জলছবি Image of Water

✍~ শ্ৰীমতী হিৰণময়ী গগৈ কোঁৱৰ, শিৱসাগৰ

(বানপানীত হেৰুওৱা জীৱনৰ ৰং …. অকণমান জুমি চাইছো )


ইয়াতে আছিল মোৰ সপোনৰ ঘৰখন,
ইয়াতে আছিল মোৰ হেঁপাহৰ ঘৰখন।
মৰমৰ নৈখন পাৰ হৈ
সৌ পদূলিয়েদি মই নকৈ আহিছিলো।
নতুনৰ নিচাত মতলীয়া হৈ থাকোতেই
একলা দুকলাকৈ বাঢ়িছিল আশাৰ কাঁচিজোন।
জানিছিলো ইয়াত এখন জলছবি আছিল
আই পিতায়ে হাক দিছিল
জলছবিৰ মায়াত মতলীয়া হৈ আছিলো
সৌ পদূলিটোৱেদি মই নকৈ আহিছিলো
যাৰ সিপাৰে এৰি থৈ আহিলো মোৰ লৰালি,
মৰমৰ নৈখন গোঁজৰি উঠিল,
গোটেইখন জলছবি হ’ল।
জলছবিত হেৰাল মোৰ শাহুআই,
কাণসমনীয়া জাজনী,
মৰমৰ চেঁউৰীজনী আৰু বহুতো।
জলছবিৰ মায়া দেখি কঁপনি উঠিল।
শিবিৰেই ঘৰ হ’ল।
আনে অহাৰ দৰেই উভতি আহিলো,
এআঁঠু পলস আঁতৰাই বিচাৰি উলিয়ালো মোৰ সপোনৰ ঘৰখন।
মোৰ আশাৰ কাঁচিজোন সৰগৰ পৰা মৰতলৈ নামিল,
গোটেইখন মুখৰ হ’ল,
গোটেইখন পোহৰ হ’ল,
পোনাটিক চাই চাই মতলীয়া হৈ থাকোতেই
আকৌ গোটেইখন জলছবি হ’ল।
হেৰাল মোৰ পোনাৰ দেউতাক।
মই বাউলী হলো।
শিবিৰেই ঘৰ হ’ল,
ঘৰ পৰ একাকাৰ হ’ল
আনে অহাৰ দৰেই উভতি আহিলো।
পোনাটিক বুকুত বান্ধি
কেনেকৈ বিচাৰিম
এআঁঠু পলস আঁতৰাই মোৰ সপোনৰ ঘৰখন।

*******

Leave a Response