ফকৰা-যোজনাত নাৰী

ড. মৃদুস্মিতা ফুকন

লোক-সাহিত্যৰ বিভিন্ন বিভাগসমূহৰ ভিতৰত ফকৰা-যোজনাৰো সাহিত্যিক তথা সামাজিক মূল্য অনস্বীকাৰ্য|কোনো এটা গূঢ় তত্ত্ব বা একোটা গধুৰ কথাৰ সাৰমৰ্ম কম কথাৰে, সৰ্ব-সাধাৰণে বুজি পোৱাকৈ ফকৰা-যোজনাৰে বুজাই ক’ব পাৰি|
নিৰক্ষৰ চহালোকৰ জীৱনৰ অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰাল স্বৰূপ এনে ফকৰা-যোজনাসমূহৰ প্ৰচলন পৃথিৱীৰ প্ৰায় সকলো ভাষা-ভাষীৰ মাজতে প্ৰচলিত|তাৰ ভিতৰত সৰ্বাধিক স্থান অধিকাৰ কৰিছে নাৰীকেন্দ্ৰিক ফকৰা-যোজনাই|
অসমীয়া ফকৰা-যোজনাও নাৰীকেন্দ্ৰিক ফকৰা-যোজনা, পটন্তৰ আদিৰে চহকী|এগৰাকী নাৰী জীয়াৰী- বোৱাৰী, স্ত্ৰী, ভনী আৰু গৌৰৱময়ী মাতৃ|নাৰীৰ এই সকলো ৰূপেই সুন্দৰভাৱে প্ৰতিফলিত কৰাবলৈ এই ফকৰা-যোজনাসমূহ যথেষ্ট|তদুপৰি এইসমূহৰ মাজেদি এখন সমাজ তথা একোজন ব্যক্তিৰ জীৱনত একোগৰাকী নাৰীৰ প্ৰভাৱ কেনে তাৰো প্ৰমাণ পোৱা যায়|
‘বৰঘৰ শুৱনি জীয়াৰী ছোৱালী’জনী মাক-দেউতাকৰ আনন্দৰ নিজৰা, ককাই-ভাইৰ আটোল-টোল, আলাসৰ লাৰু|তথাপিও আমাৰ সমাজত কন্যা সন্তানৰ প্ৰশংসা নিজৰ পৰিয়ালৰ লোকে কৰাটো সমাজৰ চকুত হেয় –

‘মাকে শলাগে জী,
বাপেকে শলাগে জী,
ওচৰ-চুবুৰীয়াই যাক শলাগে,
সেয়েহে আচল জী|’

জীয়াৰী ছোৱালীয়ে ঘৰখন পোহৰাই ৰাখে|চুবুৰীটো সঁজাল কৰি ৰাখে|সেয়েহে কোৱা হয় –

‘কথাৰ মূৰত কঠিয়া, সৰিয়হৰ মূৰত তেল
যাৰ ঘৰত জীয়াৰী আছে, তাৰ ঘৰত মেল|’

কিন্তি কেৱল মেল মাৰি থাকিলেই কোনো কাৰো প্ৰিয়পাত্ৰ হ’ব নোৱাৰে|আনকি সাতোটা ভায়েকৰ মাজৰ জীয়াৰীজনীয়েও ভায়েকহঁতৰ পৰা মৰম-চেনেহ আদায় কৰিব নোৱাৰে যদিহে —

‘সাত ভাইৰ মাজৰে ভনী
কৰোঁতেহে ল-নী|’

মাক-দেউতাকৰ আলাসৰ লাৰু, ককাই-ভাইৰ চেনেহৰ ভনীজনী লাহে লাহে ডাঙৰ হয়|‘জোঁৱায়ে নিলেও নিয়া, যমে নিলেও নিয়া’ বুলি জানিও ছোৱালীটিৰ বাবে জোঁৱাই এটি গোটোৱাৰ সময় লাহে লাহে উপস্থিত হয়|
‘উৰুখা ঘৰত বাৰিষা বাসা
যুৱতী কন্যা ঘৰতে ৰখা|’
—এই দুয়োটা কাৰ্য সমানেই বিপদজনক|তদুপৰি ‘ল’ৰা ধান, ছোৱালী পতান’ হেন জ্ঞান কৰা সমাজখনত এসময়ত ছোৱালীৰ শিক্ষা-দীক্ষাৰ প্ৰতি আওকাণ কৰি, কোনোমতে কন্যাকাল পোৱাৰ আগে আগে বুঢ়া-ঠেৰা দৰা এটা বিচাৰি হ’লেও ছোৱালীজনী গতাই দিব পাৰিলেই যেন অভিভাৱকে উশাহ লব পাৰে –

‘কৰিছোঁ- মেলিছোঁ মই হিয়া-মূৰ ধুনি
গা-মন নুঠে মোৰ বুঢ়া দৰা শুনি|’

কিন্তু মাক-দেউতাকৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ তথা সাহসকণ আমাৰ ছোৱালীবোৰে যেন জন্মতে হেৰুৱাই পেলাইছে|তদুপৰি সৰহভাগ পৰিয়ালতে বিবাহৰ ক্ষেত্ৰত ছোৱালীজনীৰ মতামতক মূল্য দিয়া নহয়|

‘আঁচলতে পটাগুটি নলৈ কৰিম কি,
আয়ে দিছে বুঢ়া দৰা নগৈ কৰিম কি?

কোনো সময়ত আকৌ ছোৱালীৰ কপালৰ ফেৰত ‘বৃদ্ধস্য তৰুণী ভাৰ্যা’ হৈ এনেও হয় যে –

‘মাজ মূৰত নাই চুলি
পৈয়েকে মাতে ৰূপহী বুলি|’ বা
‘বেটীয়ে ভাঙিলে কঁতৰা,গড়গাঁও পালেগৈ বতৰা|
ঘৈণীয়ে ভাঙিলে কাঁহী, থ’লে মিচিকাই হাঁহি|’

সমাজত সুন্দৰী নাৰীৰ আদৰ যদিও –

‘সুফল কদলী,
সুতিৰী ফেদেলী|’
‘ৰূপে কি কৰিব পাৰে,
গুণেহে সংসাৰ তৰে|’
‘পাণৰ নাখাবা আউনী,
তিৰীৰ নানিবা বাউনী|’
‘ভাল ঘৰৰ বান্দীকো আনিবা’
বেয়া ঘৰৰ বেটীকো নানিবা|’

এই ধৰণৰ অলেখ প্ৰবচন আওৰাই ল’ৰাৰ ঘৰেও ছোৱালী এটি বন্দৱস্ত কৰে|কিন্তু পৰিয়ালৰ আন আন মানুহবোৰতকৈ ল’ৰা-ঘৰে বেছি লক্ষ্য কৰে ছোৱালীটিৰ মাকগৰাকীকহে! কাৰণ –

‘মাটি কিনিবা মাজ খাল,
ছোৱালী আনিবা মাক ভাল|’

নতুবা ‘টিক বলধা ওলাই মাটি
মাক ভালেহে জীয়েক জাতি|’

কিন্তু কেতিয়াবা আকৌ দেখা যায় –

‘মাকতকৈ জীয়েক কাজী,
ঢেঁকীথোৰা লৈ বাটে পাঁজি|’

কিন্তু কেতিয়াবা কাজীয়েও সংসাৰত আশানুৰূপ স্থান দখল কৰিব নোৱাৰে –

‘কাজী,কাজী বুলি জগতে জানে
কাজীক বিয়া কৰাই ঘৰলৈ নানে|’
‘অতি ফুলতীৰ ঘৰ নাশ|’
‘গধূলি বেলিকা তঁৰিছে তাঁত;
পৈয়েকে ছিঙিছে উজুটিত দাঁত|’

এনে অৱস্থাত বোৱাৰী চাওঁতে ল’ৰাৰ অভিভাৱকে বিভিন্ন লৌকিক প্ৰবচনসমূহৰ উপৰিও সনাতনীয় পাঠসমূহো দোহাৰিব লগা হয় –

‘অমৃতে শিশিৰে বহ্নি,
অমৃতে শিশু ভাষিতা,
অমৃতে গুণৱতী ভাৰ্যা,
অমৃতে পুত্ৰ পণ্ডিতা|’
‘ভাৰ্যা ৰূপৱতী শত্ৰু,
পুত্ৰ শত্ৰু কুপণ্ডিতা|’

নাৰীৰ দোষ-গুণ প্ৰকাশক বহুতো ফকৰা-যোজনা আমাৰ সাহিত্যত আছে|প্ৰাচীন সংস্কৃত শাস্ত্ৰসমূহতো নাৰীৰ দোষ-গুণ বিষয়ক অসংখ্য শ্লোক পোৱা যায়| য়েনে –

‘কাৰ্যেষু মন্ত্ৰী, কৰণেষু দাসী’
ধৰ্মেষু পত্নী, ক্ষময়া ধৰিত্ৰী,
স্নেহেষু মাতা, ৰমণেষু বেশ্যা’
ৰঙ্গে সখী লক্ষণ সা প্ৰিয়া মে|’

এই শ্লোকৰ সমগোত্ৰীয় এটা অসমীয়া প্ৰবচন এনেধৰণৰ –

‘ বুদ্ধিত মন্ত্ৰী, পথত সখি,
ভোজনত মাতৃ, শয়নত নাৰী|’

ঘৰৰ গৃহি্ণীগৰাকীৰ প্ৰতি আস্থাশীল স্বামীজনেও কিন্তু জীৱনৰ পদে পদে পত্নীৰ সহযোগিতা নুই কৰিব নোৱাৰে|সেয়ে কোৱা হয় –

‘ঘৰৰ ঘৈণী ল’ৰাৰ মাক
তোক নুসুধি সুধিম কাক?’

ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ থকা তিৰোতা জীৱনৰ এসময়ত প্ৰধান উদ্দেশ্য আছিল সন্তানৰ মাক হোৱা –

‘ পুৰুষৰ ৰণ, তিৰীৰ বিয়ন|’

কিন্তু সৰ্বসাধাৰণ লোকৰ বিশ্বাস আছিল যে,

‘অধিক পাতৰ গছ প্ৰায় ফলহীন,
ৰূপহী ৰমণী প্ৰায় সন্তান বিহীন|’

এগৰাকী নাৰীৰ জীৱনৰ সৈতে সাঙোৰ খাই থকা শাহুগৰাকীক লৈও ভালেমান ফকৰা-যোজনা আছে|অৱশ্যে আমাৰ প্ৰাচীন পৰম্পৰাই এগৰাকী নাৰীৰ বাবে এই চৰিত্ৰ সচৰাচৰ আদৰণীয় নোহোৱা কৰি থৈছে|সেয়ে কোৱা হয় –

‘ কচু হ’লে খজুৱাই
শাহু হ’লে নচুৱাই|’
আকৌ
‘মাছে গৰকা পাচলি খাবা’
শাহুৱে গৰকা বোৱাৰী বাবা|’

আমাৰ সমাজত বেছিভাগ শাহুৱে বোৱাৰীৰ পদে পদে দোষ, কথাই কথাই আঁসোৱাহেই দেখে —

‘বোৱাৰী আনিলোঁ বেটী,
তাইৰ নুগুছিল কাষৰ কলসী,
মোৰ নুগুছিল ঢেঁকী|’

আনকি বোৱাৰীৰ খোৱা-বোৱা, খোজ-কাটলো শাহুৰ চকুত দোষনীয়|সেয়ে –

‘তিনি কাঁহী খাই বোৱাৰী কঁপে,
মই বোলো বোৱাৰীক ভূতেহে জপে|’

এনে শাহুৰ কেঁটেৰা-জেঙেৰা খাই বোৱাৰীজনীৰ পদে পদে মনত পৰে মাকজনীলৈ –

‘নৈৰ সমান ব’ব কোন,
আইৰ সমান হ’ব কোন?

প্ৰত্যেক মানুহৰ জীৱনত নাৰীৰ প্ৰভাৱ অপৰিসীম|কেৱল সেয়ে নহয়, আমি বিশ্বৰ বুৰঞ্জীত চকু ফুৰালেও দেখা পাঁও যে, নাৰীৰ বাবেই অনেক বিশ্ববিখ্যাত ঘটনা সংঘটিত হৈছে|সীতাৰ বাবেই সোণৰ লংকা ধ্বংস, দ্ৰৌপদীৰ বাবেই ভাৰতবৰ্ষ বীৰশূন্য, হেলেনৰ বাবেই ট্ৰয় নগৰী ধ্বংস তাৰেই চাক্ষুষ প্ৰমাণ মাত্ৰ|সেয়েহে অসমীয়া প্ৰবচনটোৱে সোঁৱৰাই দিয়ে –

‘তিৰী, ধৰী, কড়ি
এই তিনি প্ৰাণৰ বৈৰী|’

স্থান –কাল বিশেষে আকৌ তিৰোতাক বিধাতাৰ সমগোত্ৰীয় জ্ঞান কৰিও কোৱা হয় –

‘বিধাতাই দিলেও তিৰোতাই নিদিয়ে|’

ইতিহাসৰ পাত লুটিয়ালে আমি ফ্ল’ৰেন্স নাইটিংগেল, ভগ্নী নিবেদিতা, মাদাৰ টেৰেছা,এলিজাবেথ ফ্ৰাই আদি এনে একোগৰাকী নাৰীৰ নাম পাওঁ যি আনৰ উন্নতিৰ বাবে, দুখীয়া, অসুস্থ, পীড়িতজনৰ দুখ-কষ্ট লাঘৱৰ নিমিত্তে নিজৰ জীৱন উ্চৰ্গা কৰিছিল|
আপেক্ষিকভাৱে পুৰুষৰ তুলনাত নাৰীৰ পৃথিৱীখন সৰু|তথাপি এই সৰু পৃথিৱীখনতে অতবোৰ ফকৰা-যোজনা, পটন্তৰে খুন্দ খাই আছে, ভাবিলে আচৰিত লাগে(এই প্ৰৱন্ধত তাৰ মাত্ৰ সামান্য অংশহে আলোচনালৈ অনা হৈছে)|বৰ্তমান অৱশ্যে বিশ্বৰ বিভিন্ন দেশৰ উন্নতিৰ লগে লগে নাৰীৰ এই সৰু পৃথিৱীখনৰো প্ৰসাৰ ঘটিছে|কিন্তু প্ৰসাৰ ঘটা নাই এই অমূল্য ফকৰা-যোজনা, পটন্তৰ আদিৰ|সময়ৰ সভ্যতা-সংস্কৃতিৰ কোবাল সোঁতত পৰি অসমীয়া সাহিত্যৰ এই সোণসেৰীয়া হাৰগছি কেতিয়াবা হেৰাই যাব পাৰে বুলিও মাজে মাজে ভয় হয়|

************************

যোগাযোগৰ ঠিকনা—
ড:মৃদুস্মিতা ফুকন
‘কৌশিক নিৱাস’উপপথ নং ৯,
ৰাধা গোবিন্দ বৰুৱা পথ,গুৱাহাটী ৭৮১ ০২৪
ফোন: ৯৪৩৫৫৬৪২৬৯
e-mail:mridusmitaphukan@gmail.com

Leave a Response