অসমৰ থলুৱা ফলমুল আৰু পাচলিৰ সংৰক্ষণ আৰু মূল্য সংযোজন

✍~ শ্ৰী মতী বন্দনা ভূঞা শইকীয়া

~উত্তৰ পূব ভাৰতৰ বিশেষকৈ অসমৰ জলবায়ু, পানী, মাটি আদি; বিভিন্ন ধৰণৰ ফল, যেনে- কল, মাটিকঠাল, কঠাল, মধুৰী, জামু, নানাধৰণৰ টেঙাজাতীয় ফল, যেনে – কমলা, সুমথিৰা, কৰদৈ, লেটেকু, ৰবাৰটেঙা আদিৰ খেতি অতীজৰে পৰা অসমত কৰি অহা হৈছে৷ প্ৰাচীন কালৰে পৰা অসমত বিভিন্ন ঋতুত হোৱা নানা তৰহৰ শাক-পাচলিয়ে মানুহৰ মনৰ খোৰাক যোগায় আহিছে৷ জলবায়ু আৰু মাটিৰ ভিন্নতাৰ বাবেই অসমত ___ কেইবিধৰে খেতি কৰিব পাৰি৷
ভালদৰে চালে দেখা যায় যে, অসমত থলুৱা ফল -মূল আৰু পাছলি সমুহৰ খাদ্যগুণ তথা ঔষধিগুণ নজনাৰ বাবে আৰু অৰ্থনৈতিক দিশত বিশেষ লাভৱান নোহোৱাৰ বাবে এইবিলাকৰ প্ৰতি যত্ন লোৱাৰ হেপাঁহ কমি গৈছে৷
অসমত হোৱা কেইবিধমান থলুৱা ফল আৰু শাক-পাচলি হ’ল – জলফাই, ঔটেঙা, কৰদৈ, জামুক, আমলখি, টেঙামৰা, ৰবাবটেঙা, বেল, লেটেকু, পনিয়ল, আৰু পাচলিৰ ভিতৰত কলমৌ, ঢেকীয়া, ভেদাইলতা, মধুসোলেং, মচুন্দৰী, মাটিকান্দুৰী, মানিমুনি ইত্যাদি৷ ইয়াৰ উপৰিও বহুতো ফলমূল আছে যিবোৰ অতি পুষ্টিকৰ আৰু ঔষধি গুণসম্পন্ন হোৱা স্বত্তেও সীমিত৷
আনহাতে আমাৰ অসমত কঠাল, মাটিকঠাল(আনাৰস), সুমথিৰা, মধুৰীআম আদি আৰু ৬০ বিধ মান পাচলিৰ খেতি ব্যৱসায়িক ভিত্তিত কৰা হয়৷ তাৰোপৰি প্লাষ্টিক গৃহত খেতি কৰাৰ বাবেই গোটেই বছৰ ধৰিয়েই আৱতৰীয়া পাচলিৰ খেতি কািব পাৰি৷ উৎপাদনো বহুগুণে বৃদ্ধি পাইছে৷ কিন্তু লোকচান হয় প্ৰায় ২৫-৩০% আৰু ইয়াৰ সমাধাণ স্বৰূপে আমি শীতল ভৰাল (Cold storage) ৰ কথা কব পাৰো যদিও, ই আংশিক সমাধানহে৷
কিছুমান শস্যৰ ক্ষেত্ৰত সংৰক্ষণ ক্ষমতা সীমিত হোৱাৰ কাৰণে শীতল ভৰালত কৃষকে সংৰক্ষণ কৰি বিশেষ লাভৱান হোৱা আশা কম৷ দ্বিতীয়তে, বেঙেনা, বিলাহি আদিৰ ক্ষেত্ৰত প্ৰয়োজনীয় তাপমান যথেষ্ট সীমিত৷ ১০-১৩°চে. হ’লেই হয়৷ তেনেস্থলত শীতল ভৰালৰ ঠাইত তুলনামূলক ভাৱে কম ব্যয়বহুল শীতলকোঠা(Cold chember) বেছি উপযোগী আৰু সংৰক্ষণৰ বাবে অতি ফলপ্ৰসূ৷
ব্যৱসায়িক ভিত্তিত কৰা বিভিন্ন ধৰণৰ ফল আৰু পাচলিৰ চাহিদা কমি আহিবলৈ ধৰিছে৷ থলুৱা ফলমূলবোৰৰ উৎপাদন সীমিত হোৱাৰ বাবে আৰু যিখিনি উৎপাদন হয় তাৰপৰাও উৎপাদিত সামগ্ৰীৰ বিপননৰ সুবিধা নথকাৰ বাবে উচিত মূল্য নাপায়৷ প্ৰচেচিং বা পৰিষ্ফুটনৰ যোগেদিও এই ফলবিলাকৰ সংৰক্ষণ কৰিব পৰা যায়৷ যাৰবাবে প্ৰয়োজন হয় কেৱল ভাল গুণ সম্পন কেচাঁমাল(Quality raw material)৷ এই থলুৱা ফল বিলাক যদিও লুপ্তপ্ৰায় হৈছে ইয়াৰ উৎপাদন আৰু সংৰক্ষণৰ বাবে বিশেষ আচঁনি হাতত ল’লে নিশ্চয় উপকৃত হব পৰা যায়৷
আমাৰ ইয়াত পোৱা কৰদৈ, কঠাল, টেঙামৰা, ভীমকল, ৰবাবটেঙা, লিচু আদিৰ পৰা উচ্চমানৰ চৰ্বত, জাম, জেলী আচাৰ বনাব পাৰি; যেনে – ভীমকলৰ গুড়িৰ পৰা বেবীফুদ, বাহঁগাজৰ আচাৰ, কলৰ চীপচ, টেঙামৰাৰ জেলী-পাতৰ আচাৰ, আমৰ আচাৰ-চৰবত, ভোটজলকীয়াৰ আচাৰ, তেল, গুৰি, বিলাহীৰ চচ, পিউৰী, মাটিকঠালৰ কেনিং, কঠালৰ ৰসৰ চৰবত (RTS) আদি বনাব পাৰি৷ ইয়াৰ ৰাহি হোৱা কেচাঁমালখিনি উপযুক্ত সংসাধন বা মূল্য সংযোজন (processing or value addition) কৰি লাভাম্বিত হব পাৰি৷
এটা কথা মনত ৰাখিব লাগিব যে, সংৰক্ষণৰ মূলনীতিৰ প্ৰতি লক্ষ্য নাৰাখি জধে মধে যদি সংৰক্ষণ কৰা হয়, উৎপাদিত বস্তুসমুহ সময়ত ব্যৱহাৰৰ অনুপযোগী হৈ পৰা পৰিলক্ষিত হয়৷ গতিকে সংৰক্ষণ কৰিবলৈ যাওঁতে সাধাৰণতে তলত দিয়া কথা কেইটাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷
১) গছৰ পৰা আনোতে ঠেকেচা খোৱা নাইবা কোনো কাৰণতে আঘাতপ্ৰাপ্ত হোৱা ফল সংৰক্ষণ কৰিব নালাগে৷
২) অতি বেছি পকা ফল বেছিদিন সংৰক্ষণ কৰিব নোৱাৰি৷
৩) সদায় সতেজ, নিৰোগী আৰু উন্নতমান বিশিষ্ট ফলহে সংৰক্ষণ কৰিব লাগে৷
৪) ফল বা পাচলিসমূহ লেৰেলি যোৱা বা বহুতদিনৰ আগতে সংগ্ৰহ কৰা হব নালাগে৷
৫) প্ৰয়োজন অনুসৰি ফলবিলাক পৈণত হব লাগে৷ দূৰণিলৈ পথাবলৈ হ’লে ফলবিলাক আধাপকা অৱস্থাতে ছিঙিব লাগে৷
৬) চপোৱাৰ সময়ত সূৰ্য্যৰ উষ্ণতাৰ বাবে শস্যত যথেষ্ট তাপ সঞ্চিত হৈ থাকে৷ যি পৰ্য্যায়ত ফল বা পাচলিখিনি লোকচান হব পাৰে৷ সেয়ে চপোৱাৰ পাচত ছাঁত কিছু সময়ৰ বাবে ৰাখি পৰিস্কাৰ ঠাণ্ডা পানীত ডুবাই সঞ্চিত হৈ থকা তাপখিনি আতৰাই লব লাগে৷
৭) সংৰক্ষণৰ আগতে ফল বা পাচলিবিলাক ধুই লব লাগে, যাতে ধুলি-বালি লাগি নাথাকে৷ আৰু গোট বা বৰণৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ ভাগত বিভক্ত কৰি লব লাগে৷
৮) অসমত থলুৱা ভাৱে উৎপাদিত ফলমূলৰ বিপননৰ ক্ষেত্ৰত পেকিঙৰ ব্যৱস্থা প্ৰায়েই কৰা নহয়৷ যাৰবাবে এক বুজন পৰিমাণৰ ফলমৃল প্ৰতিবছৰে নষ্ট হৈ যায়৷
-গতিকে বিজ্ঞান সন্মত ভাৱে পেকিঙৰ ব্যৱস্থা কৰি উৎপাদিত ফল-মূল বা সামগ্ৰীসমুহ কেৱল ভাৰততে নহয় বিদেশতো ৰপ্তানি কৰিব পৰা যায় আৰু তেনেকৈ আমাৰ খেতিয়কসকল যথেষ্ট লাভৱান হব পাৰে৷

অসমৰ থলুৱা ফলমুল আৰু পাচলিৰ সংৰক্ষণ আৰু মূল্য সংযোজনৰ কিছু উদাহৰণ



প্ৰচেচিং বা পৰিষ্ফুটনৰ যোগেদিও শস্য বা উৎপাদন সমুহৰ সংৰক্ষণ কৰিব পৰা যায়৷ যিকোনো ধৰণৰ ফলমূল বা পাচলিকেই পৰিষ্ফুটনৰ যোগেদি সঞ্চয় কৰিব পাৰি যদিও তাৰ আগতে দুটামান কথা চালিজাৰি চাই লব লাগে৷ প্ৰচেচিং কৰাৰ পাচত সেই সামগ্ৰীৰ চাহিদা কেনে হব, ইয়াৰ বাবে আৱশ্যক হোৱা কেচাঁমালৰ গুণগত মান কেনেকুৱা, কেচাঁমাল নিয়মীয়াকৈ পাবনে নাপায় ইত্যাদি৷ বিভিন্ন ধৰণে আমি শাক-পাচলি বা ফলমূলৰ প্ৰচেচিং কৰিব পাৰো৷ তাৰে এটা উপায় হৈছে শুকুৱাই কৰা (Drying)সংৰক্ষণ৷ আন এক উপায় হৈছে, উচ্চ মাত্ৰাত তাপ ব্যৱহাৰ কৰি সামগ্ৰীৰ পৰা পানীভাগ আতৰাই বহুদিনলৈ ফলমূল সংৰক্ষণ কৰিব পৰা যায়৷ যেনে : কলৰ চিপচ তৈয়াৰ কৰা পদ্ধতি৷
নিমখ ব্যৱহাৰ কৰি আমি বহু ধৰণৰ ফলমূল আৰু শাক-পাচলি সংৰক্ষণ কৰিব পাৰো৷ নিমখতে থোৱা গোলনেমু আচাৰৰ কথা আমি সকলোয়ে জানো৷ মটৰমাহৰ গুটি,বাহঁগাজৰ চকল ১০-২০% নিমখৰ পানীত ডুবাই ৰাখি বহুদিনলৈ সংৰক্ষণ কৰিব পৰা যায়৷
চেনী প্ৰয়োগৰ দ্বাৰাও কিছুমান ফলমূল বা পাচলি সংৰক্ষণ কৰি আৱতৰত ইয়াৰ যোগেদি লব পাৰি৷ সাধাৰণতে সুস্বাদু ফলৰ মঙহাল অংশৰ পৰা জাম, জেলী, মৰমালেড আদি তৈয়াৰ কৰি বজাৰত বেছি দামত বিক্ৰি কৰিব পাৰি৷ জাম তৈয়াৰ কৰিবৰ বাবে ফলৰ মঙহাল অংশ(pulp)ৰ লগত চেনি মিহলাই সিজোৱা হয় আৰু পাছত গই মিশ্ৰণটো ডাঠ অৱস্থালৈ নি জাম তৈয়াৰ কৰা হয়৷
আনহাতে জেলী ফলৰ ৰসৰ লগত চেনি মিহলাই উ$তলাই তৈয়াৰ কৰা হয়৷ সেইদৰেই বজাৰত যেতিয়া বিলাহি, জলকীয়া আদি উভৈনদী হয় তাৰ পৰা চচ্‌, কেটচ্‌আপ ইত্যাদি বনাব পাৰি৷ ইয়াৰ সুগন্ধৰ বাবে আদা, নহৰু, পিয়াজৰ লগতে অন্যান্য মছলাসমূহ যোগ দিয়া হয়৷
ক’লাজামু, ৰবাব টেঙা, টেঙামৰা আদি ফলৰ লগত উপযুক্ত পৰিমানৰ চেনি মিহলাই চৰবত, স্কোৱাচ, RTS(Ready to serve beverage) ইত্যাদি বনাব পাৰি৷ অৱশ্যে এইবিলাক বহুদিনলৈ সংৰক্ষণ কৰিবলৈ প্ৰয়োজন হ’লে ৰাসায়নিক সংৰক্ষক, যেনে – চ’ডিয়াম বেনজয়েট, পটাছিয়াম মেটা বাই ছালফাইট(KMS) আদি প্ৰয়োগ কৰা হয়৷ এই সংৰক্ষকবিলাকে ইষ্ট, বেক্টেৰীয়া আদিৰ বংশবৃদ্ধি কৰি খাদ্যসামগ্ৰীবিলাক বহুদিনলৈ ভাল হৈ থকাত সহায় কৰে৷

বৰ্তমান আমাৰ অসমত উৎপাদিত ভোটজলকীয়াৰ গুড়ি, তেল, পেষ্ট ইত্যাদিয়েও আন্তঃৰাষ্ট্ৰীয় বজাৰত এক উচ্চ আসন দখল কৰিবলৈ সক্ষম হৈছে৷ সেইদৰে আদাৰ বড়ি, পেষ্ট, আৰু মুখৰোচক হিচাপে ক’লা নিমখত মিহলি কৰি শুকুৱাইও বহুদিনলে আমি ৰাখিব পাৰো৷
অসমত উৎপাদিত হোৱা এই বিভিন্ন শস্যক মূল্য সংযোজিত কৰি পৰিষ্ফুটন কৰিলে যথেষ্ট লাভৱান হোৱাৰ সম্ভাৱনীয়তা দেখা যায়৷ অসমৰ শিক্ষিত যুৱক-যুৱতীসকলে ব্যৱসায়িক দৃষ্টিভংগীৰে ওলাই আহিলে আৰু শস্যৰ উৎপাদনৰ বৃদ্ধিৰ লগতে ইয়াৰ মান সংযোজন আৰু বিপনন ব্যৱস্থাৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিলে অসমৰ অৰ্থনীতিক সবল কৰাৰ যথেষ্ট থল আছে৷

*****************************************************************

লেখিকা – শ্ৰী মতী বন্দনা ভূঞা শইকীয়া উদ্যানশস্য গৱেষণা সহযোগী(Ex), অসম কৃষি বিশ্ববিদ্যালয়৷

Leave a Response