ঘৰুৱা আৰ্ৱজনাৰ জৰিয়তে অৰ্থনৈতিক লাভালাভ Economic Return through Residential Garbage

~সীমান্ত দাস

১৯৬০ চনত হোৱা সেউজ বিপ্লৱে পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশকে আদি কৰি ভাৰতবৰ্ষৰ ভালেমান ৰা্জ্যৰ শস্য উৎপাদন হাৰ বৃদ্ধি কৰে । কিন্ত বৰ্দ্ধিত ৰাসয়নিক সাৰৰ প্ৰয়োগে মাটিৰ গুনাগুন তথা পৰিবেশলৈ এক ভাবুকি কঢ়িয়াই আনিছে। এনে ক্ষেত্ৰত পৃথিৱীৰ উন্নত দেশ সমূহৰ লগতে ভাৰতবৰ্ষতো জৈৱিক সাৰৰ উপযোগীতা আৰু প্ৰয়োগৰ চিন্তা-চৰ্চা চলিব ধৰিছে|
পৰিবেশ প্ৰদূষণ আৰু পৰিবেশৰ উপাদান সমুহৰ গুনাগুন ধ্বংস কৰাত মানুহৰ দৈনন্দিন কাৰ্য্যকলাপ সমুহে বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰে। ঘৰৰ পৰা ওলোৱা বিভিন্ন আৱৰ্জনা, পলিথিন বেগ, জীৱ-জন্তুৰ অৱশেষ, বৰ্জিত খাদ্য সমুহৰ সথিক আৰু সম্পূৰ্ণ ব্যৱহাৰে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। কৃষিজীৱী অসমিয়া লোকৰ প্ৰ্তি ঘৰতে দৈনন্ন্দিন বহুতো জৈৱিক আৰ্ৱজনা প্ৰস্তোত হয়। এই সমুহ বিজ্ঞান সন্মত প্ৰয়োগে অৰ্থনৈতিকভাৱে আমাৰ কৃষক সমাজক লাভাম্বিত কৰিব পাৰে। তলত ঘৰুৱা আৱৰ্জনা সমূহৰ কেতবোৰ সহজ অৰ্থনৈতিক প্ৰয়োগৰ কথা আলোচনা কৰা হ’ল।
ঘৰুৱা আৱৰ্জনা সমুহৰ প্ৰয়োগ:
ক) কেঁচুসাৰ: বিভিন্ন ৰাজ্যত বিভিন্ন পদ্ধিতি অনুসাৰে কেঁচুসাৰ প্ৰস্তুত কৰা হয়। অসমৰ বাবে প্ৰযোজ্য নিম্নতম খৰছৰ কেঁচুসাৰ প্ৰ্স্ত্তত প্ৰণালিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হ’ল, স্থানীয় ভাবে উপলব্ধ কলগছৰ বিভিন্ন অংশ, বাহঁ, গোৱৰ, পলিথিন আৰু বাহেঁৰে নিৰ্মিত টেংক। সাধাৰনতে বাহঁ আৰু পলিথিনেৰে নিৰ্মিত টেংকটো ২.৫মি.*০.৯১মি.*০.৯১মি. বা ২.৫মি.*১.২মি.*০.৭৬মি. জোখৰ কৰা হয়। কল গছৰ গা-গছ টুকুৰা-টুকুৰিকৈ কাটি শুকুৱা গোৱৰৰ সৈতে ৬০:৪০ অনুপাতত মিহলি কৰি প্ৰায় এমাহ টেংকত দিয়াৰ আগতে পচিবলৈ থৈ দিয়া হয়। টেংকত শিলগুটি (১৫ ছে.মি.) আৰু বালি (১৫ ছে.মি.) মিশ্ৰনৰ তৰপ এটা দিয়া হয়। কলগছ আৰু গোবৰৰ মিশ্ৰনটো টেংকত দিয়াৰ প্ৰায় দুসপ্তাহৰ পিছত উৎকৃষ্ট জাতৰ কেঁচুৰ প্ৰয়োগ কৰা হয়। এনে ধৰনৰ টেংকত প্ৰায় ৭৫০ গ্ৰাম কেঁচুৰ প্ৰয়োজন হয়। কেঁচুসাৰ উৎপাদনৰ ক্ষেত্ৰত উষ্ণতা আৰু আৰ্দ্ৰ্তা নিৰীক্ষণ যথেষ্ট হয়। প্ৰধান টেংকটোৰ লগতে ০.৩১মি.*০.৩১মি.*০.৩১মি. জোখৰ এটা গাত খন্দা হয় যাতে কেঁচুসাৰৰ পৰা নিৰ্গত জুলীয়া ভাৰ্মী ৱাছ (Vermi Wash) সমূহ জমা কৰাৰ লগতে উষ্ণতা আৰু আৰ্দ্ৰ্তা নিয়ন্ত্ৰিত হয় থাকে। সাধাৰনতে এনে ধৰনৰ এটা টেংকৰ পৰা প্ৰায় ৫ ৰ পৰা ৬ কুইণ্টল কেঁচু সাৰ তথা ১ ৰ পৰা ২ কে.জি. পৰ্যন্ত কেঁচুৰ উৎপাদন হয়।
কেঁচু সাৰৰ ৰাসায়নিক গঠন:
অম্লতা -৭.৪
জৈৱিক কাৰ্বন -২৬.৪৫
নাইট্ৰ’জেন -২.৩
ফচফৰাচ -২.৪%
পটাচ -৩.৪%
কেলচিয়াম -১৭০ পি.পি. এম
মেগনেচিয়াম -৬৪.০ পি.পি. এম
চালফাৰ -১৮২.০ পি.পি. এম
আয়ৰন -০.০৭৮%
মেংগানিজ -২০৭ পি.পি. এম
ক’পাৰ -১১.৯৮ পি.পি. এম
জিংক -৮১.৫৫ পি.পি. এম
অম্লতা -৭.৮৭
নাইট্ৰ’জেন -১৪৮২ (মিলিগ্ৰাম প্ৰতি লিটাৰত)
অৰ্থনৈতিকক্ষেত্ৰত চাব গ’লে প্ৰায় ১৪ কুইণ্টল এটা টেংকৰ পৰা ৭ কুইণ্টল কেঁচুসাৰ উৎপাদন হয়। বজাৰত ১ কুইণ্টল কেঁচুসাৰৰ মূল্য প্ৰায় ৮০০-১০০০ টকা তথা প্ৰত্যেক লিটাৰ Vermiwash- মূল্য ২ৰ পৰা ৫ টকা। কেঁচুসাৰৰ উপৰি ঘৰুৱা আৱৰ্জনা, শাক পাচালিৰ বাকলি আদি গাঁত কৰি পুতি থৈ উৎকৃষ্ট মানৰ জৈৱিক সাৰ খুব কম সময় আৰু কম খৰছতে উৎপাদন কৰিব পাৰি।
খ) জৈৱিক গেছ: LPG চিলিণ্ডাৰৰ অধিক প্ৰয়োগে প্ৰাকৃতিক সম্পদৰ নাটনিৰ সৃষ্টি কৰিছে। এনে ক্ষেত্ৰত বৰ্দ্ধিত জনসংখ্যাৰ চাহিদা পুৰণ কৰিবলৈ জৈৱিক গেছৰ অতি সহজতে উৎপাদন কৰিব পৰা যায়। জৈৱিক গেছ সমূহ উৎপাদনৰ বাবে ঘৰুৱা শাক পাচলি, ফল মূলৰ বাকলি, জুলীয়া অৱশেষ সমূহ ব্যৱহাৰ কৰা হয়। প্লাষ্টিক বা ইটাৰে নিৰ্মিত টেংক সমূহৰ জোখ সুবিধা অনুযায়ী সৰু বা ডাঙৰ কৰা হয়। সৰু সৰুকৈ কটা বাকলি সমূহ গোবৰৰ লগত মিহলি কৰি টেংকটোত ৰখা হয়। বায়ু প্ৰবাহ নোহোৱাকৈ নিৰ্মিত এই টেংকটোত আৱৰ্জনা ভৰাবলৈ, জৈৱিক গেছ নিৰ্গত হবলৈ তথা মিশ্ৰন পৃথক কৰিবলৈ নিৰ্দিষ্ট আকাৰৰ প্লাষ্টিক নলী সংযুত কৰা হয়। প্ৰায় এমাহৰ পিছত উৎকৃষ্ট মানৰ জৈৱিক গেছ উৎপন্ন হয় তথা ৰন্ধন গেছৰ উপযোগী হৈ পৰে। পৃথকিকৃত মিশ্ৰন সমূহ বৰণ তথা গোন্ধ বিহীন হয় আৰু বিভীন্ন গছ-গছনিত উৎকৃষ্ট সাৰ হিচাপে প্ৰয়োগ কৰা হয়।
গ) কাঠফুলা: সাধাৰণতে কাঠফুলা সমূহ বিষাক্ত বুলি গণ্য কৰা হয় আৰু খাদ্য তালিকাত ইয়াক অন্তৰ্ভক্ত কৰা হয়। বিশেষকৈ অসমীয়া খেতিয়ক সকল এই বিষয়ে সচেতন নহয়। সাধাৰাণতে খাদ্য উপযোগী কাঠফুলা সমূহ ইয়াৰ বৰণৰ উপৰত ভিত্তি কৰি বিষাক্ত কাঠফুলাৰ পৰা পৃথক কৰিব পাৰি।
খাদ্যোপযোগী সম্পূৰ্ণ বগা কাঠফুলাৰ প্ৰতি ১০০ গ্ৰাম কাঠফুলাৰ পৌষ্টিক তত্ব
শক্তি – ৯৩ কে জে
শৰ্কৰা – ৩.৩ গ্ৰাম
চৰ্বি – ০.৩ গ্ৰাম
প্ৰ’টিন – ৩.১ গ্ৰাম
থায়ামিন – ০.০৮ মি.গ্ৰাম
নিয়াচিন – ৩.৬ গ্ৰাম
ৰাইবফ্লেভিন – ০.৪ গ্ৰাম
ভিটামিন বি-৬ – ০.১ গ্ৰাম
ভিটামিন-ডি – ১%
কেলচিয়াম – ৩ গ্ৰাম
আয়ৰণ – ০.৫ গ্ৰাম
মেংগানিজ – ৯ গ্ৰাম
ফচফৰাচ – ৮৬ গ্ৰাম
পটাচিয়াম – ৩১৮ গ্ৰাম
চেলেনিয়াম – ১৩%
বৱ্যসায়ীৰ দৃষ্টিত প্ৰায় ১ কেজি কাঠফুলাৰ দাম ৩০০ ৰ পৰা ৪০০ পযৰ্ন্ত্য হয়গৈ। কাঠফুলাৰ খেতিৰ পৰা পোৱা পেলনীয়া খেৰ সমূহ কেঁচু সাৰত প্ৰয়োগ কৰিব পাৰি।
জৈৱিক সাৰৰ সুবিধা সমূহ :-
ক) ৰাসায়নিক সাৰৰ অত্যাধিক প্ৰয়োগে মাটিৰ গুনাগুণ, পানী সংৰক্ষণ তথা পোষক গুণ নাইকিয়া কৰিছে এনে ক্ষেত্ৰ্ত জৈৱিক সাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে।
খ) ঘৰুৱা আৱৰ্জনা সমূহৰ প্ৰয়োগে ঘৰখন চাফ চিকুন কৰি ৰাখি ৰোগমুক্ত কৰি তোলে।
গ) আমাৰ অসমত ধান খেতিৰ পৰা উৎপন্ন হোৱা প্ৰচুৰ ধান খেৰ কাঠফুলাৰ উৎপাদনত লাভজনক ভাৱে ব্যৱহাৰ কৰিব পাৰি।
ঘ) কেঁচুসাৰৰ মাটিত প্ৰয়োগে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে তথা খেতিৰ পৰিবেশ সুলভ সাৰ হিচাপে প্ৰযোজ্য।
ঙ) গো মূত্ৰ সংৰক্ষণ কৰি ৰাসায়নিক পতংগ নিয়ন্ত্ৰক বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।

*********************************************
~সীমান্ত দাস,

বিশ্বনাথ কৃষি মহাবিদ্যালয় (অ, কৃ, বি,),

বিশ্বনাথ চাৰিআলি, অসম-৭৮৪১৭৬

ফোন – ৮৮৭৬৪৭৪৪৭৩

Submit your review
1
2
3
4
5
Submit
     
Cancel

Create your own review

Average rating:  
 0 reviews

Leave a Response