ফলমূলৰ গছৰ প্ৰয়োজনীয়তা

ল’ৰালিকালত সমনীয়াৰ লগত কেতিয়াবা চাইকেল মাৰি কোনোবা গাওঁলৈ ফুৰিবলৈ যাওঁতে বাটৰ দাঁতিত থকা আম, বগৰী, কঠাল, জাম আদি ফলৰ গছ দেখি চাইকেলৰ পৰা নামি সেইবোৰ ফল খাই খাই আনন্দমনে ফুৰি অহা অভিজ্ঞতা হয়তো মোৰদৰে আন বহুতৰেই আছে ৷ সময়ৰ সলনিৰ লগত তেনে ফলমূলৰ গছৰ সংখ্যা বিভিন্ন কাৰণত কমি অহা দেখা গৈছে ৷ বজাৰত সহজতে পোৱা ফলমূল কিনি আনি ফ্ৰীজত ভৰাই থোৱা বাবে যে আজিকালি মানুহৰ স্বভাৱ হৈ পৰিছে ৷ বজাৰত মোক খা মোক খা কৈ থকা চিকচিকিয়া আপেলকিটাৰ লগত খাব লগা হোৱাৰ দৰে আন আন ধুনীয়াকৈ সজাই থোৱা সৰহভাগ ফলমূল সংৰক্ষণৰ নামত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ আজিকালি নানাবিধ মাৰাত্মক মানুহ আক্ৰান্ত হৈছে ৷ এইবোৰৰ উপৰি বজাৰত সততে পোৱা বিভিন্ন কোম্পানীৰ ফলমূলৰ ৰসৰ বটলবোৰত ফলমূলৰ ৰস বুলি কেনেকুৱা ধৰণৰ বিষাক্ত পানীয় গ্ৰহণ কৰিছিল সেয়া বহুত কম মানুহে ভাৱি চায় ৷
সতেজ আৰু সজীৱ ফলমূলে মানৱ দেহৰ গঠন, বাঢ়ন আৰু পৰিপুষ্টিৰ বাবে প্ৰয়োজনীয় শ্বেতসাৰ, প্ৰটিন, চৰ্বি আদি যোগান ধৰে ৷ আম, অমিতা, কঠাল, সুমথিৰা আদি ভিটামিন-কৰ এক উৎস ৷ থিক তেনেকে ভিটামিন-বি থকা ফলমূলবিলাকৰ ভিতৰত কাজুবাদাম, কল, বেল, লিচু, ডালিম ইত্যাদি ৷ সৰহকৈ ভিটামিন-চি থকা ফলবোৰৰ ভিতৰত আমলখি, মধুৰিআম, কমলাটেঙা ইত্যাদি ৷ ইয়াৰোপৰি প্ৰায় সকলো ফলমূলতেই কম-বেছি পৰিমাণে মানৱদেহৰ প্ৰয়োজনীয় শ্বেতসাৰ, প্ৰটিন, চৰ্বি বা খনিজ লৱণ পোৱা যায় ৷ এজন মানুহে আন আন খোৱা বস্তুৰ লগত প্ৰতিদিনে ৮০ ৰ পৰা ৯০ গ্ৰাম ফলমূল খোৱাটো প্ৰয়োজনীয় ৷
বজাৰত পোৱা ৰাসায়নিক দ্ৰব্যৰে পৰিপূৰ্ণ ফলমূল কিনি আনি খোৱাতকৈ যদি নিজেই এখন সৰুকৈ হ’লেও ফলমূলৰ বাগীছা কৰিব পৰা যায় ৷ তেতিয়া ইয়াৰ দ্বাৰা আমাৰ পুষ্টিসাধনেই নহয় আৰু আন আন আনুসঙ্গিক উপকাৰ পোৱা যাব ৷ ফল-মূলৰ বাগান এখনৰ পৰা নিজৰ প্ৰয়োজনীয় ফল-মূলখিনিৰ উপৰিও অতিৰিক্ত ফল বিক্ৰি কৰি এক বুজন আয় কৰিব পৰা যায় ৷ দ্বিতীয়তে, ফল-মূলৰ বাগানৰ প্ৰাৰম্ভীক সময়তফলৰ গছৰ মাজৰ ঠাইখিনিত নানাবিধ শাক-পাচলি, মাহজাতীয় বা তৈলজাতীয় শস্যও কৰিব পৰা যায় ৷ তৃতীয়তে, ফল-মূল বাগানে এজন হ’লেও কৃষি শ্ৰমিকক বছৰজোৰা নিয়োগ দিব পাৰে ৷ চতুৰ্থতে, যিবিলাক মাটি আন আন শস্যৰ বাবে উপযোগী নহয় তেনে মাটিৰ গুণাগুণ অনুসৰি বিভিন্ন ফল-মূলৰ খেতি কৰিব পৰা যায় ৷ ৰাষ্টাৰ দাঁতিত, স্কুল-কলেজৰ চৌহদত, মন্দিৰ-মছজিদৰ চৌহদত বা আন তেনে ৰাজহুৱা চৌহদ মুকলি ঠাইবোৰত আন গছ ৰোপন কৰাতকৈ ফলমূলৰ গছ ৰোপন কৰিলে পৰিৱেশ প্ৰদূষণমুক্ত কৰাৰ উপৰিও শীতল কৰি ৰাখি ফলৰ উৎপাদন কৰিব পৰা সম্ভৱ ৷ থিক তেনেকৈ, বাসগৃহৰ চাৰিওফালে থকা মুকলি ঠাইবোৰত দুই এবিধ ফল-মূলৰ গছ লগাই ঘৰৰ প্ৰয়োজনীয় ফল-মূলখিনি উৎপাদন কৰিব পৰা যায় ৷ আজিকালি বহুতো বৰ্ণসংকৰ ফল-মূলৰ জাত পোৱা যায় যিবোা খুব কম মাটিতও ৰোপণ কৰিব পৰা যায় ৷ 7
আনহাতে, পুৰঠ কিছুমান ফল-মূলৰ গছৰ পৰা খুব সুন্দৰ ফাৰ্নিচাৰও তৈয়াৰ কৰিব পৰা যায় ৷ ফল-মূলৰ পৰা বনাব পৰা নানা বিধ সামগ্ৰীত যেনে জাম, জেলী৷ স্কোৱাছ, আচাৰ আদিৰ আজিকালি বজাৰ চাহিদাও বেছি ৷
সেয়েহে, আন আন শস্যৰ খেতি কৰাৰ লগতে যদি ফল-মূলৰো খেতি কৰিব পৰা যায় তেন্তে ইয়াৰ দ্বাৰা আমি ঘৰতে সতেজ আৰু স্বাস্থ্যকৰ ফল-মূল পোৱাৰ উপৰিও অকমান হ’লেও অতিৰিক্ত আয় আৰ্জিব পাৰিম ৷

Leave a Response