পতংগৰ আক্ৰমণৰ পৰা গ্ৰীষ্মকালীন পাচলিৰ সুৰক্ষা Protection of Summer Vegetables from Insect-attacks

-ৰুদ্ৰ নাৰায়ণ বৰকাকতি

গ্ৰীষ্মকালীন পাচলিৰ খেতিডৰা কৰিবলৈ যাওতে কৃষক সকলে পোক-পতংগৰ আক্ৰমণৰ সন্মুখীন হ’ব লগাত পৰে৷ খেতিয়ক সকলৰ মনলৈ অহা প্ৰশ্নসমূহৰ উত্তৰবোৰ ইয়াত প্ৰকাশ কৰা হ’ল৷ (১) প্ৰশ্নঃ- গ্ৰীষ্মকালীন শাক-পাচলিৰ প্ৰধান অনিষ্টকাৰী পোক-পতংগ সমূহ কি কি? আমাৰ দৈনন্দিন খাদ্য তালিকাত শাক-পাচলিৰ এক অতি গুৰুত্বপূৰ্ণ স্থান আছে৷ শাক-পাচলিৰ পৰাই আমাৰ দেহৰ বাবে অত্যাৱশ্যকীয় বিভিন্ন ভিটামিন, মাংসসাৰ, শ্বেতসাৰ, লৌহপদাৰ্থ আদি আহৰণ কৰো৷ শাক-পাচলিৰ খেতিক ঋতু অনুযায়ী প্ৰধানকৈ গ্ৰীষ্ম আৰু শীতকালীন এই দুভাগত ভাগ কৰা হয়৷ আমি আজিৰ আলোচনাত গ্ৰীষ্মকালীন শাক-পাচলিৰ পোক-পতংগ নিয়ন্ত্ৰণৰ বিভিন্ন দিশসমূহ অবগত কৰিম৷
গ্ৰীষ্মকালীন শাক-পাচলি বুলিলে লাওজাতীয় পাচলি বিশেষকৈ জাতিলাও, ৰঙালাও, জিকা, কোমোৰা, ভোল, তিতাকেৰেলা, ভাতকেৰেলা ,চিৰাল, ধুন্দুলি আৰু কুন্দলিৰ লগতে ভেণ্ডি, তিয়হ, লেচেৰা, পটল, মৰিছা আদিয়েই প্ৰধান৷
গ্ৰীষ্মকালীন শাক-পাচলিৰ প্ৰধান অনিষ্টকাৰী পোক সমূহঃ (১) ফ্লি-বিটল বা পাত ফুটা কৰা পোক (Flea beetle), ফুটুকী পোক বা এপিলেকনা বিটল (Epilachna beetle), বৰলীয়া পোক (Fruit fly), গছৰ আগ আৰু ফল বিন্ধা পোক (Shoot and fruit borer), মোৱাপোক আদিয়েই প্ৰধান৷
(২) প্ৰশ্নঃ গ্ৰীষ্ম বতৰত কৰিব পৰা কেইবিধ মান পাচলিৰ উন্নত সঁচৰ নাম কব নেকি? নামি কোম্পানীৰ হাইব্ৰিড বীজ ব্যৱহাৰ কৰক৷ হাইব্ৰিডৰ বীজ মাত্ৰ এবাৰেই ব্যৱহাৰ কৰক৷ কেইবিধ মান পাচলিৰ উন্নত সঁচৰ নাম আমাৰ শ্ৰুতাৰাইজে ব্যৱহাৰ কৰিব পাৰে৷ তিঁয়হঃ জাপানিজ লংগ্ৰীণ আৰু ষ্ট্ৰেইট এইট ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উন্নত সঁচ ৷ তদুপৰি, পইনছেটি, বলমখীৰা আদি উল্লেখযোগ্য সঁচ৷ ৰঙালাওঃ লাৰ্জৰেড, লাৰ্জৰাউণ্ড, য়েল্ল’ ফ্লেছ আৰু ৰেডফ্লেছ আদিয়েই প্ৰধান৷ তিতাকেৰেলাঃ পুছা ডুমেটমী আৰু পুছাবিশেষ জিকাঃ পুচা নাচডাৰ, চুৰেনা আৰু চটপুতিয়া আদি কোমোৰাঃ সাধাৰণতে ঘুৰণীয়া আৰু থোপোকা সঁচ ব্যৱহাৰ কৰা হয়৷ ধুন্দুলিঃ লংগ্ৰীন, লংহোৱাইট আৰু পুছামঞ্জিৰী ভেণ্ডিঃ পুছা ছাৱনী আৰু প্ৰভানী ক্ৰান্তি ৷
(৩) প্ৰশ্নঃ গ্ৰীষ্ম বতৰৰ কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে কৃষকক সতৰ্ক কৰিব লগা কিবা দিহা আছে নেকি? (১) পাচলিশস্য ৰোপনৰ পূৰ্বেই মাটিডোখৰ ভালদৰে চহাই লোৱা আৱশ্যক ৷ ইয়াৰ ফলত মাটিৰ তলত আশ্ৰয় লৈ থকা, পলু বা লেটা স্তৰৰ কীট-পতংগক পৰভোজী জীৱৰ দ্বাৰা ধ্বংস কৰিব পাৰি৷ (২) কীট- পতংগৰ আক্ৰমণ ৰোধ কৰিবলৈ সক্ষম জাত নিৰ্বাচন কৰি খেতি কৰা উচিত৷ (৩) পাচলি বাগিচা খনৰ পৰা আৰম্ভণি অৱস্থাত কীট-পতংগই আক্ৰমণ কৰা পুলি বোৰ উভালি নিৰাপদ স্থানত পুৰি বা পুতি পেলালে কীট-পতংগৰ বংশ বৃদ্ধি ৰোধ হয়৷ (৪) পাচলি জাতীয় শস্যৰ বাবে প্ৰয়োজনীয় সাৰ-জাৱৰ সঠিক মাত্ৰাত সঠিক সময়ত প্ৰয়োগ কৰিলে শস্যৰ শ্ৰীবৃদ্ধি ঘটে আৰু কীট-পতংগৰ আক্ৰমণৰ বিৰুদ্ধে উদ্ভিদজোপাই প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হয়৷ মাত্ৰাধিক নাইট্ৰোজেনযুক্ত সাৰে কীট- পতংগৰ আক্ৰমণ বৃদ্ধি কৰাৰ বিপৰীতে পটাছ সাৰ প্ৰয়োগে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ (৫) শস্যাৱৰ্তনৰ যোগেদিও কীট- পতংগৰ আক্ৰমণ হ্ৰাস কৰিব পাৰি৷
(৪) প্ৰশ্নঃ গ্ৰীষ্ম বতৰৰ শাক-পাচলিৰ কীট-পতংগই আক্ৰমন কৰাৰ পাছত লব লগা প্ৰতিকাৰ সমূহ জনাব নেকি? পতংগৰ আক্ৰমণৰ পৰা সকাহ পাবলৈ নিম্নোক্ত পৰিচৰ্যাখিনি অতি প্ৰয়োজনীয় (ক) পাচলিগছৰ পাতেই হওক বা আন অংশই হওক, দেখাৰ লগে লগেই যথাসম্ভৱ প্ৰাপ্তবয়স্ক পতংগ বা পলু বা ডিম্ব আৰু প্ৰয়োজন সাপেক্ষে লেটা সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে৷ (খ) বৰলীয়া পোকেৰ গাভিনী মাইকীজনীয়ে লাওজাতীয় ফলত ডিম্ব প্ৰসৱ কৰে আৰু ইয়াৰ পূৰ্ণাংগবোৰে ফলৰ ৰস, ফুলৰ নিৰ্যাস, চৰাইৰ বিষ্ঠা আদিক খাদ্যৰূপে গ্ৰহণ কৰি খেতিৰ কাষত থকা বিভিন্ন অপতৃনবোৰত আশ্ৰয় লয়৷ গতিকে অপতৃন সমূহ নিৰাই পৰিষ্কাৰ কৰি ৰখা অতি প্ৰয়োজনীয়৷ হেদালিৰ কাষত ফেৰমন ফান্দ (কিউ লিউৰ বা মিথাইল ইউগিনল যুক্ত) স্থাপন কৰি সুফল পাব পাৰি৷ ইয়াৰ বাবে প্ৰতিবিঘা মাটিত ৫ টাকৈ ফান্দ ব্যৱহাৰ কৰক৷ (গ) ভিনেগাৰ আৰু চেনিৰসৰ মিশ্ৰণ ঘটাই বৰলীয়া পোকৰ পূৰ্ণাংগবোৰক নিৰ্মূল কৰিব পাৰি৷ (ঘ) বৰলীয়া পোকৰ পলুৱে লাওজাতীয় ফলৰ শাঁহ অংশ খাই অনিষ্ট কৰা বাবে ফলটো গেলি সৰি মাটিত পৰে আৰু ভুমিৰ অভ্যন্তৰত লেটা সাজে৷ গতিকে আক্ৰান্ত ফল যাতে হেদালিৰ তলত বা ওচৰে পাজৰে নপৰে তাৰ বাবে ধ্যান দিব লাগে আৰু এইবোৰ দেখিলে বহু দূৰত নি পুৰি পেলাব লাগে৷ (ঙ) মাটিত বগোৱা লতাজাতীয় পাচলি (যেনেঃৰঙালাও)ক খেৰেৰে ঢাকি বৰলীয়া পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি৷ (চ) জেং গুজি চৰাইক আকৰ্ষিত কৰি পোক-পতংগৰ অপত্যস্তৰ বোৰ খাদ্যৰ ৰূপত গ্ৰহণ কৰিবলৈ সহায় কৰিও পতংগ নিয়ন্ত্ৰণৰ সহায়ক হয়৷ (ছ) মুৱাপোক বা শোহনিপোকক নিয়ন্ত্ৰণৰ বাবে হালধীয়া আঠাযুক্ত ফান্দ ব্যৱহাৰ কৰিব পাৰি ৷ (জ) বজাৰত উপলব্ধ বিউভেৰীয়া বেচিয়ানা নামৰ ভেকুৰ ছটিয়াই ৰেডপাম্পকিনবিটল ধ্বংস কৰিব পাৰি৷ (ঝ) ৰেড পাম্পকিন বিটলৰ নিয়ন্ত্ৰণৰ বাবে ক্ল’ৰপাইৰিফছ ১০০ গ্ৰাম প্ৰতিহেক্টৰ মাটিত প্ৰয়োগ কৰা উচিত৷ (ঞ) বৰলীয়া পোকৰ বিৰুদ্ধে ২ মিঃলিঃ মালাথিয়ন ৫০ ই.চি. আৰু ১০ গ্ৰাম গুড় প্ৰতি লিটাৰ পানীত মিহলাই এই দ্ৰৱনক লাওজাতীয় গছৰ পাতৰ তলপিঠিত ছটিয়াই সুফল পাব পাৰি৷ এই দ্ৰৱন মাটিচাকিত ভৰাই হেদালীৰ বিভিন্নস্থানত স্থাপন কৰিলেও যথেষ্ট সুফল পাব পাৰি৷
(৫) প্ৰশ্নঃ গ্ৰীষ্ম বতৰৰ শাক-পাচলি আক্ৰমণকাৰী ৰোগ, শস্যকৃমি আৰু এন্দুৰৰ পৰা সকাহ পাবলৈ কেনে ব্যৱস্থাপনা গ্ৰহণ কৰা প্ৰয়োজন? (ক) প্ৰতি ১০০ গ্ৰাম বীজৰ লগত ২ গ্ৰাম ট্ৰাইক’ডাৰমা ভিৰিডি সানি শোধন কৰক৷ (খ) লেৰেলা ৰোগৰ বিৰুদ্ধে বায়’ফৰ পি. এফ.ব্যৱহাৰ কৰক৷ (গ) ২ কিঃগ্ৰাঃ কাৰ্বফোৰাণ প্ৰতি হেক্টৰ মাটিত, চহ কৰাৰ সময়ত ব্যৱহাৰ কৰিলে ৰুট-নট শস্যকৃমিৰ ওপৰিও ভুমিজ পতংগক ধ্বংস কৰিব পাৰে৷ এন্দুৰৰ বিৰুদ্ধে জিংক ফছফাইডৰ টোপ ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰোপৰি চাইকেলৰ টিউব পেলাই থলে এন্দুৰে সাপ বুলি ভয় খাই আঁতৰি যায়৷
(৬) প্ৰশ্নঃ- নতুন কিবা পোক-পতংগৰ বিষয়ে আমাৰ কৃষক ৰাইজক সতৰ্ক কৰিব নেকি? দক্ষিণ আমেৰিকা উদ্ভুত সূক্ষ্ম চকৰী “টুটা” (Tuta absoluta) বৰ্তমান সমগ্ৰ পৃথিবীত বিয়পি পৰিছে৷ ভাৰতৰ প্ৰেক্ষাপটত চালে, – ২০১৪ চনৰ অক্টোবৰ মাহত মহাৰাষ্ট্ৰৰ পুনেত প্ৰথমবাৰলৈ বিলাহী আক্ৰমন কৰা পৰিলক্ষিত হৈছিল; পৰৱৰ্তী সময়ত কৰ্ণাটকৰ বেংগালুৰু আৰু কোলাৰ অঞ্চলতো এই পতংগৰ প্ৰাদূৰ্ভাৱ দেখা যায় ৷ অসমত এতিয়ালৈকে ইয়াৰ আক্ৰমনৰ বিষয়ে কোনো তথ্য নাই যদিও, অসমীয়া কৃষক সকল সতৰ্ক হোৱাৰ প্ৰয়োজন৷ টুটাই মুখ্যতঃ বিলাহীক আক্ৰমণ কৰাৰ উপৰিও আলু, ধতুৰা, ধপাত আদি উদ্ভিদৰো অনিষ্ট কৰে৷ অৱশ্যে বিলাহীৰ পুলিৰ পৰা আৰম্ভ কৰি ফুল ধৰা, ফল লগা আৰু শেষত ফল পকালৈকে টুটাই ক্ষতি কৰিব পাৰে৷ টুটাৰ পলুৱে বিলাহীৰ পাতৰ মাজৰ “মেজ’ফিল” অংশ খান্দি পাতখিলা কাকতৰ লেখিয়া কৰে৷ ইয়াৰোপৰি, টুটাৰ পলুৱে বিলাহীৰ কাণ্ড আৰু মুকুল নষ্ট কৰিবও পাৰে৷ ফলধৰাৰ পাছত সেউজীয়া আৰু পকা দুইধৰণৰ ফলৰ পৃষ্ঠত সূক্ষ্ম সুৰংগ দেখা যায়৷ সচৰাচৰ এই পতংগই মাটিত লেটা বান্ধে যদিও কেতিয়াবা পাত বা কাণ্ডটো লেটালৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হয়৷ পূৰ্ণাংগ চকৰীবোৰ ৰূপালী মুগা বৰণৰ লগতে চিত্ৰিত পাখি থাকে৷ কপাহী পোক আৰু বগামাখীও অতি গুৰুত্বপূৰ্ণ পতংগ ৰূপে চিহ্নিত হৈছে ৷

***********************
ৰুদ্ৰ নাৰায়ণ বৰকাকতি, বিজ্ঞানী, AICRP on Biolgical Control, পতংগবিদ্যাবিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট- ৭৮৫ ০১৩; মবাইল : ৯৪০১৩২০৫১২

Leave a Response