খাদ্যৰ গুণগত মান, সুৰক্ষিত খাদ্য আৰু গ্ৰাহক সচেতনতা Food Quality Standard, Safe Food and Consumer Consciousness

( দ্বিতীয় খণ্ড)

‍‍‍‍‍‍‍‍‍‍‍‍‍- ডা° অঞ্জন জ্যোতি নাথ

(যোৱা সংখ্যাত খাদ্যৰ গুণাগুণ তথা সুৰক্ষা সম্পৰ্কীয় কিছু প্ৰাথমিক তথ্যৰ লগতে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ নামৰ সংস্থাৰ কাৰ্য্যাৱলী আৰু এনে ক্ষেত্ৰত জড়িত অন্যান্য ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় সংস্থা তথা আন কিছু বিশেষ পদক্ষেপৰ বিষয়ে আলোচনা কৰা হৈছিল৷ খাদ্য-সুৰক্ষা আৰু গুণাগুণৰ মানদণ্ডৰ ক্ষেত্ৰত গ্ৰাহকৰ সচেতনতা, খাদ্য উৎপাদনকাৰী আৰু বাণিজ্যিক প্ৰতিষ্ঠান সমূহৰ উমৈহতীয়া প্ৰচেষ্টা জড়িত হৈ থকাতো নিতান্তই প্ৰয়োজনীয়।)

খাদ্যৰ পেকেজিং আৰু লেবেলিং:

খাদ্যৰ ধৰণৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ খাদ্যৰ বাবে বেলেগ পদাৰ্থৰ আৱৰণ/পাত্ৰৰ ব্যৱহাৰ আৰু খাদ্যদ্ৰব্যৰ দৰকাৰী সূচনা সমূহ পেকেটৰ লেবেলত মুদ্ৰিত কৰাৰ বিশেষ নিৰ্দেশনা FSSAI ৰ দ্বাৰা নিৰ্ধাৰিত কৰা হৈছে৷ লেবেলত মুদ্ৰিত তথ্য ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ভাষা প্ৰধানত: হিন্দী অথবা ইংৰাজী ভাষাত স্পষ্টকৈ হোৱাৰ লগতে পঞ্জীয়নভুক্ত তথা অনুমোদিত খাদ্য সামগ্ৰীত অনুজ্ঞাপত্ৰৰ ক্ৰম সংখ্যা FSSAIৰ প্ৰতীক ৷

চিহ্ন(চিত্ৰ-১)ৰ সৈতে থকাতো বাঞ্চনীয়৷ যিকোনো খাদ্যৰ লেবেলত খাদ্যৰ নাম, খাদ্যত ব্যৱহৃত উপাদানসমূহৰ সূচি, আৰু খাদ্যৰ পুষ্টিতত্ব মুদ্ৰিত কৰা থাকিব লাগে ৷ খাদ্য আমিষ নে নিৰামিষ সেয়া ঘোষণা কৰাতোও বাধ্যতামূলক৷ নিৰামিষ খাদ্য বুজাবলৈ সেউজীয়া ৰং আৰু আমিষ খাদ্য বুজাবলৈ মটিয়া ৰঙৰ একোটাকৈ প্ৰতীক চিহ্ন নিৰ্ধাৰিত কৰা হৈছে (চিত্ৰ-২)৷

সেইদৰে খাদ্যত অনুমোদিত পৰিমাণত মিহলি কৰা আন কোনো দ্ৰব্য, যেনে খাদ্য আকৰ্ষণীয় কৰিবলৈ ব্যৱহাৰ কৰা প্ৰাকৃতিক বা কৃত্ৰিম ৰং, খাদ্য সাঁচি ৰখা সময়ৰ ম্যাদ বঢ়াবলৈ ব্যৱহাৰ কৰা সংৰক্ষক পদাৰ্থ, অম্লতা নিয়ন্ত্ৰন কৰিবলৈ ব্যৱহাৰ কৰা এচিড আৰু ক্ষাৰ, গোট মাৰি নাযাবলৈ বা গেচ নুঠিবলৈ ব্যৱহাৰ কৰা দ্ৰব্য বা অন্যান্য তেনে যিকোনো পদাৰ্থৰ উপস্থিতিৰ তথ্যও লেবেলত থকাতো প্ৰায়োজনীয়৷ প্ৰস্তুতকাৰীৰ সম্পূৰ্ণ নাম আৰু ঠিকনা, আমদানিকৃত খাদ্যৰ ক্ষেত্ৰত তেনে খাদ্যত ব্যৱহৃত কেঁচা সামগ্ৰীৰ প্ৰস্তুতকৰ্তাৰ নাম আৰু ঠিকনা, খাদ্য বস্ত্তৰ ওজন বা অন্যান্য মাপৰ সঠিক পৰিমাণ, প্ৰস্তুত খাদ্যৰ বেটচ/লট/ক’ড সংখ্যা (Batch/Lot/Code Number), আৰু প্ৰস্তুতিকৰণৰ তাৰিখ আদি তথ্য অতি স্পষ্টভাৱে মুদ্ৰিত থাকিব লাগে৷ তাৰোপৰি খাদ্য ভালে থকাৰ ম্যাদ (Best before/use by date) আৰু ব্যৱহাৰ/প্ৰস্তুতকৰণৰ সঠিক নিৰ্দেশাৱলী লেবেলত মুদ্ৰিত কৰাতো আতি আৱশ্যকীয়৷ ইয়াৰ উপৰিও কোনো বিশেষ শ্ৰেণীৰ খাদ্য সামগ্ৰীত(যেনে কেঁচুৱাৰ বাবে প্ৰস্ত্তত খাদ্য) প্ৰয়োজনীয় সূচনা সমূহ, যেনে-“মাতৃ দুগ্ধ কেঁচুৱাৰ বাবে উত্তম খাদ্য” (MOTHER’S MILK IS BEST FOR YOUR BABY) আৰু আন্যান্য খাদ্য সামগ্ৰী সমূহতো প্ৰয়োজন সাপেক্ষে বিশেষ সতৰ্কবাণী, যেনে “কেৱল চিকিৎসকৰ পৰ্যবেক্ষণতহে গ্ৰহণযোগ্য”(TO BE TAKEN UNDER MEDICAL SUPERVISION) ইত্যাদি সূচনা সমূহ মুদ্ৰিত কৰাতো বিশেষকৈ গুৰুত্বপূৰ্ণ৷ সবিশেষ তথ্যৰ বাবে FSSAI ৰ মানক অধিনিয়ম FOOD SAFETY AND STANDARDS (PACKAGING AND LABELLING) REGULATION, 2011, Version I (8.5.2017) চাব পাৰে৷
আনহাতে, যিহেতু বজাৰত উপলব্ধ বহুতো খাদ্যজাত দ্ৰব্যই কোনো পেকেজিঙ আৰু লেবেলিঙ অবিহনেই ক্ৰয় কৰিব লগা হয় আৰু খাদ্য প্ৰস্তুতকাৰী বা উৎপাদনকাৰী বহু প্ৰতিষ্ঠান এতিয়াও FSSAI ৰ পঞ্জীয়নভুক্ত নোহোৱাকৈ অথবা অনুজ্ঞা পত্ৰৰ অবিহনেই চলি আছে, গতিকে আমি ক্ৰয় কৰা তেনে খাদ্যৰ প্ৰকৃত গুণাগুণৰ সৱিশেষ তথ্যৰ পৰা আমি বঞ্চিত হৈ আছো। তদুপৰি তেনে খাদ্য সামগ্ৰীৰ দ্বাৰা স্বাস্থ্যৰ ওপৰত কোনো বিৰুপ প্ৰতিক্ৰিয়া পৰিলেও সৱিশেষ তথ্যৰ অভাৱত পোনপটীয়াকৈ আমি কাকো দোষাৰোপ কৰিব নোৱাৰো।
খাদ্যৰ লেবেলত কৰা দাবী বনাম খাদ্যৰ প্ৰকৃত গুণাগুণ: খাদ্যৰ লেবেলত খাদ্যৰ গুণাগুণ সম্পৰ্কীয় অথবা অন্যান্য মুদ্ৰিত তথ্যসম্বলিত দাবী কিমানদূৰ সত্য বা কোনো সন্দেহযুক্ত খাদ্যৰ গুণাগুণ পৰীক্ষণৰ বাবে আঞ্চলিক, ৰাজ্যিক বা ক্ষেত্ৰভিত্তিক খাদ্যৰ বিভিন্ন শ্ৰেণী সাপেক্ষে কিছু পৰীক্ষাগাৰ FSSAI দ্বাৰা চিনাক্ত আৰু অনুমোদিত কৰা হৈছে৷ অসমৰ কাৰণে State Public Health Laboratory, Bamuni Maidam, Guwahati 21 ক ৰাজ্যিক আৰু Central Food Laboratory, 3 Kyd Street, Kolkata – 700016 আৰু Food Research and Standardization Laboratory, Ahinsa Khand-II, Indirapuram, Ghaziabad-201014 ক ক্ষেত্ৰীয় পৰীক্ষাগাৰ হিচাপে চিনাক্ত কৰা হৈছে৷
সহায়ৰ বাবে: খাদ্যৰ সুৰক্ষা আৰু গুণগত মান নিশ্চিতকৰণৰ বাবে প্ৰতিখন ৰাজ্যতে একোজনকৈ ৰাজ্যিক খাদ্য সুৰক্ষা আয়ুক্ত (Commissioner of food safety of the state) আৰু ৰাজ্যৰ বিভিন্ন অঞ্চলত এজনতকৈ অধিক মনোনীত বিষয়া (Designated Officers) আৰু খাদ্য সুৰক্ষা বিষয়া (Food Safety Officers) নিযুক্ত কৰাৰ বিশেষ ব্যৱস্থা FSSAI ৰ অধিনিয়মত নিৰ্ধাৰিত কৰা হৈছে৷ প্ৰয়োজন সাপেক্ষে গ্ৰাহক সকলে খাদ্যসম্পৰ্কীয় যিকোনো অভিযোগৰ কাৰণে খাদ্য সুৰক্ষা বিষয়ববীয়াসকলৰ কাষ চাপিব পাৰে৷ ইণ্টাৰনেট যোগে FSSAI ৰ ৱেবচাইটত অভিযোগ দাখিল কৰিব পৰাৰ সুব্যৱস্থাও কৰা হৈছে (www.fssai.gov.in >COMPLIANCE>Food Safety Connect>Share Your Concern> (Specific items eg. Packaged Food/Food Premises)।

কৃষক সমাজৰ দায়বদ্ধতা : কৃষি কৰ্ম/পশুপালনত ব্যৱহৃত হোৱা সকলো ৰসায়নিক সাৰ, কীটনাশক পদাৰ্থ, দানা-পানীত মিহলোৱা ঔষধ আদি যাতে কেৱল নিৰ্ধাৰিত মাপতহে ব্যৱহাৰ কৰা হয় সেয়া নিশ্চিত কৰাতো কিন্ত্ত আমাৰ কৃষক বন্ধু সকলৰ দায়বদ্ধতা হ’ব লাগিব৷ স্থানীয় কৃষি বা পশুপালন বিষয়া/ সম্প্ৰসাৰণ বিষয়া সকল এই ক্ষেত্ৰত আপোনাৰ সহায় সহযোগ কৰিবলৈ সদায় সাজু৷ কৃষিকৰ্মৰ উৎকৃষ্ট পদ্ধতিসমূহ যেনে Good Agricultural Practices, Good Animal Husbandry Practices, Good Hygienic Practices আদিৰ অৱলম্বন কৰি প্ৰস্ত্তত খাদ্য দ্ৰব্য উন্নত মানদণ্ডৰ আৰু সুৰক্ষিত হোৱাতো কৃষক বন্ধু সকলেই নিশ্চিত কৰিব লাগিব৷ জৈৱিক কৃষি পদ্ধতি(Organic farming) সমূহ প্ৰয়োগৰ ক্ষেত্ৰত এক নৱজাগৰণ আনিব লাগিব৷
খাদ্য ব্যৱসায়ী সকলৰ দায়ৱদ্ধতা: হয়তো খাদ্যৰ গুণগত মান আৰু সুৰক্ষাত আটাইতকৈ বেছি দায়িত্বশীল শ্ৰেণীতো হৈছে খাদ্য সামগ্ৰী উৎপাদনকাৰী আৰু বিক্ৰী কৰা যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ৷ খাদ্য উৎপাদনকাৰী প্ৰতিষ্ঠান সমূহত বাচনি কৰা কেঁচা সামগ্ৰী, ব্যৱহৃত পদ্ধতি, ফুড কালাৰ আৰু প্ৰিজাৰ্ভেটিভ, পেকেজিং সামগ্ৰী, পেকেটত প্ৰয়োজনীয় তথ্যৰ সূচনা, সংৰক্ষণ আৰু পৰিবহন, নিৰ্ধাৰিত নিয়মাৱলীৰ পালন আদি এই সকলো ক্ষেত্ৰতে বিশেষ সাৱধনাতা অৱলম্বন কৰিহে উৎপাদিত খাদ্য সামগ্ৰী নিৰ্ধাৰিত গুণগতমান সম্পন্ন আৰু সুৰক্ষিত বুলি দাবী কৰিব পাৰে৷ আনহাতে খাদ্য বস্তুৰ ৰিটেইলাৰ সমূহে নিৰ্দ্দিষ্ট বাতাৱৰণতহে খাদ্যৰ পৰিবহন আৰু সংৰক্ষণ কৰা, পৰিস্কাৰ-পৰিচ্ছনতা অৱলম্বন কৰা (Good hygienic Practice), সংৰক্ষণৰ ম্যাদৰ ভিতৰত থকা খাদ্য সামগ্ৰীৰহে বিপণন নিশ্চিত কৰা, যিকোনো পদ্ধতিৰে গ্ৰাহকক কৰিব পৰা প্ৰবঞ্চনাৰ কৰাৰ পৰা বিৰত থকা আদি নিশ্চিত কৰাতোও সমানেই প্ৰয়োজনীয়৷ তেওঁলোকৰ বাবে প্ৰথম আৰু অতি গুৰুত্বপূৰ্ণ দায়িত্বশীল কথাতো হ’ল নিৰ্দিষ্ট পৰিমানৰ মাচুল আদায়েৰে খাদ্যবস্তু উৎপাদন আৰু বাণিজ্যক অনুমতিৰ বাবে FSSAI ৰ পঞ্জীয়ন আৰু নিৰ্ধাৰিত ধৰণৰ অনুজ্ঞাপত্ৰ প্ৰাপ্তি নিশ্চিতকৰণ কৰাতো৷ তদুপৰি খাদ্যৰ খুচৰা বিক্ৰী কেন্দ্ৰ বা অন্যান্য বিপনী সমূহতো Food Safety Display Board আঁৰি ৰখাতো বাধ্যতামূলক কৰাৰ কথাতো ইতিমধ্যে উল্লেখ কৰি অহা হৈছে, যি গ্ৰাহকসকলক খাদ্যৰ গুণগত আৰু সুৰক্ষাৰ মানদণ্ডৰ বিষয়ক আশ্ৱাসন প্ৰদান কৰিব পাৰে৷
সচেতন গ্ৰাহকৰ কৰণীয়: যিকোনো ভুক্তভোগী/সচেতন গ্ৰাহকেই সন্দেহজনক অসুৰক্ষিত খাদ্য প্ৰস্তুতকাৰী অথবা ব্যৱসায় পৰিচালক সকলক আগতীয়া জাননী দি নিৰ্দ্ধাৰিত পৰিমাণৰ মাচুল আদায় দি FSSAI ৰ অনুমোদিত বিজ্ঞানাগাৰত তেনে খাদ্য পৰীক্ষা কৰোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে (Section 40 of FSS Act, 2006)৷ পৰীক্ষাৰ ফলাফলত সন্দেহ প্ৰমাণিত হ’লে গ্ৰাহকজনে জমা কৰা মাচুল ঘূৰাই পোৱাৰ উপৰিও FSSAI কৰ্তৃপক্ষৰ দ্বাৰা তেনে অভিযুক্ত খাদ্য প্ৰস্তুতকাৰী অথবা বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে বিধিগত ব্যৱস্থাৱলী হাতত ল’ব পাৰে৷ প্ৰয়োজন সাপেক্ষে স্থানীয় খাদ্য সুৰক্ষা বিষয়া আৰু অন্যান্য প্ৰশাসনীয় বিষয়া সকলৰ লগতো গ্ৰাহক সকলে যোগাযোগ কৰিব পাৰে (যোগাযোগৰ ঠিকনাৰ বাবে FSSAI ৰ ৱেবচাইটৰ সহায় লব পাৰে)৷ এই কথা মনত ৰাখিব লগীয়া যে অসুৰক্ষিত খাদ্য বা গ্ৰাহকক কৰা প্ৰবঞ্চনাৰ যিকোনো অভিযোগ প্ৰমাণিত হ’লে তেনে খাদ্য প্ৰস্তুতকাৰী আৰু ব্যৱসায়ী সকলক আইনগত শাস্তিৰ ব্যৱস্থাও আছে (Section 49-64 of FSS Act, 2006)৷ তদুপৰি খাদ্যজনিত বিষক্ৰিয়া হৈ কোনো লোকৰ স্বাস্থ্যজনিত ক্ষতিসাধন বা মৃত্যু ঘটিলে তেনে খাদ্য প্ৰস্তুতকাৰী/ব্যৱসায়ী সকলে আক্ৰান্ত ব্যক্তি অথবা মৃতকৰ পৰিয়ালক ক্ষতিপূৰন দিয়াৰ ব্যৱস্থাপনাও আছে(Section 65 of FSS Act, 2006)৷
সামৰণিত এই লিখনিৰ দ্বাৰা ইয়াকে ব্যক্ত কৰিবৰ প্ৰয়াস কৰা হৈছে যে ভোক নিবাৰণ তথা জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য্য খাদ্য সামগ্ৰী ক্ৰয় কৰাত গ্ৰাহকে খৰচ কৰা প্ৰতিতো মূদ্ৰাৰ বিনিময়ত সঠিক গুণযুক্ত আৰু সুৰক্ষিত খাদ্য সামগ্ৰী বাঞ্চা কৰাতো গ্ৰাহকৰ অকল প্ৰাপ্যই নহয় বৰঞ্চ অধিকাৰো৷ খাদ্য হৈছে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় পুষ্টিতত্ব আহৰণৰ সমল৷ সেয়েহে খাবলৈ অনা খাদ্যৰ নামত যাতে আমি বৰবিহ ক্ৰয় কৰিব লগা নহয় তাক নিশ্চিত কৰাতো প্ৰতিজন সচেতন গ্ৰাহকৰে কৰ্তব্য৷ খাদ্যৰ গুণগত মান তথা সুৰক্ষাৰ প্ৰতি অকল যে গ্ৰাহক সমাজৰ সচেতনতাই যথেষ্ট এনে নহয়, বৰঞ্চ তাক নিশ্চিতকৰণত খাদ্য উৎপাদনকাৰী কৃষক বন্ধু আৰু খাদ্য শৃঙ্খলৰ লগত জড়িত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰো সমানেই দায়বদ্ধতা আছে৷ পাহৰি যোৱাতো নিশ্চয়কৈ উচিত নহব যে খাদ্য উৎপাদনকাৰী কৃষক সমাজ আৰু খাদ্য ব্যৱস্থাৰ লগত জড়িত ব্যৱসায়ীসকলো মানৱ সমাজৰে অবিচ্ছেদ্য অংশ আৰু জীৱন ধাৰণৰ কাৰণে তেওঁলোকো খাদ্যৰ ওপৰতে নিৰ্ভৰশীল৷ গতিকে অকল চাহিদামুখী কৃষি ব্যৱস্থা তথা ব্যৱসায়িক মুনাফাৰ ওপৰতে নহয়, জনস্বাস্থ্য আৰু জনহিতকৰ চিন্তাধাৰাও সৰোগত কৰি কৃষি কৰ্ম বা বাণিজ্য কৰি যোৱাতোহে সংশ্লিষ্ট সকলো শ্ৰেণীৰ লোকৰ নৈতিক দায়িত্ব তথা কৰ্তব্য৷ ভাৰতবৰ্ষত খাদ্যৰ গুণগত মাপ নিৰুপক আৰু নিয়ন্ত্ৰণকাৰী সংস্থা FSSAI ৰ ভূমিকা আৰু সংস্থাই লোৱা পদক্ষেপসমূহৰ প্ৰতি পূৰ্ণ সহযোগিতা প্ৰদানৰ নিশ্চিতকৰণ অতি গুৰুত্ব সহকাৰে লোৱাতো হয়তো বৰ্তমান সময়ৰ আটাইতকৈ প্ৰাসঙ্গিক চিন্তাধাৰা৷

এই বিষয়ৰ মোৰ  লেখাটোৰ প্ৰথমখণ্ড ইয়াত পাব৷
(বি:দ্ৰ: লিখনিতো প্ৰস্তুত কৰাত FSSAI ৱেবচাইট www.fssai.gov.in ৰ সহায় লোৱা হৈছে৷)

***************************************************************************************

লিখক ডা° অঞ্জন জ্যোতি নাথদেৱ, অসম কৃষি বিশ্ববিদ্যালয়ৰ লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক৷ তেওঁৰ ই-মেইল: drnath76@gmail.com

Leave a Response