পথাৰত সপোনৰ সৰগ

প্ৰতুল বৰকটকী!!

 

এটা দীঘল হুমুনিয়াহ চুই গ’ল পৰিমালাক,
এবাৰ তাই নিজৰ হাতৰ তলুৱা খন চাই
পিচৰ বাৰ পথাৰ খনলৈ।
দুয়ো খনেই চিৰাল ফাট দিছে,
হওক, খেতিয়কৰ হাতত টো আৰু
নখ পালিছে নুশুৱাই!
এজাক বৰষুণ নামে,
পৰিমালা বাউলী হৈ নাছে।
পথাৰত তাই সপোনৰ কঠিয়া সিচে,
কৃষকৰ সপোন মানেই টো পথাৰ আৰু শইচ!
সোণালী ধাননীয়ে তাইক হাত বাউলী মাতে,
শুই থকা সপোন বোৰে জাঁকি মাৰি উঠে।
কেচ কেচ কাঁছিৰ শব্দই পথাৰ বোৰ মূখৰ কৰে,
সেলেঙি লগোৱা তামোলৰ পিকে ৰঙা কৰা ওঠঁৰ খিল খিল হাঁহিত উত্তাল হয় গাভৰু পথাৰ।
হওক, খেতিয়কৰ ওঁঠত টো আৰু
ঠোট পালিছে নুশুৱাই!!
পৰিমালাৰ সপোন বাস্তৱ হয়,
স্থাপন হয় এটা আৱক্ষ মূৰ্তি,
কঠিন শিলত কাটি য’ত তাই লিখিছিল-
“শইচৰ পথাৰ কৃষকৰ, এই পথাৰতে কৃষকে সপোন ৰচে,
সেই সপোনৰ পম খেদি কত “পূৰ্ণ বড়ো” হেৰাই,
পথাৰ আৰু সপোন বোৰ অপূৰ্ণ হয় ৰয়।
অপূৰ্ণ সপোনৰ লেজুত ধৰি
পৰিমালা হঁত পুন: আগুৱাই,
শপত লয়..
পথাৰত সৰগ ৰচিম, পথাৰত সপোন ৰচিম!!!”

**********************************************

Leave a Response