পুতাইলৈ চিঠি

মৰমৰ পুতাই
মৰম লবি৷ আশা কৰিছো ভগৱানৰ কৃপাত তই, বোৱাৰি আৰু লৰা-ছোৱালী দুটি কুশলে আছ৷ বতৰটো খৰাং৷ পানকেইজোপাৰ গুৰিত কলগছ দুটুকুৰা মান ফালি পেলাই দিবি৷ কলগছবোৰৰ গুৰিতো চিকুনাই দিবি৷
পুতাই, তইযে সিদিনা সুধিছিলি কম খৰচত কি খেতি কৰিলে লাভৱান হব পাৰিবি এইবিষয়েই আজি মই তোলৈ লিখো বুলি ভাবিছো৷ পুতাই এসময়ত আমাৰ ভোট জলকীয়াই বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি জ্বলা জলকীয়া বুলি স্বীকৃতি পাইছিলে যদিও বৰ্তমান এই ভোট জলকীয়া জ্বলাৰ হিচাবত সাত নম্বৰলৈ নামিল৷ বৰ্তমান এক নম্বৰত আমেৰিকাৰ “কেৰ’লিনা ৰিপাৰ”৷
কিন্তু মই তোক কও যে, সেইটো লেখত লব লগা কথা নহয়৷ কাৰণ ইয়াতকৈয়ো ডাঙৰ কথা দুটা আছে৷ প্ৰথমটো অৰ্থাৎ যিটো আমাৰ সপক্ষে যায়, সেইটো হৈছে – ভোট জলকীয়াৰ ওপৰত থকা বাকী ছয়বিধেই বৰ্ণশংকৰ৷ এই বৰ্ণ শংকৰ সাংঘাতিক জ্বলা থকা প্ৰকাৰ কেইবিধ স্থায়ী হোৱাৰ সম্ভাৱনা কম, ঘণে ঘণে চৰিত্ৰবোৰ সলনি হৈয়ে আছে৷ ভোট জলকীয়াৰ স্থায়িত্ব প্ৰমাণিত৷ প্ৰাকৃতিক হোৱাৰ বাবেই ভোট জলকীয়াৰ খেতি আন জ্বলা জলকীয়াতকৈ কম ব্যয় সাপেক্ষ৷ Hot pepper/chilli ৰ মুঠ বজাৰখনত এতিয়াও ভোট জলকীয়া ম’স্ট ৱানটেদ!
দ্বিতীয় কথাটো, যিটো আমাৰ বাবে শংকাৰ বিষয় – উত্তৰ পূৱ ভাৰতত প্ৰায় আঠবিধমান ভোট জলকীয়া বৰ্তমানে বিদ্যমান, যিবোৰ প্ৰাকৃতিক cross pollination ৰ ফল, যি বিলাকৰ capsaicin content দহ লাখ SHU ৰ পৰা তিনিলাখ SHU লৈকে যিকোনো স্তৰত থাকে, তাকে লৈ ভোট জলকীয়াৰ গুনাগুনৰ ওপৰত প্ৰশ্ন আহি পৰিছে – আমাৰ ভোট জলকীয়াৰ জ্বলা কমি আহিছে নেকি?!
কিন্তু মই টোক জনাও যে, ভোট জলকীয়াৰ জ্বলা কমি অহা নাই৷ ইয়াৰে বেছি জ্বলা কেইবিধ নিজৰ ঠাইতে আছে, আজিও বেছি জ্বলাই৷
আজি এই জৈৱিক বৈচিত্ৰ্যৰ কুফল এটি উদাহৰণ হিচাবে চমুকৈ তোক জনাও যে – “ৰজা” ভোট জলকীয়া, যাৰ জ্বলা বেছি, কিন্তু বেমাৰ বেছিকৈ হয়৷ “ৰাণী” ভোট জলকীয়া, যাৰ জ্বলা কম, কিন্তু বেমাৰ কমকৈ হয়৷ অভিজ্ঞতা থকাজনে আকৃতি (ৰাণী বাইদেউ খীণ, মিহি; ৰজা ককাই থুপুকা, খহতা) চাই ধৰিব পাৰিলেও সাধাৰণ এজনে মাত্ৰ গোন্ধটোৰ পৰা পাৰ্থক্য ধৰিব নোৱাৰে৷
আজিকালি “টেঙৰ” খেতিয়কে “ৰাণী” ভোট জলকীয়াৰ খেতি বেছিকৈ কৰে৷ “টেঙৰ” পুলি বিক্ৰী কৰাই “ৰাণী” ভোট জলকীয়াৰ পুলি বেছিকৈ গজাই৷ ৰিস্ক কোনে লব?!
স্থানীয় বজাৰত সেয়ে আজিকালি “কম জ্বলা” ভোট জলকীয়াই ৰাইজক বেছিকৈ লগ পোৱা হৈছে!
আন্তৰ্জাতিক বজাৰত মান্যতা পাবলৈ, বজাৰ স্থায়ীভাৱে দখল কৰিবলৈ কমেও আঠলাখ SHU জ্বলা থকা ভোট জলকীয়া লাগে৷
এতিয়া তহঁতৰ ইচ্ছা, তহঁতি “ৰজা”ৰ খেতি কৰিবিনে “ৰাণী”ৰ খেতি কৰিবি ?
এতিয়া তোক মই জনাও যে ভোটজলকীয়াৰ খেতিত বানিজ্যিকভিত্তিক সফলতা কেনেকৈ আনিব পৰা যাব?
সিদিনা ভোট জলকীয়াৰ বিষয়ে ক্ষেত্ৰীৰ “কৃষি জীজ্ঞাস”ত এটা প্ৰশিক্ষণ হৈছিলে৷ মই ইয়াৰ সাৰাংশখিনি তোলৈ আগবঢ়ালো৷ আশা কৰিছো তহঁতৰ সকলোৰে কামত আহিব৷ সিদিনা হোৱা আলোচনাৰ অন্তত ভোট জলকীয়া খেতি আৰু ইয়াৰ ব্যৱসায়ৰ সম্পৰ্কত কেইটামান সমস্যা চিনাক্তকৰণ হৈছিলে, তাৰ ভিতৰতে নিম্ন উল্লিখিত কেইটা মুখ্য:
• বজাৰত আজিকালি উপলব্ধ হোৱা ভোট জলকীয়াৰ ’ক্ৰমে কমি অহা জ্বলা’৷
• ভোট জলকীয়া চিঙাৰ পাচত কম সময়তে গেলি যোৱা কথাটো (high perishability)
• বজাৰ মুখী সুসংবদ্ধ উৎপাদন নথকা
• সংশ্লেষণ (processing/value addition) ব্যৱস্থাৰ অভাৱ৷
• বজাৰৰ সৈতে খেতিয়কৰ যোগসুত্ৰহীনতা, ইত্যাদি৷
পুতাই, তই সমস্যাখিনি পাইছ যেতিয়া সমাধানও জনাটো দৰকাৰ৷ এই সমস্যাকেইটাৰ সমাধান হিচাবে তলত দিয়াখিনি শীঘ্ৰেকৰণীয়৷
১| সঠিক ভেৰাইটিৰ চিনাক্তকৰণ: সকলোৰে অভিজ্ঞতাৰ পৰা এইটো কথা কব পাৰি যে এতিয়াও বেছি জ্বলা ভোট জলকীয়াৰ সঁচ আছে, কিন্তু cross pollination ৰ কাৰণে বিবিধ ভেৰাইটিৰ সৃষ্টি হৈছে আৰু সকলোবোৰৰে জ্বলা একে নহয়৷ উপলব্ধ সকলোখিনি ভেৰাইটি গোটাই লৈ তাৰ মাজৰ পৰা সৰ্বাধিক জ্বলা থকা ভেৰাইটিটো বিজ্ঞানসন্মত ভাৱে বাচি উলিয়াব লাগিব৷ Pure line selection কৰি স্থায়িত্ব প্ৰাপ্ত টোক নিৰ্বাচন কৰিব লাগিব৷
২| কৃষি পদ্ধতিৰ উন্নিতকৰণ (Formulation and optimization of right package of practice): আমাৰ স্থানীয় খেতিয়ক ৰাইজৰ মাজত সুদীৰ্ঘকাল ধৰি চলি অহা কৃষি পদ্ধতি সমূহৰ ভিত্তি হৈছে পুৰুষানুক্ৰমে পাই অহা অভিজ্ঞতা৷ সেয়ে বহুসময়ত দেখা যায় যে অভিজ্ঞতা সম্পন্ন খেতিয়ক একোজনে বিশেষ কিছুমান কথা উচ্চ শিক্ষিত বিজ্ঞানী এজনতকৈয়ো বেছি ভালকৈহে জানে, অন্তত কাৰ্যকৰীভাৱে৷ আনহাতে বৈজ্ঞানিক দৃষ্টিভংগীৰে কথাবোৰ অনুধাৱন কৰাজনে কথাটো/কামটো কিয় হৈছে বা কিয় নাইহোৱা সেইটোৰ ব্যাখ্যা সন্তোষজনকভাৱে আগবঢ়াব পাৰে৷ সফলভাৱে চলি থকা পদ্ধতি এটাৰ উন্নতিৰ বাবে এই দুয়ো প্ৰকাৰৰ ব্যক্তিৰ পৰা অহা অৱদানৰ সংমিশ্ৰণ ঘটোৱাৰ প্ৰয়োজন আছে৷ আমাৰ ভোট জলকীয়াৰ বাবে প্ৰয়োজনীয় সফল কৃষি পদ্ধতি এটা পৰিক্ষণৰ মাজেৰে গঢ়ি লৈ খেতিয়ক সকলৰ হাতত তুলি দিবলৈ এক চমু গৱেষণাৰ প্ৰয়োজন আছে৷ এই কামটো আন্তৰিকতাৰে কৰি দিবলৈ ওলোৱা গৱেষণা কেন্দ্ৰ এটাক দ্বায়িত্ব দিব পাৰি৷ চৰকাৰী খণ্ডৰ কেন্দ্ৰ হোৱাটো প্ৰয়োজন যিহেতু এই পৰীক্ষণবোৰ কিছু বহু ব্যহুল হয়৷ খেতিয়কে অকলে/নিজে কামটো কৰিব পাৰিব বুলি আশা কৰিব পৰা নাযায়৷
৩| ৰোগমুক্ত গুটি আৰু পুলিৰ উৎপাদন আৰু যুক্তিগত মূল্যত ভোট জলকীয়া খেতিৰ মুখ্য স্থান সমুহত যোগানৰ ব্যৱস্থা: সফলভাৱে ভোট জলকীয়াৰ খেতি কৰাৰ পূৰ্বচৰ্তই হ’ল ৰোগমুক্ত গুটি আৰু পুলিৰ উপলব্ধতা – গ্ৰহণযোগ্য মূল্যত, কৃষিভূমিৰ নিকত স্থানতে৷ ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি থকা কেন্দ্ৰ কিছুমান বিভিন্ন ভোট জলকীয়া কৃষিপ্ৰধান স্থান সমূহত স্থাপন কৰিব লাগিব৷ তাত মাতৃ গছৰ (mother plants) খেতিৰ ব্যৱস্থা সম্পূৰ্ণ সুৰক্ষিত ভাৱে কৰিব লাগিব৷ এইটোও এটা ব্যয়বহুল কাৰ্য৷ চৰকাৰী খণ্ডতহে এইটো সম্ভৱ৷
কি কৰিম, চৰকাৰীভাৱে গঢ়ি তুলা বহুতো এনে সুবিধা এনেয়ে জহি পমি গৈ আছে আমাৰ চকুৰ আগতে৷ ব্যৱহাৰ কৰাৰ উপায় নাই, ৰঙা ফিটাৰ পাক!
৪| প্ৰাথমিক সংশ্লেষণৰ (primary processing) ৰাজহুৱা ব্যৱস্থা:
মাত্ৰ প্ৰাথমিক সংশ্লেষণৰ (primary processing) ব্যৱস্থা থাকিলেও আমাৰ ভোট জলকীয়াৰ উৎপাদনখিনিৰ প্ৰায় গতি লাগিব পাৰে৷ প্ৰাথমিক সংশ্লেষণৰ ভিতৰত জীৱাণুমুক্ত কৰণ (sterilization), আদ্ৰতা কমোৱা (dehydration), শুকুৱা (drying) – এইকেইটাই মুখ্য৷ ইয়াৰ ওপৰি সংৰক্ষণ পদ্ধতিও এক য’ত এদিটিভ আদিৰ ব্যৱহাৰ হয়৷
এই পদ্ধতিবোৰত সাধাৰণতে হট এয়াৰ দ্ৰায়িং, ফ্ৰীজ দ্ৰায়িং, স্ম’ক দ্ৰায়িং আৰু নতুনকৈ Microwave, Radio Frequency আদি ব্যৱহাৰ হয়৷ কিন্তু এই সকলোবোৰতেই ব্যয়বহুল আন্তঃগাঁথনিৰ প্ৰয়োজন যিটো সাধাৰণ খেতিয়কৰ সাধ্যৰ বাহিৰত৷ চৰকাৰীভাৱে এনে আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিব লাগে৷
৫| বজাৰৰ তথ্য তথা বজাৰৰ সৈতে যোগাযোগ স্থাপন: ভোট জলকীয়াৰ বজাৰ ক’ত? উত্তৰ – গোটেই বিশ্বজুৰি! ভোট জলকীয়াৰ ব্যৱহাৰ কেৱল খাদ্য হিচাবেই নহয়, লাহে লাহে ই ঔষধ, প্ৰসাধন, অস্ত্ৰশস্ত্ৰ, আদি বিভিন্ন ক্ষেত্ৰত সোমাই পৰিছে৷
গতিকে পুতাই, তই তোৰ লগৰীয়াসকলক লৈ এই বিষয়ত আগবাঢ়িব পাৰ৷ এতিয়া তোক মই কম এই ভোট জলকীয়া খেতিৰ পৰা হোৱা লাভালাভৰ বিষয়ে৷ চা পুতাই, খেতি আৰু জুৱা একেই ৷ তই যদি মনপুতি খেতিত লাগ বেলেগকৈ চাকৰিৰ পাছত দৌৰি থাকিবৰ দৰকাৰেই নাই৷
এতিয়া তোক মই কও কৃষিভিত্তিক ব্যৱসায় ভোট জলকীয়াৰ লাভালাভৰ বিষয়ে৷
তই পকা ভোট জলকীয়া ৩০ কেজি+ খাঁটি অলিভ তেল ২০ লিট + খাঁটি মিঠাতেল ২০ লিটাৰ আৰু সামান্য ইটো সিটোৰ সৈতে মুঠ খৰচ প্ৰায় ২৪০০০ টকা কৰি পাবি = ভোট জলকীয়া গুটি ১ কেজি + “ভূট ভেনম” ১৮ লিটাৰ + ভোট জলকীয়া আচাৰ ৫২ কেজি ৷
আৰু এইবিলাকৰ ৰপ্তানি মুল্য =
ভোট জলকীয়া গুটি প্ৰতি কেজি = ৯০০০০ টকা, “ভূট ভেনম” প্ৰতি লিটাৰত = ৩৫০০ টকা, ভোট জলকীয়া আচাৰ প্ৰতি কেজি = ১২০০ টকা
মুঠ ৰপ্তানি মুল্য = ২১৫৪০০ টকা
(দুইলাখপোন্ধৰহাজাৰচাৰিশ_টকা)
ভাবি চা পুতাই, মই বাপেৰে তোক কোনো সপোন দেখুওৱা নাই, কৃষি ভিত্তিক ব্যৱসায় মাথোঁঁ!! তোক যিটো কথা বুজিবলৈ দিয়া হৈছে সেইটো হ’ল – উৎপাদনতকৈ মাৰ্কেটিং কম গুৰুত্বপূৰ্ণ নহয়!
গতিকে পুতাই আশা কৰিছো তই, তোৰ লগতে গাৱঁৰ সকলোকে এই খেতিত জড়িত কৰাৰ কথা ভাবিবি৷ শেষত নাতিনী কিটালৈ চেনেহ আৰু বোৱাৰীলৈ আশিৰ্বাদ দি আজিলৈ আহিলো৷ আকৌ অহা মাহত লগ পাম৷

ইতি
তোৰ পিতাৰা
ড° অনুজ বৰুৱা

Leave a Response