গাহৰি পালনঃ নিবনুৱাৰ আৰ্থিক স্বাৱলম্বনৰ পথ Pig Rearing: Way of Economic Independence of Unemployeds

~কুলজিৎ কলিতা

ভাৰতবৰ্ষৰ অৰ্থনীতিৰ মেৰুদণ্ড হৈছে কৃষিখণ্ড তথা পশুপালন। অতীজৰে পৰা ভাৰতত বিভিন্ন কৃষি পদ্ধতিৰ লগতে পশুধন পালনৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। কৃষি প্ৰধান দেশ এখনত কৃষিয়েই মানুহৰ জীৱিকাৰ প্ৰধান উপায়। মানুহৰ স্বাস্থ্য ভালে ৰখাটো হৈছে এটা মৌলিক প্ৰয়োজন। কাৰণ সুস্বাস্থ্য মানুহৰ প্ৰগতিৰ বাহক। ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠানে উল্লেখ কৰা তথ্য মতে, এজন প্ৰাপ্তবয়স্ক মানুহৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে প্ৰতিদিনে গ্ৰহণ কৰিবলগীয়া মাংসৰ পৰিমাণ ৩৪ গ্ৰাম হোৱাটো আৱশ্যক। কিন্তু তাৰ পৰিৱৰ্তে মাত্ৰ ১২ গ্ৰাম মাংসহে আমি পাবলৈ সক্ষম হওঁ। আমাৰ অসমৰ প্ৰায় ৯০ শতাংশ মানুহেই আমিষভোজী হোৱা বাবে প্ৰয়োজন সাপেক্ষে পৰ্যাপ্ত পৰিমাণৰ মাংস উৎপাদন নহয় আৰু এই চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত অসুবিধাই দেখা দিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ছাগলী, হাঁহ-কুকুৰা, গাহৰি আদিৰ মাংসই আমাৰ চাহিদা পূৰণ কৰিবলৈ প্ৰধান ভূমিকা হিচাপে ল’ব পাৰো। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় আটাই কেইখন ৰাজ্যতে গাহৰিৰ মাংসৰ (প’ৰ্ক) যথেষ্ট জনপ্ৰিয়তা আছে আৰু সেয়েহে অৰ্থনৈতিক ভাৱে গাহৰি পালনৰ জৰিয়তে আমি অধিক পৰিমাণে লাভৱান হ’ব পাৰো। তলত উল্লেখিত কথা কেইটালৈ লক্ষ্য কৰিলে গাহৰি পালনৰ জৰিয়তে আৰ্থিক লাভালাভ বিষয়ক সাময়িক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব।
১) বিজ্ঞানসন্মত গাহৰি পালনৰ বাবে অসমৰ জলবায়ু অনুকুল।
২) অসমত যথেষ্ট পৰিমাণে গাহৰি পালনৰ বাবে উপযুক্ত ভূমিকা আছে।
৩) প্ৰাকৃতিকভাৱে পোৱা খাদ্যৰ পৰিমাণও যথেষ্ট।
৪) ৰোগ প্ৰতিৰোধৰ ক্ষমতাও অধিক।
৫) গাহৰিৰ বাঢ়ন ক্ষমতা যথেষ্ট বেছি।
৬) একেজনী মাকৰ পৰা এবাৰত ৮-১০ টাকৈ পোৱালি পাব পাৰি।
৭) গাহৰিৰ মাংসত প্ৰচুৰ পৰিমাণৰ প্ৰ’টিন থাকে।
৮) প্ৰতিপালনৰ বাবে বিজ্ঞানসন্মত ঘৰ-দুৱাৰ বনোৱা উচিত যদিও থলুৱা ভিত্তিত কৰিলেও হয়।

মানুহৰ আহাৰৰ এক উপাদান হিচাপে গাহৰি মাংস:

মানুহৰ পৰিপুষ্টি সাধনত খাদ্যৰ প্ৰধান উপাদান সমূহৰ ভিতৰত মাংস হৈছে অন্যতম পুষ্টিকাৰক খাদ্য। সাধাৰণতে মাংস বুলি ক’লে স্থান ভেদে থকা নানাধৰণৰ চৰাই-চিৰিকটি, হাঁহ-কুকুৰা আৰু খাদ্য হিচাপে গ্ৰহণ কৰা অন্যান্য জন্তুৰ মঙহকে বুজা যায়। কিন্তু বিশেষজ্ঞৰ মতে, মাংস হ’ল জীৱ এটা নিধন কৰাৰ পিছত তাক পৰিষ্কাৰ পৰিচ্ছন্নভাৱেস জাই লোৱা জীৱ-দেহৰ একোটা খোৱাৰ উপযোগী/ ভক্ষণ যোগ্য অংশ, য’ত জীৱ তথা জন্তুৰ দেহৰ অংগ যেনে- যকৃত, বৃক্ক, হৃদযন্ত্ৰ ইত্যাদিও থাকে। পশু-পক্ষীৰ পৰা উৎপাদিত মাংস হ’ল মাংসসাৰ বা প্ৰ’টিনৰ ভড়াল। আকৌ মাংসসাৰ হ’ল মানুহৰ দৈনন্দিন বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় খাদ্যৰ অংশ। গাহৰিৰ মাংসত বিভিন্ন খাদ্যপ্ৰাণ বা ভিটামিন, খনিজ লৱণৰ লগতে প্ৰচুৰ পৰিমাণে উচ্চমানৰ মাংসসাৰ বা প্ৰ’টিন থাকে। সেয়েহে, ভালদৰে ৰন্ধা গাহৰিৰ মাংস সুস্বাদু পুষ্টিকাৰক তথা মানুহৰ বাবে উপযোগী বুলি বিবেচিত।

গাহৰি পালন হ’ল এটি লাভজনক ব্যৱসায়:

অতীজৰে পৰা অসমত গাহৰি পালন আমাৰ সমাজৰ জনজাতি লোকৰ মাজত আৱদ্ধ হৈ আহিছে। বৰ্তমান আমাৰ সমাজৰ বৰ্দ্ধিত জনসংখ্যাৰ অনুপাতে কৰ্মসংস্থাপনৰ পথ যথেষ্ট নহয়, যদিও ৰাজ্যৰ বৃহৎ সংখ্যক নিৱনুৱা যুৱক-যুৱতীয়ে বিজ্ঞানসন্মত পদ্ধতিৰে কৃষিকৰ্ম কৰা বা পশুপালন কৰি স্ব-নিয়োজিত হোৱা যথেষ্ট অৱকাশ আছে। আনহাতে, নিৱনুৱা সমস্যা দূৰীকৰণত গাহৰিপালনে যে এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিব পাৰে তাৰ মূলতে হ’ল-
১) গাহৰিৰ পামৰ বাবে বেছি মূলধনৰ প্ৰয়োজন নহয়।
২) গাহৰিৰ পালনৰ বাবে প্ৰয়োজনীয় ঘৰ-দুৱাৰৰ খৰচ সামান্য। বাঁহ-খেৰ আদিৰে ঘৰ সজাই গাহৰি পালন কৰিব পৰা যায়।
৩) অতি কম সময়ৰ ভিতৰতে গাহৰি পালন কৰি যথেষ্ট উৎপাদন পোৱা যায়। উন্নত জাঁতৰ একোজনী গাহৰিয়ে প্ৰতি বাৰতে গড়ে ৮-১০ টা পোৱালি দিয়ে।
৪) ইহঁতে সচৰাচৰ পেলনীয়া খাদ্য খায়েই ডাঙৰ দীঘল হয়।
৫) অধ্যয়নৰ পৰা পোৱা গৈছে যে এটা গাহৰিৰ দেহৰ মুঠ ওজনৰ প্ৰায় ৭০ ভাগ মাংস হিচাপে পোৱা যায়।
৬) অন্য জন্তুৰ তুলনাত গাহৰিৰ বেমাৰ আজাৰো কম হয়। নিয়মিতভাৱে প্ৰতিষেধক ছিটাকৰণ, ৰোগ নিয়ন্ত্ৰণ আদি ব্যৱস্থাৱলী গ্ৰহণ কৰিলে সুফল পোৱা যায়।
৭) আজিকালি গাহৰিৰ পৰা প্ৰস্তুত কৰা খাদ্য-বস্তু আৰু ব্যৱহাৰিক সামগ্ৰী জনপ্ৰিয় হৈ উঠিছে। যেনে- পেটৰ নাড়ী- ভূৰু (intestine) ৰ পৰা ছ’ছেজ (souage), নোমৰ পৰা ব্ৰাছ ইত্যাদি।
আমাৰ ৰাজ্যৰ গাহৰি পালকসকলে উন্নত পদ্ধতিৰ গাহৰি পালনৰ সম্যক জ্ঞানৰ অভাৱত নিজৰ পোহনীয়া গাহৰি কেইটা লেতেৰা পৰিৱেশত ৰাখে আৰু প্ৰয়োজনীয় খাদ্য যোগান দিব নোৱাৰাৰ বাবেই বেছিকৈ লাভবান হ’ব নোৱাৰে।
গাহৰি পালনৰ দৰে লাভজনক ব্যৱস্থাৰ প্ৰতি সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে।অসমৰ ভৌগোলিক অৱস্থান আৰু জলবায়ুৰ বাবে গাহৰি পালন কৰাটো অতি সুবিধাজনক আৰু লাভজনক ব্যৱসায়। বিজ্ঞানসন্মত গাহৰিপালন কৰিলেই এক লাভজনক ব্যৱসায় বুলি প্ৰমাণ কৰিব পাৰি। গণনা আৰু পৰিসংখ্যাৰ পৰা দেখা গৈছে যে অসমত গাহৰি পালন অধিক লাভজনক হৈ উঠাটো নিশ্চিত আৰু তাৰ বাবে আমাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ ধৈৰ্য্য আৰু একাগ্ৰতাৰ নিতান্তই প্ৰয়োজন।

(তথ্যৰ উৎস অনুৰোধ ক্ৰমে উপলব্ধ)

*********************************************
~কুলজিৎ কলিতা, চতুৰ্থ বৰ্ষৰ ছাত্ৰ,

লক্ষীমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় (অ,কৃ, বি,)

জহিঙ, উত্তৰ লক্ষীমপুৰ- ৭৮৭ ০৫১
ই মেইল: kulajitkalita.vet14@gmail.com,

দূৰভাষ: +৯১-৯৮৫৯৫১৬০৯০

Submit your review
1
2
3
4
5
Submit
     
Cancel

Create your own review

Average rating:  
 0 reviews

Leave a Response