ধানখেতিৰ প্রাৱলীকৰণ পদ্ধতি System of Rice Intensification

ধানৰ উৎপাদন বৃদ্ধিৰ বিভিন্ন কৌশলৰ ভিতৰত বর্তমান যিটো কৌশলে সকলোকে আকর্ষণ কৰিছে সেইটোক ইংৰাজীত System of Rice Intensification চমুকৈ SRI পদ্ধতি বুলি কোৱা হয়। ফৰাচী আৰু স্পেনিছ ভাষাত কোৱা হয় ক্রমে   le Système de Riziculture Intensive আৰু la Sistema Intensivo de Cultivo Arrocero (SICA)।অসমীয়াত নামাকৰণ কৰা হৈছে “ধানখেতিৰ প্রাৱলীকৰণ পদ্ধতি”। কিন্তু বহুতে ইংৰাজীৰ চমু ৰূপটো ক’বলৈ সুবিধা পোৱা হেতুকে এই পদ্ধতিটো আমাৰ মাজত “শ্রী পদ্ধতি” হিচাপে জনপ্রিয় হৈ পৰিছে। সেয়ে আমাৰ আলোচনাত সেই নামকেই ব্যৱহাৰ কৰিম যদিও “শ্রী”ৰ আভিধানিক অর্থ সুকীয়া।

এই পদ্ধতিটোৰ উদ্ভাৱকজনৰ নাম Father Henri de Laulanie। ফৰাচী দেশৰ এই ধর্মযাজকজনে ৩৪ বছৰকাল মাদাগাস্কাৰ কৃষকসকলৰ মাজত থাকি অতি কম খৰচত অধিক উৎপাদন পাব পৰা এই পদ্ধতিটো উদ্ভাৱন কৰে। যোৱাটো শতিকাৰ আশীদশকৰ আগভাগত তেখেতে কম খৰচত ধানৰ অধিক উৎপাদন পাব পৰা কেইটামান কৌশল চিনাক্ত কৰে। পাছত এই কৌশলকেইটা কৃষকৰ পথাৰত প্রয়োগ কৰি সফল হোৱাত নব্বৈদশকৰ পৰা সেই দেশৰ কৃষকসকলে এই পদ্ধতিৰে ধানখেতি কৰিবলৈ লয়। পাছত আন দেশবোৰেও এই পদ্ধতিৰ বিষয়ে জানিব পাৰি নিজ নিজ দেশৰ কৃষকসকলৰ মাজত জনপ্রিয় কৰিবলৈ চেষ্টা চলাই আৰু বহু পৰিমাণে সফল হৈছে।

“শ্রী” পদ্ধতিৰ জনক Fr. Henri de Laulani

ভাৰতবর্ষত ২০০২-০৩ চনৰ পৰা “শ্রী” পদ্ধতিৰ গ্রহণযোগ্যতাৰ বিষয়ে পৰীক্ষা আৰম্ভ হয়। বহু কেইখন ৰাজ্যত এই পদ্ধতি অৱলম্বন কৰি ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হোৱা দেখি বর্তমান প্রায়বোৰ ৰাজ্যতে এই নতুন পদ্ধতিবিধ কৃষকৰ মাজত জনপ্রিয় কৰিবলৈ বিভিন্ন আঁচনি গ্রহণ কৰিছে। অসমতো “শ্রী” পদ্ধতিৰে ধানৰ উৎপাদন বৃদ্ধিৰ কৌশলবোৰ কৃষকৰ পথাৰত প্রয়োগ কৰি বৰো আৰু আগতীয়া আহুত সফল হ’ব পৰা গৈছে। সেয়ে থলুৱা আৰু উন্নত দুয়োবিধ ধানৰ জাতৰ বাবে উপযোগী এই পদ্ধতিৰ প্রতি বর্তমান বহুতো কৃষক আগ্রহী হৈ উঠা পৰিলক্ষিত হৈছে।
“শ্রী” পদ্ধতি ছটা কৃষি কৌশলৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। এই কৌশলকেইটা পৰম্পৰাগত ধান খেতিতো অৱলম্বন কৰা হয় যদিও “শ্রী” পদ্ধতিত প্রয়োগ প্রণালী কিছু সুকীয়া। এই দুই পদ্ধতিৰ মাজত থকা পার্থক্যখিনি তলত উল্লেখ কৰা হ’ল।

“শ্রী” পদ্ধতি আৰু পৰম্পৰাগত ধান খেতিৰ পার্থক্যসমূহ- কৌশল,“শ্রী” পদ্ধতি,পৰম্পৰাগত পদ্ধতি
১)কঠীয়াৰ বয়স আৰু বীজৰ পৰিমাণ -এই পদ্ধতিত ৮-১২ দিনীয়া কঠীয়া ব্যৱহাৰ কৰা হয়। প্রতি বর্গ মিটাৰ কঠীয়াতলিত ১৫-২০ গ্রাম হিচাপে গজালি ওলোৱা বীজ সিঁচি তাৰ ওপৰত শুকান গোবৰ ছটিয়াই বীজখিনি ঢাকি দিয়া হয়। কঠীয়াতলিত জীপ ৰাখিবলৈ নিতৌ পানী ছটিয়াই কলপাত আদিৰে ঢাকিব লাগে। এই পদ্ধতিৰে বীজ সিঁচিলে এবিঘা মাটিৰ বাবে ৭০০-১০০০ গ্রাম বীজৰ আৱশ্যক হয়। জাত অনুযায়ী সাধাৰণতে ২১-৩০ দিনীয়া কঠীয়া ব্যৱহাৰ কৰা হয়। এবিঘা মাটিৰ বাবে ৫ কি:গ্রা: বীজৰ আৱশ্যক হয়।
২)গোছাত কঠীয়াৰ সংখ্যা -এডাল মাত্র কঠীয়া ৰোৱা হয়। অৱশ্যে কেতিয়াবা ২ ডাল কঠীয়া ল’বলগীয়া হয়। এনে হ’লে বীজ বেছি লাগে। কঠীয়া তোলাৰ আধা ঘন্টামানৰ ভিতৰত ৰুই শেষ কৰিব লাগে।গোছাত ২-৩ ডাল কঠীয়া লোৱা হয়।
৩) ৰোৱাৰ দূৰত্ব- গোছা আৰু শাৰীৰ মাজৰ দূৰত্ব ২৫চে:X ২৫চে:/ জাত অনুযায়ী ৰোৱাৰ দূৰত্ব বেলেগ হয়।
৪)নিৰণি -পানীৰ ব্যৱহাৰ সীমিত হোৱাৰ বাবে চাৰিবাৰমান নিৰণিৰ আৱশ্যক হয়। দুটা শাৰীৰ মাজত যথেষ্ট ঠাই থকাৰ বাবে নিৰণিযন্ত্র ব্যৱহাৰ কৰিবলৈ সুবিধা হয়।
পথাৰত পানী থকাৰ বাবে বন-বাত কিছু কম হয়। দুটা শাৰীৰ মাজত যথেষ্ট ঠাই নথকাৰ বাবে যন্ত্রৰে নিৰণি কৰিবলৈ অসুবিধা হয়।
৫)জল ব্যৱস্থাপনা- প্রথম অৱস্থাত পথাৰত জীপ থকাকৈহে পানীৰ যোগান ধৰা হয়। থোক মেলাৰ সময়ত পানী একেবাৰে শুকুৱাৰ এদিনৰ পাছত ২-৫ চে: মি: পানীৰ যোগান ধৰিব লাগে।প্রথমৰে পৰা পথাৰত ৩-৭ চে: মি: পানী ৰাখিবলৈ চেষ্টা কৰা হয়।
৬)সাৰ প্রয়োগ -জৈৱিক সাৰৰ ওপৰত অধিক গুৰুত্ব দি ৰাসায়নিক সাৰ কম ব্যৱহাৰ কৰা হয়। ৰাসায়নিক সাৰৰ ওপৰত বেছি নির্ভৰ কৰা হয়।
পৰম্পৰাগত আৰু “শ্রী” পদ্ধতিৰ মাজত থকা পার্থক্যৰ পৰা বুজা গ’ল যে এই নতুন পদ্ধতিত বীজ আৰু পানী যোগানত কম ব্যয় হয়। আনহাতে কম বয়সীয়া কঠীয়া সেৰেঙাকৈ ৰোৱা বাবে পোখা তথা থোকৰ সংখ্যা বেছি হয়, যাৰ বাবে বেছি উৎপাদন আশা কৰিব পাৰি। ইয়াৰ উপৰিও নিৰণিযন্ত্র ব্যৱহাৰ কৰা বাবে বন-বাত কম হোৱাৰ লগতে মাটিত জমা হোৱা বিষাক্ত গেছ বাহিৰ হয় আৰু মাটিৰ ভিতৰলৈ বতাহ চলা-চল বৃদ্ধি পায়। এনে মাটিত অনুজীৱবোৰ সক্ৰিয় হৈ থাকি গছক অধিক মাত্রাত অক্সিজেন আৰু নাইট্র’জেনৰ যোগান ধৰে। এনেবোৰ কাৰণৰ বাবে “শ্রী” পদ্ধতিৰে কৰা ধানখেতিত উৎপাদন বেছি হয়। অৱশ্যে অসমত বৰষুণৰ পৰিমাণ অধিক হোৱাৰ বাবে শালিৰ বতৰত এই পদ্ধতি অৱলম্বন কৰিবলৈ অসুবিধা হব।


 

 

 

 

 

 

~Dr. S. Hussain,
Dy. Project Director (ATMA),
Department of Agriculture,
Tinsukia 786125
Mobile::094351 35631;
e-mail:sadik2crs@yahoo.co.in

Leave a Response