কৃষি শিক্ষাৰ ভূমিকা-বৰ্তমান আৰু ভৱিষ্যত Role of Agri-education-Present and Future

~শ্ৰী ধ্ৰুৱজোতি কাকতি

“Agriculture is the most healthful, most useful and most noble employment of man”- জৰ্জ ৱাশ্বিংটন

কৃষি শিক্ষা হৈছে- কৃষি, প্ৰাকৃতিক সম্পদ আৰু ভূমি ব্যৱ্স্থাপনাৰ শিক্ষণ। এই শিক্ষণ ব্যৱস্থাৰ জৰিয়তে কৃষি বিভাগৰ ছাত্ৰক নিয়োগমুখী কৰা হয় অথবা ভৱিষ্যত কৃষি শিক্ষা সম্প্ৰসাৰণৰ বাবে প্ৰস্ত্তত কৰি তোলা হয়। উদ্যান শস্য, পথাৰ শস্য, ভূমি বিজ্ঞান, কৃষি বতৰ বিজ্ঞান, পোক বিজ্ঞান, ৰোগ ব্যৱস্থাপনা আদি ভিন্ন বিষয়ৰ সমাহাৰেৰে কৃষি বিজ্ঞান এটি বহল বিষয়।
বৰ্তমান আমাৰ দেশত শতকৰা চল্লিশ ভাগ মান মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। গৃহ যুদ্ধ, বিশ্ব যুদ্ধ আদিৰে মষিমূৰ বিশ্ব সভ্যতাৰ অন্ন, ব্ৰ্স্ত্ৰ আৰু বাসস্থানৰ বাবে এক শীতল যুদ্ধ। উল্লেখিত তিনি মৌলিক উপাদানৰ ভিতৰত অন্ন হৈছে এনে এক প্ৰত্যাহ্বান যাক লৈ মানুহে প্ৰতি দিনে কৰিছে সংগ্ৰাম। আদিম পৃথিৱীৰ খেতি কৰিবলৈ শিকা দিনৰে পৰা আজি একবিংশ শতিকাৰ মহাকাশ মূখী কৃষি পৰিকল্পনালৈকে সকলোতে আছে উদ্ভাৱনশীল কৃষি শিক্ষাৰ এক অন্যন্য কোচ কাৱজ।
তৃতিয় বিশ্ব দেশ সমূহত হোৱা খাদ্য সংকট বৰ্তমান বিশ্ব সভ্যতাৰ বাবে এক চিন্তনীয় বিষয়। প্ৰাকৃতিক উপাদান সমূহৰ ব্যৱস্থাপনাৰ পৰা আৰম্ভ কৰি বজাৰকৰণলৈকে কৃষি শিক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা কৃষি বিজ্ঞানৰ ক্ষেত্ৰত গ্ৰহন কৰি আহিছে।
এতিয়া বঠা নামাৰি আমি আৰামত বহি থাকিম নে? এইটো বিশ্বাস কৰিম নে ভৱিশ্যত খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত আৰু কোনো সমস্যা নাহে? আমি পাহৰিব নোৱাৰো দক্ষিণ ছুডানৰ খাদ্য সংকতৰ কথা, আমি পাহৰিব নোৱাৰো ১৯৬৫-৬৭ চনলৈ আমাৰ দেশত খাদ্য সংকতৰ কথা।
এনে এক পৰিস্থিতিত পৰা আমি নিজকে সবক কৰি তুলিবলৈকে অনুধাৱণ কৰিছো কৃষি শিক্ষাৰ প্ৰয়োজনীয়তা। উল্লেখিত বিষয় টোৱে নিশ্বিত ভাৱে এক বহনক্ষম কৃষি শিক্ষাৰ ধাৰণা আমালৈ আগবাঢ়াইছে কাৰণ বিষয় টোৱে কৃষি শিক্ষাৰ ভূমিকা বৰ্তমান আৰু ভৱিষ্যতৰ বাবে আহ্বান কৰিছে। কি এই বহনক্ষম কৃষি শিক্ষা? চাওঁ আহক-

শতিকাতোৰ ভিতৰত ১৯৭৯ আৰু ১৯৮৭ চনত দুটা সাংঘাটিক খৰাং দুৰ্ভিক্ষ হৈছিল। তেতিয়া পৃথিৱীৰ কোনেও এই কথাত মন দিয়া নাছিল, কিয়নো খাদ্যসামগ্ৰীৰ সাহায্যও বিচৰা নাছিল।
আজিৰ বিশ্ব উন্নয়নশীল দেশ সমূহৰ খাদ্য শস্যৰ আমদানি তথ্য দেখিলে আপুনি ক’বলৈ বাধ্য কৃষি শিক্ষাৰ অৱিহনে দেশৰ পৰিবৰ্তন অসম্ভৱ।
উৎস: টাইফেক,শস্য আৰু কৃষি : প্ৰযুক্তি পৰিকল্পনা,২০২০
বৰ্তমান আৰু অতীতৰ ছবি দুখন চাই আমি এই কথা অনুধাৱন কৰিব পাৰো যে কৃষি শিক্ষাৰ ভূমিকা কি? কিয়? আৰু কেনেকৈ? কি আৰু কিয়ক লৈ আপুনি কেৱল এখন ছবি অনুভৱ কৰিব পাৰিব কিন্ত্ত কেনেকৈ ক’লে আপুনি প্ৰস্ত্তত কৰিব পাৰিব ভৱিষ্যত পৰিকল্পনা।
কৃষি শিক্ষাৰ ভূমিকা (কি?-কিয়?):
১) আজি বিশ্বৰ জনসংখা ক্ৰমে উদ্ধমুখী হ’বলৈ ধৰিছে। ২০২০ চনৰ ভিতৰত ভাৰতৰ জনসংখা হ’বগৈ ১৩০ কোটি। এই বৰ্দ্ধিত জনসংখাৰ চাহিদা পূৰণ কৰিব পৰাকৈ খাদ্য মজুত লাগিব।
২) আজি বিশ্বৰ ভিন্ন প্ৰান্তত কৃষি শিক্ষা প্ৰতিষ্ঠান গঢ লৈ উঠিছে কেৱল মাত্ৰ এই শিক্ষাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি।
৩) ভাৰতবৰ্ষত এতিয়া কেইবাখনো কৃষি বিশ্ব বিদ্যালয় গঢ লৈ উঠিছে।
৪) কৃষি শিক্ষাৰ মূল উদ্দেশ্য এইটোৱে যে- গৱেষণাগাৰত থকা কৃষি বীজ, দ্ৰব্য, পদ্ধতিৰ এক মাধ্যমৰ মাজেৰে খেতিয়কৰ ওচৰলৈ যাওক।
৫) ৰাসায়নিক দ্ৰব্যৰ ব্যবস্তাপনা বৰ গুৰুত্বপূৰ্ণ। মিথেন আৰু কাৰ্বন-ডাই- অক্সাইড গেছ বৰ্তমানৰ কৃষি অধ্যয়ণৰ বিষয়।
৬) সেউজ বিপ্লৱৰ সময়ৰ ঘেঁ‌হু দৰে এতিয়াও উন্নতমানৰ শস্য আমাৰ এক অন্যতম চাহিদা।
৭) খাদ্য সুৰক্ষাৰ বাবে ‘ট্ৰেন্সজেনিক প্লেট’ গুৰুত্বপুৰ্ণ কৃষি প্ৰযুক্তি সমূহৰ অন্যতম।
৮) বিশ্ব বাণিজ্য সন্থা (WTC)ৰ চৰ্তাৱলী মানি কৃষিক অধিক বাণিজ্যমুখী কৰি তোলাতো এক ডাঙৰ প্ৰত্যাহ্বান। ই দেশ আৰু বিদেশৰ চাহিদা পূৰণ কৰাত সহায় কৰিব।
৯) সেউজ বিপ্লৱৰ আৰম্ভণিতে উচ্চ ফলদায়ক যি মিক্সিকান বীজ লাভ কৰিছিলে সেই উন্নত বীজ ইমানে সহজল্যভ নহয়। কিছু দিনৰ আগতে বাচমতি ধানৰ খেতিৰে আমেৰিকাত কৰা নতুন পদ্ধতিৰ দৰে কৃষি সম্বন্ধীয় কিবা আবিস্কাৰৰ পেটেন্ট কৰা বিদেশী বিঞ্জানী আৰু প্ৰযুক্তিবিদসকলৰ ধাৰাটো লক্ষ্য কৰাটো প্ৰয়োজনীয়।
১০) শুস্ক আৰু সিক্ত ভূমিৰ প্ৰায়বিলাক খেতিয়েই প্ৰত্যাহ্বান মূলক। কাৰণ সমগ্ৰ পৃথিৱীৰ জলবায়ু বৈচিত্ৰপূৰ্ণ।
১১) ‘ৱাটাৰ হাৰ্ভেষ্টিঙৰ’ পৰা ‘ ড্ৰিপ ইৰিগেশ্যন’ লৈলৈ বিভিন্ন উপায়ে পানী সংৰক্ষণ কৰা পদ্ধতি বিশ্লেষণ অতি প্ৰয়োজনীয়।
১২) মহাকাশৰ পৰা দূৰসংবেদন অথবা বৈদ্যুতিক পদ্ধতিৰে পৃথিৱীৰ ছবি তোলা পদ্ধতি প্ৰাকৃতিক সম্পদ, ভূমিৰ গুণাগুণ পৰীক্ষা কৰা আৰু জলসম্পদসমূহ পৰীক্ষা কৰাত ব্যাপক হাৰত ব্যৱহাৰ হৈছে।
১৩) নিৰ্দ্দিষ্ট আৰু জুষ্ট দৰ-দামত পৰিচালিত বজাৰে খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি দূৰ কৰে।
ভৱিষ্যৎ পৰিকল্পনাঃ
কৃষি শিক্ষাৰ সঠিক ভুমিকাৰ মাধ্যমেৰে আগবাঢী যোৱাত তিনিটা ক্ষেত্ৰৰ ভুমিকা অপৰীসিম
ক) যোগাযোগ
খ) নেতৃত্ব
গ) প্ৰসাৰণশীল শিক্ষা।
সঠিক নেতৃত্বৰ মাধ্যমেৰে, সঠিক যোগাযোগ বজাই ৰাখি, সঠিক ব্যৱস্তা প্ৰবৰ্তন কৰিলে গোটেই দৃশ্যপটেই সলনি হৈ পৰিব। কি কৰিম ?:
১) মজুত থকা কেচা মালৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্তা গঠন কৰা।
২) মোবাইল এপ’ৰ জৰিয়তে বতৰ তথা চৰকাৰী তথ্য প্ৰচাৰ কৰা।
৩) খাদ্য সামগ্ৰীৰ অপচয় ৰোধ কৰাৰ শিক্ষা প্ৰদান।
৪) খাদ্য সামগ্ৰীৰ মজুতকৰণৰ প্ৰযুক্তি উদ্ভাবন আৰু প্ৰচাৰ।
৫) গাঁ‌ও তথা ৰিমট এলেকাত কৃষি শিক্ষাৰ বাবে প্ৰতিষ্ঠান স্হাপন।
৬) বতৰৰ সঠিক আগলী বতৰাৰ বাবে প্ৰযুক্তি উদ্ভাবন।
৭) অনলাইনযোগে মুহুত্বতে শস্যৰ ৰোগ বিশ্লেষণ।
৮) জনগণক কৃষি শিক্ষাৰ প্ৰতি সজাগ আৰু সচেতন কৰি তুলিব লাগিব।
৯) গাঁ‌ও এলেকাত ‘মোবাইল কৃষি তথ্য বিতৰক ভান’ৰ ব্যৱস্তা কৰিব লাগিব।
১০) কৃষি উৎপাদনৰ কম খৰচী আৰু সহজ পেকেটকৰণ ব্যৱস্তা প্ৰচাৰ কৰিব লাগিব।
১১) জৈবিক কৃষিৰ প্ৰচাৰ কৰিলে মানৱ স্বাস্ত্য সুস্ত হ’ব।
১২) চৰকাৰে জনগণৰ বাবে উচিত শিক্ষাৰ মাধ্যমেৰে যন্ত প্ৰযুক্তি সম্ভব কৰি তুলিব লাগিব।
কৃষি এখন দেশৰ প্ৰধান স্তম্ভ। কৃষি উৎপাদিত খাদ্যৰ অবিহনে সমগ্ৰ গণতন্তই অচল।যদি কৃষিতেই আমাৰ বহনক্ষমতা তেন্তে কৃষি শিক্ষাৰ জৰিয়তে দেশ সমূহক বিকশাই নোতোলাৰ প্ৰশ্নই নুঠে। কৃষি শিক্ষাৰ সঠিক ভুমিকাৰ আমি প্ৰযুক্তি নিৰ্ভৰ কৃষি সঠিক প্ৰচলন কৰিব পাৰিলে সমগ্ৰ পৃথিৱীৰ প্ৰতিচ্ছবিয়ে সলনি হৈ পৰিব।

*************************************
লেখক শ্ৰী ধ্ৰুৱজোতি কাকতিৰ ঠিকনা-  বিশ্বনাথ কৃষি মহাবিদ্যালয়, ফোন – ৮৭৫৩৮৪৯৬৪৮

Leave a Response