কৃষি কৰ্মত মহিলাৰ ভুমিকা

ড° মিন্তী গগৈ
ভাৰতবৰ্ষ মূলত এখন কৃষি প্ৰধান দেশ৷ বিশ্বৰ ভিতৰত কৃষিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ চতুৰ্থ স্থানত অৱস্থিত৷ ইয়াৰ মুঠ মাটিকালিৰ ১৮০ নিযুত হেক্টৰ মাটি কৃষিজাত দ্ৰব্য উৎপাদনৰ বাবে ব্যৱহাৰ হয়৷ আৰু তাৰে ১৪০ নিযুত হেক্টৰ মাটি বছৰৰ প্ৰায়খিনি সময় বিভিন্ন ধৰণৰ কৃষিজাত শস্যৰে পৰিপূৰ্ণ হৈ থাকে৷ ভাৰতীয় অৰ্থনীতিত দেখা যায় ইয়াৰ ৭০% লোকে কৃষি কৰ্মৰ যোগেদি জীৱিকা আৰ্জন কৰে৷ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মুঠ জনসংখ্যাৰ ৮৪ শতাংশ মহিলাই কৃষি কৰ্মৰ লগত প্ৰতক্ষ্য বা পৰোক্ষ্যভাৱে জড়িত হৈ থাকে পৰি সংখিক তথ্যম’তে ভাৰতবৰ্ষৰ ৪৭ শতাংশ মহিলা চাহ খেতি, ৪৬ -৮৪% কপাহ খেতি, ৪৩-৪৫ % সৰিয়হ অথবা তৈলজাত পদাৰ্থ ইত্যাদিৰ উৎপাদন কাৰ্য্যত ওতঃপ্ৰাতভাৱে জড়িত হব লগা হয়৷ বহুসময়ত গ্ৰাম্য অঞ্চলৰ পৰিয়ালসমূহৰ পুৰুষজন চাকৰি অথবা ব্যৱসায়ৰ খাতিৰত ঘৰৰ বাহিৰত থাকিব হোৱাত মহিলাসকলে নিজ নিজ পৰিয়ালৰ বাবে ধান ক্ষেতি কৰাৰ সম্পূৰ্ণ দায়িত্ব মূৰ পাতি লব লবা হয় আৰু নিজেও খেতিৰ মাটিত কঠীয়া বীজ সিচাঁৰ পৰা ধান চপোৱালৈকে সকলোবোৰ কাম কৰিব লগা হয়৷ লগতে ঘৰখনৰ শাক-পাচলিৰ প্ৰয়োজন পুৰাব পৰাকৈ
কান কেইবিধ শস্য উৎপাদন কৰিব, শস্যত কেনেধৰণৰ ৰাসায়নিক নে জৈৱিক সাৰ প্ৰয়োগ কৰিব ইত্যাদি কথাবোৰৰ প্ৰতি সততে চকু ৰাখে৷ অথৎ কৃষিৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ মহিলাসকল বছৰৰ বেছিভাগ সময় খাদ্য শস্যৰ সঁচ নিবৰ্াচন, উৎপাদন, পৰিপালন, শস্য চপোৱা, সংৰক্ষণ কৰা, খাবৰ বাবে আৰু ৰাহি হোৱাখিনি বিক্রিৰ বাবে প্ৰস্তুতকৰণ ইত্যাদি প্ৰক্রিয়াবোৰত ব্যস্ত হৈ থাকিব লগা হয়৷
অসমীয়া নতুন বছৰৰ প্ৰাৰম্ভনীতেই ৰাইজে পালন কৰা ৰঙালী বিহুৱে যেন অসমৰ কৃষিজীৱী ৰাইজলৈ লৈ আহে নতুন উদ্যম৷ বহাগ বিহু পালনৰ লগে লগে তেওঁলোকে বছৰটোৰ অন্যতম কৰ্ম বুলি বিবেচিত ধানখেতি কৰিবলৈ বিভিন্ন আঁচনি তৈয়াৰ কৰে৷ মহিলাসকলে তেওঁলোকৰ খেতি পথাৰত লাহি, শালি, বৰা, জহা কোনবিধ ধান বেছিকৈ বা কমকৈ কৰাৰ প্ৰয়োজন হ’ব, কোনডৰা মাটিত কি খেতি ভাল হব ইত্যাদি ঠিৰাং কৰে৷ পুৰুষে কঠিয়া পাৰি খেতি মাটি প্ৰস্তুত কৰে মানে মহিলা সকলে পথাৰৰ খেতিৰ দিনত খাবৰ বাবে ভাগে ভাগে জা-জলপান প্ৰস্তুত কৰে৷ কোনো কোনো মহিলাই সেইসময়ত অসমীয়া শিপিনীৰ অতি আদৰৰ তাতশাল খন খেতি উঠিয়েই জুৰি লোৱাৰ মানসেৰে পাট-পলু এবাহো পুহি এৰীসূঁতা, মুগাসূতা ইত্যাদিৰ যোগাৰ কৰি লয়৷ মেঘৰ চিকমিক বিজুলি-গাঁজনিৰে শাওন অহাৰ লগে লগে মহিলাসকলে জাক পাতি পাতি হালোৱাই হালবাই প্ৰস্তুত কৰি উলিওৱা পথাৰত পুৱাৰ পৰা গধুলিলৈকে কঠিয়া উঠাই ভুই ৰোৱা কামত নামি পৰে৷ এইদৰে পথাৰত শাৰী শাৰীকৈ ভুই ৰোৱা কাৰ্য্যই মহিলা সকলক যদিও অলেখ আনন্দত দিয়ে তেওঁলোকে ভোগ কৰে যথেষ্ট শাৰিৰীক কষ্ট৷ সাধাৰণতে দেখা যায় খেতি ৰোৱা বা চপোৱাৰ দিনত পুৰুষতকৈ মহিলা সকলেহে দিনটোৰ বেছিভাগ সময় পথাৰত শ্ৰমদান কৰে৷ যদিও ক্ষেত্ৰত জড়িত মহিলাসকলৰ খেতিৰ বাবে ব্যয় কৰা সময়ৰ পাৰ্থক্যদেখা পোৱা যায়, সামগ্ৰিকভাৱে ৪৮-৫০ শতাংশ মহিলাই কৃষিৰ বাবে শাৰিৰীক শ্ৰমদান কৰে ৷ অসমীয়া সমাজৰ অন্য এচাম মহিলাই চাহখেতিৰ পাত চপোৱা কাৰ্য্যঅধিক উৎসাহেৰে কৰা দেখা যায় ৷ জনা যায় যে ৰাজস্থানৰ দৰে ঠাইৰ ১৪-১৯ বছৰৰ ভিতৰত ৬০ শতাংশ ছোৱালীয়ে কৃষিকৰ্মত নিয়োজিত হৈ আছে ৷ সেইদৰে আফ্ৰিকা মহিদেশত চলোৱা এক সমীক্ষাৰ মতে সেইদেশৰ মহিলাসকলে দিনটোৰ ৮৫-৯০ শতাংশ সময় ঘৰখনৰ বাবে খাদ্য দ্ৰব্য প্ৰস্তুতকৰণ কাৰ্য্যত খৰচ কৰে ৷ সেইবোৰ ঠাইত মহিলাসকলৰ বাবে নিৰ্দ্ধাৰিত কামৰ তালিকামতে তেওঁলোকৰ বাবে ধানখুন্দা, মিললৈ শস্য কঢ়িয়াই অনা-নিয়া কৰা, খাদ্য ৰন্ধনৰ বাবে খৰি, পানী যোগাৰ কৰা ইত্যাদি কামবোৰ দৈনন্দিন কাৰ্য্যক্ৰম হিচাপে পৰিগণিত ৷ বৰ্ত্তমান সময়ত আমাৰ দেশৰ বিভিন্ন ঠাইত গঢ়ি উঠা শাক-পাচলি, ফল-মূল অথবা ফুলৰ নাৰ্ছাৰিবিলাকত পুৰুষতকৈ বেছি সংখ্যক মহিলা কৰ্মীক নিয়োগ কৰা দেখা যায় ৷ তাৰ প্ৰধান কাৰণ হৈছে পুৰুষ কৰ্মীতকৈ মহিলাক কম পৰিমাণৰ মজুৰি আদায় দিয়ো পুৰুষতকৈ ভাল কাম পাব পাৰে ৷ আমাৰ চুবুৰিয়া দেশ নেপালত ৩০ শতাংশ পুৰুষৰ বিপৰীতে ৭০ শতাংশ মহিলাই কৃষিকৰ্ম কৰে ৷ সেইদৰে চীনদেশৰ অৰ্দ্ধশতাধিক মহিলাই কৃষিকৰ্মত আগভাগ লয় ৷ কিন্তু পৰিতাপৰ কথা যে- কৃষিকৰ্মৰ যোগেদি দেশৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিবলৈ বিশেষকৈ গ্ৰাম্যসমাজৰ মহিলাই অশেষ কষ্ট কৰে যদিও তেওঁলোকে নিজৰ যথোচিত কৰ্মমৰ্য্যদা আজিও পোৱা নাই ৷ শেহতীয়াকৈ আমাৰ চৰকাৰে কৃষি পদ্ধতিৰ উন্নতিৰ বাবে বহুতো আঁচনি ৰূপায়ন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলেও সমাজৰ মহিলাসকল এইবোৰৰ প্ৰতি সচেতন নহয় ৷ শাৰিৰীক গঠন অনুযায়ী পুৰুষ মহিলাৰ মাজত থকা প্ৰভেদৰ স্বত্বেও বিভিন্ন কৰ্মক্ষেত্ৰত মহিলাসকল মানসিক শক্তিৰে বেছি সবল প্ৰমাণিত হৈ আহিছে ৷ ভাৰতবৰ্ষৰ উদ্যোগিক ক্ষেত্ৰখনো যিহেতু কেঁচা সামগ্ৰীৰ বাবে কৃষিজাত দ্ৰব্যৰ ওপৰত নিৰ্ভৰশীল, গতিকে-আমাৰ দেশৰ মহিলাসকলে চাহ, ফল-মূল, ফুল ইত্যাদিৰ উৎপাদনৰ জড়িয়তে যথেষ্ট বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰে ৷ বিশেষ এক সমীক্ষাৰ পৰা জনা যায় যে শ্ৰমদানৰ বিনিময়ত এখন দেশৰ ২০-৩০ শতাংশ আয় বৃদ্ধি পায়, কিন্তু মহিলাসকলে দিনটোত তেওঁলোকৰ প্ৰাপ্যৰ ২০ শতাংশ মজুৰিহে লাভ কৰে ৷
বৰ্ত্তমান মহিলা সবলীকৰণৰ দিশত অগ্ৰসৰ হোৱা সমাজ ব্যৱস্থাত মহিলাসকলে যাতে উপযুক্ত কৰ্মমৰ্য্যদা লাভ কৰে তাৰ উদ্দেশ্যে SEWA (Self Employed Women’s Association) নামৰ এটা সংগঠনে ইতিমধ্যে গা কৰি উঠিছে ৷ উক্ত সংগঠনৰ যোগেদি আমাৰ মহিলাসকলে নিজকে অৰ্থনৈতিক দিশত সবল কৰিব পৰাকৈ কিছুমান বিশেষ সুবিধা লাভ কৰিব পাৰে ৷
একবিংশ শতিকাত বিভিন্ন দিশত উল্লেখনীয় সামাজিক পৰিবৰ্ত্তন হৈছে যদিও গ্ৰাম্য অঞ্চলত বাস কৰা কৃষিজীৱী মহিলাসকলে উপযুক্ত চৰকাৰী পদক্ষেপ অথবা বিবেচনাৰ অভাৱত একোটা অতি কষ্টকৰ জীৱন কটাই আহিছে ৷ বৰ্ত্তমান আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত কৃষিকৰ্মত পৰিবৰ্ত্তন আনিব পৰাকৈ কিছুমান কষ্ট লাঘৱ কৰা যন্ত্ৰ-পাতি যেনে-খুৰপি, কাচি, কটাৰি, ৰাইনা ইত্যাদি মহিলাৰ বাবে সুবিধাজনক বস্তু প্ৰস্তুত কৰি উলিওৱাৰ লগতে কামৰ সময়ত পিন্ধিব পৰাকৈ “Protective Clothing” হিচাপে কিছুমান কৃষিকৰ্মৰ বাবে সুবিধাজনক কাপোৰ তৈয়াৰ কৰি ঠায়ে ঠায়ে উপলদ্ধ হোৱাকৈ কেইটামান কোম্পানীয়ে বজাৰত যোগান দিয়াৰ ব্যৱস্থা কৰিছে ৷
বৈজ্ঞানিক ভিত্তিত মহিলাৰ শাৰিৰীক অবয়ব, ওজন আৰু উচ্চতাৰ গড় জোখ লৈ তৈয়াৰ কৰা এনেবোৰ কাপোৰৰ উপযোগিতা সম্পৰ্কে যথেষ্ট পৰীক্ষা-নিৰীক্ষা “সৰ্ব্ব ভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্প”ৰ সহায়ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত চলাই যোৱাৰ পাচত ই মহিলাৰ বাবে যথেষ্ট উপযোগী বুলি বিবেচিত হৈছে ৷ আমাৰ গ্ৰাম্য মহিলাসকলে এনেবোৰ বস্তুৰ সম্পৰ্কে জানি লৈ ইয়াৰ ব্যৱহাৰ কৰি নিজৰ শাৰিৰীক কষ্ট লাঘৱ কৰাৰ লগতে নিজাববীয়াকৈ কিছুমান বস্তুৰ সৃষ্টিৰ বাবে দিনটোৰ কিছু আজৰি সময় উলিয়াই ল’ব পাৰে ৷
আমাৰ দেশৰ কৃষিত প্ৰযুক্তিগত পৰিৱৰ্ত্তন আনিবৰ বাবে কৃষি সম্প্ৰসাৰণ সেৱাৰ ব্যৱস্থা আছে ৷ আমাৰ মহিলাসকলে নিজৰ এলেকাৰ খণ্ড উন্নয়ণ বিষয়াৰ যোগেদি পোণপটীয়াভাৱে অথবা দূৰাভাষযোগে জিলা কৃষি বিষয়াৰ লগত তেওঁলোকৰ সমস্যাসমূহৰবিষয়ে আলোচনা কৰি কিছুমান সমস্যা সমাধানৰ উপায়বোৰজানি ল’ব পাৰে ৷ গ্ৰাম্য মহিলাসকলে চৰকাৰী বিষয়াসকলৰ সহযোগত যদিহে সময় উপযোগী প্ৰশিক্ষণ, আৰ্থিক সাহায্য, উন্নত মানৰ বীজৰ যোগান, বেংক ঋণ, কিষাণ ক্ৰেডিট কাৰ্ড ইত্যাদি পুৰুষৰ দৰে লাভ কৰিব পাৰে তেন্তে ‘গৃহ উদ্যোগ’ হিচাপে স্বীকৃত কৃষি কৰ্মৰ যোগেদি আমাৰ মহিলাসকলেও কৃষিৰ যোগেদি অধিক আৰ্থিক লাভালাভ অৰ্জন কৰিব পাৰিব ৷
শেহতীয়াকৈ বিশ্ববেংকে চলোৱা এক সমীক্ষামতে পৃথিবীৰ অন্যদেশৰ তুলনাত আমাৰ দেশৰ কৃষিকৰ্ম্মত মহিলাৰ অংশগ্ৰহণ তুলনামূলক ভাৱে যথেষ্ট কম ৷বৰ্ত্তমান পৰিস্থিতিত ভাৰতীয় কৃষিভিত্তিক অৰ্থনীতিসবল কৰি তুলিবলৈ কৃষিকৰ্ম্মত মহিলাৰ অংশগ্ৰহণ সুনিশ্চিত কৰিব পৰা এটা সুস্থ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিক্ষণ সমাজ সচেতন ব্যক্তি আৰু চৰকাৰৰ দায়ৱদ্ধতা থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷ বাস্তৱিকতে এখন দেশৰ আৰ্থসামাজিক প্ৰগতি তেতিয়াহে সম্ভৱ হ’ব যেতিয়া সেই দেশৰ মহিলাসকল পূৰ্ণৰূপত কৃষি পদ্ধতিকে আদি কৰি সকলোবোৰ দিশত সবলীকৃত হৈ উঠিব ৷
**************************
(লেখিকা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ তিনিচুকীয়াস্থিত টেঙা গৱেষণাগাৰত কৰ্মৰত)

Leave a Response