খোৱাপানীত ফ্ল‌’ৰাইডৰ সমস্যা আৰু ইয়াৰ সমাধান Floride Problem in Drinking Water and its Solutions

~মানসী বৰুৱা।

মানুহৰ দৈনন্দিন জীৱনত সঘনে ব্যৱহৃত আৰু সকলো জীৱৰ জীৱন চক্ৰ সুচাৰুভাৱে চলাই নিবৰ বাবে অতিশয় দৰকাৰী এবিধ অন্যতম উপাদান হৈছে পানী। পৃথিৱীৰ সৰ্বমুঠ জলভাগৰ ৯৭ শতাংশ পানী আমাৰ দৈনন্দিন ব্যৱহাৰৰ বাবে উপযোগী নহয় আৰু বাকী থকা ৩ শতাংশ পানীহে আমি বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰিব পাৰো। এই পানীভাগৰ ভিতৰত খোৱাৰ বাবে উপযোগী পানীৰ পৰিমাণো নিচেই তাকৰ। বহুতো মানুহে নজনাকৈয়ে অশুদ্ধ পানী সেৱন কৰি আছে, যাৰ ফলশ্ৰুতিত তেওঁলোকে নানা ধৰণৰ বেমাৰত ভুগিব লগা হৈছে। বিভিন্ন ধৰণৰ প্ৰদূষণবোৰৰ ভিতৰত অসমৰ ভূ-জলৰ অত্যাধিক ফ্ল’ৰাইড প্ৰদূষণৰ বিষয়ে হয়তো বহুলোকে কমবেছি পৰিমানে জ্ঞাত। জনস্বাস্থ্যৰ বিস্তৰ ক্ষতি কৰিব পৰা এইবিধ ৰাসায়নিক প্ৰদূষকৰ বিষয়ে জনাটো অতি দৰকাৰী কথা আৰু ফ্ল’ৰাইড প্ৰদূষণৰ ফলস্বৰূপে হোৱা ভয়াৱহ বিষক্ৰিয়াৰ বাতৰিও বৰ্তমান সময়ত ওলাই থকা দেখা যায়। কাৰণ এইজ্ঞানে আমাক প্ৰদূষকটোৱে কৰিব পৰা সাম্ভাব্য ক্ষয়-ক্ষতিৰ পৰাৰ ক্ষাক কৰিব পাৰে।
এতিয়া আহিলে এই ফ্ল’ৰাইডনো কি হয় ? প্ৰকৃততে বিভিন্ন ধাতু, অৰ্ধধাতু আৰু আধাতুৰ মিশ্ৰণেৰে আমাৰ পৃথিৱীৰ মৌলিক পদাৰ্থসমূহ গঠিত হৈছে। অক্সিজেন, ক্ল’ৰিন, ফ্ল’ৰিন আদি পদাৰ্থসমূহ হৈছে অধাতু। ধাতুৱে অধাতুবোৰৰ লগ লাগি লৱণ সৃষ্টি কৰে। এইদৰে উৎপন্ন হোৱা ছডিয়াম ক্ল’ৰাইড হৈছে আমি খোৱা লৱনবিধৰ নাম। সেইদৰে ছডিয়াম ফ্লৰাইডো হৈছে আন এক লৱন, কিন্তু ইয়াক আমি নাখাও। ফ্ল’ৰাইড আয়নত ফ্ল’ৰিন এট’মতকৈ এটা ইলেক্ট্ৰন বেছি থাকে। ই এবিধ অতিশয় বিক্ৰিয়াশীল গেছীয় পদাৰ্থ হোৱা বাবে ইয়াক মুক্ত অৱস্থাত পোৱা নাযায়। আনহাতে বেছিভাগ ফ্ল’ৰাইডৰ লৱণেই পানীত সহজে দ্ৰৱীভূত হয়।
পানীত ফ্ল’ৰাইডৰ উপস্থিতি আমি কেনেকৈ জানিম ? ফ্ল’ৰাইডৰ কোনো বৰণ বা স্বাদ নথকাৰ হেতুকে পানীত আইৰণৰ উপস্থিতি সহজে ধৰা পেলোৱাৰ নিচিনাকৈ ফ্ল’ৰাইড থকা-নথকাটো গম পাব নোৱাৰি। ইয়াৰ বাবে পোনতে পৰিষ্কাৰ বটলত ভূজলৰ দুটামান নমুনা সংগ্ৰহ কৰি ভালকৈ সাঁফৰ মাৰি লব লাগিব। অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত ফ্ল’ৰাইড থকা-নথকাটো পৰীক্ষা কৰাৰ ব্যৱস্থা আছে। ইয়াৰ গুৱাহাটীত এটা কেন্দ্ৰীয় পৰীক্ষাগাৰ আছে। তাৰোপৰি এই বিভাগে অসমৰ প্ৰায় প্রতিখন জিলাৰ সদৰত পানীৰ পৰীক্ষাগাৰ স্থাপন কৰিছে। ইয়াৰ বাহিৰেও বিভিন্ন বিশ্ববিদ্যালয়ত থকা অন্য গৱেষণাগাৰ সমূহত কিছু ব্যয়ৰ বিনিময়ত এই পৰীক্ষাসমূহ কৰোৱাৰ ব্যৱস্থা থাকে।
বিশ্ব স্বাস্থ্য সংস্থাই ধাৰ্য্য কৰামতে খোৱা পানীত ১.৫ নিযুতাংশৰ তলত ফ্ল’ৰাইড থকা উচিত। কাৰণ অত্যাধিক ফ্ল’ৰাইডৰ উপস্থিতিয়ে হাড় আৰু দাঁতৰ ক্ষতি কৰে তথা অতি কম ফ্ল’ৰাইড থকা খোৱা পানীৰ ব্যৱহাৰৰ ফলটো দন্ত ক্ষয় হয়। মানুহ এজনৰ দৈনন্দিন পানী গ্ৰহণৰ পৰিমাণ আৰু খোৱা আহাৰৰ প্ৰকাৰৰ ওপৰতো ফ্ল’ৰাইডৰ পৰা হ’ব পৰা বিষক্ৰিয়া বহু গুণে নির্ভৰ কৰে। এনেবোৰ কথালৈ লক্ষ্য ৰাখি আমাৰ দেশত খোৱাপানীৰ ফ্ল’ৰাইডৰ উচ্চতম সীমা ১ নিযুতাংশ ধার্য কৰা হৈছে। ভূ –জলত ফ্ল’ৰাইড থাকিলে সাধাৰণতে পানীৰ ৬ নিযুতাংশৰ তলতে থাকে। অসমৰ নগাওঁ আৰু কাৰ্বি আংলং জিলা দুখনৰ ভূজলত অত্যাধিক ফ্ল’ৰাইড উপস্থিতিৰ তথ্য পোৱা গৈছে। এনেকুৱা ফ্ল’ৰাইড উপস্থিতিৰ তথ্য সংবাদ মাধ্যমত সময়ে সময়ে প্ৰকাশিত হৈও আহিছে আৰু অসমৰ সাধাৰণ গাঁৱলীয়া মানুহখিনিৰ হিতাৰ্থে বিভিন্ন বাতৰিকাকত, আলোচনী বা দূৰদৰ্শনত ইয়াৰ সজাগতাৰ বিষয়ে অৱগত কৰা হৈছে। তথাপি গাওঁ অঞ্চলৰ বহুতো লোক আজিও এই বিষয়ে অজ্ঞাত আৰু ফ্ল’ৰাইডযুক্ত পানী সেৱন কৰি থকাৰ ফলশ্ৰুতিত তেওঁলোকে ফ্ল’ৰছিছ বা দন্তক্ষয়ৰ দৰে ৰোগত ভুগি আছে। অত্যাধিক ফ্ল’ৰাইডৰ কাৰণে দাঁতত হালধীয়া-মুগা বৰণৰ দাগ পৰে আৰু পিছলৈ ক্ৰমে দাঁতবোৰ ওখোৰা-মোখোৰা হৈ ভাঙি যায়। অত্যাধিক ফ্ল’ৰাইডৰ ধীৰ বিষক্ৰিয়াৰ ফলত মগজু, স্নায়ু, থাইৰয়ড আদিও প্ৰভাৱিত হয়। আমাৰ শৰীৰে খোৱা পানী আৰু আন খাদ্যৰ পৰা ফ্ল’ৰাইড আহৰণ কৰে। আমাৰ হাড় আৰু দাঁতৰ সঠিক গঠনৰ বাবে সামান্য পৰিমাণৰ ফ্ল’ৰাইডৰ যথেষ্ট দৰকাৰ। মানুহ এজন গৰ্ভত থকা কালছোৱাৰে পৰা হাড় আৰু দাঁতৰ গঠন সম্পূৰ্ণ হোৱালৈ গোটেই সময়খিনিত বেছি পৰিমাণৰ ফ্ল’ৰাইড যুক্ত পানী সেৱনৰ ফলত হাড় আৰু দাঁতৰ গঠন ক্ষতিগ্ৰস্ত হব পাৰে। ইয়াৰ লক্ষণ সমূহ হৈছে: ৰাজহাঁড়ৰ লগতে হাড়ৰ আন জোৰাবোৰৰ বিষ, হাড়ৰ গঠনৰ বিকৃতি, বেঁকা বা চেপেটা হাঁড়ৰ গঠন ইত্যাদি। পিছৰ বয়সত ফ্ল’ৰাইড বিষক্ৰিয়া ই হাঁড়ৰ গাঁঠি আৰু পেশীৰ সংযোগত বিজুতিৰ সৃষ্টি কৰি বিষ আৰু জঠৰতাৰ উৎপত্তি কৰে। ফ্ল’ৰছিছ প্ৰদূষণে দাঁতত সৃষ্টি কৰা ছিদ্ৰবোৰক মানুহে দাঁত পোকে খোৱা বুলি ধৰি লৈছিল। কিন্তু এয়া হৈছে কম ফ্ল’ৰাইডযুক্ত পানী সেৱনৰ ফলত হোৱা বিৰূপ দাঁতৰ গঠন বা দন্তক্ষয়। সাধাৰণতে দমকল আৰু গভীৰ নলীনাদৰ পানীৰ যোগেদি নাইবা নাদৰ পানীৰ জৰিয়তে ফ্ল’ৰাইড আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে।
এতিয়া আহিলে ফ্ল’ৰাইডৰ অভাৱ বা অত্যাধিক হাৰত উপস্থিতিৰ ফলত হোৱা সমস্যা বা বেমাৰবোৰ আমি কিদৰে ৰোধ কৰিম ? দন্তক্ষয়ৰ ক্ষেত্ৰত কেঁচুৱাৰ পৰা জ্ঞান দাঁত গজি হোৱালৈ ফ্ল’ৰাইডযুক্ত দন্তমঞ্জক ব্যৱহাৰ কৰিব লাগে। বজাৰত কিনিবলৈ পোৱা বহুতো দন্তমঞ্জকত ফ্ল’ৰাইড যোগ কৰা থাকে আৰু যিটো পেকেটত ইয়াক কিনিবলৈ পোৱা যায় তাত ইয়াক উল্লেখ কৰা থাকে। এই ধৰণৰ ব্যৱস্থাটো তেতিয়া লোৱা হয় যেতিয়া আমাৰ দমকলৰ পানী বা আন পানীৰ উৎসবোৰত ০.৫ ৰ পৰা ১.০ পি.পি.এম. তকৈ কম ফ্ল’ৰাইড থাকে। কিন্তু যদি ১.০পি.পি.এমতকৈ ফ্ল’ৰাইডৰ পৰিমাণ বেছি থাকে তেনেক্ষেত্ৰত এই ব্যৱস্থা ললে বিপদ হোৱা সম্ভাৱনা অধিক। অত্যাধিক পৰিমাণৰ ফ্ল’ৰাইডৰ উপস্থিতিৰ সমস্যাটো সমাধানৰ বাবে বিকল্প জান-জুৰি, পুখুৰী বা নদীৰ পানী পৰিশোধ নকৰি ব্যৱহাৰ কৰাটোৱেই উত্তম ব্যৱস্থা। কাৰণ এনে পানী ফ্ল’ৰাইড মুক্ত হয়। কম গভীৰতাৰ কুঁৱাৰ পানীও খোৱাপানী হিচাপে ব্যৱহাৰ কৰিব পাৰি। সঘনে বানত বিধ্বস্ত পলসুৱা অঞ্চলৰ ভূ-জলভাগো ফ্ল’ৰাইড মুক্ত হয়। এই সকলোবোৰৰ অৱৰ্তমানত খোৱাপানীৰ পৰীক্ষা কৰি ফ্ল’ৰাইড গুচোৱা পদ্ধতি অতিশয় প্ৰয়োজনীয়।

(তথ্যৰ উৎস অনুৰোধ ক্ৰমে উপলব্ধ)
*********************************************

~মানসী বৰুৱা, বিশ্বনাথ কৃষি মহাবিদ্যালয়, অ.কৃ.বি., বিশ্বনাথ চাৰিআলি (অসম)ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰী,দূৰভাষ:+৯১-৯৪০১২৬০৯৫৪।

Submit your review
1
2
3
4
5
Submit
     
Cancel

Create your own review

Average rating:  
 0 reviews

Leave a Response