অসমৰ পটভুমিত নাৰিকল খেতিৰ আনুসংগিক দিশ আৰু স্বনিয়োজন Collateral Aspects and Self-employment of Coconut Crop in Assam’s Context

মূল লিখক- ড° ধীৰেন্দ্ৰ নাথ কলিতা

অসমৰ প্ৰায় সকলো জিলাতে কম বেছি পৰিমানে নাৰিকলৰ খেতি কৰা হয়৷ নাৰিকল এবিধ বহুবৰ্ষী গছ আৰু একেজোপা গছে কমেও ৬০ বছৰলৈ লাভজনক লাভজনক উৎপাদন দিবলৈ সক্ষম৷ বিভিন্ন ধৰণৰ উদ্যান শস্যৰ ভিতৰত নাৰিকলৰ স্থান অতি গুৰুত্বপুৰ্ণ৷ ব্যৱহাৰ আৰু গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰিয়েই নাৰিকল গছক কল্পবৃক্ষ বা সৰগৰ গছ বুলি কোৱা হয়৷
অতীজৰে পৰা নাৰিকল গছৰ সকলো অংশৰ পৰাই মানৱ সমাজ উপকৃত হৈ আহিছে৷ অতিকৈ পুষ্টিকৰ আৰু ঔষধিয় গুণযুক্ত পানীয় হিচাপে ডাবৰ পানী আমাৰ মাজত ভালকৈয়ে জনপ্ৰিয়৷ নাৰিকলৰ গা-গছডাল কেঁচা ঘৰৰ খুটা আৰু পাতবিলাক ঘৰৰ চালবোৱা সামগ্ৰি হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ পাতৰ মাজৰ অংশ আৰু গুৰি অংশ খৰি হিচাপে ব্যৱহাৰ কৰিৱ পাৰি৷ শুকান পাতৰ শিৰাবিলাক ফলকৰ পৰা এৰুৱাই ঝাড়ু তৈয়াৰ কৰিব পাৰি৷ কুমলীয়া মেল নোখোৱা ফুলৰ থোক বিলাকৰ পৰা ভিনেগাৰ তৈয়াৰ কৰিব পাৰি৷ শুকান আৰু পুৰঠ নাৰিকল ফলটোৰ উদ্যোগিক দিশ বহুত৷ শুকান ফলটো ফল হিচাপে খোৱাৰ উপৰিও এই শাহখিনিৰে নানা তৰহৰ আঞ্জা বা মিঠাই আদি তৈয়াৰ কৰা হয়৷ শাঁহ চেপি উলিওৱা নাৰিকলৰ গাখীৰ বহুসময়ত গৰু গাখীৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা দেখা যায়৷ আকৌ শাহ অংশ শুকুৱাই শুকান নাৰিকল হিচাপে (Copra) নাইবা সুগন্ধি তেল, ৰন্ধন তেল, প্ৰসাধনৰ সামগ্ৰী,নানা ধৰণৰ চাবোন, গ্লীচাৰিন তৈয়াৰ কৰা উদ্যোগত বহল পৰিমাণে ব্যৱহাৰ হয়৷ আজিকালি শুকান শাহ বিক্ৰি কৰি বিস্কুট, টফী বা লজেন্স আদিটো ব্যৱহাৰ কৰা হয়৷ শুকান নাৰিকল ফলটোৰ শাহখিনি এৰুৱাই নিয়াৰ পিছত থকা টান খোলাটো নানা তৰহৰ দেখনীয়াৰ সামগ্ৰী, ধুমপানৰ বাবে ব্যৱহাৰ হোৱা হোকা হিচাপে ব্যৱহাৰ হয়৷ আমি এনেয়েই পেলাই দিয়া বা জ্বলাই পেলোৱা নাৰিকলৰ বাকলিবোৰ পৰা আহঁবোৰ উলিয়াই ৰছী, দলিছা, ব্ৰাচ, কুচন ইত্যাদি তৈয়াৰ কৰিব পাৰি৷ নাৰিকলৰ ইমানবোৰ উপকাৰিতা তথা উদ্যোগিক দিশ থকা স্বত্তেও অসমত নাৰিকলৰ নাৰিকলৰ বাগান ভিত্তিক খেতি কৰা দেখা নাযায়৷ নাইবা আমাৰ ৰাজ্যত ভাৰতবৰ্ষৰ দাক্ষিনাত্যৰ ৰাজ্যসমুহৰ দৰে নাৰিকলভিত্তিক উদ্যোগ এই পৰ্য্যন্ত গঢ়ি উঠা দেখা নাই৷ ভাৰতবৰ্ষত ১০নিযুততকৈও অধিক মানুহ জীৱিকাৰ বাবে নাৰিকল খেতি তথা নাৰিকল ভিত্তিক উদ্যোগৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বিপৰীতে অসমত নাৰিকল খেতিমূলক ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ মাজত অৰ্থকাৰী শস্য হিচাপেহে জনপ্ৰিয় হৈ আছে৷
অসমত নাৰিকলৰ লগত জড়িত বিভিন্ন দিশসমুহত স্বনিয়োজনৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা স্বত্তেও আমাৰ নিবনুৱা শিক্ষিত যুৱক-যুৱতীৰ মাজত এতিয়াও আত্মবিশ্বাস গঢ় লৈ উঠা নাই৷ বৰ্তমানৰ পৰিপ্ৰেক্ষিতত অসমৰ ক্ষেত্ৰত তলত উল্লেখ কৰা দিশসমুহৰ যোগেদি সহজে স্বনিয়োজনৰ বাট উলিয়াই লব পাৰি৷
১| নাৰিকলৰ পুলিবাৰী : অসমৰ মাটি আৰু জলবায়ু নাৰিকল খেতিৰ বাবে উপযোগী৷ গতিকে এই খেতিৰ প্ৰসাৰৰ সম্ভাৱনা অতি বেছি৷
স্থানীয় চাহিদাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমুহতো নাৰিকল পুলিৰ চাহিদা আছে৷ গতিকে সুপৰিকল্পিত ভাৱে নাৰিকলৰ পুলিবাৰী প্ৰস্তুত কৰি বহুত সংখ্যক যুৱক-যুৱতী ইয়াৰ যোগেদি সহজে আত্মনিৰ্ভৰশীল হব পাৰে৷
২| ঝাড়ু উৎপাদন : অসমত প্ৰায় ৩০ লাখ নাৰিকলৰ গছ আছে আৰু আমি প্ৰত্যেকডাল গছৰ পৰা বছৰি ১০ টা পৰ্য্যন্ত পাত পাব পাৰো গতিকে প্ৰত্যেক গছৰ পৰা কমেও ২ডাল ঝাড়ু ধৰিলেও মুঠ ৫০লাখ ঝাড়ু পোৱাটো সম্ভৱ৷ এদাল ঝাড়ুৰ দাম ৫ টকা ধৰিলেও ইয়াৰ দৰে আনুসংগিক সামগ্ৰীৰ পৰা আমি ২.৫ কোটি এটাৰ ব্যৱসায় সম্ভৱ৷
৩| বিপনন : অসমৰ নাৰিকল বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু বিহাৰত চাহিদা অতি বেছি প্ৰতি বছৰে বিশেষকৈ ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ কৰি অসমৰ পৰা ট্ৰাকেৰে উক্ত ৰাজ্যসমুহলৈ যথেষ্ট সংখ্যক নিবনুৱা যুৱক-যুৱতীয়ে আত্মসংস্থান পাব পাৰিব৷ এতিয়ালৈকে নাৰিকল বিপননৰ ক্ষেত্ৰত প্ৰধানকৈ অসমৰ স্থানীয় তথা বাহিৰৰ মানুহ আৰু কেৱল ডাবৰ বজাৰৰ বেলিকাহে কম সংখ্যক স্থানীয় যুৱক নিয়োজিত হৈ আছে৷ উল্লেখনীয় যে বৰ্তমান অৱস্থাত স্থানীয়/ দেশীয় তথা আৰ্ন্তজাতিক বজাৰত জৈৱিক খাদ্য সামগ্ৰীৰ চাহিদালৈ লক্ষ্য ৰাখি ভবিষ্যতে পেপছি, কোকাকোলা আদি পানীয়ৰ কোম্পেনী সমুহৰ লগত প্ৰতিযোগিতাৰ সন্মুখীন হৈ বিপননৰ জড়িয়তে যথেষ্ট সংখ্যক নিবনুৱাই সংস্থাপন লাভ কৰিব বুলি আশা কৰিব পাৰি৷
৪| কয়েৰ উৎপাদন : অসমত এই উদ্যোগক সম্ভাৱনা অতি উজ্জল৷ আগতেই উল্লেখ কৰা হৈছে যে, আমি এতিয়ালৈকে এনেয়ে পেলাই দিয়া বা জ্বলাই দিয়া নাৰিকলৰ শুকান বাকলিৰ পৰা টান আহঁবোৰ উলিয়াই ৰছী, কাৰ্পেট, কুছন, ব্ৰাছ আদি তৈয়াৰ কৰা কয়েৰ উদ্যোগত ব্যৱহাৰ কৰা হয়৷ কয়েৰ উদ্যোগত যথেষ্ট শ্ৰমিকৰ প্ৰয়োজন হোৱা বাবে এই উদ্যোগৰ জড়িয়তে বহুতো নিবনুৱাইও উপকৃত হব পাৰে৷ এই উদ্যোগৰ পৰা উৎপাদিত সামগ্ৰীৰ বিদেশটো যথাষ্ট চাহিদা আছে বাবেই ভাৰতবৰ্ষই বছৰি ৩৪০কোটি তকৈও অধিক টকা আয় কৰে৷ দুখৰ বিষয় যে, ভাৰতবৰ্ষত প্ৰায় ৭০০০কয়েৰ উদ্যোগৰ গোট আছে আৰু ইয়াৰে নুন্যতম কেইটামান কয়েৰ উদ্যোগ অসমতো আছে যদিও উপাৰ্জ বা উৎপাদন বৰ সন্তোষজনক নহয়৷ বৰ্তমান কয়েৰ বৰ্ডে এই ক্ষেত্ৰত কিছু আগভাগ লোৱা দেখা গৈছে৷ এই উদ্যোগৰ উপযুক্ত পৰিকল্পনা তথা উপযুক্ত সা-সুবিধাৰ সৃষ্টিয়ে অসমৰ ভয়াবহ নিবনুৱা সমস্যা আংশিকভাৱে হ’লেও সমাধান কৰাৰ উপৰিও আমাৰ অসমৰ অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিব পাৰে৷
৫| মূল্য সংযোজন : নাৰিকলৰ মূল্য সংযোজন বুলি ক’লে আমি ওপৰত উল্লেখিত উপাৰ্জনৰ দিশ সমুহৰ ওপৰিও ইয়াৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰীৰ বিষয়ে আমি কব পাৰো৷ যেনে – প্ৰথমতেই আমি কব পাৰো নাৰিকলৰ পৰা উলিওৱা তেলৰ কথা৷ বৰ্তমান আমাৰ দেশত সৰিয়হৰ পৰা উলিওৱা তেলৰ সমানেই জনপ্ৰিয় এই নাৰিকলৰ তেওও৷ দক্ষিণ ভাৰতৰ ফালে এই তেলেৰেই খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হয়৷ আনহাতে এই তেলৰ লগতে নাৰিকলৰ পৰা পাওদাৰ, ক্ৰীম ইত্যাদিও প্ৰস্তুত কৰা হয়৷ ইয়াৰ এখন বজাৰৰ বিষয়ে আমি ভাবিব পাৰো৷ দ্বিতীয়তে আমি কব পাৰো, নাৰিকলক খাদ্য হিচাপে আমি কি কি ধৰণে ব্যৱহাৰ কৰিব পাৰো৷ এইক্ষেত্ৰত আমি কুমলীয়া নাৰিকলৰ পানীখিনি পেকেজিং কৰি বিক্ৰি কৰিব পাৰো, নাৰিকলৰ পৰা গাখীৰ বনাই বিক্ৰি কৰিব পাৰো, কুমলীয়া নাৰিকলৰ ভিতৰৰ পানীখিনি বেলেগ কৰি মঙহবোৰ সংৰক্ষণ কৰি বিক্ৰি কৰিব পাৰো; যিটো বৰ্তমান দক্ষিন ভাৰতত কৰি আছে, নাৰিকলৰ গুৰি বনাব পাৰো; যিটো বৰ্তমান আমাৰ ইয়াতো বজাৰত উপলব্ধ৷ ইয়াৰ ওপৰিও আমি নাৰিকলৰ লাডু, চিৰা, নাৰিকলৰ আচাৰ, নাৰিকলৰ জেলী ইত্যাদি সহজতে ঘৰতে বনাই আমাৰ উপাৰ্জন বঢ়াব পাৰো তৃতীয়তে, নাৰিকলৰ ডাঠ খোলাটোৰ পৰা বিভিন্ন হস্তশিল্পৰ সামগ্ৰী বনাব পাৰো, অলংকাৰ বনাব পাৰো; যিটো বৰ্তমান আমাৰ নেড্‌ফিয়ে কৰি আছে৷
শেষত আমি কব পাৰো, নাৰিকলৰ শুকান বাকলিটো পেলাই নিদি আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো৷ যেনে – ই অৰ্কিড প্ৰতিপালনৰ বাবে অতি উপযুক্ত৷ ইয়াৰ বাকলি বৰ্তমান সৰু সৰু টুকুৰা কৰা অৱস্থাত চহৰঞ্চলৰ বজাৰত পোৱা যায় আৰু এই টুকুৰাবোৰ ধুনা দিবৰ কাৰণে ব্যৱহাৰ কৰা হয় বা বিভিন্ন ধৰণে ব্যৱহাৰ হয়৷ এই বাকলি বিলাক আমি পুলি সংৰক্ষণ কৰিবলে মচ্‌ৰ সলনি ব্যৱহাৰ কৰিব পাৰো৷ আনহাতে নাৰিকলৰ পানীত থকা প্ৰয়োজনীয় মৌলিক উপাদান সমুহৰ বাবে আমি ইয়াক আমাৰ উদ্যান শস্যৰ বুষ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো৷
গতিকে দেখা গ’ল যে, নাৰিকল গছজোপাই হওক বা ইয়াৰ প্ৰতিটো অংশই আমি ব্যৱহাৰ কৰিব পাৰো৷ আশা কৰো আমাৰ যুৱক-যুৱতীসকলে নাৰিকলৰ পৰা উৎপাদিত সামগ্ৰী সমুহৰ এই বজাৰ খনলৈ অলপ মন কৰি নিজৰ লগতে সমাজৰ কাৰণেও এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিব৷

**********************************************************************
মূল লেখক ড° ধীৰেন্দ্ৰ নাথ কলিতা বৰ্তমান কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ প্ৰগেম ক’-অৰডিনেটৰ হিচাপে কৰ্মৰত৷ লেখাটোত সংযোজন আৰু ইউনিকডীয় ৰূপান্তৰ কৰিছে বৰ্ণালী শৰ্মা বৰুৱাই৷

Leave a Response