খাদ্যৰ গুণগত মান, সুৰক্ষিত খাদ্য আৰু গ্ৰাহক সচেতনতা

✍~ডা° অঞ্জন জ্যোতি নাথ

~খাদ্য হৈছে মানুহৰ জীৱনৰ চালিকা শক্তি৷ পৰিৱৰ্তিত সময়ৰ লগে লগে পৰিৱৰ্তন হৈছে মানুহৰ খাদ্যাভাসৰো৷ বজাৰত এতিয়া ৰন্ধনৰ বাবে যাৱতীয় শাক-পাচলি, মা-মচলা, তেলৰ পৰা আদি কৰি একেবাৰে থাউকতে কেবল গৰম কৰিয়েই খাব পৰাকৈ (Ready-to-eat) অতি লোভনীয় আৰু সুস্বাদু খাদ্য সামগ্ৰীৰো পয়োভাৰ ঘটিছে৷ অকল স্থানীয় খাদ্যই নহয়, আন্তৰ্দেশীয় বাণিজ্যিক উদাৰীকৰণৰ ফলত এতিয়া আমদানিকৃত বহুতো বিদেশী খাদ্য বজাৰত বিচাৰিলেই অতি সহজে পোৱা যায়৷ যিহেতু বেচিভাগ খাদ্যৰ কেঁচা সামগ্ৰীসমূহ অতি সহজে আৰু সোনকালে বেয়া হৈ যায় গতিকে তেনে কেঁচা সামগ্ৰীসমূহৰ সংৰক্ষণ (Preservation) আৰু খাদ্যৰ মূল্য সংবৰ্দ্ধনৰ (Value addition) প্ৰচেষ্টায়েও এনে নিত্য নতুন খাদ্য সম্ভাৰৰ আৱিৰ্ভাৱত অৰিহণা যোগাইছে৷ এফালে খাদ্য সংৰক্ষণ তথা মূল্য সংৱৰ্দ্ধনৰ প্ৰচেষ্টাই যিদৰে আমাৰ কৃষক সমাজ তথা খাদ্য ব্যৱসায়ত জড়িত বাণিজ্যিক প্ৰতিষ্ঠান সমূহক লাভাম্বিত কৰিছে, আনফালে সময়ৰ অভাৱ হোৱা সাম্প্ৰতিক কৰ্মব্যস্ত জীৱনৰ বহুতো গ্ৰাহকেও ৰন্ধনৰ বাবে প্ৰয়োজনীয় সময়ৰ কিছু পৰিমাণে হলেও ৰাহি কৰিব পাৰিছে আৰু লগতে মনপচন্দৰ যিকোনো খাদ্য বছৰৰ যিকোনো সময়তে খাব পাৰিছে৷ কিন্ত্ত সবাতোকৈ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ বিষয়তো হ’ল কপালৰ ঘাম মাটিত পেলাই উপাৰ্জন কৰা পকেটৰ ধন কেইটাৰে ক্ৰয় কৰা এনে খাদ্য সামগ্ৰীসমূহৰ গুণগত দিশ তথা স্বাস্থ্যৰ নিৰাপত্তা বা সুৰক্ষাৰ দিশৰ প্ৰতি আমি গ্ৰাহক সমাজ কিমান সচেতন?

খাদ্যৰ গুণ বুলিলে সাধাৰণতে খাদ্যৰ পুষ্টি তত্ব সমূহৰ (শৰ্কৰা, প্ৰটিন, স্নেহ পদাৰ্থ, খনিজ লৱণ আৰু ভিটামিন আদি) কথাই বুজা যায় যদিও আন সামগ্ৰিক বিষয়, যেনে সুৰক্ষা,সোৱাদ, ভৌতিক অবয়ব ইত্যাদিও ইয়াৰ লগত জড়িত হৈ আছে৷ তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়তো হল খাদ্যৰ স্বাস্থ্যজনিত সুৰক্ষাৰ দিশতো৷ অসাধু ব্যৱসায়ীৰ অৰ্থ উপাৰ্জনৰ প্ৰৰোচনামূলক ষড়যন্ত্ৰৰ বলি হব লগা হৈছে বহুতো গ্ৰাহক৷ ভেজাল খাদ্য (কৃত্ৰিম খাদ্যৰ কথাতো হয়তো এতিয়া সকলোৰে মুখে মুখে), খোৱাৰ অনুপযোগী বা মাত্ৰাধিক পৰিমাণত মিলোৱা কিছু খাদ্যৰ ৰং তথা সংৰক্ষণকাৰী পদাৰ্থ (প্ৰিজাৰ্ভেটিভ), ভৌতিক (যেনে পোক-পৰুৱা, হাড়, কাঁচ, শিল, ধাতু আদিৰ টুকুৰা), ৰাসায়নিক (কীটনাশক, সাৰ, এণ্টিবায়টিক, হ’ৰমন আদি) বা জৈৱিক (ৰোগ সৃষ্টিকাৰী বীজাণু আৰু তেনে বীজাণুসৃষ্ট ক্ষতিকাৰক বিষাক্ত পদাৰ্থ) ভাৱে দূষিত খাদ্য আদিয়ে স্বাস্থ্যৰ চৰম ক্ষতিসাধন কৰিব পাৰে৷ কৃষি কৰ্ম, খাদ্য বস্তুৰ প্ৰস্তুতকৰণ, সংৰক্ষণ, বিতৰণ আদি খাদ্য শৃঙ্খলৰ বিভিন্ন পৰ্যায়সমূহত খাদ্য-সামগ্ৰীসমূহ দূষিত হৈ পৰাৰ সম্ভাৱনা থাকে৷ কৃষি কৰ্মত ব্যৱহাৰ হোৱা ৰসায়নিক সাৰ, কীটনাশক দ্ৰব্য, খাদ্য বস্তুৰ প্ৰস্তুতকৰণত জ্ঞাতে-বা অজ্ঞাতে মিহলি হোৱা বিভিন্ন পদাৰ্থ, ৰোগ সৃষ্টি কৰিব পৰা বীজাণু আদি মিহলি হৈ আমাৰ খাদ্যক পৰিণত কৰিব পাৰে এক বৰবিহলৈ৷ মাত্ৰাধিক পৰিমাণত মিলোৱা বহুতো এনে ৰসায়নিক পদাৰ্থ বা দূষিত খাদ্যই স্বাস্থ্যৰ ওপৰত তাৎক্ষণিক প্ৰভাৱ (বিষক্ৰিয়া, ডায়েৰিয়া, মূৰৰ বিষ, বমি, এলাৰ্জি, স্নায়ু ৰোগ ইত্যাদি)পেলোৱাৰ ওপৰিও সুদূৰ ভৱিষ্যতেও স্বাস্থ্যৰ ভয়ঙ্কৰ অবনতি ঘটাব পাৰে৷ আনহাতে খাদ্যৰ সদা-সংস্পৰ্শত থকা অৰ্থাৎ খাদ্য মেৰিয়াবলৈ বা ভৰাই থবলৈ ব্যৱহাৰ কৰা আৱৰণ তথা পাত্ৰ সমূহ যেনে প্লাষ্টিক পেকেট, বটল, টেমা আদিৰ গুণগত দিশতোৰ কথাও আহি পৰে৷ খাদ্যৰ সংস্পৰ্শত থকাৰ কাৰণে উপযুক্ত গুণবিশিষ্ট শ্ৰেণীৰ নহ’লে (Food grade) তেনে আৱৰণৰ পৰাও খাদ্যক দূষিত কৰিব পৰা বহুতো ৰসায়নিক পদাৰ্থ খাদ্যত মিহলি হৈ পৰাৰ সাম্ভাৱনা আছে৷ বহুতো এনে পদাৰ্থই মাৰাত্মক কৰ্কট ৰোগ, গৰ্ভস্থ সন্তানৰ বিকলাংগতা,প্ৰজনন ক্ষমতাত প্ৰভাৱ, স্নায়ুৰ ৰোগ আদিৰ কাৰণো হব পাৰে৷ অনিয়ন্ত্ৰিত খাদ্য সামগ্ৰীত এনে বহুতো ৰাসায়্নিক পদাৰ্থৰ উপস্থিতিৰ সম্ভাৱনাই বেছি৷ এনে পদাৰ্থ সমূহে যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এক অভিশাপ স্বৰূপ হৈ নপৰিব সেই সম্ভাৱনীয়তাক নুই কৰিব নোৱাৰি৷

প্ৰশ্ন হয়, ভোক প্ৰশমন আৰু সুস্বাস্থ্যৰ কাৰণে আমি যি খাদ্য খাওঁ তেনে খাদ্যৰ গুণগত মানদণ্ড আৰু স্বাস্থ্যৰ সুৰক্ষাৰ দিশসমূহৰ সূচক কি? গ্ৰাহক সমাজ কেনেকৈ নিশ্চিত হব পাৰিব যে খাদ্যৰ গুণাগুণ আকাংক্ষিত মানদণ্ডৰ আৰু তেনে খাদ্যত কোনো আপত্তিজনক পদাৰ্থ মিহলি হৈ থকা নাই যিয়ে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি স্বৰুপ হৈ পৰিব পাৰে? যদিও খাদ্য সুৰক্ষা আৰু তাৰ গুণগত মান এক বহুল বিষয় আৰু এই লিখনিত ইমান বিস্তৃত অলোচনা কৰা সম্ভৱপৰ নহয় তথাপি কিছু সাম্যক জ্ঞান গ্ৰাহক সমাজৰ হিতাৰ্থে জনাবলৈ প্ৰয়াস কৰা হৈছে৷

বিধিগত ব্যবস্থাৱলী: ভাৰত চৰকাৰৰ অধিনিয়ম “Food Safety and Standards Act, 2006”ৰ বিধান ক্ৰমে যোৱা কেইবছৰমান ধৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত খাদ্য নিৰাপত্তা আৰু মানক প্ৰাধিকৰণ(Food Safety and Standards Authority of India) নামৰ সংস্থাতো কাৰ্যক্ষম হৈ খাদ্যৰ গুণগত মান আৰু নিৰাপত্তা জনিত দিশত বিভিন্ন পদক্ষেপ হাতত লৈ অহাতো পৰিলক্ষিত হৈছে৷ সংস্থাৰ দ্বাৰা প্ৰস্তুত বিভিন্ন নিয়মাৱলী সমূহত খাদ্য ব্যৱসায় পৰিচালনৰ পঞ্জীকৰণ, খাদ্যৰ আকাংক্ষিত গুণাগুণ, খাদ্য বিক্ৰীত থাকিব পাৰা বাধ-নিষেধ, খাদ্যৰ আৱৰণ আৰু তাৰ লেবেলিং আদি সম্পৰ্কে বিশদ বিৱৰণ দিযা হৈছে৷

এয়া সচাকৈয়ে এক প্ৰশংসনীয় পদক্ষেপ৷ এই সংস্থাৰ মূল উদ্দেশ্য হৈছে খাদ্যৰ গুণগত মান নিশ্চিতকৰণ আৰু গ্ৰাহকক স্বাস্থ্য সুৰক্ষাৰ আশ্বাসন৷ খাদ্য সামগ্ৰী প্ৰস্তুতকৰণৰ পৰা খাদ্য পেকেজিং কৰালৈকে সকলো দিশত যাতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ দ্বাৰা সতৰ্কমূলক পদক্ষেপ লোৱা হয় তাক নিৰীক্ষণ আৰু নিশ্চিতকৰণ কৰাতো এই সংস্থাৰ প্ৰধান লক্ষ্য৷ FOOD SAFETY AND STANDARDS (LICENSING AND REGISTRATION OF FOOD BUSINESSES) REGULATIONS 2011 ৰ অনুসৰি খাদ্যৰ লগত জড়িত যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানে নিজৰ ব্যৱসায় অথবা উৎপাদিত প্ৰত্যেক খাদ্যবস্তুৰ পঞ্জীয়ন ভুক্ত কৰি তাৰ অনুজ্ঞাপত্ৰ লাভ কৰাতো বাধ্যতামূলক কৰা হৈছে৷ অৰ্থাৎ খাদ্য প্ৰস্তুতকৰণ আৰু বিতৰণ যাতে এক নিয়্ন্ত্ৰিত ব্যৱস্থাৰ আওঁতাৰ ভিতৰত থাকে তাৰে এই প্ৰচেষ্টা৷ আজিকালি বজাৰত পেকেটত উপলব্ধ প্ৰায়বোৰ খাদ্য সামগ্ৰীত FSSAI ৰ অনুজ্ঞা পত্ৰৰ প্ৰতীক চিহ্নতো হয়তো প্ৰায় সকলো সচেতন গ্ৰাহকেই লক্ষ্য কৰিছে৷(চিত্ৰ- ১)

FSSAI ৰ অনুজ্ঞা পত্ৰৰ ক্ৰমাংক এই ল’গৰ সৈতে খাদ্যৰ লেবেলত মুদ্ৰিত কৰা হয়৷

অকল খাদ্য সামগ্ৰীতে নহয়, খাদ্যৰ লগত জড়িত যিকোনো প্ৰতিষ্ঠান যেনে হোটেল-ৰেষ্টুৰেণ্ট, দোকান-পোহাৰ, শ্বপিঙ মালৰ পৰা আদি কৰি ৰাস্তাৰ কাষৰ ফুটপাথত বিক্ৰী কৰা খাদ্যৰ ব্যৱসায়ী সকলেও প্ৰকৃততে এই অনুজ্ঞাপত্ৰ লাভ কৰি খাদ্য সুৰক্ষা আৰু মানক বিধিসমূহ পালন কৰাতো বাঞ্চনীয়৷ অকল সিমানেই নহয় অনুজ্ঞা পত্ৰ প্ৰাপ্তিৰ চিনস্বৰুপে নিজৰ গ্ৰাহকসমাজৰ লগত নিজকে পৰিচয় দিয়াতোও অতিশয় আৱশ্যকীয়৷ খাদ্যৰ ৰিটেইল ষ্টৰ, গাখীৰ বিপণী, শাক-পাচলি আৰু ফলৰ ৰিটেইল বিক্ৰী কেন্দ্ৰ, মাংসৰ দোকান, ৰেষ্টুৰেণ্ট, পদপথৰ খাদ্য ব্যৱসায়ী আদি সকলো শ্ৰেণীৰ ব্যৱসায়ৰ বাবে একোখনকৈ ফলক (যাক কোৱা হব “Food Safety Display Board”)আঁৰি ৰখাতো বাধ্যতামূলক কৰা হৈছে যি গ্ৰাহকক বিক্ৰীৰ বাবে প্ৰস্তুত খাদ্যৰ গুণগত মান আৰু সুৰক্ষাৰ নিৰ্ভৰতাৰ আশ্বাসন প্ৰদান কৰিব পাৰিব৷ যদিও আজিৰ তাৰিখত এই পদক্ষেপসমূহ সম্পূৰ্ণকৈ কাৰ্যকৰী হৈ উঠাগৈ নাই কিন্ত্ত সচেতন গ্ৰাহক সকলোৱে হয়তো এতিয়া বুজি উঠিছে যে এই প্ৰচেষ্টা সম্পূৰ্ণ ৰুপত আৰু অতিশীঘ্ৰে কাৰ্যকৰী হৈ উঠাতো অতিশয় জৰুৰী৷

খাদ্য সম্পৰ্কীয় অন্যান্য ৰাষ্ট্ৰীয় বা আন্তৰ্ৰাষ্ট্ৰীয় সংস্থা বা প্ৰচেষ্টাসমূহ : ভাৰতীয় মানক ব্যুৰ’ (BIS)ৰ দ্বাৰা প্ৰস্তুত খাদ্য আৰু খাদ্যৰ পেকেট সম্পৰ্কীয় বহুতো মানক(Indian Standards-IS) FSSAI ৰ অনুমোদন ক্ৰমে মানি চলা হয়৷ আন্তৰ্ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুতো এনে সংস্থা প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে খাদ্যৰ গুণগত মানৰ লগত জড়িত হৈ কাম কৰি আছে৷ মুখ্যত:বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ(FAO) যুটীয়া প্ৰচেষ্টাত স্থাপিত CODEX Alimentarius হল খাদ্যৰ লগত ওতঃ প্ৰোত ভাৱে জড়িত হৈ থকা তেনে এটা সংস্থা৷ আনহাতে International Organisation for Standerdization (ISO) হ’ল সকলো ধৰণৰ মানক প্ৰস্তুতকাৰী আন এক সংস্থান৷ সুৰক্ষিত খাদ্যৰ প্ৰস্তুতকৰণত সহায়ক আন তেনে বহুতো একক প্ৰচেষ্টা যেনে Hazard Analysis and Critical Control Point (HACCP), Good Manufacturing Practices (GMP), Global Food Safety Initiative (GFSI), British Retail Consortium (BRC), Good Agricultural Practices (GAP), Good Hygienic Practices (GHP), Good Animal Husbandry Practices (GAHP) আদিৰ নাম  বিশেষভাৱে উল্লেখনীয়৷ এনে মানক বা পদ্ধতিসমূহৰ অৱলম্বন কৰাতো খাদ্য বস্ত্তৰ গুণগত মান ৰক্ষা কৰাত যে খাদ্য উৎপাদনকাৰী/প্ৰস্ত্ততকাৰী বাণিজ্যিক প্ৰতিস্থান সমূহ বেছি সক্ৰিয় তাৰ পৰিচায়ক৷

খাদ্যৰ বাহ্যিক ৰুপ তথা তাৰ গুণগত মান:

যিকোনো খাদ্য ক্ৰয়ৰ সময়ত খাদ্যৰ গুণগত মান আনুমানিক ভাৱে হয়তো আমাৰ অভিজ্ঞ চকুৰ দ্বাৰাই আমি নিৰুপণ কৰো৷ দেখিবলৈ সতেজ শাক-পাচলি বা ফল-মূল, চকুৰে দেখিবলৈ পোৱা যিকোনো ভেজালকাৰক পদাৰ্থৰ অনুপস্থিতি, অক্ষত অৱস্থাত থকা খাদ্যৰ পেকেট আদিয়েই খাদ্যৰ প্ৰাথমিক গুণগত মানৰ পৰিচায়ক হিচাপে গণ্য কৰা হয়৷ কিন্ত্ত সহজেই অনুমেয় যে খাদ্যৰ আকাংক্ষিত সকলো গুণাগুণ চকুৰে চাই নিৰুপণ কৰিব নোৱাৰি৷ খাদ্যৰ প্ৰকৃত গুণাগুনৰ আৱশ্যকীয় তথা আকাংক্ষিত মানক সমূহ FOOD SAFETY AND STANDARDS (FOOD PRODUCTS STANDARDS AND FOOD ADDITIVES) REGULATIONS, 2011 ত বিশদভাৱে বৰ্ণনা কৰা হৈছে৷ খাদ্য মেৰিওৱা আৱৰণত বা পাত্ৰত যি মুদ্ৰিত তথ্য যোগান ধৰা থাকে (লেবেল) সেই তথ্যৰ ভিত্তিতে সাধাৰণতে আমি খাদ্য বস্তু গুণাগুণৰ এক ধাৰণা তথা বেলেগ খাদ্যৰ লগত ভাল-বেয়াৰ তুলনা কৰি ক্ৰয় কৰো৷ গতিকে ইয়াতেই উপলব্ধি কৰিব পাৰি খাদ্যৰ গুণাগুণ সম্পৰ্কীয় যি দাবী প্ৰস্তুতকাৰীয়ে লেবেলত মুদ্ৰিত কৰিছে তাৰ ওপৰতেই অধিকাংশ গ্ৰাহকসকল নিৰ্ভৰশীল৷ আৰু সেয়েহে খাদ্যৰ লেবেলিং কৰা পক্ৰিযাও এক নিয়ন্ত্ৰণকাৰী সংস্থাৰ পৰ্যবেক্ষণত থকাতো অতিশয় দৰকাৰী৷

(অহা সংখ্যাত – খাদ্যৰ লেবেলিং আৰু পেকেজিং; গ্ৰাহক, কৃষক আৰু খাদ্য ব্যৱসায়ী সকলৰ দায়ৱদ্ধতা ইত্যাদি)
2nd part is HERE

*******************************************************************

লিখকৰ ঠিকনা: ডা° অঞ্জন জ্যোতি নাথ, সহকাৰী অধ্যাপক, লক্ষীমপুৰ পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, জহিঙ, উত্তৰ লক্ষীমপুৰ, 787051. ই-মেইল: drnath76@gmail.com

14 Comments

  1. Khadyor gunagun samparkiyo articleto samayupojogi aru tathyo sambridtha hoise. agor khandotoo padiboloi bat chai ralu.

    1. ধন্যবাদ চাৰ আপোনাৰ উদগণিমূলক মতামতৰ বাবে.

  2. তথ্য সমৃদ্ধ লিখনিটোৱে মানৱ সমাজক উপকৃত কৰিব।

  3. লিখনিটো সচাকৈয়ে তথ্যসমৃদ্ধ আৰু ই আমাৰ কৃষকবন্ধুসকল তথা সমাজক সুস্বাস্থ্যৰ প্ৰতি সজাগ কৰিব।

    “খাদ্যৰ লেবেলিং আৰু পেকেজিং; গ্ৰাহক, কৃষক আৰু খাদ্য ব্যৱসায়ী সকলৰ দায়ৱদ্ধতা” নামৰ লিখনিটোৰ বাবে বাট চাই থাকিম ।

    ধন্যবাদ আৰু শুভেচ্ছাৰে…
    দিপাংকৰ পাল

    1. ধন্যবাদ Mr Paul. লিখনিতোৰ পৰৱৰ্তী খণ্ডতোও পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব.

    1. Thank you very much madam.. surely, I shall try to write many more interesting topics related to food safety and Veterinary science & Animal Husbandry for the benefit of the farmers.

  4. বৰ সুন্দৰ আৰু সময়োপযোগী উপস্থাপন ডা° নাথ, শুভেচ্ছা জনালো৷ আপোনাক সোৱাদ গ্ৰুপটোত পাই থাকো৷ বৰ ভাল লাগিল৷

    1. অশেষ ধন্যবাদ.. আপোনালোকৰ অনুপ্ৰেৰণা পালে আগলৈও এনে লিখা সমূহ “কৃষক বন্ধু”ৰ পাঠক সমাজলৈ আগবাঢ়াই যাম. প্ৰকৃততে কবলৈ গলে “সোৱাদ”ৰ যোগেদিয়েই মই “কৃষক বন্ধু” ৰ লগত পৰিচিত হলো. এই চেগতে “সোৱাদ”লৈকো ধন্যবাদ জনালো.

  5. এটি সুন্দৰ তথ্যসমৃদ্ধ লিখনি ৷ আশাকৰো, লিখনিটোৰ দ্বাৰা আমাৰ সমাজত এই সম্পৰ্কে সচেতনতা বৃদ্ধি পোৱাৰ লগতে সকলোৱেই উপকৃত হব ৷

Leave a Response