উদ্ভিদ বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ Botanist Dr Padmeswar Gogoi


আজি আমি আমাৰ পাঠকসকলক যাৰ বিষয়ে কব বিচাৰিছো,তেখেত আমাৰ থলুৱা হেৰাই যাবলৈ লোৱা উদ্ভিদসমুহ বা আমাৰ থলুৱা সংস্কৃতিক ধৰি ৰাখিবলৈ অহৰহ চেষ্টা কৰি থকা প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী, পৰিবেশ তথা বন সংৰক্ষক আমাৰ সকলোৰে চিনাকী ড° পদ্মেশ্বৰ গগৈ, যিজনক আমি অসমীয়া থলুৱা সংস্কৃতিয়েই কওঁক বা উদ্ভিদ বিজ্ঞানৰে কওঁক এখন চলন্ত অভিধান আখ্যা দিব পাৰো৷ আমি চাৰক লগ কৰিছিলো আমাৰ ই-আলোচনীত তেওঁৰ বিষয়ে কিছু কথা প্ৰকাশ কৰিবলৈ৷ আমি অহাৰ উদ্দেশ্যৰ বিষয়ে জনাই তেওঁক আমাৰ আলোচনীখন বা আমাৰ ৱেবচাইটটো দেখুৱাইছিলো ৷ তেখেতে আমাৰ লক্ষ্য, কৰ্ম আচনি এই সকলোবোৰ ভালদৰে চাইছিল৷ অতি প্ৰয়োজনীয় দুটামান পৰামৰ্শ দিছিল, আমাৰ সহায়ক হোৱাকৈ৷ তেওঁ কৈছিলে, অসমত এনে এখন সম্পূৰ্ণ কৃষি আলোচনী ইয়াৰ আগত হোৱা নাই৷ এইয়া প্ৰথম আৰু ভবিষ্যতেও তোমালোকে ধৰি ৰাখিব পাৰিব লাগিব৷ অভিভূত হৈ পৰিছিলো৷ বছৰৰ প্ৰথম দিনটোতে নিজৰ শিক্ষাগুৰুৰ ওচৰলৈ আহিবলে পাই অপুৰ্ব বল্লভ গোস্বামীদাও সুখী হৈছিল৷ চাৰক আমাৰ আলোচনীৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু ইয়াৰ পাছতে আমি আলোচনা আৰম্ভ কৰিছিলো৷
আলোচনাৰ আঁত ধৰিছিলে গোস্বামীদাই৷

চাৰৰ শিক্ষাজীৱন আৰম্ভ হৈছিলে বগৰীজেংৰ জাপীসজীয়া এল, পি, স্কুলত৷ ইয়াৰ পৰা ১৯৫৬ চনত শিক্ষা শেষ কৰি তেওঁ পুলিবৰ এম,ই,স্কুলত নামভৰ্তি কৰে৷ ১৯৫৯ চনত এই স্কুলখন পুলিবৰ আদৰ্শ বিদ্যাপীঠলৈ উন্নীত হয় আৰু ইয়াৰ পৰাই তেওঁ ১৯৬৩ চনত মেট্ৰিক পৰীক্ষা পাছ কৰে৷ চাৰে কৈ গৈছিলে, “আমিয়ে প্ৰথম বেটচ আছিলো এই পুলিবৰ আদৰ্শ হায়াৰ ছেকেন্দাৰী স্কুলৰ৷ আমি ক্লাছ চেভেন (সপ্তম শ্ৰেনী)টো বাহঁ-বেট গোটাই ঘৰ বনাই থাকোতেই পাৰ হ’ল৷ ক্লাছ এইট্‌(অষ্টম শ্ৰেণী)ৰ পৰাহে আমি দিনত স্কুলত বহি পঢ়িব পাৰিছিলো আৰু ১৯৬৩ চনত মেট্ৰিক পাছ কৰিলো৷ তেতিয়াৰ দিনত মেট্ৰিক পৰীক্ষা গুৱাহাটী ইউনিভাৰচিটিৰ অধীনত হৈছিল৷ ত্ৰিপুৰা আৰু ছিকিম বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যকে সামৰি লোৱা হৈছিল৷ ১৯৬৪ চনৰ পৰা অসমত SEBA হ’ল, অন্যান্য ছেকেন্দাৰী বৰ্ডবোৰ হ’ল”৷ চাৰে মেট্ৰিক পাছ কৰি DR College ত এদ্‌মিশ্বন লয় বিজ্ঞান শাখাত আৰু ইয়াৰ পৰাই ডিষ্টিংচন লৈ BSc পাছ কৰে ১৯৬৭ চনত৷ ইয়াৰ এবছৰৰ পাছত তেওঁ MSc পঢ়িবলৈ যায়৷ এই MSc পঢ়াৰ আগৰ সময়খিনিক তেওঁ সদ্ব্যৱহাৰ কৰি কাৰ্বি আংলঙৰ দাংকামগাম হাইস্কুলত শিক্ষক হিচাপে যোগদান কৰে৷ এইয়াই তেওঁৰ কৰ্ম জীৱনৰ আৰম্ভণী ৷ ১৯৬৮ চনত তেওঁ MSc পঢ়িবলে যায়, ১৯৭০ সম্পূৰ্ণ কৰি আৰু ১৯৭১চনৰ ফেব্ৰুৱাৰী মাহত কামপুৰ হায়াৰ ছেকেন্দাৰীত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে৷ তাৰ পাছতে ছেপ্তেম্বৰ মাহত তেওঁ DR কলেজত উদ্ভিদবিজ্ঞান বিভাগত যোগদান কৰে৷ এই অধ্যাপনা কৰি থকাৰ সময়চোৱাতে তেওঁ (Thesis Title,“A Details Study of Flora of Golaghat Subdivision and its Neighboring Areas.” Yr-1982.) ড° চম্পকলাল বৈশ্যৰ গাইডত গুৱাহাটী ইউনিভাৰচিটিৰ পৰা ১৯৮২চনত সন্মানীয় ডক্টৰেট ডিগ্ৰীও লাভ কৰে৷ এই ডিগ্ৰী সম্পৰ্কত তেওঁ কৈছিল, “ মই কলেজত কাম কৰি থাকোতেই ডক্টৰেট লওঁ ৷ এতিয়াৰ লেখিয়াকৈ মই ছুটী লৈ গৱেষণা কৰা নাছিলো৷ ইয়াত থাকিয়ে, গুৱাহাটী ইউনিভাৰচিটিৰ পৰা Botanical Survey of India-Kolkata Branch, Botanical Survey of India-Shillong Branch এইবিলাকলৈ গৈ গৈ থেচিছ লিখিছিলো৷ PhD ললো৷ তাৰ পাছতো বহুত কিবাকিবি গৱেষণাৰ বিষয় কলেজলৈ আনি কৰি আছিলো৷ এনেকৈয়ে ৩৭ বছৰ চাকৰি কৰি অৱসৰ লওঁ কলেজৰ পৰা ” এইদৰেই তেওঁ উদ্ভিদ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে ২০০৬ চনত কলেজৰ পৰা অৱসৰ লয়৷

প্ৰচাৰ বিমূখ এই ব্যক্তিজনে নিজৰ অধ্যাপনাৰ লগতে আৰু বিভিন্ন কামত নিয়োজিত হৈছিল৷ তেওঁ অধ্যাপনাৰ সময়ছোৱাতে নামবৰ হাবিখন পুংখানুপুংখ কৈ অধ্যয়ন কৰিছিল৷ নামবৰ হাবিখনক The Living Museum of Plant Taxonomy বুলি অভিহিত কৰা ড° গগৈচাৰে যেন এই অৰণ্যখনৰ প্ৰতিডাল গছৰ বিষয়েই জানিছিল৷ তেওঁ নামবৰ হাবি, দেওঁপাহাৰ ইত্যাদিবোৰত বহুত আগত আবিস্কাৰ নোহোৱা ঘাঁহ-বন নামাকৰণ কৰিছিলে৷

তেওঁ আমাক জনাইছিল নামবৰত পোৱা কিছুমান ঘাহঁৰ বিষয়ে, ঢেকীয়া জাতীয় আৰু ‘জুয়েল অৰ্কিড’ৰ দৰে কিছুমান উদ্ভিদৰ বিষয়ে যি দু:ষ্পাপ্ৰ প্ৰজাতি বুলি বিবেচিত হৈছে৷ তেখেত আছিল Dibrugarh University ৰ Recognized PhD Supervisor, যি সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে নিঃস্বাৰ্থ ভাবে কাম কৰিছিল ৷ আৰু সকলোকে গৱেষণাৰ কামত নামবৰখনক বাচি লবলৈ পৰামৰ্শ দিছিল ৷ ডি আৰ কলেজৰ ড° জয়ন্ত বাৰুকীয়ালদেৱে জনাইছিলে যে, এনে ধৰণে হৈ থকা গৱেষণাৰ সময়তে গগৈচাৰে কলেজৰ নামতো Zeuxine debrajiana নামেৰে এবিধ নতুনকৈ আবিস্কৃত হোৱা অকিৰ্ডৰ নামাকৰণ কৰিছিল৷ ড° বাৰুকিয়ালদেৱে জনোৱা ম’তে, বৰ্তমান চাৰৰ সকলো সংগ্ৰহ museum specimen হিচাবে কলেজত সংৰক্ষণ কৰি থোৱা হৈছে৷ চাৰে আৰু কৈছিল নামবৰ হাবিত পোৱা এবিধ গছ ঔ লতা বিষয়ে৷ এই ঔ লতা বৰ্ষাৰণ্যৰ এবিধ মূল সম্পদ৷ ইয়াৰ কাণ্ড কাটিলে ওলোৱা পানী খাব পাৰি৷ এই ঔ লতা অন্যান্য অভয়াৰণ্যতো পোৱা যায় যদিও নামবৰ হাবিত যথেষ্ট আছিল৷ বৰ্ষাৰণ্যৰ মূল সম্পদ হলং ইয়াত পোৱা নগৈছিল যদিও আন উদ্ভিদ বহুখিনিয়েই আছিলে কাৰণেই নামবৰ হাবিৰো এটা ঐতিহ্য আছিল যে ইয়াত যিকোনো সময়তে বৰষূণ আহিছিল ৷ এই নামবৰ হাবিৰ আলোচনাৰ সময়তে চাৰে ওডাল গছৰ কথা কৈছিল, অতীজত যি ওডাল গছৰ ৰচীৰ পৰা গৰু বিহুৰ দিনা গৰুক পঘা পিন্ধোৱা হৈছিলে৷ বনৰীয়া হাতি বশ কৰিবৰ সময়ত বন্ধা ৰচী এই ওডাল গছৰ পৰাই বনোৱা হয়৷ চাৰে এটা প্ৰবচন কৈছিল এই বিষয়ত “মানুহে কান্দে সিজুৰ তলত, হাতীয়ে কান্দে ওডালৰ তলত”, অৰ্থাৎ সিজুগছ ডালক আমাৰ মানুহে দেৱতা বুলি পূজা কৰে৷ গতিকে নিজৰ দুখ, বিলাই-বিপত্তিবোৰ সিজুজোপাৰ আগত কয়৷ আৰু হাতীৰ হাওদাডাল ওডাল গছৰ পৰা বনোৱা হয়৷ গতিকে হাতীয়ে উডাল গছজোপাক কান্দি কান্দি কয় তুমি ৰছী নিদিবা, দিলে আমাক মানুহে বান্ধি থব৷ চাৰ অসমীয়া সংস্কৃতি-লোকাচাৰ বিলাকৰো জ্ঞানৰ ভঁৰাল হয়৷

চাৰৰ তত্বাৱধানত অবিভক্ত শিৱসাগৰৰ উদ্ভিদ ৰাজিৰ ওপৰত Botanical survey of India ৰ Flora India Project ৰ গবেষণা চলিছিল (period 1982 -1986)৷ এই ফাৰ্নৰ গৱেষণা কৰিবলৈ বৃত্ৰিছ মিউজিয়ামৰ পৰা অহা এজন বিজ্ঞানীয়ে নামবৰ হাবিত বিশ্বৰ ভিতৰতে এবিধ নতুন প্ৰজাতিৰ ফাৰ্নৰ সন্ধান পায় আৰু চাৰৰ নামত নামাকৰণ কৰে – Thelypteris gogoi (থেলিপটেৰিচ গগাই)৷ তেওঁৰ অধ্যাপনাৰ সময়তে Ethnobotany ত Medicinal plant ৰ বহুত কাম কৰিছিল কলেজত৷ Rice beer ৰ ওপৰত চাৰেই পোণপ্ৰথমে কাম কৰি গবেষণা পত্ৰ প্ৰকাশ কৰিছিল । এতিয়া দেধাৰ হ’ল। এইবিষয়ত আমি নজনাকে থাকি যোৱা বা প্ৰকাশ কৰিব নোৱাৰা আৰু বহুত থাকি গৈছে, যিখিনি ভবিষ্যতে আকৌ প্ৰকাশ কৰিব পৰা হ’ব বুলি আমি আশা ৰাখিছো৷

ড° পদ্মেশ্বৰ গগৈচাৰৰ এটা জীৱনজোৰা সাধনা হৈছে সাঁচিগছ বা আগৰৰ বিষয়ে কৰা গৱেষণাসমুহ৷ চাৰৰ গোলাঘাটৰ নিজা ঘৰ বগৰীজেংৰ পৰা পুলিতবৰলৈ সামৰি এটা বৃহৎ অঞ্চলক সাঁচিবেল্ট বুলিয়েই জনা যায়৷ চাৰে সৰুৰে পৰা এইবিষয়ে হোৱা আলোচনা হোৱা দেখিছিল, আৰু ডাঙৰ হৈও জনা হোৱাৰে পৰা এইবিষয়ত চিন্তা চৰ্চা কৰি আহিছিল৷ ডক্টৰেট লোৱাৰ পাছত তেওঁ কলেজত তেওঁ ১৯৯১-৯২চন মানৰ পৰা এইবিষয়ৰ গৱেষণা আৰম্ভ কৰিছিলে৷ তেওঁ কৈ গৈছিলে,“ এইটো প্ৰজেক্ট কৰিবৰ কাৰণে যিমানবোৰ সাঁ-সজুলি লাগে সেইবোৰ কিনিবলৈ পইচা নাছিলে বা কলেজৰ প্ৰজেক্টতো মই ইমান পইচা পোৱা নাছিলো৷ গতিকে মই নিজেই ভাবি চিন্তি কাম আৰম্ভ কৰিলো৷ মই প্ৰথম প্ৰেচাৰ কুকাৰৰে আৰম্ভ কৰিছিলো৷ প্ৰেচাৰ কুকাৰ এটা ভাল miniature autoclave৷ তাত যিটো ভেঁকুৰ হয়, সেইটো ‘কালচাৰ’ কৰিব লাগিব৷ ‘কালচাৰ’ কৰাৰ আগত ‘ষ্টেৰিলাইজদ’ কৰিব লাগিব৷ মই প্ৰেচাৰ কুকাৰত ১৫-২০টা হুইছেল মাৰি ‘ষ্টেৰিলাইজদ’ কৰি ভেঁকুৰটো গজাইছিলো ৷ গজোৱাৰ পাছত চেলাইনৰ বটলত ভৰাই লৈ পৰীক্ষা কৰিছিলো৷ তাৰ পাছত মই কিতাপ পঢ়ি পঢ়ি চিনাক্তকৰণ (Identification) কৰিছিলো আৰু নোৱাৰাখিনি ‘ কিউ’লৈ পঠিয়াই দিছিলো৷ এইদৰে কেইবাৰমান কৰিছিলো৷” চাৰে কৈ গৈছিল, এইবিষয়ত আৰু বহুত কাম কৰিব লগা আছে৷ কাৰণ এইদৰে কৃত্ৰিমভাৱে গজোৱা ভেঁকুৰ বিধে প্ৰাকৃতিক ভেকুঁৰতকৈ কম পৰিমানে আগৰ সৃস্টি কৰে৷ গতিকে গৱেষণা কৰিব পৰাৰ থল আছে ইয়াত৷

চাৰে কলেজৰ পৰা অৱসৰৰ পাচত NEDFiত Emeritus Scientist হিচাবে কাৰ্যনিবাহ কৰিছিল ৫ বছৰ । ইয়াত থাকোঁতে চাৰে বিশেষভাৱে Aromatic আৰু Medicinal plants ৰ কাম কৰিছিল । ইয়াৰ পাটছাউলি, গাঠিয়ন, মুঠা বন, Vetiver, কস্তৰী ভেন্দি, সৰ্পগন্ধা,সুগন্ধি বিৰিণা ইত্যাদি৷ তেওঁ NEDFiত থকা সময়ত বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা প্ৰজেক্ট কৰিছিলে৷ প্ৰজেক্টটো হৈছে,“ Network Project on Rare and Endangered Medicinal Plant of India” আৰু এই প্ৰজেক্টটোত NEDFi ক সহায় কৰিছিল All India Horticulture Research Institute, Bangalore য়ে৷ তেওঁলোকে বিশেষভাৱে দুটা জাত (species) পাইছিল-চুকচিনি আৰু দুখচিনি৷ তেওঁলোকে পোৱা ম’তে, সংখ্যাত খুব কম এইদুবিধৰ ব্যৱসায় বন্ধ কৰি দিব লাগে৷ নহ’লে এই জাতদুটা নিচিহ্ন হৈ যাব৷ ঔষধি উদ্ভদৰ বিষয়ে চাৰে কৈছিল, এতিয়ালৈকে প্ৰকৃত অৰ্থত কোনেও অসমত ঔষধিগছৰ খেতি কৰি সফল হব পৰা নাই৷ ইয়াৰ কাৰণ হিচাপে চাৰে কৈছিল- প্ৰথমতে, ইয়াৰ কৃষিকাৰ্য্যৰ খৰচ (cultivation cost) বহুত বেছি৷ দ্বিতীয়তে, আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰা কোম্পেনীবোৰে উৎপাদিত কেঁচামালতকৈ প্ৰাকৃতিকভাৱে পোৱা ঔষধিযুক্ত গছ-লতিকাবোৰ সংগ্ৰহ কৰাত বেছি গুৰুত্ব দিয়ে৷ কাৰণ ইয়াৰ গুণাগুণ সমূহৰ ভাৰসাম্য প্ৰাকৃতিকভাৱে হয় আৰু তুলনামূলকভাৱে এই প্ৰাকৃতিক সামগ্ৰীসমূহ কম দামত পোৱা যায়৷ আৰু সেইকাৰণেই এই কোম্পেনীবোৰ সাধাৰণতে হিমালয়ৰ ফালে গুচি যায়৷ আৰু জলবায়ুৰ ওপৰতো বহুতো কাৰকে প্ৰভাৱ পেলায়৷ চাৰে নিজেও সৰ্পগন্ধাৰ ক্ষেত্ৰত কৈছিল যে, NEDFi ত থকাসময়ত সৰ্পগন্ধাৰ খেতি কৰোতে যিমান খৰচ হৈছিলে তাতকৈ বহুত কম পইচাতে ক্ষেত্ৰীৰ ওচৰৰ পাহাৰবোৰৰ পৰা স্থানীয় লোকসকলে আনি দিছিল ৷ সেইসময়ত সৰ্পগন্ধাৰ বজাৰ দাম আছিল ১২০টকা, কিন্তু স্থানীয় লোকসকলে কেজি ২০টকাত যথেষ্ট পৰিমাণে দিছিল ৷

পৰিবেশ সংৰক্ষক গগৈচাৰে নামবৰ আৰু কাজিৰঙাৰ বন্যপানী সংৰক্ষণৰ ওপৰতো যথেষ্ট গুৰুত্ব দি আছিল৷ চাৰে কিন্তু বৰ্তমান কাজিৰঙাখনক লৈ উদ্বেগ প্ৰকাশ কৰিছিল৷ কাৰণ কাজিৰঙাৰ অতীতৰ পৰিসীমাতকৈ বৰ্তমান সীমা কমি গৈছে বুলি প্ৰকাশ কৰিছে৷ বেদদখলকাৰী বাদেই ব্ৰহ্মপুত্ৰই খহাই শেষ কৰিছে কাজিৰঙাখন৷ ভবিষ্যতে সোৱণশিৰি প্ৰকল্প কিবা কাৰণত যদি ভাঙি যায়, তেন্তে কাজিৰঙাৰ অস্তিত্বলৈ সংকট আহিব বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে কাৰ্বি আংলঙৰ সীমাত থকা শিলৰ কোৱেৰী ইত্যাদি বন্ধ হব লাগে, তেতিয়াহে বন্যপ্ৰাণীৰ প্ৰাণৰ সংশয় কমিব৷ আনহাতে গড় হত্যাৰ ক্ষেত্ৰত তেওঁ কৈছিলে,“ কাজিৰঙাত গড়টো মাৰিবলৈ চোৰাংচিকাৰীয়ে হেলিকপ্তাৰ লৈ উৰি আহি নামাৰে৷ ওচৰে-পাজৰে থকা বসতিপ্ৰধান অঞ্চলৰ মাজেৰেহে গৈ মাৰে৷ সেই অঞ্চলবোৰ চিনাক্ত কৰিব লাগে৷ বনবিভাগৰ নিজা চোৰাংচোৱা বাহিনী থাকিব লাগে৷ এনেধৰণৰ কিছু ব্যৱস্থা কৰিলে, গড়েই হওঁক বা হাতীয়ে হওঁক হয়টো কিছু পৰিমাণে সুৰক্ষিত হব৷” বুজি পাইছিলো, পৰিবেশ সংৰক্ষণক লৈ চাৰ যথেষ্টই সচেতন৷ কিন্তু অকলে আমি একো কৰিব নোৱাৰোঁ৷

আমি চাৰক সুধিছিলোঁ, উত্তৰ পূৰ্বাঞ্চলৰ কৃষিৰ উন্নতিৰ বাবে বা কৃষিৰ জড়িয়তে নিবনুৱা সমস্যা কিদৰে সমাধান কৰিব পাৰো ?


চাৰে কৈছিলে, আমি কৃষিৰ ক্ষেত্ৰত সফল হবলৈ হ’লে আমি উপযুক্ত বীজ বা মাতৃগছ (Mother plant) লব লাগিব৷ এই ক্ষেত্ৰত চাৰে এটা উদাহৰণ দিছিল৷ মহাৰাষ্টৰ কোনো এখন গাৱঁত তৰমুজৰ খেতি খুব ভাল হৈছিল ৷ তৰমুজ পকাৰ ভৰপক দিনত সেই গাৱঁখনত এজন মানুহে তৰমুজ খোৱাৰ প্ৰতিযোগিতা পাতে৷ প্ৰতিযোগিতাত এটাই নিয়ম, তৰমুজ খাব লাগিব আৰু গুটিবোৰ কাষত ৰাখি যাব লাগিব৷ প্ৰতিযোগিতাত খাবলৈ তেওঁ খেতিৰ আটাইতকৈ ডাঙৰ আৰু পূৰঠ তৰমুজবোৰ নিৰ্বাচন কৰিছিল৷ কোনে বেছি তৰমুজ খাব পাৰে সেইজনক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা আছিল৷ প্ৰতিযোগিতা পাতে আৰু গুটিবোৰ ৰাখি যায় পাছৰ বছৰলৈ৷ প্ৰতিবছৰে সেইদৰেই গাৱখনৰ তৰমুজ খেতিৰ নাম আছিলে৷ মানুহজন মৰিলে, তেওঁৰ পুতেকেও তৰমুজৰ খেতি কৰিছিলে৷ পুতেকেও প্ৰতিযোগিতা পাতিছিল৷ বীজ ৰাখি গৈছিলে৷ কিন্তু তৰমুজবোৰ আগৰ দৰে ডাঙৰ বা ৰসাল নহৈছিলে৷ কাৰণ পুতেকে প্ৰতিযোগিতাক খাবৰ কাৰণে দেউতাকৰ দৰে ভালৰো ভাল তৰমুজটো নিৰ্বাচন নকৰিছিলে৷ কাৰণ ভাল তৰমুজটো বিক্ৰি কৰিলে বেছি পইচা পাইছিল৷ ফলত পাছৰ বছৰলৈ তৰমুজৰ আকাৰ বা সোৱাদ ভাল নহৈছিল আৰু এইদৰেই গাঁৱখনৰ পৰা তৰমুজ খেতি বিজতৰীয়া (degenerate) হৈ শেষ হৈছিল৷ চাৰে কৈছিলে, আগতে আমাৰ কৃষকসকলে উপযুক্ত বীজ সংৰক্ষণ কৰিব জানিছিল৷ ধানৰ ক্ষেত্ৰটে কব পাৰি আমাৰ আগৰ কৃষকসকলে বীজ সংৰক্ষণ পদ্ধতিটো জানিছিল ৷ বীজৰ কাৰণে ধান পথাৰতে নিৰ্বাচন কৰা হৈছিল৷ ধান চপোৱাৰ আগতে কঠিয়া লয়৷ মুঠিটোৰ পৰা যিথোক ধান চুটি সেইথোক আঁতৰাব, মাঁহি বাছিব৷ তাৰ পাছত ভৰিৰে মোহাৰি ধান মাৰিব আৰু ভালদৰে শুকুৱাব৷ তাৰ পাছত সেইখেৰ মুঠাৰেই টোমত ভৰাই থৈ দিব৷ টোমত ভৰাই টোমৰ মুখত শুকান কেঁচুমতা দিয়ে৷ কাৰণ কেঁচুমতাই বীজসমুহ শুকান কৰি ৰথাত সহায় কৰে৷

ৰাসায়নিক সাৰৰ বিষয়ে চাৰে কৈছিলে যে, আমি এতিয়া নগ’লেও এসময়ত আমি জৈৱিক খেতিৰ চিন্তা কৰিবই লাগিব৷ নহ’লে আমি জীয়াই থাকিব নোৱাৰিম৷ চাৰে, জৈৱিক সাৰৰ কেনেকৈ উৎপাদন কৰিব লাগে, ইয়াৰ ফলাফল কি হব বহলভাৱে কৈছে৷ তেওঁ আমাৰ ঘাঁহবন,গুৰ, খলিহৈ, গৰুমুত ইত্যাদি পচন ঘটাই শস্যাগৱ্য বনাব লাগে বুলি কৈছিল ৷ তেওঁ শুকান মাছৰ পেলনীয়াখিনি অতি উপযোগী বুলি কৈছিল৷
“অসমৰ লোকসংস্কৃতিৰ এনচাইক্লোপেডিয়া” বুলি অভিহিত চাৰৰ মুখেৰে আমি শুনিব বিচাৰিছিলো এইবিষয়ে৷ চাৰে কৈছিলে,“ অসমৰ লোকসংস্কৃতিটো সম্পূৰ্ণ ‘চিনথেটিক’৷ অৰ্থাৎ আমাৰ সংস্কৃতিটো নিৰ্দিষ্ট এটা জনগোষ্ঠীৰ নহয়৷ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চললৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ প্ৰবজন হৈছে৷আৰু সেই কাৰণেই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জাতি-জনজাতিৰ সৃস্টি হৈছিল৷ সকলোয়ে বেলেগ বেলেগ নাম লৈছিল৷ আৰু এই বিভিন্ন লোকসকলেই নিজৰ নিজৰ লগত লৈ অহা কৃষ্টি সংস্কৃতি স্থানীয় কৃষ্টিৰ লগত মিহলি হৈ নতুন কিবা এটাৰ সৃস্টি হৈছিল৷ গতিকে চাৰৰ ম’তে, অসমৰ কোনো জাতি-জনগোষ্টীয়ে কোনো এটা লোক সংস্কৃতিকে বৰ্তমান নিজৰ বুলি দাবি কৰিব নোৱাৰে৷ প্ৰেমৰ পুজাৰী সুন্দৰৰ সাধক চাৰ ঢোলৰ ওজা আছিল৷ অকল ঢোল বুলি ক’লে ভুল হব, তেওঁ মৃদং আৰু বহুতো অসমীয়া বাদ্যযন্ত বজাব জানিছিল৷ ঢোলৰ, খোলৰ, মৃদংৰ ইতিহাস এতিয়াও তেওঁৰ জিভাৰ আগত৷ দশাৱতাৰ জন্ম কাহিনীও আমি লগত লৈ আনিছিলো৷ সেইখিনি পাছত প্ৰকাশ কৰা হব৷ আজি অসমে সোমনাথ ওজাক জানে৷ কিন্তু সোমনাথ ওজাক মঞ্চত থিয় কৰোৱা মানুহজনেই আছিল এইজন সংস্কৃতিৰ নীৰৱ সাধক৷ ভাৱ হৈছিলে চাৰ সচাঁকৈয়ে অসমীয়া জাতিৰ এক গৌৰৱ, যি সদায় লোকচক্ষুৰ পৰা আঁতৰত থাকিয়ে কাম কৰি গ’ল৷ গোস্বামীদাই চেষ্টা কৰিছিল, চাৰৰ মুখেৰে বিহুনাম এফাঁকি গোৱাব আমাৰ আলোচনীৰ শুভাকাংক্ষী সকলৰ কাৰণে৷ কিন্তু সেইয়া হৈ নুঠিলেগৈ৷
চাৰে নতুন প্ৰজন্মৰ কাৰণে মেছেজ কি দিব জানিব বিচাৰোঁতে কৈছিলে যে, আগত চাউলকঠা তাৰ পাছত হৰিকথা৷ আমাৰ নতুন প্ৰজন্মই কৰ্মৰ বাবে কৃষিলৈ আহিবই লাগিব এদিন৷ কাৰণ যিমানেই উদ্যোগ নহওঁক,খাবলৈ যদি খাদ্য নাথাকে কি কৰিব৷ বিজ্ঞানে সকলো দিব কিন্তু আমি খাদ্য নিজেই তৈয়াৰ কৰিব লাগিব৷ গতিকেই যুৱক-যুৱতীসকল আগবাঢ়ি আহক৷ তেওঁলোকৰ ভবিষ্যত তেওঁলোকৰ নিজৰ হাতত৷ সকলোয়ে উদ্ভিদ সংৰক্ষণৰ প্ৰতি, প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগ হওঁক৷ নহ’লে এদিন আমাৰ এতিয়াৰ গৌৰৱ কাজিৰঙাও হেৰাই যাব৷ চাৰে অতীজৰ কথা উল্লেখ কৰি বৃক্ষায়বেদৰ বিষয়ে কৈছিল৷

কোনোয়ে অলপমান কাম কৰিও প্ৰচাৰৰ জড়িয়তে বিভিন্ন উপাধি বঁটা-বাহন পাবলৈ সক্ষম হৈছিল৷ কিন্তু এইজন মহান পুৰুষে গোটেই জীৱনটো কাম কৰি থাকিও কোনোধৰণৰ মান-সন্মানৰ প্ৰতি লালায়িত নাছিল৷ এই নীৰৱ লোকসংস্কৃতিৰ সাধকজনক ২০১৪ চনত গোলাঘাট জিলা কেন্দ্ৰীয় বিহু সমিতিৰ দ্বাৰা ‘ধনশিৰি উপত্যকা বঁটা’ৰে সন্মান জনোৱা হৈছিলে৷ আৰু

২০১২ চনত কাজিৰঙা ওৱাইল্ড লাইফ চচাইটিৰ দ্বাৰা ‘লাইফটাইম এচিভমেন্ট এৱাৰ্দ’ৰে সন্মানিত কৰা হৈছিল৷ কিছু দিন আগত এক দূৰাৰোগ্য ব্যাধিৰ পৰা আৰোগ্য পোৱা এইজন মহামহিম ব্যক্তিক সিদিনা লগ পাই ভাব হৈছিল হেৰাই যাবনেকি মানুহজনৰ লগতে তেওঁৰ প্ৰজ্ঞাখিনিও৷ মানুহজনক আমি যি উদ্দেশ্যৰে লগ কৰিব বিচাৰিছিলো, লগ পাই ভাব হৈছিলে আমি যিখিনি তেওঁৰ মুখৰ পৰা শুনিছিলো সেইয়া যেন সহস্ৰ বৰষুণৰ কণাৰ মাজৰ এটোপাল পানী৷ আমাৰ তৃষ্ণা পূৰাব পৰা নাছিল সেই এটোপাল পানীৰে৷ আকৌ তেখেতক লগ পোৱাৰ আশাৰে চাৰৰ সুস্বাস্থ্য কামনা কাি আমি তেখেতৰ পৰা বিদায় ল’লো৷

[বি.দ্ৰ.-লেখাটো লিখাৰ সময়ত ড° জয়ন্ত বাৰুকীয়াল দেৱৰ লগত আলোচনা কৰা হৈছে, আৰু তেওঁ কিছু তথ্য সংযোজন কৰিছে, পংকজ চেতিয়া দেৱ আৰু অৰুপ কুমাৰ চৌধাৰীদেৱৰ পৰা ফটো সংগ্ৰহ কৰা হৈছে৷]

আলোচনাৰ আঁত ধৰিছিল~শ্ৰী অপুৰ্ব বল্লভ গোস্বামী, সমাজসেৱক আৰু সংবাদদাতা, গোলাঘাট জিলা৷
লেখিকা-শ্ৰী বৰ্ণালী শৰ্মা বৰুৱা, গুৱাহাটী৷

Leave a Response