পিতাৰ হালখন মোৰ স্বৰ্গৰ দুৱাৰ Father’s Plough is My Heaven’s Door


মোৰ পিতা মোৰ স্বৰ্গৰ বাটকটীয়া।
ফেহুঁজালিতে লৈ যোৱা হালখন,
হালখনে ফালি যোৱা ৰুক্ষ মাটিৰ
বক্ষ ফলা চিধা সীৰলুকেইটা,
সেই সীৰলুত গজি উঠা শইচৰ বীজ,
সেই শইচৰ লহপহ চেহেৰা,
সেই চেহেৰাই কঢ়িয়াই ফুৰা
আশা গধুৰ গৰ্ভ,
সেই গৰ্ভতে থিতাপি লোৱা
সোণালী গুটিৰ সপোন,
সেই সপোনৰ ৰঙে ৰঙে নাচি ফুৰা হেপাঁহৰ
পখিলাকেইটা,
সেই পখিলাকেইটাই বৈ ফুৰা পৰাগ ৰেণুবোৰ,
সেই ৰেণুবোৰে নিষিক্ত কৰা
গৰ্ভাস্থলীবোৰ,
সেই গৰ্ভাস্থলীতে ভ্ৰূণ হোৱা
আকাঙ্খাৰ ফলবোৰ।
সকলো পাইছো মোৰ পিতাৰ পৰা।
পাইছো এখন সেউজ পথাৰ,
পাইছো এখন খেলপথাৰ,
পাইছো এখন পঢ়াশালি,
পাইছো এখন দেশ,
পাইছো এখন মহাদেশ,
পাইছো এটা সাগৰ,
পাইছো এটা মহাসাগৰ,
পাইছো পৰ্বত,
পাইছো কন্দৰ,
পাইছো অৱবাহিকা,
পাইছো মোহনা,ি
পাইছো উপকুল
( য’ত উগুল থুগুল হয় মনৰ মাজুলী)।
পাইছো সমতল,
পাইছো মালভূমি,
পাইছো জীৱনৰ পূৰ্ণ মানচিত্ৰ।
পোৱাৰ বাহুল্যত জিলিকি উঠিছে
জীৱনৰ ফিজিক্স আৰু কেমেস্ত্ৰি।
তাতেই জন্ম হৈছে স্বৰ্গৰ জখলা।
সেইজনেই মোৰ পিতা।

লেখক-শ্ৰী ৰমেশ মেধি, গুৱাহাটী৷

1 Comment

Leave a Response