পশু উৎপাদিত খাদ্যত অৱশিষ্ট এন্টিবায়’টিকৰ উপস্থিতি আৰু জনস্বাস্থ্যত ইয়াৰ প্ৰভাৱ Antibiotic Residue in Foods of Animal Origin and its Effect on Public Health

  • ~ডা° অঞ্জন জ্যোতি নাথ আৰু ডা° বিৰাজ কুমাৰ শৰ্মা
    বৰ্তমান সময়ত বজাৰত উভৈনদী হৈ পৰা লোভনীয় আৰু সতেজ শাক-পাচলি কিনিবলৈ গৈ আমাৰ বহু লোকৰ হয়তো কিঞ্চিত হ’লেও সংকোচবোধ হৈছে এই কথা ভাবি যে, কিমান ৰাসায়নিক সাৰ, কীটানুনাশক অথবা সংৰক্ষক পদাৰ্থৰ পয়োভাৰ ঘটিছে এই পাচলিবোৰত ? আনহাতে সন্দেহৰ উৰ্দ্ধত নহয় যদিও গাখীৰ, কণী, মাছ-মাংস আদি ক্ৰয়ৰ ক্ষেত্ৰত কিন্তু গ্ৰাহকসকল ইমান চিন্তিত নহয় যেন ধাৰণা হয়, যিমানখিনি সচেতন হয় শাক-পাচলিৰ ক্ষেত্ৰত । প্ৰকৃততেই আজিৰ তাৰিখত বজাৰত উপলব্ধ সকলো মাংসাহাৰেই সুৰক্ষিতনে ?

     

    ক্ৰমবৰ্দ্ধিত জনসংখ্যাৰ অনুপাতে সমগ্ৰ বিশ্বজুৰি পশু-উৎপাদিত প্ৰ’টিন বা মাংসসাৰ জাতীয় খাদ্য যেনে গাখীৰ, কণী, মাংস আদিৰ চাহিদা ক্ৰমান্বয়ে বাঢ়িব ধৰিছে । মাংসাহাৰৰ ক্ৰমবৰ্দ্ধমান চাহিদা পূৰণৰ বাবে পশুপালক সকলে অত্যাধুনিক পশুপালন ব্যৱস্থাত গুৰুত্ব আৰোপ কৰিছে । স্বাভাৱিকতেই পশুপালন ব্যৱস্থাত পশুৰ স্বাস্থ্যৰক্ষা, পশুকল্যাণ আৰু অৰ্থনৈতিক লাভালাভৰ দিশৰ প্ৰতি চকু ৰাখি প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ ঔষধিৰ(Veterinary drugs)ব্যৱহাৰ অপৰিহাৰ্য্য । কিন্তু ব্যৱহাৰৰ নিৰ্দ্দিষ্ট বিধি মানি নচলিলে পশু-উৎপাদিত খাদ্য যেনে মাংস, গাখীৰ, কণী আদিতো তেনে ঔষধিৰ অৱশিষ্ট (residue) ক’ম-বেছি পৰিমাণে ৰৈ যায় । খাদ্যৰ জৰিয়তে সেৱন কৰা তেনে দৰৱৰ অৱশিষ্ট ক’ম পৰিমাণত স্বাস্থ্যৰ পক্ষে বিশেষ ক্ষতিকাৰক নহয় যদিও অতিৰিক্ত পৰিমাণৰ সেৱনে মানৱদেহত এলাৰ্জি, কৰ্কটৰোগ, গৰ্ভস্থ সন্তানৰ বিকলাংগতা, মানসিক ৰোগ আদিৰ দৰে অনেক আনুসংগিক জটিল ৰোগ সৃষ্টিৰ কাৰণত পৰিণত হ’ব পাৰে । বিশেষকৈ পশুপালনত প্ৰতিজৈৱিক বা এন্টিবায়’টিকৰ (Antibiotic) বহুল প্ৰয়োগ আৰু ব্যৱহাৰৰ ফলত পশু-উৎপাদিত খাদ্যত ৰৈ যোৱা অৱশিষ্টই জীৱদেহত সহবাস কৰা অনুজীৱসমূহৰ বিভিন্ন এন্টিবায়’টিকৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি তোলা পৰিঘটনাই (Antibiotic resistance) এতিয়া সচেতন মহলত আটাইতকৈ বেছি গুৰুত্ব লাভ কৰিছে । সেয়েহে মাংসাহাৰকে ধৰি আন পশু উৎপাদি খাদ্যত বিভিন্ন দৰৱৰ অৱশিষ্টৰ সৰ্বোচ্চ সীমা (Maximum residue limit)আৰু দৰৱ ব্যৱহাৰৰ ক্ষেত্ৰত পশুপালকসকলে মানি চলিবলগা খাদ্য উৎপাদন আৰু গ্ৰহনৰ পৰা বিৰত থকাৰ সময় (Withdrawal period) আদিৰ বিষয়ে গ্ৰাহককে আদি কৰি সংশ্লিষ্ট সকলো লোক আৰু বিভাগীয় কৰ্তৃপক্ষ সজাগ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

     

    জীৱদেহত যিকোনো দৰৱ প্ৰয়োগৰ পাছত কিছু নিৰ্দ্দিষ্ট প্ৰক্ৰিয়া আৰু মাধ্যমেৰে দৰৱসমূহৰ সঞ্চালন, ক্ৰিয়া আৰু দেহৰ পৰা নিষ্কাষণৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হয় । জীৱদেহৰ নিজস্ব পাচন প্ৰক্ৰিয়াৰ ফলত দৰৱসমূহ দেহৰ ভিতৰত কিছু সক্ৰিয় বা কিছু নিষ্ক্ৰিয় অৱস্থালৈ ৰুপান্তৰিত হয় । দৰৱ প্ৰয়োগৰ নিৰ্দ্দিষ্ট উদ্দেশ্য সিদ্ধি হোৱাৰ পাছত এনে দৰৱ বা দৰৱৰ সক্ৰিয় বা নিষ্ক্ৰিয় ভগ্নাৱশেষসমূহ জীৱদেহৰ পৰা মূলতঃ মল-মূত্ৰৰ জৰিয়তে, আনকি গাখীৰ, কণী আদি বিভিন্ন মাধ্যমেৰেও নিষ্কাষণ হয় । স্বাভাৱিকতে ৰোগীয়া আৰু চিকিৎসাধীন যিকোনো পশুৰ পৰা উৎপাদিত খাদ্য মানুহে খোৱাৰ বাবে উপযোগী বুলি গণ্য কৰা নহয় । প্ৰকৃততে প্ৰয়োগ কৰা দৰৱ বা দৰৱৰ সক্ৰিয় অৱস্থাৰ অৱশিষ্টকণ দেহত থকালৈকে তেনে পশু উৎপাদিত খাদ্য জনস্বাস্থ্যৰ বাবে সুৰক্ষিত নহয় । উল্লেখযোগ্য যে জীৱদেহত প্ৰত্যেক দৰৱৰ ক্ৰিয়া, পাচন আৰু নিষ্কাষণৰ ধৰণ আৰু সময়সীমা সুকীয়া । পশু-পক্ষীৰ জাতি-প্ৰজাতি, বয়স, লিংগ ইত্যাদি কাৰকসমূহেও তেনে প্ৰক্ৰিয়াসমূহক প্ৰভাৱিত কৰে ।

     

    মূলতঃ পশু-পক্ষীৰ বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসা আৰু তেনে ৰোগ প্ৰতিৰোধৰ সতৰ্কমূলক ব্যৱস্থাৰ অংশ হিচাপেও এন্টিবায়’টিকৰ ব্যৱহাৰ কৰা হয় । এন্টিবায়’টিক হৈছে কিছু অনুজীৱনাশী দৰৱ আৰু মূলতঃ বেক্টেৰিয়া আৰু ভেঁকুৰজনিত ৰোগত ফলপ্ৰসূ চিকিৎসাৰ আধাৰ । কিন্তু পশুপালনত এন্টিবায়’টিকৰ আন কিছু গুৰুত্বপূৰ্ণ ব্যৱহাৰো আছে । বৈজ্ঞানিক অধ্যয়নৰ দ্বাৰা ইতিমধ্যে প্ৰমাণিত হৈছে যে উপযুক্ত পৰিমাণ আৰু পদ্ধতিৰে খাদ্য বা পানীত ব্যৱহাৰ কৰিলে কিছু এন্টিবায়’টিকে পশু-পক্ষীৰ বাঢ়ন খৰতকীয়া কৰি তোলে(Growth promoter) । খাদ্যৰ পোষক দ্ৰব্য সমূহ দেহগঠনৰ উপাদানসমূহলৈ ৰুপান্তৰিত কৰাৰ দক্ষতা (Feed conversion efficiency) বৃদ্ধিৰ ক্ষেত্ৰতো এন্টিবায়’টিক অতি ফলপ্ৰসূ । আনকি এন্টিবায়’টিক প্ৰয়োগৰ দ্বাৰা উৎপাদিত মাংসাহাৰৰ পুষ্টিগত গুণৰ তাৰতম্যও ঘটাব পাৰি । সাধাৰণতে চিকিৎসাত ব্যৱহৃত এন্টিবায়’টিকৰ মাত্ৰাতকৈ (Therapeutic dose) বহু কম মাত্ৰাত (Subtherapeutic dose) উপৰোক্ত লাভালাভসমূহৰ বাবে পশুখাদ্যত এন্টিবায়’টিক প্ৰয়োগৰ অনুমোদন আছে ।
    কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে উপযুক্ত মাত্ৰাত ব্যৱহাৰ নকৰিলে বা জধে-মধে ব্যৱহাৰ কৰিলে জীৱদেহত স্বাভাৱিকভাৱে সহবাস কৰা অনুজীৱসমূহে পৰ্য্যায়ক্ৰমে ব্যৱহৃত এন্টিবায়’টিকৰ বিৰুদ্ধে এক প্ৰতিৰোধ ক্ষমতা (resistance) গঢ়ি তুলিব পাৰে । সাম্প্ৰতিক সময়ত পশু উৎপাদিত খাদ্যত এন্টিবায়’টিক প্ৰতিৰোধী ক্ষমতাসম্পন্ন অনুজীৱৰ উপস্থিতি আৰু তেনে খাদ্য সেৱনৰ ফলত হোৱা অনুজীৱজনিত বিষক্ৰিয়াৰ (Food poisoning) চিকিৎসাত জটিলতাৰ সৃষ্টি কৰিছে । খাদ্য সুৰক্ষাৰ দিশৰ পৰা ই এক অতি গুৰুত্বপূৰ্ণ বিষয় । পশুপালনত ব্যৱহৃত এন্টিবায়’টিকৰ অৱশিষ্ট যদি তেনে পশু উৎপাদিত খাদ্যত ৰৈ যায়, তেন্তে তেনে খাদ্য গ্ৰহণৰ ফলৰ আমাৰ পাচনতন্ত্ৰকে ধৰি অন্যান্য তন্ত্ৰ্প্ৰণালীত সহবাস কৰি থকা অণুজীৱসমূহেও সেই এন্টিবায়’টিকৰ বিৰুদ্ধে লাহে লাহে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হ’ব । তাতোকৈ চিন্তনীয় বিষয়টো হ’ল যে এন্টিবায়’টিক প্ৰতিৰোধী ক্ষমতা অনুজীৱসমূহৰ মাজত আদান-প্ৰদান ঘটিব পাৰে । অৰ্থাত আগতে কোনো এক এন্টিবায়’টিকৰ প্ৰতি সংবেদনশীল অনুজীৱ কোনো প্ৰতিৰোধক্ষম অণুজীৱৰ সংস্পৰ্শলৈ আহিলে নিজেও তেনে প্ৰতিৰোধী ক্ষমতা আহৰণ কৰিব পাৰে । ইয়াৰ পৰিণতি আৰু ভয়াবহ হ’ব যেতিয়া মানৱদেহত ৰোগ সৃষ্টিকাৰী বীজাণুসমূহে প্ৰতিৰোধীক্ষমতা গঢ়ি তোলা অন্যান্য অনুজীৱসমূহৰ পৰা সেই ক্ষমতা আহৰণ কৰি ল’ব । ফলত ৰোগসৃষ্টিকাৰী বীজাণুসমূহৰ বিপক্ষে সফল অস্ত্ৰস্বৰুপে ব্যৱহাৰ কৰি থকা এন্টিবায়’টিক সমূহে কাম নকৰা হ’ব । তাৰ ফলস্বৰুপে নতুন নতুন এন্টিবায়’টিকৰ প্ৰয়োজন হ’ব । এতিয়ালৈকে আৱিষ্কৃত এন্টিবায়’টিকৰ সংখ্যা সীমিত, কিন্তু ৰোগ সৃষ্টিকাৰী বীজাণু আৰু এন্টিবায়’টিক প্ৰতিৰোধী অণুজীৱৰ সংখ্যা হৈছেগৈ অলেখ । অদূৰ ভৱিষ্যতে ইয়াৰ পৰিণাম কিমান ভয়াবহ হ’ব পাৰে সেয়া হয়তো সহজে অনুমেয় ।

     

    পশু উৎপাদিত খাদ্যত এন্টিবায়’টিকৰ অৱশিষ্টৰ এনে পৰিণাম খাদ্যসুৰক্ষাৰ ক্ষেত্ৰত জটিলতা সৃষ্টি কৰিব পৰা এক উদাহৰণহে মাথোন । পশুস্বাস্থ্য, পশুকল্যাণ আৰু আৰ্থিক লাভালাভৰ বাবে ব্যৱহৃত আন বহুতো জৈৱিক আৰু ৰসায়নিক দৰৱ প্ৰত্যেকৰে নিজস্ব ধনাত্মক আৰু ঋণাত্মক দিশ আছে । পশু উৎপাদিত খাদ্যত তেনে সকলো ঔষধিৰ অৱশিষ্টৰ সুৰক্ষিত পৰিমাণৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ বিষয়ক সঠিক আৰু বিতং তথ্য হয়তো এতিয়াও পৰ্য্যাপ্ত পৰিমাণে উপলব্ধ নহয় । বিশদ বৈজ্ঞানিক অধ্যয়নে সময়ত উপলব্ধ কৰিব সকলো তথ্য আৰু তেতিয়াহে হয়তো প্ৰকৃততে সক্ৰিয় আৰু সচেতন হ’ব সংশ্লিষ্ট সকলো শ্ৰেণীৰ লোক ।

     

    ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক সংস্থান (FSSAI) আৰু খাদ্য সুৰক্ষাৰ হ’কে কাম কৰি অহা আন আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ পৃষ্ঠপোষকতাত জনস্বাস্থ্যৰ হিতৰ বাবে গাখীৰ, মাংস আদিত উপস্থিত থাকিব পৰা পশুপালনত ব্যৱহৃত এন্টিবায়’টিক আৰু অন্যান্য দৰৱৰ অৱশিষ্টৰ সৰ্বোচ্চ সীমাৰ কিছু মানক আৰু অধিনিয়ম ইতিমধ্যে উপলব্ধ হৈছে ।

     

    গতিকে এয়া সহজেই অনুমেয় যে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আনিব পৰা যিকোনো পশুচিকিৎসাত ব্যৱহৃত দৰৱ প্ৰয়োগৰ বিধি মানি চলাটো সংশ্লিষ্ট সকলোচাম লোকৰ বাবে এক দায়বদ্ধতা । পশুচিকিৎসক সকলে খাদ্যৰ বাবে প্ৰতিপালিত সকলো জীৱজন্তুৰ চিকিৎসাৰ ক্ষেত্ৰত দৰৱৰ উপযুক্ত মাত্ৰা মানিহে চিকিৎসা প্ৰদান কৰে । উৎপাদিত খাদ্যত ব্যৱ্হৃত দৰৱৰ অৱশিষ্টৰ অনুমোদিত সৰ্বোচ্চ পৰিমাণৰ সূচনা অনুসৰি খাদ্য উৎপাদন আৰু মাংসাহাৰ গ্ৰহনৰ পৰা বিৰত থকাৰ সময় আদিৰ ক্ষেত্ৰত পশুপালক আৰু গ্ৰাহক সকলক বিশেষকৈ সজাগ কৰি তোলাটো নিত্যান্তই প্ৰয়োজনীয় । আনহাতে এন্টিবায়’টিক প্ৰয়োগৰ ক্ষেত্ৰতো পশুপালক সকলে ফাৰ্মাচীৰ পৰা জধে-মধে কিনি আনি পশুৰ দেহত প্ৰয়োগ কৰাৰ পৰিবৰ্তে পশু-চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে প্ৰয়োজনীয় মাত্ৰাত প্ৰয়োগ কৰাটো উচিত । খাদ্য সুৰক্ষা তথা জনস্বাস্থ্যৰ হিতৰ বাবে এয়া আমাৰ উমৈহতীয়া দায়িত্ব ।

    *******************************************************
    ~ডা° অঞ্জন জ্যোতি নাথ, সহকাৰী অধ্যাপক, অনুজীৱ বিজ্ঞান বিভাগ;ইমেইল :drnath76@gmail.com আৰু
    ~ডা° বিৰাজ কুমাৰ শৰ্মা, শল্যচিকিৎসা আৰু ৰঞ্জনৰশ্মি বিভাগ, সহকাৰী লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অ.কৃ.বি., জহিঙ, উত্তৰ লক্ষীমপুৰ- ৭৮৭ ০৫১
    ইমেইল:birajsarma704@gmail.com

  • 8 Comments

    1. তথ্যসমৃদ্ধ লিখনিটোৱে মানৱসমাজক খাদ্যবস্তু ক্ৰয়ৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিব।

    2. যথেষ্ট তথ্য সমৃদ্ধ আৰু সময়উপযোগী লেখা…..
      পঢ়ি আপ্লুত হলো….
      আৰু অধিক আশা কৰিম আমি আপোনালোকৰ পৰা…..

      1. অশেষ ধন্যবাদ শ্ৰীমান প্ৰিতম যোগী৷ এই আলোচনীৰে পূৰ্বৱৰ্তী কেইটামান সংখ্যাত ইতিমধ্যে খাদ্য সুৰক্ষা সুৰক্ষা সম্পৰ্কীয় মোৰ দুটামান লিখনী প্ৰকাশ হৈছে৷ ছাবচোন৷ সবিশেষ তলত দিয়া হৈছে৷
        ১) খাদ্যৰ গুণগত মান, সুৰক্ষিত খাদ্য আৰু গ্ৰাহক সচেতনতা- প্ৰথম খণ্ড -জুলাই ২০১৭
        ২) খাদ্যৰ গুণগত মান, সুৰক্ষিত খাদ্য আৰু গ্ৰাহক সচেতনতা- দ্বিতীয় খণ্ড- আগষ্ট ২০১৭
        ৩) বীজাণু সংক্ৰমিত খাদ্যজনিত ৰোগ-চেপ্তেম্বৰ ২০১৭

    3. লিখনিটো যথেষ্ঠ উন্নত মানৰ হৈছে। অাশা কৰো ই কৃষক ৰাইজৰ কাৰণেও উপযোগী হব।

      1. অশেষ ধন্যবাদ শ্ৰীমান সত্যব্ৰত দত্ত।

    4. This article is very informative and can able to create awareness about food security..I want to know about whether growth hormones /steroids used in poultry farming in our country and if yes its effects on health.

      1. Dear Madam,
        Thank you very much for your valuable comment. Regarding your query, the general notion is that no hormones are used in the poultry industry for growth promotion. Rather, a multiple array of practices including genetic upgradation of poultry, and feed supplements like vitamins, minerals, enzymes, prebiotics/probiotics etc have been used to increase the bioavailability of nutrients and the feed conversion efficiency, thereby promoting better growth rate in poultry reared for meat purpose. We want to hear something more from the experts in the poultry industry in this regard. Thanking you once again for the encouraging remarks and with best regards-

    Leave a Response