বুকুৰ মাজত ঠাই লোৱা এখন ছবি পান খেতিৰ

✍~আজি কিছুদিন আগত আমি ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন চাই থাকিবলে মন যোৱা ছবি পাইছিলো মুখত হাহিঁ বিৰিঙাই থকা কৃষক দম্পতিৰ৷ আৰু সেই ছবিখনৰ লগতে প্ৰকাশ কৰা কেইশাৰীমান শব্দই আমাক কৈ দিছিলে কোন হয় তেওঁলোক৷ কি তেওঁলোকৰ সন্তুষ্টিৰ কাৰণ৷ শাৰী কেইটা হ’ল –


অসমীয়া সমাজত প্ৰবাদ প্ৰচলিত যে ,
“পুৰুষে-নাৰীয়ে হ’বা একমতি
তেহে হ’ব হৰিত ভকতি…”
জখলাত উঠি মায়ে পাণ চিঙিছে বিক্ৰীৰ বাবে আৰু দেউতাই গৰু কেইজনীলৈ ঘাঁহ কাটি আনিছে| স্থিৰচিত্ৰ এখন সংৰক্ষণ কৰি ৰাখিলো আৰু আপোনালোকৰ সৈতে কৃষকৰ সন্তান হোৱাৰ সুখৰ ৰেঙণি ভগাই লোৱাৰ বাসনাক দমন কৰিব নোৱাৰি ভগাই ললো| দেউতা আৰু মা খুবেই কৰ্মী|দুয়ো কামবোৰ ভগাই লয়| এইদৰেই সুখী আমাৰ তিনিজনীয়া পৰিয়ালটি| সেউজীয়াৰ মাজতে আমাৰ জীৱনৰ ৰং| কামৰ মাজতে তেওঁলোক সদায়ে হাঁহি থাকক এনেকৈয়ে আৰু হাঁহি থাকক প্ৰতিজন কৃষক| প্ৰতিজন কৰ্মী মানুহক মই সন্মান কৰোঁ | মিছা অভিজাত্যৰ প্ৰতি মোৰ আকৰ্ষণ নাই| আমাৰ জীৱন মাটিৰ পৰা আৰম্ভ হৈ মাটিত শেষহৈ যায়| সেয়ে, মা-দেউতাৰ ঘাম, প্ৰতিজন কৃষকৰ ঘাম আৰু সেউজীয়া সপোনক মই সন্মান কৰোঁ| বিখ্যাত কবি হলধৰ নাগে ঠিকেই কৈছিল” যেতিয়া এজন কৃষকৰ মৃত্যু হয়, তেতিয়া এজন দেৱতাৰ মৃত্যু হয়”

-হয় আপোনালোকে ঠিকেই অনুমান কৰিছে আমি ওপৰত দিয়া ছবিখনৰ কথাই কৈছো৷ ছবিখনত থকা কৃষকজন আৰু তেওঁৰ গৃহিনী পান খেতিয়ক গৰাকী কোন হয় আমি আমাৰ পাঠক সকলক চিনাকী কৰাই দিব নালাগে যদিও কও, কৃষকজন আমাৰ অসমীয়া সংস্কৃতিৰ নিৰৱ সাধক শ্ৰী যুত মহেন্দ্ৰ চুতীয়া ওজা দেৱ আৰু পান খেতিয়ক গৰাকী তেখেতৰ পত্নী শ্ৰী মতী শান্তি গগৈ চুতীয়া আৰু এই ছবিখন আমাৰ সন্মুখলৈ আনিছিলে তেওঁলোকৰ সুযোগ্য জীয়ৰী কস্তুৰী চুতীয়াই৷ ছবিখনত আমি দেখিবলৈ পাইছিলো কস্তুৰীৰ দেউতাকে কান্ধত এখন মেটমৰা ভাৰ লৈ আছে আৰু মাতৃয়ে পান গছৰ পৰা পান চিঙি আছে৷ কস্তুৰীৰ ফেচবুকৰ মজিয়াত বিচাৰি পাইছিলো আমি দেউতাকৰ পৰিচয়৷

বাৰ যি কি নহওক, আমাৰ এইমাহৰ আলোচনীৰ বাবে আমি এই ছবিখনৰ আৰৰ কাহিনী প্ৰকাশ কৰিবলৈ ইচ্ছা কৰাৰ কাৰণ হ’ল পান খেতিয়ক কস্তুৰীৰ মাতৃৰ পৰা পান খেতিৰ বিষয়ে কিছু তথ্য আহৰণ কৰা আৰু এই বিষয়ত তেখেতৰ অভিজ্ঞতাৰ বুজ লোৱা৷ এই বিষয়ত আমি যোগাযোগ কৰিছিলো কস্তুৰীৰ লগত৷ তেওঁ নিজৰ ব্যস্ততাৰ মাজত আমাক সংগ দিছিলে৷ তেওঁ আমালৈ লিখি পঠিয়াইছিলে তেওঁ সৰুৰে পৰা দেখি থকা পান খেতিৰ সবিশেষ৷ তলত এইয়া লেখিকা কস্তুৰী


~ কস্তুৰী চুতীয়া৷
অসমীয়া সমাজ ব্যৱস্থা আৰু পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ হৈছে তামোল-পান৷ অতীজৰে পৰা আমি দেখি আহিছো আমাৰ বাৰীৰ তামোল গছজোপাত পানৰ ডালটো থাকেই৷ যদিও ই আমাৰ অসমীয়াৰ এটা পৰম্পৰা তথাপিও চাহিদা অনুপাতে যোগান সীমিত হোৱা বাবে সহজতে আৰু কম খৰচতে হোৱা পান খেতিৰ দ্বাৰা স্বাৱলম্বনৰ পথ গাৱঁৰ কৃষক তথা নিবনুৱা সকলে লব পাৰে৷
বিগত প্ৰায় দহ বছৰ ধৰি আমাৰ ঘৰত ব্যৱসায়িক ভিত্তিত পান খেতি কৰি অহা হৈছে৷ মোৰ দেউতা মহেন্দ্ৰ চুতীয়া ওজা আৰু মা শান্তি গগৈ চুতীয়াই নিজস্ব প্ৰচেষ্টাৰে কৰা পান খেতিত বৰ্তমান প্ৰায় শতাধিক পান গছ আমাৰো বাৰীত আছে৷ আমাৰ পদুলি মুখৰ পৰা বাৰীৰ দুয়োফালে আবৰি মুঠ তিনিখন পানবাৰী আছে৷ আমাৰ পান গছবোৰ বাৰীৰ এশতকৈ বেছি তামোল গছ আৰু অন্যান্য বিভিন্ন গছত দিয়া হৈছে৷ পান বাৰী খন বিশেষ ভাৱে পৰিচৰ্য্যা কৰে মোৰ মাতৃয়ে৷ এইদৰেই আমি নিজৰ প্ৰচেষ্টাৰে বাৰ্ষিক লক্ষ্যাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো৷
অসমীয়াত এটা প্ৰবাদ আছে- “পঢ়াই, পঢ়ে, ৰোৱে পান, এই তিনি নিচিন্তে আন৷” অৰ্থাৎ শিক্ষক, ছাত্ৰ আৰু পান খেতিয়কৰ একাগ্ৰতাৰ অতি প্ৰয়োজন৷ পানীৰ খেতি এবিধ বহু বৰ্ষীয় খেতি৷ খৰালী পানীৰ অতি প্ৰয়োজন৷ অক্টোবৰ মাহৰ হিম পৰিবলে আৰম্ভ কৰাৰ পৰাই পান গছত পানীৰ প্ৰয়োজন হয়৷ নহ’লে হিম পৰি পান গেলিব পাৰে৷
আমাৰ ঘৰত প্ৰায় ১০ বছৰৰ আগতে এই পান খেতি আমাৰ ককাই আৰম্ভ কৰিছিলে প্ৰথম ২০ জোপামান পান ৰুইছিলে৷ আৰু বৰ্তমান ককা স্বৰ্গগামী হোৱাৰ পৰা মায়ে পান বাৰী কেইখন তদাৰক কৰি আছে৷ গাৱঁৰ বহুতে, যাৰ ঘৰত পান আছে তেওঁলোকে কিছুমান নিয়ম মানি থকা দেখা যায়৷ যেনে -সপ্তাহৰ কোনো কোনো দিনত পান নিচিঙে৷ দিনৰ নিদিষ্ট সময়তহে পান বাৰীলে নাযায়৷ আমাৰ তেনেকুৱা নহয়৷ যিহেতু আমাৰ পান খেতি ব্যৱসায়িক ভিত্তিত কৰা হয়৷ ৰাতিপুৱা ৮ বজাত পান চিঙিবলে আৰম্ভ কৰা হয় দিনটো যিমান পাৰে চিঙে৷ তাৰ পাছত জুকিয়াবলে আৰম্ভ কৰা হয়৷ আৰু গধুলি পাইকাৰী বেপাৰিয়ে লৈ যায়৷ চিজনত আমাৰ পান চিঙিবৰ বাবে ঘৰুৱা মাহেকীয়া ভিত্তিক থকা মানুহজনৰ ওপৰিও জুকিয়াবৰ বাবে বেলেগকৈ মানুহ লগোৱা হয়৷ ডিচেম্বৰ মাহত আমাৰ ঘৰত দৈনিক ৪০০ ৰ পৰা ৪৫০ গুচি পান পাইকাৰী বিক্ৰি হয়৷
আমাৰ ঘৰৰ পানখেতিত কোনো দিনে কোনো ৰাসায়নিক দৰব ইত্যাদি ব্যৱহাৰ কৰা নাই বা কৰিব লগা হোৱা নাই৷ মায়ে জনোৱা ম’তে, এই জুন মানৰ পৰা অক্টোবৰৰ ভিতৰত পানৰ পাত বা শিপা পচিঁ যোৱা, পাত বা ঠাৰি ক’লা পৰা ইত্যাদি বেমাৰ সমুহ কেতিয়াবা দেখা গৈছিলে৷ বহাগ মাহৰ পাছৰ পৰা আহাৰ-শাওণ মাহৰ ভিতৰত পান গছৰ বাঢ়ি থকা ডালবোৰ ভাঙি দি গছজোপা মুকলি কৰি দিয়া হয়, গাঁ গছ আৰু গুৰিটো চাফা কৰি দিলে এনে বেমাৰ সমুহ নহয়৷ ইয়াৰ ওপৰিও পানগছৰ ডালবোৰ ভাঙি দিলে পানৰ উৎপাদন ভাল হয় আৰু নাভাঙিলে পানগছবোৰ বৃদ্ধি নহব, পাতৰ আকাৰ সৰু হব আৰু গছজোপাৰ বিকাশ নহব৷ মায়ে আন এটা বেমাৰৰ কেতিয়াবা দেখা বুলি জনাইছে, সেইয়া হৈছে কেতিয়াবা পানবোৰ অসময়তে পকি যোৱা দেখা যায়৷ সেইয়াও পানী দিয়াৰ হীনদেৰি হ’লে হব পাৰে বুলিয়ে আমি ভাবি লৈছো৷
আমাৰ প্ৰায়খিনি পানগছেই গছত দিয়া যদিও আমাৰ বাৰীত জেওঁৰা বা যিকোনো গছ য’তেই সুবিধা হয় পানগছবোৰে তাতেই বগাই৷ সাধাৰণতে তামোল গছত ভাল বুলি কয় যদিও মায়ে জনোৱা ম’তে নাৰিকল গছতো বেয়া নহয়৷ কাৰণ তামোল গছজোপাত যদি আমি ১০ গুচি পান পাওঁ, নাৰিকল গছজোপাত আমি ৩০ গুচি পান পাওঁ৷ কাৰণ এই নাৰিকলৰ গা-গছডাল তামোলজোপাতকৈ বহল৷ মাত্ৰ নাৰিকলত গুটি পৰি গছজোপাৰ লোকচান হোৱাৰ ভয় থাকে৷ মায়ে জনোৱা ম’তে ওখ, ঠাল ঠেঙুলী কম গছজোপাত পান গছ বগাবলে ভাল৷ খৰালি যিদৰে পানী কমিলে সমস্যা হয়, সেইদৰে পানীয়ে পানৰ গুৰিটো ডুৱাব নোৱিৰাকৈ মাহ’তক দেখিবলে পাওঁ প্ৰতিজোপা গছৰ গুৰিটে এটা ওখ ভেটি কৰি দিয়ে৷ নতুনকৈ ৰুব লগা হ’লে গছৰ গুৰিত ভেটি বনাই এটা ভেটিত ৪-৫ টা কৈ ডাল গুজি দিয়ে আৰু যিমান ওখ হৈ যায় সিমানে ওপৰলৈ কল-মাৰলি দি বান্ধি দিয়ে৷ আমাৰ কিছুমান পান গছ ৩০ ফুটলৈকে ওখ৷ আগত ককাই বা এতিয়া মাহ’তেও নিজে যিদৰে জানে সেইদৰেই পান খেতি কৰি গৈছে৷ কৃষি বিভাগৰ কোনো উপদেশ বা আমাৰ অঞ্চলৰ কোনো কৃষি সম্প্ৰসাৰণ সহায়কাৰীকো আমি এতিয়ালৈকে লগ পোৱা নাই৷ মা-দেউতা এজনৰো যাবলে বৰ সময় নাই৷ দেউতা ঢোলৰ ওজা, তেওঁ নিজৰ ক্ষেত্ৰখন লৈ ব্যস্ত৷ মায়ে বাৰীখন লৈ ব্যস্ত৷ আমাৰ সময় কম কৃষি বিভাগৰ অফিচলে গৈ কোনো খবৰ লবলে৷ কেতিয়াবা ভাবো, পান খেতিৰ কাৰণে কৃষি বিভাগৰ কোনো আচঁনি থকা হ’লে বা পোৱা হ’লে মা হ’তে আৰু কিছু পৰিকল্পিতভাৱে আগবাঢ়িব পাৰিলে হে’তেন৷ পানগছত যত্ন লব লাগে, কিন্তু খৰচ বেছি নায়৷ আমাৰ নতুন প্ৰজন্মই এই পানখেতি কৰি লাভৱান হব পাৰিব৷

এতিয়া আমি জনাও পানখেতিৰ বিষয়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্ধাৰণ কৰা পদ্ধতি সম্পৰ্কে-


অসমত তিনি প্ৰকাৰে পান খেতি কৰা হয়
১) তামোল গছ বা অন্য গছৰ গুৰিত
২) বোৰোজ পদ্ধতি
৩) খুটি পদ্ধতি৷
ইয়াৰে প্ৰথম পদ্ধতিতে সাধাৰণতে প্ৰায় বিলাক ঘৰতে কৰা হয়৷ আন দুটা পদ্ধতি ব্যৱসায় ভিত্তিত কৰা হয়৷
মাটি
সাৰুৱা আলতীয়াৰ পৰা বালিচঁহীয়া মাটি ও পানী জমা নোহোৱা মাটি পান খেতিৰ বাবে উপযোগী৷ নতুনকৈ পান বাৰী প্ৰস্তুত কৰিবলৈ অন্য ঠাইৰ পৰা মাটিৰ ওপৰ ভাগ কাটি আনি কৰিব পাৰিলে ভাল৷ পুলি ৰোৱাৰ এমাহৰ আগতে মাটিত চূণ মিহলাই মাটিৰ অম্লতা কমাই ল’লে ভাল হয় অৰ্থাৎ পি, এইচ ৬.৫ মানত ৰাখিব লাগে৷
তামোল গছৰ সহায়লৈ কৰা পান খেতি
তামোল গছৰ গুৰিৰ পৰা ৬০-৭০ ছে: মি: দুৰত্বত ৬০ ছে: মি:x ৬০ ছে: মি: x ৬০ ছে: মি: ব্যাসাৰ্দ্ধৰ গাত খান্দি তাত পচন সাৰ বা গোবৰ আদি প্ৰয়োগ কৰিব লাগে ৷ প্ৰত্যেক জোপা তামোলগছৰ বাবে ৩-৪ টা পানৰ ডাল (cutting) ৰোব লাগে ৷ সাধাৰণতে ২-৩ ফুট দীঘল ডাল য’ত ৬ টা মানকৈ কোঁহ/গাঁঠি থাকে তেনেবোৰ ডালহে ৰোৱাৰ বাবে উপযোগী ৷
বোৰজ আৰু খুটি পদ্ধতি:
বাঁহ আৰু খেৰ আদিৰ বোৰজ প্ৰস্তুত কৰি সকলো দিশ খেৰেৰে বেৰি দিব লাগে ৷ পান গছবোৰ বাঁহৰ খুটিত বগাবলৈ দিব লাগে ৷ খুটি পদ্ধতিত কৰা পান খেতিৰ বাবে ওপৰ ভাগ আবদ্ধ কৰি পান গছবোৰ বাঁহৰ খুটিত বগাবলৈ দিব লাগে ৷ এই ক্ষেত্ৰত বাঁহৰ দীঘল খুটিৰ ব্যৱহাৰ হয় ৷
পুলি ৰোৱাৰ আগেয়ে পান ৰোবলৈ লোৱা মাটি দৰা ভালদৰে চহায় লব লাগে ৷
ৰোপন সামগ্ৰী
সাধাৰণতে পান গছৰ উৰ্দ্ধমুখী ২-৩ বছৰীয়া পূৰঠ আগবোৰ কাটি আনি তাৰ পৰা সৰু সৰুকৈ অৰ্থাৎ ৩০-৪০ ছে: মি: দীঘলে কাটি ল’ব লাগে ৷ এই সৰু সৰু ডাল বা কাটিং বিলাকত ৩-৪ টাকৈ গাঁঠি থাকিব লাগে ৷ এই ডালবোৰৰ পৰা যেতিয়া নতুন পোখা ওলাই বাঢ়িবলৈ ধৰিব তেতিয়া মূল পথাৰত অৰ্থাৎ তামোল গছৰ গুৰিত ৰোপন কৰিব লাগে ৷
বোৰজ পদ্ধতিত পোখা ওলোৱা ডালবোৰ ৫০ ছে: মি: আৰু ১৫ ছে: মি: দূৰত্বত অথাৎ দুটা শাৰীৰ মাজত দূৰত্ব ৫০ ছে: মি: আৰু প্ৰতিটো শাৰীত দুটা পুলিৰ মাজৰ দূৰত্ব ১৫ ছে: মিটাৰত ৰোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ এই পদ্ধতিত প্ৰতি বিঘা মাটিত ১২,৬০০-১২,৭০০ টা পুলি ৰোপন কৰিব পাৰি ৷ কিন্তু খুটি পদ্ধতিত পুলি আৰু শাৰীৰ দূৰত্ব ৯০ ছে: মি: ৰাখিব লাগে বাবে প্ৰতি বিঘা মাটিত ১০০০-১৪০০ টা পুলিহে ৰোপন কৰিব পাৰি ৷
ৰোৱাৰ আগতে মাটিডৰা ভালদৰে চহায় লব লাগে আৰু ৰাসায়নিক দ্ৰৱ্যৰে মাটিডোখৰ শোধন কৰি লব লাগে৷ তাৰ বাবে ০.২ শতাংশ পি, চি, এন্, বি (ব্ৰাচিক’ল) নামৰ ঔষধৰে মাটিডোখৰ তিয়াই লব লাগে৷ আকৌ পুলবাৰীৰ পৰা উঠাই অনা পোখা পুলিবোৰ ০.৫ শতাংশ শক্তিৰ ব’ৰডো মিশ্ৰণ আৰু ষ্টেপ্টোচাইক্লিন(Streptocycline) ৫০০ পি, পি, এম মিশ্ৰণত আধা ঘন্টা ডুবাই ৰাখিব লাগে৷ অসমত সাধাৰণতে মে’ – আগষ্ট মাহলৈকে পান পুলি ৰোৱা হয়৷
সাৰ প্ৰয়োগ
১৫০ কেজি নাইট্র’জেন প্ৰতি হেক্টৰত প্ৰতি বছৰে
১০০ কেজি ফছফৰাচ প্ৰতি হেক্টৰত প্ৰতি বছৰে
৫০ কেজি পটাচ প্ৰতি হেক্টৰত প্ৰতি বছৰে
এই গোটেইখিনি সাৰ মাটিডৰাত বছেৰেকত ৬-৮ টা ভাগত ভাগ কৰি গোবৰৰ লগত প্ৰয়োগ কৰিব লাগে ৷
বোৰজ পদ্ধতিত কৰা পান খেতি প্ৰতিবছৰে হেক্টৰে প্ৰতি ২০০ কেজি নাইট্র’জেন (ইউৰিয়াৰ) লগত খলিহৈৰ লগত ১ : ১ অনুপাতত মিহলাই সমানে চাৰিভাগ কৰি প্ৰয়োগ কৰিব৷
পানৰ উৎপাদন আৰু মানদণ্ড বৃদ্ধি কৰিবলৈ ৪ শতাংশ জিঙ্ক চালফেটৰ মিশ্ৰণ ৬ বাৰ মানলৈ ৬০ দিনৰ ব্যৱধানত স্প্ৰে কৰিব৷
যদি পৰা যায় নাইট্ৰ’জেনৰ ৫০ শতাংশ পৰিমাণৰ জৈৱিক সাৰ আৰু পচন সাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল ফল পোৱা যায়৷
পান বগোৱা:
মূখ্য লতাডাল যেতিয়া আশ্ৰয়কাৰী বাঁহৰ খুটাত বা গছত বগাব তেতিয়া ৬-৮ ইঞ্চি অন্তৰত কলগছৰ পতুৱাৰ আঁহৰে বা দীঘল দুৱৰি বনৰ লতাৰে ঢিলাকৈ বান্ধিব লাগে যাতে গছজোপাত বগাই যাবলৈ সুবিধা হয় ৷ গছজোপাৰ বাঢ়নৰ ওপৰত লক্ষ্য ৰাখি ১৫-২০ দিনৰ অন্তৰত এবাৰ বান্ধিব লাগে৷
লতাপান নমোৱা
সাধাৰণতে পানগছৰ মূখ্য লতাডাল এবছৰত প্ৰায় ১০ ফুট মানলৈ ওখ হয় ৷ গতিকে যেতিয়া লতাডাল সিমান ওপৰলৈ যায় তেতিয়া গছডাল বছৰেকত এবাৰ তললৈ নুৰা বান্ধি খহাই আনিব লাগে আৰু আগ অংশৰ মোটা গা-গছডাল মাটিত আকৌ পুতি দিব লাগে যাতে ওপৰৰ আনটোৰ মাত্ৰ ২-৩ ফুটহে ওলাই থাকে৷ তেনেকৈ নমাই আনিলে গছজোপাৰ গুৰিতো জোপোহা হ’ব আৰু একেডাল আশ্ৰয়কাৰীতে আকৌ বগাব পাৰিব৷
শস্য ৰক্ষা:
পাত পচা (Phytophthora leaf rot), শিপা পছা (root rot) : এই বিধ বেমাৰত ০.১ শতাংশ শক্তিৰ বৰডো মিশ্ৰণ বেমাৰৰ প্ৰকোপ অনুযায়ী ১ মাহৰ অন্তৰত ৪ বাৰ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে ৷ আনহাতে ০.৫ শতাংশ ব’ৰডো মিশ্ৰণ বেমাৰৰ প্ৰকোপ অনুযায়ী ১৫ দিনৰ অন্তৰত ৮ বাৰ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে ৷ এই ঔষধ প্ৰয়োগ জুন মাহৰ পৰা চেপ্তেম্বৰ মাহৰ ভিতৰত কৰিব লাগে ৷
পাত বা ঠাৰিত দাগ পৰা বেমাৰ (Bectrial leaf spot) : এই বেমাৰৰ বাবে ০.৫ শতাংশ বৰডো মিশ্ৰণ আৰু এক শতাংশ ষ্টেষ্ট্রোমাইচিনৰ মিশ্ৰণ তৈয়াৰ কৰি ২০ দিনৰ ব্যৱধানত ৰোগ আৰম্ভ পৰাৰে পৰা প্ৰয়োগ কৰিব ৷
এনথ্ৰেকন’জ (Anthracnose) : এই বেমাৰৰ বাবে ০.৫ শতাংশ বৰডো মিশ্ৰণ ২০ দিনৰ ব্যৱধানত ৪ বাৰ ৰোগ ৰোগৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰা প্ৰয়োগ কৰিব

****************************************************************

উৎস: অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰচাৰ পত্ৰিকাৰ পৰা সংগ্ৰহিত৷

সম্পাদনা : বৰ্ণালী শৰ্মা বৰুৱা,গুৱাহাটী৷

15 Comments

  1. তেখেতৰ কাব্যিক প্ৰতিভা, পিতৃ মাতৃৰ প্ৰতি থকা শ্ৰদ্ধা …. উপস্থাপন সুন্দৰ

  2. এই লেখাটো দুটা দিশৰ পৰা উল্লেখযোগ্য৷ এটা হৈছে লেখিকাই মাক দেউতাকৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মান৷ আনটো দিশ হৈছে পানখেতি৷ পানখেতিক ব্যৱসায় ভিত্তিত বহুত কম মানুহে লৈ আছে এতিয়াও৷ আলোচনীখনৰ কৰ্তৃপক্ষকো ধন্যবাদ দিব লাগিব৷ তেওঁলোকে এনে এটা বিষয় বৰ মনোগ্ৰাহীকে উপস্থাপন কৰিছে৷ কস্তুৰীলৈ শুভেচ্ছা জনালো৷

  3. আমাৰ ঘৰতো পান আছে৷ মোৰ ঘৰ তিতাবৰতে৷ পৰিয়ালটোক চিনি পাও৷ ওজাদেৱক লগও পাইছো৷ বৰ আময়িক মানুহজন৷ ভাল লাগিল পঢ়ি৷ ওজাদেৱৰ জীয়ৰী আৰু আলোচনীখনৰ কৰ্মকৰ্তাসকল ধন্যবাদৰ পাত্ৰ৷

  4. বৰ ভাল লেখা৷ যোৰহাট জিলাৰ কৃষি বিভাগে এই লেখাটো মন কৰিলে লেখাটোৰ সাৰ্থক হব৷

  5. ভাল লাগিল মই অ বৰ্তমান তামোল গছৰ পান খেতিত লাগিছো অনুগ্ৰহ কৰি পাণৰ পাত ৰ তলৰ ফালে পঁচা বেমাৰৰ বিষয়ে কব । বৰত মিশ্ৰণ কি কত পোৱা যায়

    1. প্ৰনৱজ্যোতি আপোনাৰ উত্তৰ দিয়া অলপ পলম হ’ল৷ এই বৰদ’ মিশ্ৰণ আমি ঘৰতে তৈয়াৰ কৰি লব লাগে ই কম খৰচি আৰু খুব ভাল ঔষধ৷

  6. বহুত দিনৰ মূৰত পুণৰ লেখাটো চালো… প্ৰায় তিনি হাজাৰজনে চকু ফুৰাইছে | ধন্যবাদ কৃষক বন্ধু পৰিয়াললৈ

  7. Pan bari amar ghorot asil .kintu eyar thari posi juwa bemar aru patot kola dag pora bemar r pratikar koribo nuwaru kiba pratikar ase jodi jonabo

Leave a Response