কৃষি কৰ্মত সাজপাৰৰ গুৰুত্ব

ড°মিন্তী গগৈ

সাজপাৰ মানুহৰ জীৱনৰ এক অপৰিহাৰ্য উপাদান৷ অনাদি কালৰ পৰা মানুহে দৈহিক প্ৰতিৰক্ষা আৰু লজ্জা নিবাৰণৰ বাবে সাজপাৰৰ গুৰুত্ব উপলব্ধি কৰি আহিছে৷ প্ৰাৰম্ভনীতে অঘৰী জীৱন-যাপন কৰা মানুহে নিজৰ দেহটোক ৰ’দ, বৰষূণ ধুলি-বালি, জাৰ-জহ, ইত্যাদি বায়ুমণ্ডলীয় কাৰকসমূহৰ পৰা ৰক্ষা কৰিবলে গছৰ ছালৰ পৰা তৈয়াৰী ‘বল্কল’ নামৰ এবিধ আৱৰণ পৰিধাণ কৰিছিল৷ উন্নতিৰ জখলাৰে অগ্ৰসৰ হোৱা মানুহে ক্ৰমে বিভিন্ন ধৰনৰ উদ্ভিদজাত উৎস, যেনে –কপাহ গছৰ গুটি, শণ গছ, ৰিহা গছ, কলগছ ইত্যাদিৰ পৰা আহঁ উলিয়াই সেইবোৰ বিশেষ পদ্ধতিৰে তৈয়াৰ কৰি পিন্ধিছিল ৷ কালক্ৰমত উন্নত মানৰ প্ৰযুক্তি কৌশলৰ আৱিস্কাৰৰ পাছত বিভিন্ন ধৰণৰ বোৱন আৰু অবোৱন পদ্ধতিৰে বেলেগ বেলেগ কামৰ বাবে উপযোগী সাজপাৰ তৈয়াৰ হৈ ওলোৱাৰ ফলত উক্ত ক্ষেত্ৰখনত আমূল পৰিবৰ্তন আহি পৰে৷
বৰ্তমান সময়ত মানুহে কৰ্ম উপযোগী সাজপাৰৰ প্ৰয়োজনীয়তা উপলদ্ধি কৰি বস্ত্ৰ পৰিধান কৰিবলৈ লোৱাৰ উপৰিও বহুক্ষেত্ৰত সাজপাৰৰ শাৰিৰীক সৌন্দয্য বৃদ্ধি আৰু ব্যক্তিত্ব প্ৰকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ ল’লে ৷ বস্ত্ৰ বিজ্ঞানৰ বিভিন্ন দিশত হোৱা গৱেষাণাৰ ফলশ্ৰুতিত আজি সচেতন ব্যক্তিসকলে পাকঘৰত ৰন্ধাবঢ়াৰ কাম কৰাৰ পৰা আদি কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা ব্যক্তি, যেনে-চিকিৎসক, বিজ্ঞানী, বিভিন্নধৰণৰ সামগ্ৰী প্ৰস্তুতকৰা কাৰখানাৰ নিয়োজিত লোক, প্ৰতিৰক্ষা সেৱা ইত্যাদিবোৰৰ উপৰিও গাড়ী-মটৰ চলাওঁতে দুৰ্ভাগ্যক্ৰমে সন্মুখীন হোৱা অৱস্থাত প্ৰতিৰক্ষা দিব পৰা D30 (তাৎক্ষণিক প্ৰতিৰক্ষা দ্ৰব্য) সংযোজিত অতি উচ্চ মানৰ সাজপাৰও বহু ঠাইত উপলব্ধ হৈ পৰিল৷ কিন্তু অতি পৰিতাপৰ কথা যে, ভাৰতবৰ্ষৰ দৰে দেশৰ ৯০% কৃষিৰ লগত জড়িত হৈ থকা লোকে পিন্ধিব পৰাকৈ কোনো ধৰণৰ বিশেষ সাজপাৰ আজিও বজাৰত পোৱা নাযায়৷ ভাৰতবৰ্ষ যিহেতু মুলত এখন কৃষি প্ৰধান দেশ,তেনেস্থলত কৃষকসকলৰ বাবে অন্যবোৰ বৃত্তিৰ এযোৰ স্বীকৃতিপ্ৰাপ্ত নিৰ্দ্ধাৰিত সাজপাৰ থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় বুলি মতপোষণ কৰিব পাৰি৷

কৃষিকৰ্মৰ বাবে এযোৰ নিৰাপদ সাজপাৰৰ গুৰুত্ব উপলদ্ধি কৰি আমাৰ দেশ ভাৰতবৰ্ষৰ দহখন কৃষিবিশ্ববিদ্যালয়ৰ সহযোগত চলি থকা (২১ বছৰ ধৰি “সৰ্বভাৰতীয় সম্বনিত গৱেষণা প্ৰকল্প” নামৰ এটা উল্লেখনীয় প্ৰকল্পৰ বস্ত্ৰ আৰু সাজপাৰ ৰূপাংকন বিভাগৰ লগত জড়িত ব্যক্তিসকলে এযোৰ বিশেষ পোচাক Protective clothing kit) পৰীক্ষামূলক পদ্ধতিৰে তৈয়াৰ কৰি উলিয়াইছিল৷ উক্ত সাজ-পোচাকযোৰৰ ব্যৱহাৰিক উপযোগিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি যোৰহাটস্থ কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ Community Science Collegeৰ “বস্ত্ৰ আৰু সাজপাৰ ৰূপাংকন বিভাগ” ৰ বিজ্ঞানীসকলে অসমৰ জলবায়ুৰ বাবে উপযুক্ত হোৱাকৈ সাজযোৰৰ সামান্য তাৰতম্য ঘটাই তাক পুনৰ ডিজাইন কৰি উলিয়াইছে৷ উপযুক্ত মানদণ্ডৰ বৈজ্ঞানিক প্ৰমূল্য সংযোজিত টুপী এটা, দীঘল হাত, ডাঙৰ পকেট সংলগ্ন সন্মুখৰ ফালে খোলা-মেলা কৰিবলৈ বুটাম লগোৱা এপ্ৰন সদৃশ চাৰ্ট এটা আৰু ভৰিৰ সৰু গাঠিৰ ওপৰত ইলাষ্টিক লগোৱা পেন্ট৷ পোচাকযোৰ চিলাওতে ৫৫% কপাহী আৰু ৩৫% পলিয়েষ্টাৰ সুতাৰ সংমিশ্ৰণত তৈয়াৰী কাপোৰ ব্যৱহাৰ কৰা হৈছে যাতে ই পিন্ধোতাজনৰ বাবে যথেষ্ট পাতল আৰু আমাৰদায়ক হয় আৰু সহজ ধোৱন পদ্ধতিৰ সহায়ত পৰিস্কাৰ কৰি লব পৰা যায়৷ সেইদৰে এপ্ৰনৰ সন্মুখভাগৰ চিলাই দিয়া পকেট দুটা যথেষ্ট ডাঙৰ আৰু একোখন ঢাকনিযুক্ত হোৱাৰ বাবে তাতে কৃষকসকলে কামৰ সময়ত প্ৰয়োজন হোৱা বহুকেইপদ বস্তু, যেনে- তামোলপান, পইচা, মবাইল ফোন ইত্যাদিবোৰ নিৰাপদে ৰাখিব পাৰে৷ এইদৰে টুপীৰ লগত সংযোজিত নেটখনে কৃষকৰ চকু, কাণ, আৰু নাক ইত্যাদি অংশক ধুলি-বালি, বোকাৰ চিটিকনি আৰু পোক-পৰুৱাৰ আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰে৷ পুৰুষ মহিলা উভয়ে পিন্ধিব পৰা ইলাষ্টিক লগোৱা পেন্টটোয়েও সেইদৰে মাটি- পানীত ঘুৰি ফুৰা, উপঙি থকা পোক-পৰুৱা, জোক ইত্যাদিৰ পৰা সুৰক্ষা দিব পাৰে৷ প্ৰায় ৫০০ ৰ পৰা ৬০০ টকা মূল্যৰ উক্ত সাজপোচাকযোৰ বৰ্তমান আমাৰ বজাৰত উপলব্ধ নহ’লেও অসম কৃষিবিশ্ববিদ্যালয় লগত যোগাযোগ কৰি অথবা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ যোগেদি কৃষকসকলে ইচ্ছা কৰিলে সংগ্ৰহ কৰি লব পাৰে৷
কৃষিকৰ্মৰ বাবে উপযোগী উক্ত নিৰাপদ সাজযোৰ কেৱল কৃষক সকলে পথাৰৰ ধানখেতিৰ বাবেই নহয় তেওঁলোকে বছৰৰ বিভিন্ন সময়ত কৰা ৰবি শস্য, শাক-পাচলিৰ খেতি, ফলমূলৰ বাগিচা, ফুলৰ খেতি পৰিস্কাৰণ কাৰ্য্যত সফলভাৱে ব্যৱহাৰ কৰিব পৰা যায়৷ আমাৰ অসমৰ কৃষকসকলক কৃষিকৰ্মৰ সময়ত মুৰত এখন গামোচা মেৰিয়াই লৈ সূৰ্য্যৰ প্ৰখৰ তাপৰ পৰা ৰক্ষা পাবলৈ প্ৰচেষ্টা কৰা দেখা যায়, যিটো বাৰে বাৰে খুলি পৰাৰ ভয়ত সততে সযেতন হৈ থাকিব লাগে৷ তাৰ বিপৰীতে তেওঁলোকে উক্ত টুপীটো ব্যৱহাৰ কৰি যথেষ্ট উপকৃত হব পাৰে আৰু ই কৃষকৰ কৰ্ম দক্ষতাও যথেষ্ট পৰিমাণে বৃদ্ধি কৰে বুলি কব পাৰি৷
আমাৰ অসমৰ এক বৃহৎ সংখ্যক লোক যিহেতু বিভিন্ন ধৰণৰ শস্যৰ উৎপাদন প্ৰক্ৰিয়াৰ লগত পৰোক্ষ বা প্ৰতক্ষ্যভাৱে জড়িত হৈ থাকে গতিকে তেওঁলোকৰ বাবে এযোৰ বিশেষ সাজপাৰ থকাটো নিতান্তই বাঞ্ছনীয় আৰু এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে লোৱা এই পদক্ষেপ অতি আদৰণীয়৷ অসমত বিশেষকৈ যিসকল লোকে চাহ খেতিৰ লগত জড়িত হৈ আছে৷ তেওঁলোকে চাহগছ ৰোপণ কৰা, কলম দিয়া সময়েসময়ে বাগানবোৰ চাফাই কৰা, ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা সময়ত তেওঁলোকৰ শৰীৰটো সুৰক্ষিত কৰি নৰখা বাবে বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিয়ে৷ প্ৰধানতঃ এজন কৃষকে খেতিৰ পথাৰত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰোতে নিৰাপদ সাজ-পোচাক পিন্ধি লোৱাটো নিতান্তই দৰকাৰী কথা৷ কাৰণ কীটনাশক দ্ৰব্য ব্যৱহাৰৰ সময়ত ই মানুহৰ শৰীৰৰ সংস্পৰ্শলৈ আহিলে মুৰৰ বিষ, এলাৰ্জী, জ্বৰ, কাহ, বমি ইত্যাদি হব পাৰে৷

Leave a Response