ডাপগ পদ্ধতি

প্ৰতিবছৰে বানপানী আহি পকা আহুধানৰ ভাত মুঠি মুখৰ পৰা কাঢ়ি লৈ যায় । শালি ধানৰ ৰোৱাডৰা সাগৰ সদৃশ কৰি তোলে । আনকি কঠীয়ানিত থৈ দিয়া অৱশিষ্ট কঠীয়া কেইডালৰো মূৰ মাৰে । কেতিয়াবা হয়তো গৰু গায়ে খাই নষ্ট কৰে বা দিন বঢ়াত গাঁঠি ধৰি ৰুবৰ বাবে অনুপযুক্ত হয় । আনহাতে বানপানী শুকাই যোৱাৰ লগে লগে পথাৰৰ বুকুত পুনৰ গুজিবলৈ কেইডালমান কঠীয়াৰ অতীৱ প্ৰয়োজন হৈ পৰে । এই পৰিস্থিতিত কৃষক ৰাইজৰ বাবে এনে এটি কঠীয়া পৰাৰ অভিনৱ পদ্ধতিৰ বিষয়ে অৱগত কৰিব খুজিছো- যাৰ দ্বাৰা অতি কম খৰছ আৰু তাকৰীয়া মাটিত কৰি এপষেকৰ ভিতৰত ৰুব পাৰি ।
এই পদ্ধতিৰে কৰাকে ডাপগ পদ্ধতিৰ কঠীয়া বুলি কোৱা হয়, যি পদ্ধতিৰ লগত হয়তো অসমৰ কৃষকৰ পৰিচিত নাইকিয়া বুলিয়ে কব পাৰি । অথচ এই পদ্ধতিটো ইমান সহজ আৰু গাঁৱত বিনা পইচাৰে পোৱা বস্তুৰে কৰিব পাৰি যে প্ৰকৃতিৰ খামখেয়ালীৰ লগত ফেৰ মাৰি থাওকতে কঠীয়া প্ৰস্তুত কৰি পৰিস্থিতিৰ জোৰা মাৰিব পাৰি ।
কঠীয়াতলিৰ বাবে লায়েকৰ পথাৰত অথবা বাৰীৰ চুকত এডোখৰ ঠাই নিৰ্বাচন কৰক । ওখচানেকীয়া এই মাটি ডোখৰত দুই এবাৰ হাল বাই বা কোৰ মাৰি তাৰ পিছত মৈয়াই সমান কৰি লওক । ডেৰ মিটাৰ বহল আৰু দুই মিটাৰ বহল কৰি জুখি লৈ চাৰিওফালে লোৰ খান্দি তলিখন ওখ কৰি বান্ধক যাতে পানী বন্ধ হৈ নৰয় । আৱশ্যক অনুযায়ী তলিৰ সংখ্যা নিৰ্ণয় কৰি লব । দুখন তলিৰ মাজত ২০ চেন্টিমিটাৰ বা একোৰ বহলৰ একোটা লোৰ ৰাখিব ।

বাৰীৰে দুখিলামান কলপাত কাটি আনি তাক ভোজ খাবলৈ পাত কটাৰ দৰে চিতিয়াই লওক । পাতবোৰ কঠীয়াতলিত শাৰী শাৰীকৈ পাৰক । পাত পাৰোতে মন কৰিব যাতে পিঠিখন ওপৰলৈ পৰে আৰু দুখন পাতৰ মাজত খালি ঠাই অকনো নেথাকে, লাগে কোনো কোনো অংশত ওপৰা উপৰিয়ে হওক । এতিয়া কলপটুৱা কেইখনমান এৰুৱাই আনি জোখমতে কাটি তলমূৱাকৈ কঠীয়াতলিৰ চাৰিসীমাত পাৰক ।ইফালে সিফালে যাব নোৱাৰাকৈ ৰাখিবৰ বাবে বাঁহৰ খুটি কেইটামান পুতি দিলেই আমাৰ কঠীয়াতলি প্ৰস্তুতিৰ কাম হৈ গ’ল ।
উপৰোক্ত কঠীয়াতলিত সিঁচিবৰ বাবে প্ৰয়োজনীয় বীজখিনি সংগ্ৰহ কৰি দুদিন দুৰাতি তিয়াই ৰাখি তাৰ পিছত এদিন গাপ দি ৰাখক । এনে কৰিলে বীজখিনি সামান্য ভাৱে গজি উঠিব আৰু সেই গজালি মেলা গুটিখিনি কঠীয়াতলিৰ কলপাতৰ ওপৰত সিঁচি দিয়ক । প্ৰতি বৰ্গমিটাৰ ঠাইত ৩ কিলোগ্ৰামকৈ গুটি সিঁচিব লাগে । এই গুটিৰ পৰিমাণ বেছি দেখি আৰু ওপৰা ওপৰিকৈ দুই তিনিটা গুটি পৰা দেখিও একো চিন্তা নকৰিব । পিৰা এখন ওভোটাই লৈ খুৰা কেইটাত ধৰি গুটিখিনিৰ ওপৰত অলপ হেঁচা প্ৰয়োগ কৰিব যাতে গুটিবিলাক ঠাই খাই পৰে । ইয়াৰ পিছত এটা ফুলপুলিত পানী দিয়া জিঞ্জিৰি লৈ পানী দিয়াৰ ব্যৱস্থা কৰক । বাল্টি এটাত পানী লৈ এটা সোতাৰেও (ঝাৰু) গুটিৰ ওপৰত ছটিয়াব পাৰি ।
ডাপগ পদ্ধতিৰে কঠীয়া সিঁচাৰ পিছত কেইটামান যতনৰ বিশেষ প্ৰয়োজন । কিয়নো মাটিৰ পৰা আহাৰ নোহোৱাকৈয়ে একমাত্ৰ গুটিৰ মাজত সঞ্চিত আহাৰ খায়েই কঠীয়া ডাঙৰ হয় । প্ৰথম আৱশ্যকীয় কথা হল গুটিখিনি কেতিয়াও শুকাই যাবলৈ দিব নেলাগিব । সেই উদ্দেশ্যে দিনে তিনি চাৰিবাৰ গুটিখিনিৰ ওপৰত পানী ছটিয়াব লাগিব । প্ৰতিবাৰ পানী ছটিওৱাৰ পিছতে পিৰাখনেৰে পুনৰ সামান্যভাৱে হেঁচা প্ৰয়োগ কৰিব । এইদৰে তিনিদিন পানী ছটিয়াব লাগিব । চতুৰ্থ দিনা কঠীয়াতলিত পানী সুমুৱাই এক বা দুই চেন্টিমিটাৰ পানী ৰাখিব লাগে । পানী সুমুৱাই দিয়াৰ ব্যৱস্থা নাথাকিলে নিতৌ বাল্টিত পানী লৈ সোতাৰে দি থাকিব লাগিব । অৱশ্যে বৰষুণ দিলে পানী ছটিওৱাৰ প্ৰশ্ন নুঠে ।
পোক পৰুৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে ৫ম আৰু ১০ম দিনা চুমিথিয়ন নাইবা দাৰ্চবান নামৰ দৰৱ প্ৰতি চামুচ (৫ মি:লি:) দুই লিটাৰ পানীত মিহলাই কঠীয়া বিলাক তিতি যোৱাকৈ স্প্ৰে কৰিব । উপযুক্ত ঠাইৰ অভাৱত ঘৰৰ বাৰান্দাতো কঠীয়া পাৰিব পৰা যায় । তাতো কলপাত পাৰি চাৰিওফালে কলপটুৱাৰ পৰিবৰ্ত্তে কাঠৰ বা ইটাৰে বেৰা দিব পাৰি ।
ডাপগ পদ্ধতিৰে কঠীয়া ১০ৰ পৰা ১৪ দিনৰ ভিতৰতে ৰুব লাগে । তাৰ পিছত আৰু গুটিৰ ভিতৰত আহাৰ নেথাকে বাবে কঠীয়া শুকাই যাবলৈ ধৰিব । গতিকে কঠীয়া পৰাৰ ১৪ দিনৰ ভিতৰতে তোলাৰ আৰু ৰোৱাৰ ব্যৱস্থা কৰিব । কঠীয়াৰ শিপাবিলাক ওপৰলে কৰি পাৰি থোৱা বস্তা এটা মেৰিওৱাৰ দৰে কঠীয়াবিলাক নুৰিয়াই দাংপাচি বা হাতেৰেই পথাৰলৈ লৈ যাব পাৰি । এই পদ্ধতিৰে কৰা কঠীয়াত বোকা নাথাকে বাবে বৰ পাতল আৰু আকাৰত আন কঠীয়াতকৈ সৰু । কঠীয়াৰ নুৰাটো বেছি ডাঙৰ যেন দেখিলে কটাৰিৰে কাটি সৰু সৰু টুকুৰা কৰি লব পাৰি ।
ডাপগ পদ্ধতিৰ কঠীয়া বৰ সুবিধাজনক । ইয়াৰ কঠীয়া তোলোতে কষ্ট নাই, কঠীয়াবিলাক একেৰাগীকৈ ডাঙৰ হয় আৰু পোক পৰুৱাৰ পৰা মুক্ত । বোকাত পৰা কঠীয়া তোলোঁতে অনেক কঠীয়া আৰু শিপা ছিগে কিন্তু ডাপগ কঠীয়াৰ এই বিষয়ত একো ক্ষতি নহয় । এইবিলাক কঠীয়া চুটি চাপৰ হ’লেও আটিল, থিয় থিয় পাতৰ আৰু শিপাও অত্যন্ত বেছি । অৱশ্যে ৰোৱা মাটিডৰাত পানী জান-নাজানহে থাকিব লাগিব আৰু গোচাই প্ৰতি ৪/৬ ডালকৈ ৰুব লাগিব ।
যিহেতু এই কঠীয়া পাৰিবলৈ আমাক অতি কম ঠাই লাগে আৰু অতি কম সময়তে কঠীয়া প্ৰস্তুত কৰি লব পাৰো, সেইবাবে এই পদ্ধতি বিশেষ পৰিস্থিতিত অতি মনোমোহা আৰু প্ৰয়োজনীয় বুলি নিঃসন্দেহে কব পাৰি । এই পদ্ধতিটো কৃষকৰ বাবে একেবাৰে নতুন বাবে কৃষি উন্নয়ন বিষয়াৰ সহায়ো আৱশ্যক বোধে লোৱা যুগুত ।

************************************************************************************************************* উক্ত লেখাটো চন্দ্ৰকান্ত বৰুৱাদেৱৰ “কৃষি সাৰথি” পুথিৰ পৰা সংগৃহীত, সংগ্ৰাহক যোৰহাট অঞ্চলৰ শ্ৰী পূণ্য বৰাদেৱ

Leave a Response