জৈৱিক কৃষি পদ্ধতিৰ ভবিষ্যত- কেঁচুসাৰ Vermicompost-Future of Organic Farming

~দিখাস্মিতা বেজবৰুৱা।

সম্প্ৰতি পৃথিৱীৰ সকলা দেশতে জৈৱিক পদ্ধতিত উৎপাদিত কৃষিজাত সামগ্ৰীৰ চাহিদা দ্ৰুত গতিত বাঢ়িছে। মানুহৰ স্বাস্থ্য সচেতনতাই জৈবিক কৃষি পদ্ধতিৰ গুৰুত্ব বৃদ্ধি কৰিছে। জৈবিক কৃষি পদ্ধতিত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে শস্য-পথাৰত জৈবিক বা কেঁচুসাৰ, গোবৰ আদি যোগান ধৰা হয়।
কেঁচুসাৰৰ সুবিধাসমূহ হ’ল:
১) কেঁচুসাৰত বিভিন্ন উদ্ভিদ বা শস্যৰ বাবে লাগতিয়াল খাদ্য সহজে গ্ৰহণ কৰিব পৰা ধৰণে মজুত থাকে।
২) শস্যৰ শ্ৰী বৃদ্ধিৰ বাবে লাগিতয়াল সকলো মৗল যেনে- হৰমন, ভিটামিন আদি কেঁচুসাৰৰ পৰা পাব পাৰি।
৩) মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে প্ৰয়োজনীয় জীৱাণু কেঁচুসাৰত থাকে।
৪) কেঁচুসাৰ প্ৰস্তুত প্ৰণালী সহজ আৰু খৰচ কম।
কেঁচুসাৰ প্ৰস্তুত কৰণৰ বাবে লাগিতয়াল সামগ্ৰী :
ঘাহঁ-বন, শাক-পাচলি আৰু ফল-মূলৰ পেলনীয়া অংশ কেঁচুসাৰৰ বাবে প্ৰয়োজন। সাধাৰণতে কেঁচুয়ে বিভিন্ন ধৰণৰ আধা পঁচা জৈৱ পদাৰ্থ যেনে গছৰ পাত, জীৱ-জন্তুৰ গোবৰ, ঘাঁহ, নাৰিকলৰ বাকলি আদি খাদ্য হিচাপে গ্ৰহণ কৰে। কেঁচুসাৰৰ উৎপাদন আৰু গুণমান খাদ্য, পানীৰ পাৰিমাণ, উষ্ণতা, কেঁচুৰ প্ৰজাতি আদিৰ ওপৰত বহুগুণে নিৰ্ভৰ কৰে।
কেঁচুসাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি:-
সচৰাচৰ পকী টেংকী বা টাবত কেঁচু সাৰ প্ৰস্তুত কৰা হয়। পকী টেংকীৰ প্ৰস্থ তিনি ফুট, উচ্চতা ২-২.৫ ফুট আৰু দৈৰ্ঘ্য ইচ্ছানুসৰি কৰিব পাৰি। সাধাৰণতে পানী জমা নোহোৱা, ছাঁ পৰা ঠাইত এনে টেংকী বনাব লাগে। ৰ’দ-বৰষুণ নপৰিবৰ বাবে টেংকীৰ ওপৰত টিন বা খেৰৰ একোখন চালি দিব লাগে। টেংকীৰ মজিয়াখন পকী কৰাটো ভাল। এনে মজিয়াৰ ওপৰত প্ৰথমে মাটি বা বালিৰ এক-দুই ইঞ্চি তৰপ দি তাৰ ওপৰত এক-দুই ইঞ্চি জৈৱিক আৱৰ্জনা আৰু আধা পচা গোবৰ ৬০:৪০ অনুপাতত তৰপে তৰপে ভৰাই যাব লাগে। মন কৰিবলগীয়া কথা হ’ল জৈৱিক আৱৰ্জনাসমূহ প্ৰয়োজন অনুসৰি সৰু সৰুকৈ কাটি ৭-১০ দিন দ’ম কৰি থৈ দিব লাগে, যাতে সেইবোৰ আধা পচা হয়। টেংকীটো সম্পূৰ্ণকৈ ভৰাই লোৱাৰ পাছত উপযুক্ত যিকোনো এবিধ প্ৰজাতিৰ কেঁচু (যেনে- আইচেনিয়া ফ’টিদা, পেৰিঅ’নিক্স এক্সাভেটাছ, ইউড্ৰিলাছ ইউজিনি, এমাইনথেছ ড্ৰিফিনজেনছ, লেমপিট’ মৰিচি আদি) মেলি দি বস্তা বা শুকান খেৰেৰে ঢাকি দিব লাগে। জৈৱিক আৱৰ্জনাৰ মিশ্ৰণটো যাতে সেমেকি থাকে তাৰ বাবে মাজে মাজে পানী ছটিয়াই থাকিব লাগে। প্ৰায় ৪৫-৬০ দিনৰ ভিতৰত আৱৰ্জনাবোৰ পচি কেঁচু সাৰ তৈয়াৰ হয়। আৱৰ্জনাৰ মিশ্ৰণটো ক’লা বা মুগা বৰণৰ হ’লেই বুজা যাব কেঁচু সাৰ চপাবৰ হৈছে। প্ৰস্তুত হোৱা সাৰখিনি তৰপে তৰপে ছাঁ পৰা ঠাইত দ’ম কৰি (৫/৬ ঘন্টা) থ’ব লাগে। তাৰ পাছত ছাঁত শুকুৱাই কেঁচু সাৰবোৰ চালি কেঁচুবোৰ পৃথক কৰি ল’ব পৰা যায়। কেঁচুসাৰ দ’মবোৰৰ চাৰিওফালে কেঁচা গোবৰৰ বল বনাই থ’লেও কেঁচুৰ পৃথকীকৰণ সহজ হয়।
কেঁচুসাৰ প্ৰস্তূতিৰ সময়ত লবলগীয়া সাৱধানতা :
১) ছাঁৰ ব্যৱস্থা কৰি ৰ’দ বৰষুণৰ পৰা কেঁচুবোৰক নিৰাপদে ৰাখিব লাগে।
২) চৰাই, এন্দুৰ প্ৰতিৰোধ কৰা দৰকাৰ ।
৩) কেঁচুসাৰ প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা পাত্ৰতো সময়ে সময়ে পানী ছটিয়াই থাকিব লাগে।
৪) অতিৰিক্ত পানী জমা হ’লে কেঁচুবোৰ মৰি যাব পাৰে বা অন্য ঠাইলৈ গুচি যাব পাৰে।
কেঁচুসাৰৰ প্ৰয়োগ:
কেঁচুসাৰ সকলা ধৰণৰ খেতিতে প্ৰয়োগ কৰিব পৰা উত্তম জৈৱসাৰ। উদান শস্য, শাক-পাচলি আদিত ইয়াৰ প্ৰয়োগ ফলপ্ৰসু বিবেচিত হৈছে। খেতিয়কৰ পৰম বন্ধু কেঁচুৰ পৰা উৎপাদিত কেঁচুসাৰ খেতি-বাতিত এক জীৱন সংগিনী হিচাপে গণ্য কৰিব পাৰি।
(তথ্যৰ উৎস অনুৰোধ ক্ৰমে উপলব্ধ)

*************************************
~দিখাস্মিতা বেজবৰুৱা, ২ য় বৰ্ষৰ ছাত্ৰী, শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদালয়, অ.কৃ.বি., ধুবুৰী, অসম।
ই-মেইল: xero1234101@gmail.com দূৰভাষ:+৯১-৯৯৫৭৭৯৪২৯২

Leave a Response