ভেকুলী-বিয়াৰ সাধুকথা

✍~শ্ৰী যুত হৰেকৃষ্ণ ডেকা


~উত্রাৱল হৈ জপিয়াই ফুৰিছে খহুৱা ভেকুলী ৷
কি হ’ল ভেকুলী তোৰ ?
তোৰ বিয়া পাতিবলৈ গঞাই তোক বিচাৰি ফুৰিছে ৷
অ’ সেয়েহে ফুৰিছো লৱৰি ৷
ৰ’দৰ পোৰণি, পিঠিৰ খহুত উঠিছে খজুৱতি ৷
বিয়াৰ পীৰাত যদিহে উঠে চটফটনি,
নালাগিবনে বাৰু শীতল পানীৰ জুৰনি ?
খাল-বিলত পিণ্ডত দিবলৈকে এটুপি পানী নাই,
পিঠিৰ পোৰণিত দিবলৈনো থাকে ক’ত?
গঞাই বিচাৰিছে তোৰ বিয়া পাতি আনিব পানী,
তইহে খাল-বিলত পানী বিচাৰি খাইছ হাবাথুৰি ৷
লুকাই থকা মেঘে শুনিলে কিজানি,
মাৰিলে হাঁহিৰ গির্জনি ৷
বৰষুণ নামিল ধাৰাসাৰ,
গঞাই ভাবিলে,
আশির্বাদ ভেকুলীৰ বিয়াৰ ৷
বৰষুণ নাথামে ৷
আকাশৰ ভগা কলহেৰে
পৰিয়েই আছে হুৰাওৰাৱে৷
তোৰতোৰাই আছে বুঢ়া ভেকুলীয়ে
বৰষুণ থাম, বৰষুণ থাম,
দৈৱাসন দেখোন তল যায় !
নাথামে বৰষুণ ৷ থমাৰ কিটিপ
উলাহতে পাহৰিলে বৰষুণে ৷
চোৱা কেনেকৈ
মানুহো ওপঙিছে ভেকুলীৰ দৰে ৷

-লিখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া৷

Leave a Response