গো-পালেনেৰে স্বনিৰ্ভৰশীল হোৱা ডা° গৌতম ৰ্শমাৰ কথাৰে With Words of Dr Gautam Sharma, a Self-dependent Cattle-rearer

~অৰ্জুন চন্দ্ৰ ৰায়,কুইন দেৱী আৰু আৰিফ আহমেদ ৷

অসম তথা ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰিবলৈ গোপালনে বিশেষ ভূমিকা গ্ৰহণ কৰে। আজিৰ বিজ্ঞানৰ যুগত বিজ্ঞানসন্মত ভাৱে গোপালন কৰি দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ উপৰিও নিবনুৱা সমস্যা দূৰ কৰিব পাৰি। সময়ৰ লগেলগে দেশত যিদৰে জনবিস্ফোৰণ ঘটিছে, নিবনুৱাৰ অনুপাতে চৰকাৰী চাকৰি তেনেই নগণ্য।
অসমত গাখীৰৰ চাহিদা যথেষ্ট আছে যদিও চাহিদা অনুপাতে উৎপাদন সম্ভৱ হৈ নুঠাত সাধাৰণ লোকসকলে এটুপি বিশুদ্ধ গাখীৰ বিচাৰি হাবাথুৰি খাব লগাত পৰিছে। প্ৰচুৰ সম্ভাৱনা থকা স্বত্ত্বেও ৰাজ্যখনৰ যুৱক-যুৱতীসকল গোপালনৰ প্ৰতি আগ্ৰহী নোহোৱাত ৰাজ্যখনত গাখীৰ উৎপাদন হ্ৰাস পাইছে। ৰাজ্যখনত এতিয়াও গো-পালন পৰম্পৰাগত ব্যৱস্থাৰে চলি থকাৰ উপৰিও উন্নত প্ৰজাতিৰ গোপালন কৰা পালকৰ সংখ্যা তেনেই তাকৰ। এনে পৰিস্থিতিৰ মাজতে বঙাইগাওঁ চহৰৰ মাজ মজিয়াৰ ডা° গৌতম শৰ্ম্মাই গোপালেনেৰে দুগ্ধ উৎপাদন কৰি নিবনুৱা যুৱক-যুৱতীসকলক এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে।
ডা° গৌতম শৰ্ম্মা এজন পশুচিকিৎসক । তেওঁ ২০০১ চনতে পশুচিকিৎসাবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ই৹ডি৹আই, আহমেদাবাদৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত ডনবস্ক’ উন্নয়ন সংঘ, মুম্বাইত তেখেতে কৰ্ম জীৱনৰ পাতনি মেলিছিল। কিন্তু পিতৃৰ বিয়োগে তেখেতক নিজ চহৰ বঙাইগাওঁলৈ উভতাই আনে। তেখেতৰ পিতৃ স্বৰ্গীয় চক্ৰধৰ শৰ্ম্মাই ঘৰতে কেইজনীমান গাইগৰু পোহপাল কৰিছিল। দেউতাকৰ জীৱ-জন্তুৰ প্ৰতি থকা আন্তৰিকতাই তেখেতক গোপাম খোলাত আগ্ৰহী কৰি তুলিছিল। সেয়েহে ২০০৪ বৰ্ষৰ শেষৰ ফালে তেওঁ গোপামৰ আন্তঃগাঠনি উন্নয়ন কৰা আৰম্ভ কৰি দিয়ে। গোপামখন স্হাপন কৰা হ’ল স্বহীদ বেদী বঙাইগাওঁত।
আৰম্ভণিতে তেখেতে আৰ্থিক দূৰ্বলতাৰ কাৰণে এখন উন্নতমানৰ গোপাম খোলাটো বৰ কষ্টকৰ আছিল। সেয়েহে, তেখেতে উপযুক্ত পুঁজিৰ বাবে বহুত বেংকত আবেদন জনাইছিল। কিন্ত বেছি ভাগ বেংকে উপযুক্ত পুঁজি প্ৰদান কৰিবলৈ সন্মত হোৱা নাছিল। অৱশেষত স্টেট বেংক অফ ইণ্ডিয়াই প্ৰদান কৰা নূন্যতম ধনেৰে ৪ জনী উন্নত প্ৰজাতিৰ গাইগৰুৰে পামখন আৰম্ভণী কৰিছিল। কিন্তু সেই সময়ত অসমত এখন উন্নত বজাৰৰ অভাৱ; সেয়েহে তেওঁ পশ্চিমবংগৰ নক্সালবাৰীৰ পৰা গাইগৰু কিনি আনিছিল। বহু কষ্টৰে গোপামখন মুকলি কৰিছিল ঠিকেই, কিন্তু উৎপাদিত গাখীৰ বিক্ৰী কৰাৰ কোনো সুবিধা নাছিল। অৱশেষত ডা° গৌতম শৰ্ম্মাদেৱে নিজাববীয়াকৈ এখন দুগ্ধ গেলাৰী স্হাপন কৰিছিল। তেখেতৰ মতে, দুগ্ধ গেলাৰী খোলাৰ দিনা মাত্ৰ আধা লিটাৰ গাখীৰহে বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। কিন্তূ দৃঢ়মনা ডা° গৌতম শৰ্ম্মাই এতিয়া একেখন দুগ্ধ গেলাৰীৰ পৰা ৪০০ লিটাৰতকৈ অধিক গাখীৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। ডা° শৰ্ম্মাৰ এতিয়া ২ খন দুগ্ধ গেলাৰী আছে, য’ত দৈনিক সৰ্বমুঠ ৮০০ লিটাৰ গাখীৰ বিক্ৰী হয়। তেখেতে আৰু ২০০-২৫০ লিটাৰ গাখীৰ নিয়মীয়াকৈ বিভিন্ন ঠাইত যোগান ধৰে। এৱা গাখীৰ বিক্ৰী কৰাৰ লগতে তেখেতে উৎপাদিত গাখীৰৰ ২৫% গাখীৰৰ পৰা পণ্য প্ৰস্তুত কৰে যেনে প’নিৰ, দৈ ইত্যাদি। বৰ্তমান তেওঁ এৱাঁ গাখীৰ প্ৰতিলিটাৰত ৫০ টকা দৰত বিক্ৰী কৰাৰ উপৰিও নিয়মীয়াভাৱে যোগান ধৰা গাখীৰ ৪৮ টকাকৈ বিক্ৰী কৰে। তেওঁ নিজৰ উৎপাদিত গাখীৰৰ লগতে থলুৱা লোকসকলে উৎপাদন কৰা গাখীৰ বিক্ৰী কৰাৰ সুবিধা কৰি দিছে। ডা° শৰ্ম্মাৰ গোপামখনত বৰ্তমান ১০০ তকৈ অধিক গৰু আছে। তাৰে ৭০ জনীমান খীৰতী গাই। অধিক সংখ্যকেই হলস্টেইন ফ্ৰিজ’ন, জাৰ্ছী আৰু কিছু সংখ্যক চাহিৱাল প্ৰজাতিৰ। তেখেতৰ পামত কাম কৰিবলৈ ৯ জন কৰ্মচাৰী নিয়োগ কৰিছে আৰু ৫ জন কৰ্মচাৰী দুগ্ধ গেলাৰীখনত কাম কৰি আছে। ডা° গৌতম শৰ্ম্মাই এগ্ৰ-ভেত-ক্লিনিক্ছ নামৰ ফাৰ্মাচি এখন স্হাপন কৰি নিজে চোৱাচিতা কৰাৰ উপৰিও ২ জন কৰ্মচাৰী তেখেতৰ সহায়ৰ বাবে নিয়োজিত কৰিছে। তেখেতে পামখনত প্ৰয়োজনীয় সকলো ঘাঁহৰ খেতিয়কৰে প্ৰায় ১০ বিঘা মাটিত বিভিন্ন উন্নত জাতৰ ঘাঁহৰ খেতি যেনে- হায়ব্ৰিড নেপিয়াৰ , মাকৈ, ৰীনা, কাউপি আদি অন্যতম। ডা° শৰ্ম্মাদেৱে জানিব দিয়া মতে ভৱিষ্যতে তেওঁ ঘাঁহৰ খেতিৰ মাটিৰ পৰিমাণঁ বঢ়োৱাৰ লগতে গোপামখনো ডাঙৰ কৰাৰ পৰিকল্পনা কৰিছে। দুগ্ধ পালনৰ উপৰিও তেখেতে জৈৱিক সাৰ তথা কেঁচুসাৰ উৎপাদন কৰি তেওঁক গোপামখন পৰিস্কাৰ কৰি ৰাখিছে। তাৰ পৰা বহু টকা লাভ কৰিবলৈ সক্ষম হৈছে। জিলা খনৰ বহু অঞ্চলত তেখেতে কেঁচুসাৰ যোগান ধৰে। লগতে গোপাম খনত প্ৰয়োজন হোৱা ইন্ধন যোগানৰ বাবে বায়-গেছ টেন্ক স্হাপন কৰিছে। মুঠতে গোপামখন সম্পূৰ্ণ বিজ্ঞানসন্মত ভাৱে স্হাপন কৰিছে।
ডা° গৌতম শৰ্ম্মাদেৱৰ দুগ্ধ পামখনে গোটেই বঙাইগাঁও জিলাতে কিছু পৰিমাণে হ’লেও গাখীৰৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ মতে, আমাৰ অসমত জীৱ-জন্তুৰ ৰোগৰ লক্ষণ নিশ্চিত কৰিবৰ কাৰণে কোনোধৰণৰ সঠিক সা-সুবিধা নাই। আধুনিক যন্ত্ৰপাতি যেনে আল্ট্ৰাচাউণ্ড মেচিন আদিৰ অভাৱ। গতিকে এনেধৰণৰ অসুবিধাত তেওঁ এতিয়াও ভুগি আছে। তেখেত কৃত্ৰিম প্ৰজননৰ লগতে বিভিন্ন ধৰণৰ উন্নত প্ৰজাতিৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। উৎপাদন ক্ষমতা হ্ৰাস হোৱা গৰুবিলাকক বিক্ৰী কৰি দিয়াৰ কথাও ব্যক্ত কৰে। ডা° গৌতম শৰ্ম্মা আজিৰ যুগৰ যুৱক-যুৱতীৰ বাবে আদৰ্শ। স্ব-নিৰ্ভৰশীল হ’ব খোজা নিবনুৱা যুৱতী-যুৱতীৰ কাৰণে গোপালন হ’ব পাৰে উপাৰ্জনৰ সোণোৱালী পথ। একান্ত ভাৱে মনোনিৱেশ কৰিলে এই বৃত্তিয়ে এদিন অসম তথা ভাৰতবৰ্ষৰ গাখীৰৰ অভাৱ অন্ত পেলাব লগতে নিবনুৱা যুৱক-যুৱতী সকলৰ জীৱন সফল কৰি তুলিব। তাৰ বাবে আমাক লাগে মাথোঁ আগ্ৰহ আৰু অনুপ্ৰেৰণা। তেনে এক নিৰন্তৰ সাধনাৰ মূলমন্ত্ৰকে সৰোগত কৰাৰ চাক্ষুস প্ৰমাণ ডা° শৰ্ম্মাৰ গো-পামখন আৰু তেওঁ নিজেই। নিশ্চিতভাৱে ডা° গৌতম শৰ্ম্মা আজিৰ যুগৰ যুৱক-যুৱতীৰ বাবে এক আদৰ্শ স্বৰূপ। ডা° গৌতম শৰ্ম্মা ডাঙৰীয়ালৈ আমাৰ তৰফৰ পৰা যাঁচিছো অলেখ শুভ কামনা।

(তথ্যৰ উৎস অনুৰোধ ক্ৰমে উপলব্ধ)
*********************************************

~অৰ্জুন চন্দ্ৰ ৰায় (তৃতীয় বৰ্ষ),কুইন দেৱী (তৃতীয় বৰ্ষ) আৰু আৰিফ আহমেদ (দ্বিতীয় বৰ্ষ), লক্ষীমপুৰ পশু চিকিৎসা মহাবিদ্যালয় (অ.কৃ.বি.), উত্তৰ লক্ষীমপুৰ।

ইমেইল: arjunchandraray1@gmail.com,

দূৰভাষ: +৯১-৯৮৫৯৪২১৩৩৭

Leave a Response