিক ব্যৱস্থা লোৱা নাযায় তেন্তে অধিক অৱনতি হৈ তাপাঘাত (heat stroke) হব পাৰে৷ তাপাঘাতৰ (heat stroke)ৰ লক্ষণ সমূহ প্ৰায় একে যদিও কিছু কিছু প্ৰভেদ আছে৷ হিট্ ষ্ট্ৰোক বা তাপাঘাতত ৰোগীজন সাধাৰণতে সংজ্ঞা হেৰুৱাই পেলায়৷ শৰীৰৰ উত্তাপ ১০৪°F কৈ ও ওপৰলৈ যায়৷ দেহৰ ছাল শুকান আৰু গৰম হৈ পৰে৷ কেতিয়াবা ছালৰ বৰণ শেঁতাৰ পৰিৱৰ্ত্তে ৰঙচুৱা হব পাৰে৷ কোনো কোনো ক্ষেত্ৰত ৰোগীৰ মিৰ্গী বেমাৰৰ দৰে কঁপনি হব পাৰে (convulsion)৷ এনে অৱস্থাত তৎক্ষণাত্ কিছুমান প্ৰাথমিক ব্যৱস্থা হাতত ল’লে ৰোগীৰ জীৱন ৰক্ষা পৰে৷ তাপ অৱসন্ন (heat exhaustion) বা তাপাঘাত (heat stroke) হোৱা ৰোগীক তৎক্ষণাত্ ৰ’দৰ পৰা বা গৰম পৰিবেশৰ পৰা আঁতৰাই আনি শীতল পৰিবেশলৈ লৈ আনিব লাগে দেহটোক শীতল কৰাৰ ব্যৱস্থা কৰিব লাগে৷ দেহা শীতল কেইবা প্ৰকাৰে কৰিব পাৰি৷ খেতি পথাৰত কৰ্মৰত অৱস্থাত এনেকুৱা হলে কোনো গছ বিৰিখৰ তললৈ নি শৰীৰৰ অতিৰিক্ত কাপোৰ আঁতৰাই দিব লাগে৷ পৰাপক্ষত ৰোগীৰ দেহটো শীতল পানীত বুৰাই দিব লাগে বা তিয়াই দিব লাগে৷ যদি পাৰি হিমচেঁচা শীতল পানীত গামোচা তিয়াই ডিঙি, কাষলতিৰ তল, কৰঙন আদিত মেৰিয়াই দিব লাগে৷ এইখিনি প্ৰাথমিক ব্যৱস্থা লোৱাৰ পাচত ৰোগীক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে৷ এইখিনিতে উল্লেখ কৰাৰ দৰকাৰ যে হিতাহিত জ্ঞান তথা সংজ্ঞা হেৰুৱা, মুচকচ যোৱা বা মিৰ্গী বেমাৰৰ দৰে কপ কঁপনি হোৱা দেখা পালে প্ৰাথমিক চিকিৎসাৰ বাবে ৰৈ নাথাকি হস্পিটেলৰ জৰুৰী কালীন চিকিৎসাৰ ব্যৱস্থা কৰা উচিত৷ গতিকে যিমান পাৰি সিমান সোনকালে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে৷
এতিয়া কথা হ’ল এনেকুৱা পৰিস্থিতি কেনেকৈ বাৰণ কৰিব পাৰি৷ তাপাঘাত আৰু তাপ অৱসন্ন সকলোৰে হব পাৰে তথাপিও চিকিৎসা বিজ্ঞানে কিছুমান বিপদ ঘটাব পৰা কাৰক বিচাৰি পাইছে৷ অলপ সাৱধানতা অৱলম্বন কৰিলে এই জৰুৰী কালীন পৰিস্থিতিৰ পৰা নিজকে বচাই ৰাখিব পৰা যায়৷
সাধাৰণতে বয়স যিমানেই বাঢ়ে স্নায়ু দুৰ্বল হৈ পৰে আৰু শৰীৰৰ শীত তাপ নিয়ন্ত্ৰণৰ শক্তি ক্ৰমাৎ ক্ষয় হৈ আহে৷ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰই এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ গতিকে ষাঠি বছৰৰ ওপৰৰ লোকে গৰম পৰিবেশত কাম কৰোঁতে সাৱধান হোৱা উচিত৷
গ্ৰীষ্মকালত যেতিয়া পৰিবেশ উত্তপ্ত হয় উষ্ণতা ৪০°ছেলছিয়াছত কৈ বেছি হয় তেতিয়া সাৱধান হোৱাৰ দৰকাৰ৷ পৰাপক্ষত দিনৰ দহ এঘাৰ মাম বজাৰ পৰা তিনি চাৰি মান বজালৈ ৰ’দত কাম নকৰাই ভাল৷ যদি উপায় নাথাকে সঘনে ছাঁত জিৰণি লৈ লৈ কৰা উচিত৷ ইয়াৰ উপৰিও দেহটোক গৰমৰ লগত অভিযোজিত (adaptation) হ’বলৈ এসপ্তাহ মান সময় লাগে৷ গতিকে গৰমত কাম কৰিবলৈ লাহে লাহে প্ৰস্তুত কৰি লোৱাটো ভাল অৰ্থাৎ এঘণ্টা দুঘণ্টাকৈ পৰিশ্ৰম বঢ়াই আনিব লাগে৷
কাম কৰোঁতে গাত লিপিট খাই ধৰা বস্ত্ৰ বা সংশ্লেষটিত (synthetic) আঁহৰ পৰা তৈয়াৰ কৰা বস্ত্ৰ পৰিহাৰ কৰা উচিত৷ এনেকুৱা কাপোৰে দেহৰ পৰা উত্তাপ সহজে উলিয়াই দিব নোৱাৰে৷ গতিকে শৰীৰৰ তাপ বৃদ্ধি হোৱাৰ আশংকা বেছি থাকে৷
গৰমৰ দিনৰ যথেষ্ট পৰিমাণে পানী খোৱা উচিত আৰু দেহটো শীতল কৰি ৰখাৰ ব্যৱস্থা(ছাঁত জিৰণি লোৱা, বিচনী, ফেন আদিৰ ব্যৱহাৰ ইত্যাদি) কৰি লোৱাৰ দৰকাৰ৷
কিছুমানৰ ক্ষেত্ৰত গৰমৰ দিন কেইটাত সকলো বাদ দি সম্পূৰ্ণ বিশ্ৰাম ল’বলগীয়া হব পাৰে৷ যেনে – যদি কোনোবাই হৃদ্ ৰোগ, হাঁওফাঁওৰ ৰোগ, মানসিক ৰোগ, বৃক্কৰ ৰোগ আদিৰ বাবে নিয়মিতভাৱে ঔষধ সেৱন কৰি থাকে তেনেকুৱা ৰোগীৰ বিপদ শঙ্কা বেছি৷
শেষত কওঁ যে আমাৰ বাপতিসাহোন জাপিটো আমাৰ কেৱল সাংস্কৃতিক দিশটোকেই প্ৰতিনিধিত্ব নকৰে ই সম্পূৰ্ণ বৈজ্ঞানিক চিন্তাৰে তৈয়াৰ কৰা কৃষি সঁজুলি৷ এই জাপিৰ ব্যৱহাৰো হয়তো এটা গুৰুত্বপূৰ্ণ কাৰক যিয়ে কৃষকৰ এই গ্ৰীষ্মকালীন স্বাস্থ্য সমস্যাক বহু পৰিমাণে সকাহ দি আহিছে৷ আমি আশা ৰাখিছোঁ যে কৃষি খণ্ডৰ প্ৰযুক্তিৰ ইমানেই উন্নত হওক যাতে গ্ৰীষ্মকালৰ সেই বিপজ্জনক দিনবোৰত কৃষকৰ পথাৰত কাম কৰিব লগীয়া নহয় অথবা কৃষকৰ পৰিশ্ৰমখিনি প্ৰযুক্তিয়ে কাঢ়ি লওক৷
(বিঃদ্ৰঃ heat stroke আৰু heat exhaustion ক অসমীয়াত ক্ৰমে তাপাঘাত আৰু তাপ অৱসন্ন বুলি লেখাটোত উল্লেখ কৰা হৈছে৷ )
(লেখাটো কৃষক বন্ধু আলোচনীত প্ৰকাশিত)

Leave a Response