ব্যৱসায়িক ভিত্তিত ছাগলী পালন Rearing Goats on Commercial Basis

দেশৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যা আৰু সংকুচিত কৃষিভূমিৰ পৰিপ্ৰেক্ষিতত তথা নিবনুৱা সমস্যাই গা-কৰি উঠাৰ সময়ত পশুপালনে এক বিশেষ গুৰুত্ব লাভ কৰিছে৷ অতীজৰে পৰা পশুপালনে গ্ৰাম্য অৰ্থনীতিত এক বিশেষ ভূমিকা পালন কৰি আহিছে ৷ গ্ৰাম্য অঞ্চলৰ অৰ্থনৈতিক আৰু আত্মনিয়োজনৰ এক বিশেষ আহিলা হিচাপে গো-পালন, কুকুৰা পালন আদিৰ দৰে ছাগলী পালনেও অপৰিহাৰ্য্য ভূমিকা লোৱা দেখা যায়৷ বহু পাকস্থলীযুক্ত বা ৰোমান্থক (Ruminant) পোহনীয়া জীৱ-জন্তুৰ ভিতৰত ছাগলীকে মানুহে প্ৰথম পোহ-পাল দিবলৈ লৈছিল ৷ অতি সহজে কম মূলধনৰে ছাগলী পালন কৰিব পাৰি; সৰু শাৰীৰিক গঠন আৰু শান্ত স্বভাৱৰ বাবে ইয়াক ৰাখিবলৈ কম ঠাইৰ প্ৰয়োজন হয় আৰু মহিলা বা বৃদ্ধয়ো ইয়াক সহজে পালন কৰিব পাৰে ৷ থলুৱা সামগ্ৰীৰে ঘৰটো বৰ সাধাৰণভাৱে সাজি উলিয়াব পাৰি আৰু বিশেষ পৰিশ্ৰম নকৰাকৈ এঘৰ মানুহে ৪-৫ টা ছাগলী অতি সহজে বিজ্ঞানসন্মত ভাৱে প্ৰতিপালন কৰি লাভৱান হ’ব পাৰে ৷ সেয়েহে ছাগলীক দুখীয়া মানুহৰ গাই আখ্যা দিয়া হয় ৷ ছাগলী পামৰ (Farm) সফলতা প্ৰধানকৈ নিৰ্ভৰ কৰে কৃষকৰ প্ৰয়োজনীয় পৰিশ্ৰম, আস্থা, ধৈৰ্য্য আৰু বৈষয়িক জ্ঞানৰ ওপৰত ৷ সেয়েহে ছাগলী-পালনৰ বিভিন্ন ব্যৱহাৰিক দিশসমূহ এই লিখনিত সহজ-সৰল ভাষাত বৰ্ণনা কৰা হৈছে৷
ছাগলী-পালনৰ পদ্ধতি :
ব্যৱসায়িক ভিত্তিত ছাগলী-পালনৰ বাবে অপৰিহাৰ্য্য অঙ্গ হ’ল বিজ্ঞানসন্মত পালন পদ্ধতি অৱলম্বন কৰা ৷ স্বাভাৱিকতে ছাগলীয়ে ওখ, শুকান, পৰিস্কাৰ আৰু বায়ু চলাচল কৰাৰ’দ পৰা ঠাইত থাকিবলৈ ভাল পায় ৷ ইহঁতে নিজৰ প্ৰয়োজন অনুসৰি বিভিন্ন উৎসৰ পৰা খাদ্য গ্ৰহণ কৰি খাদ্যৰ সন্তুলন বজাই ৰাখে ৷ ছাগলী-পালনত সাধাৰণতে তলত উল্লেখ কৰা পদ্ধতিসমূহ অৱলম্বন কৰিব পাৰি –
১) এৰাল দিয়া,
২) গড়ালত আৱদ্ধ কৰি ৰাখি পালন কৰা,
৩) গোটেই দিনটো চৰিবলৈ দিয়া, আৰু
৪) দিনৰ আধা সময় (পুৱা বেলা) চৰোৱা আৰু আধা সময় গড়ালত পোহ-পাল কৰা ৷
পৰীক্ষা-নিৰীক্ষাৰ পৰা দেখা গৈছে যে ছাগলী-পালনত অধিক লাভৱান হ’বলৈ হ’লে দিনৰ আধা সময় চৰাব লাগে আৰু দুপৰীয়াৰ পিছত গড়ালত ৰাখি দানা-পানী, ঘাঁহ আদি যোগান ধৰিব লাগে ৷
ছাগলীৰ জাত :
ব্যৱসায়িক ভিত্তিত ছাগলী পোহাৰ কথা ক’লেই প্ৰথমে ভাৱিব লগা কথাটো হৈছে ইয়াৰ জাত নিৰ্ব্বাচন ৷ আছাম হিল গ’ট (Assam Hill Goat) বা থলুৱা জাত যাৰ শাৰীৰিক বৃদ্ধিৰ হাৰ দেশৰ আন আন উচ্চমান বিশিষ্ট প্ৰজাতিৰ তুলনাত বৰ কম ৷ সাধাৰণতে, মাংসৰ বাবে ইয়াক পোহা হয় ৷ গাখীৰৰ উৎপাদন বহুত কম ৷ গাৰ গঠন সৰু আৰু ইহঁতৰ এবাৰত দুটা বা ততোধিক পোৱালী দিয়াৰ ক্ষমতা আছে ৷ ছাগলীৰ উচ্চমানৰ প্ৰজাতিবোৰ হৈছে – বিটেল (Beetal), বাৰবাৰী (Barbari), যমুনাপাৰি (Jamunapari) আদি যাৰ বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আৰু দৈনিক এক-ডেড় লিটাৰ পৰ্য্যন্ত গাখীৰ উৎপাদন কৰাৰ ক্ষমতা থাকে ৷ কিন্তু এই জাতবোৰৰ পালন পদ্ধতি যথেষ্ট উচ্চমানৰ হ’ব লাগে আৰু ইহঁতে অসমৰ জলবায়ুৰ লগত সহজে খাপ খোৱাত অসুবিধা হয় ৷ এই অসুবিধাটো দূৰ কৰাৰ কাৰণে উন্নত জাতৰ মতা ছাগলীৰ দ্বাৰা থলুৱা জাতৰ মাইকী ছাগলীক প্ৰজণন কৰাই পিচৰ প্ৰজন্মৰ উৎপাদন বঢ়াব পাৰি ৷ আজি-কালি কৃত্ৰিম প্ৰজণন (Artificial Insemination) প্ৰক্ৰিয়াৰ সহায় লৈও দো-ভচীয়া বা বৰ্ণসংকৰ ছাগলী পোৱালী পাব পাৰি ৷ কৃত্ৰিম প্ৰজণনৰ বাবে প্ৰয়োজনীয় উন্নত জাতৰ মতা ছাগলীৰ বীৰ্য্য পশুপালন আৰু পশুচিকিৎসা বিভাগৰ চিকিৎসালয় বোৰত পোৱা যায় ৷
ছাগলীৰ ঘৰ :
ছাগলীয়ে মুকলি বতাহ আৰু শুকান শোৱা ঠাই ভাল পায় ৷ ছাগলীৰ ঘৰৰ বাবে ওখ, শুকান, সুৰক্ষিত, উৎকট গৰম নোহোৱা আহল-বহল বতাহ অহা-যোৱা কৰাৰ সুবিধা থকা আৰু পোহৰ পৰা ঠাই উপযুক্ত ৷ ছাগলী ৰাখিবলৈ ব্যৱহাৰ কৰা ঘৰৰ মূখ্য উদ্দেশ্য হ’ল – অত্যাধিক গৰম, ঠাণ্ডা আৰু সেমেকা জলীয় বাষ্প আদি প্ৰতিকূল প্ৰভাৱৰ পৰা ছাগলী কেইটাক ৰক্ষা কৰা ৷ আমাৰ ৰাজ্যত যিহেতু বৰষুণ আৰু বায়ুৰ আদ্ৰতা বেছি, সেয়ে এনে ঠাইত ছাগলীৰ বাবে চাংঘৰ বেছি উপযোগী ৷ চাংঘৰটোৰ মজিয়াখন ভেঁটি বা মাটিৰ পৰা ৩-৩.৫ ফুট ওখ হ’ব লাগে ৷ ইয়াত ছাগলীৰ মল-মূত্ৰ সকলো সৰকি তলত পৰি যাব পাৰে বাবে ছাগলী মল-মূত্ৰৰ সংস্পৰ্শলৈ নাহে আৰু ফলত বহুধৰণৰ পেলু আৰু শ্বাস-প্ৰশ্বাস সম্বন্ধিতবেমাৰৰ পৰা মুক্ত হৈ থাকে ৷ ঘৰৰ বেৰবোৰ এনেদৰে বনোৱা উচিত যাতে মুকলি-মুৰীয়াকৈ বতাহ সোমাব পাৰে ৷ ঘৰৰ চালখন খেৰ বা টকৌপাতেৰে বনাব লাগে যাতে বছৰৰ সকলো সময়তে কোঠাটোৰ উষ্ণতা প্ৰায় একে থাকে ৷ ছাগলীৰ সংখ্যা অনুসৰি ঘৰৰ মজিয়াৰ কালি নিৰ্দ্ধাৰণ কৰি ঘৰ নিৰ্মাণ কৰা উচিত ৷ সাধাৰণতে এজনী পূৰ্ণবয়স্ক ছাগলীক ১১.২৫ বৰ্গফুট (৪.৫ × ২.৫) মজিয়াৰ প্ৰয়োজন হয় ৷ তেনেদৰে, এটা পূৰ্ণবয়স্ক মতা ছাগলীৰ বাবে ৩৮ বৰ্গফুট (৭.৫ × ৫) ঠাইৰ আৱশ্যক ৷ দহটা তিনিমহীয়াৰ পৰা এবছৰীয়া পোৱালীৰ কাৰণে আৱশ্যক হোৱা একোটা কোঠালী ৪৮ বৰ্গফুট (৮ × ৬) জোখৰ হ’লে ভাল ৷ একোটা ডাঙৰ কোঠালীত একেলগে ৫০-৬০ জনীলৈকে মাইকী ছাগলী ৰাখিব পাৰি ৷ তেনেদৰে, একেলগে ১০-১২ টা পোৱালী একেলগে ৰাখিব পাৰি ৷ প্ৰজণনক্ষম মতা ছাগলী সদায় পৃথক কোঠাত ৰাখিব লাগে ৷ বেমাৰী ছাগলীৰ বাবে বেলেগ ঘৰ এটা বনোৱা অতি দৰকাৰী ৷
পামৰ বাবে উৎকৃষ্ট ছাগলীৰ বাছনি :
ক) মাইকী ছাগলীৰ বাছনি :
যি জাতৰ নহওঁক লাগে ছাগলীজনীৰ দৈহিক গঠন আকৰ্ষণীয়, সু-স্বাস্থ্যৰ আৰু থিয় হৈ থাকোতে চাৰিওখন ঠেঙত সমানে থিয় দিব পৰা হ’ব লাগে ৷ গাখীৰ উৎপাদনৰ বাবে পোহা ছাগলীৰ ক্ষেত্ৰত সন্মুখফালতকৈ পিছফালটো বেছি বহল আৰু ছাল কোমল হ’ব লাগে ৷ ওহাঁৰ আৰু বাটবোৰ যথাস্থানত থকা আৰু কোমল হ’ব লাগে ৷ কম বয়সত প্ৰজণন ক্ষমতা পোৱা, প্ৰথম পোৱালি জন্ম দিয়া, এবাৰ পোৱালি দিয়াৰ পৰা আনটো পোৱালি হোৱালৈকে কম সময় লগা, এবাৰত কেইবাটাও পোৱালি দিয়া, বেছি গাখীৰ দিয়া, কম সময়ত ওজন বৃদ্ধি হোৱা আদি লক্ষণবোৰ ছাগলীজনীৰ নিজৰেই বা তাইৰ মাকৰ থকাটো অতি প্ৰয়োজনীয় ৷
খ) মতা ছাগলীৰ বাছনি :
প্ৰজণনৰ বাবে ব্যৱহাৰ কৰামতা ছাগলীটো ভাল জাতৰ হোৱা উচিত ৷ ওপৰত বৰ্ণনা কৰা মাইকী ছাগলীৰ গুণবোৰ মতা ছাগলীটোৰ মাকৰো থকা দৰকাৰ ৷ মতা ছাগলীটো বয়স অনুপাতে ওখ, ওজন থকা, বলী, আটিল স্বাস্থ্যৰ, ঠেং কেইটা মাটিত সমানে পাৰিব পৰা, কোমল ছালৰ, মিহি নোমৰ আৰু দুয়োটা অণ্ডকোষ (Testes) স্পষ্ট আৰু ডাঙৰ হ’ব লাগে ৷
ছাগলীৰ প্ৰজনন সমন্ধীয় কিছু জানিব লগা কথা:
পুষ্টি বা খাদ্য যোগান আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ কৰি চেউৰী ছাগলীয়ে ৮-১৪& মাহ বয়সত আৰু মতা ছাগলীয়ে ১০-১৬ মাহ বয়সত প্ৰজনন ক্ষমতা লাভ কৰে৷ ছাগলীৰ প্ৰজনন চক্ৰ ১৮-২৪ দিনীয়া (গড়ে ২১ দিন) হয় আৰু ২৪-৪৮ ঘন্টা পৰ্যন্ত গৰম হৈ থাকে৷ গৰমৰ লক্ষণ দেখা দিয়াৰ পৰা ১২-২০ ঘন্টাৰ ভিতৰত প্ৰজনন কৰাব লাগে (মতা ছাগলীৰ সহায়ত বা কৃত্ৰিম পদ্ধতিৰে) ছেউৰী ছাগলী প্ৰথমবাৰ গৰম হওতে প্ৰজনন কৰাব নালাগে বা প্ৰথম দুটা গৰম বাদ দি তৃতীয়টো গৰমত কৰাব লাগে৷ সেইদৰে পোৱালি দিয়া ছাগলীক পোৱালিক পোৱালি দিয়াৰ ৪৫ দিন পাছত প্ৰজনন কৰাব লাগে৷ পালখোৱাৰ বা প্ৰজনন কৰাৰ পৰা ১৪৭-১৫৩ (গড় ১৫০) দিনৰ ভিতৰত পোৱালি দিয়ে আৰু ইহঁতে দুবছৰত তিনিবাৰ পোৱালি জন্ম দিব পাৰে৷
গাভিনী ছাগলীক পৰ্যাপ্ত পৰিমাণৰ পুষ্টি যোগান ধৰিব লাগে ৷ ইহঁতৰ যুদ্ধ কৰা, ঠেলা-হেচাঁ কৰা, বহুদুৰ খোজ কঢ়া, জাপ মৰা, সৰু ফুটাৰে সৰকি যোৱা আদি কাৰ্য্যত বাধা দিব লাগে৷ ইহঁতক একোটা পৰিষ্কাৰ কোঠাত অকলসৰে ৰাখিব লাগে৷ গৰ্ভাৱস্থাৰ শেষৰ ফালে খাদ্যৰ পৰিমাণ অলপ বঢ়াই দিব লাগে৷ পোৱালি জন্মৰ ৩-৪ দিন আগৰ পৰা কোঠাটোত বীজানুনাশক দ্ৰব্য ছটিয়া মজিয়াত বস্তা বা খেৰৰ কোমল গাদীৰ ব্যৱস্থা কৰিব লাগে,যাতে পোৱালীয়ে কষ্ট নাপায়৷ পোৱালি জন্মৰ আগৰ কেইদিনত সহজে হজম হোৱা আৰু পাকস্থলী পৰিষ্কাৰ কৰিব পৰা চাপৰ জাতীয় খাদ্য দিব লাগে৷ মাকজনীক মাজে মাজে নিৰিক্ষণ কৰি থাকিব লাগে৷ পোৱালি জন্ম হোৱাৰ ৩০ মিনিটৰ পৰা ৪ ঘণ্টাৰ ভিতৰত জল বা ফুল ওলাই আহিব আৰু তেনে নহ’লে পশু চিকিৎসকৰ সহায় লব লাগে ৷ পোৱালি জন্ম দিয়াৰ পিছত মাকক অলপ কুহুমীয়া পানী বা ভাতৰ মাৰ আদি খাবলৈ দিলে ভাল ৷
পোৱালিৰ যতন :
জন্মৰ লগে লগে ছাগলী পোৱালিৰ গাত লাগি থকা বিজলুৱা পদাৰ্থবোৰ পৰিষ্কাৰ কোমল শুকান কাপোৰেৰে মচি চাফা কৰি দিব লাগে ৷ নাভিৰ নাড়ীডাল ২ ইঞ্চিমান দূৰত্বত বীজাণুমুক্ত ছুৰী, ব্লেড বা কেঁচিৰে কাটি দি তাত আয়োডিন বা ডেট’ল লগাই দিব লাগে ৷ উশাহ লোৱাত কষ্ট পালে পোৱালিটোৰ বুকুৰ ওপৰত মালিচ কৰি জোকাৰি দিব লাগে আৰু কৃত্ৰিমভাৱে উশাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷ জন্মৰ ৩০ মিনিটৰ ভিতৰত মাকৰ প্ৰথম গাখীৰ বা ফেঁহু দিয়াটো দৰকাৰী ৷ পোৱালিবোৰক ৩-৪ মাহ বয়সত মাকৰ গাখীৰ এৰুৱাব লাগে আৰু প্ৰজণনৰ বাবে উপযুক্ত বুলি গণ্য কৰা মতা পোৱালিক ৩ মাহ বয়সত খাহী কৰিব লাগে ৷ চাৰি সপ্তাহ বয়সত এপালি পেলুৰ ঔষধ খুৱাব লাগে ৷ পোৱালিবোৰক খেলিবলৈ বা জপিয়াবলৈ যথেষ্ট ঠাই দিব লাগে ৷
ছাগলীৰ খাদ্য :
ছাগলীয়ে প্ৰায় সকলো প্ৰজাতিৰ গছৰ পাত, ফল-মূল, ফুলৰ কলি, জোপোহা গছৰ ডাল-পাত আদি খায় ৷ সেয়েহে ইয়াক পোহোতে হোৱা খৰচ অন্য ঘৰচীয়া জন্তুতকৈ কম ৷ উচ্চ প্ৰজাতিৰ ঘাঁহ যেনে- মাকৈ, যৱ (Oat), পাৰা, গীনি আদিৰ লগতে ঘাঁহ-বন, মহানিম, ঘোঁৰানিম, বগৰী, আহঁত আদিৰ পাত, বাৰীৰ শাক-পাচলি, ইয়াৰ পেলনীয়া অংশ আদি ইহঁতৰ প্ৰিয় খাদ্য ৷ এই কেঁচা ঘাঁহৰ লগত যদি সামান্য সুষম দানা দিব পৰি যায় তেনেহ’লে ওজন বঢ়াৰ লগতে বহু বেমাৰৰ পৰা মুক্ত হ’ব পাৰি ৷ পোৱালি, বাঢ়নীয়া অথবা গাখীৰ দিয়া ছাগলীৰ বাবে আৱশ্যকীয় দানাৰ একোটাকৈ নমুনা তলত উল্লেখ কৰা হ’ল –
ক) পোৱালিৰ দানা –

ভঙা বুট ——————————২০%
ভঙা মাকৈ ————————— ২২%
বাদামৰ খলিহৈ ———————–৩৫%
চাপৰ ———————————-২০%
খনিজ লৱণৰ মিশ্ৰণ —————— ২৫%
সাধাৰণ লৱণ ————————–0.৫%
খ) বাঢ়নীয়া ছাগলীৰ দানা –
ভঙা মাকৈ ————————৪০%
বাদামৰ খলিহৈ ————————- ২২%
চাপৰ ————————–৩৫%
খনিজ লৱণ —————————২%
সাধাৰণ লৱণ —————————১%

গ) খীৰতী ছাগলীৰ দানা –
ভঙা বুট ————————-১৫%
ভঙা মাকৈ ————————– ৩৭%
বাদামৰ খলিহৈ ————————– ২৫%
চাপৰ ————————– ২০%
খনিজ লৱণৰ ————————–২.৫%
সাধাৰণ লৱণ ————————–০.৫%
ইয়াৰ উপৰি, প্ৰতি ১০০ কেজি দানাত ২০ গ্ৰাম ভিটামিন বা খাদ্যপ্ৰাণ মিহলোৱা উচিত ৷
ছাগলীৰ স্বাস্থ্যৰ যতন :
পৰিষ্কাৰ পৰিবেশত ৰাখি ভালদৰে খাদ্য যোগান ধৰিলে ছাগলীৰ বিশেষ কোনো বেমাৰ নহয় ৷ তদুপৰি সকলো ছাগলীকে সময়মতে পেলুৰ ঔষধ খুৱাব লাগে আৰু দুটামান বেমাৰৰ প্ৰতিষেধক ছিটা দিব লাগে ৷ ডাঙৰ ছাগলীকো বছৰত ২-৩ বাৰ পেলুৰ দৰৱ খুৱাই লগতে অলপ লিভাৰ টনিক (Liver tonic) ৩-৪ দিনৰ বাবে খুৱাব লাগে ৷ তিনিমাহৰ ওপৰৰ সকলো ছাগলীকে প্ৰতিষেধক ছিটা দিব লাগে ৷ কোনো ছাগলীৰ বেমাৰ হ’লে, তাক অকলশৰীয়াকৈ ৰাখি চিকিৎসা কৰিব লাগে ৷ কম ঠাইতে বেছিকৈ ছাগলী ৰাখিব নালাগে ৷ যিকোনো মানুহক ছাগলীৰ গড়াললৈ যাবলৈ দিব নালাগে ৷

*******************************************

~ডা° কনক চন্দ্ৰ বৰ্মণ,
~ডা°অসীম কুমাৰ শইকীয়া,
~ডা° সঞ্জীৱ খাৰঘৰীয়া
লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়,জহিং;
অসম কৃষি বিশ্ববিদ্যালয় ৷

কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজি ৷

Submit your review
1
2
3
4
5
Submit
     
Cancel

Create your own review

Average rating:  
 0 reviews

1 Comment

  1. নমস্কাৰ ছাৰ,
    ভাল লাগিল । লগতে কোৱেল পক্ষীৰ বিতং তথ্য সমৃদ্ধ_ সহজ লভ্য আৰু সামৰ্থৰ পৰিশৰৰ দৃষ্টিভংগীৰে_ব্যৱসায়ীক ভাবে সহায়ক হোৱাকৈ_কিছু আশা কৰি__অপেক্ষাত ।
    ধন্যবাদ

Leave a Response