বানপানী আৰু ইয়াৰ প্ৰতিকাৰ Flood and its Remedies

✍~ ডা° অতুল বৰগোঁহাই

নদী মাতৃক ৰাজ্য অসম ৷ নদী অবিহনে অসমৰ জনজীৱনৰ প্ৰকৃত ছবিখন অনুধাৱন কৰাটো এক প্ৰকাৰ অসম্ভৱ ৷ অতিজৰে পৰা আমাৰ সমাজ জীৱন নৈৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আহিছে আৰু তাৰ লগে লগেই গঢ় লৈ উঠিছিল নৈ পৰীয়া সংস্কৃতি ৷ অন্য যি কি নহওক, কৃষি তথা পশুপালনৰ ক্ষেত্ৰখনলৈ চকু ৰাখিলে দেখা যায় যে অতীজৰে পৰা আমাৰ গ্ৰামাঞ্চলৰ লোকসকলে কৃষি তথা পশুপালনৰ ক্ষেত্ৰত নৈক এক বিশেষ স্থান দি আহিছে ৷ আমাৰ দেশ ভাৰতবৰ্ষৰ অৰ্থনীতি মূলত কৃষি প্ৰধান আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ এক বুজন পৰিমানৰ অংশ এই ক্ষেত্ৰখনৰ পৰাই আহে যিয়ে দেশৰ অৰ্থনৈতিক বুনিয়াদ ৰচনা কৰাত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ দেশৰ অৰ্থনৈতিক বুনিয়াদ ৰচনা কৰাত অকল কৃষি, মীন পালন আদি উদ্যোগ সমূহেই যে প্ৰভূত বৰঙনি যোগাই আহিছে তেনে নহয়, ইয়াৰ লগে লগে খোজতে খোজ মিলাই পশুপালন উদ্যোগো কোনো গুণে পিছ পৰি থকা নাই ৷ উত্তৰ-পূৱ ভাৰতৰ অন্যতম অংগৰাজ্য অসমৰ জনজীৱন মূলত: কৃষি ভিত্তিক আৰু ইয়াৰ মুঠ জনসংখ্যাৰ শতকৰা ৭০ ভাগ লোকেই কৃষি তথা পশুপালনৰ লগত জড়িত ৷ যদিও উৰ্বৰ কৃষি ভূমি, গছ-গছনি, তথা নানা প্ৰাকৃতিক সম্পদেৰে ঐশ্বৰ্য্যশীল শ্যামলা অসমী আই চালে চকুৰোৱা, তথাপিও কিন্তু ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত এই ৰাজ্যৰ অৰ্থনীতি তেনেই মন্দাৱস্থাত আছে ৷ এই ৰহস্যৰ আঁত বিচাৰি গ’লে দেখিবলৈ পোৱা যায় যে, বছৰে বছৰে বাৰিষাকালত অহা অন্যতম প্ৰাকৃতিক দূৰ্যোগ প্ৰলয়ংকাৰী বানপানীয়েই হৈছে ইয়াৰ মূল কাৰণ ৷ বছৰি অহা প্ৰলয়ংকাৰী বানপানীয়ে শস্যভূমি, ঘৰ-দুৱাৰ, খেতি-মাটি আদি বিনষ্ট কৰাৰ ওপৰিও পোহনীয়া জীৱ-জন্তু আদি মহতিয়াই নিও কৃষকসকলক সৰ্বস্বান্ত কৰে আৰু যাৰ ফলত কৃষকসকলে কৃষি তথা পশু পালনৰ চিন্তাক একাষৰীয়া কৰি থৈ নিজৰ পেটৰ ক্ষুধা নিবাৰণৰ অৰ্থে অৰ্থ উপাৰ্জনৰ বাবে অন্য ক্ষেত্ৰ যেনে-দিন হাজিৰা কৰা শ্ৰমিক হিচাবে নিয়োজিত আদিলৈ চকু দিবলৈ বাধ্য হৈ পৰে ৷ যাৰ ফলত আজিও দেশৰ আন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্য অসম আজি বহু ক্ষেত্ৰতেই পিছ পৰি থাকিব লগাত পৰিছে ৷
অতীত বুৰঞ্জীৰ পাত লুটিয়াই চালে দেখা যায় যে, পশুপালনৰ ক্ষেত্ৰত আমাৰ অসমৰ কৃষকসকলে তাহানিৰে পৰা গৰু-ম’হ পালন, ছাগলী পালন, হাহঁ- কুকুৰা পালন আদিকে অগ্ৰাধিকাৰ দি আহিছে ৷ আজিও আমাৰ ৰাজ্যৰ বহুতো দুখীয়া পৰিয়ালে অৰ্থ উপাৰ্জনৰ পথ হিচাবে এনেবোৰ পশুধনৰ ওপৰতে নিৰ্ভৰশীল হৈ আহিছে আৰু পশুপালন অবিহনে বহুতৰে নাই অৰ্থ উপাৰ্জনৰ কোনো বিকল্প ৷ তেনে অবস্থাত ভূতৰ ওপৰত দানহ পৰাদি যদি পশুধন বানপানীয়েই হওক বা অন্য কোনো ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে, পশুপালকসকলৰ অৱস্থা হৈ পৰে পানীত হাহঁ নচৰা ৷ যিহেতু আমাৰ অসমৰ অন্যতম প্ৰাকৃতিক বিপৰ্য্যয় বাৰিষাকালত বছৰি অহা প্ৰলয়ংকাৰী বানপানী, তাৰ বাবে আজি আমাৰ ৰাজ্যৰ কৃষি কাৰ্য্য তথা পশু পালনৰ লগত জড়িত এই লোকসকলৰ কৃষি উৎপাদন কাৰ্য্যত শিথিলতা আহি পৰিছে৷ বছৰ বাগৰাৰ লগে লগে বানপানীয়েও ক্ৰমাৎ গুৰুত্বৰ ৰূপ ধাৰণ কৰিবলে লৈছে ৷ কিয়নো বানপানীৰ সময়ত নিজৰ প্ৰাণ ৰক্ষা তথা পেটৰ জ্বালা মাৰিবলৈ সংগ্ৰাম কৰিবলগীয়া কৃষকসকলৰ পশু খাদ্যৰ কথা ভাবিবলৈ অৱকাশেই ক’ত ৷ বানপানীৰ সময়তকৈও বানপানীৰ পিছৰ অৱস্থাতো আৰু অতি ভয়াবহ ৷ কিয়নো বানপানী শুকাবলৈ লোৱাৰ সময়ত একেৰাহে হোৱা প্ৰখৰ ৰ’দ পশুধনৰ বিভিন্ন মাৰাত্মক ৰোগ যেনে-গলফুলা ৰোগ, জহৰাবাত ৰোগ, টেটুৱা লগা ৰোগ আদিৰ বীজানু তথা মানুহৰ বিভিন্ন ৰোগৰ বীজানুৰ বংশ বৃদ্ধিৰ বাবে অতি অনুকূল ৷ অন্যহাতেদি খাদ্যৰ অভাৱত বানপানীত নষ্ট হোৱা ঘাঁহ-বন, খাদ্য-শস্য ভক্ষন কৰা নাইবা কলুষিত তথা অপৰিষ্কাৰ পানী আদি গ্ৰহণ কৰাৰ ফলত এই বীজানুসমূহ পশুধন তথা মানুহৰ দেহত অতি সহজে প্ৰবেশ কৰি ৰোগ সৃষ্টিকাৰক হৈ পৰে ৷ ইয়াতে উনুকিয়াই থোৱা ভাল হব যে যিদৰে অসমৰ জলবায়ু মানৱজাতিৰ বসবাসৰ বাবে অতি অনুকূল হিচাবে পৰিগণিত হৈছে, ঠিক সেইদৰে বিভিন্ন ৰোগৰ বীজানু তথা কাৰোবাৰ বাবেও বংশবৃদ্ধি তথা জীয়াই থাকিবৰ বাবে এই জলবায়ু উত্তম বুলি বিবেচিত হৈছে ৷ এই কথা সৰ্বজনবিদিত যে, বিভিন্ন পৰজীৱৰ বংশবৃদ্ধিৰ বাবে অসমৰ জলবায়ু অতি উত্তম আৰু যাৰ বাবে এই অঞ্চলত পৰজীৱি জনিত ৰোগৰ প্ৰাদূৰ্ভাবও বিস্তৰ ভাৱে দেখিবলৈ পোৱা যায়৷ কিয়নো বিভিন্ন অন্তঃ পৰজীৱিৰ বাহক হিচাপে কাম কৰা তথা দ্বিতীয় পোষক হিচাপে কাম কৰা শামুক তথা অমেৰুদণ্ডী প্ৰানীসমূহৰ বংশবৃদ্ধিৰ হাৰ এই সময়ছোৱাত অধিক খৰতকীয়া হোৱা হেতুকে বিভিন্ন ঘাঁহ বন আদিত বিয়পি থকা দেখিবলৈ পোৱা যায়৷ এনেবোৰ ঘাঁহ বন ভক্ষণ কৰোতে খাদ্যৰ লগত শামুকবোৰো পশুধনৰ দেহত প্ৰৱেশ কৰি ৰোগ সৃষ্টিকাৰক পৰজীৱিৰ বিভিন্ন দশা মুকলি কৰে ৷

বানপানীৰ পিছত হব পৰা ৰোগসমূহ আৰু ইয়াৰ প্ৰতিকাৰ

আগতেই উল্লেখ কৰা হৈছে যে বানপানীয়ে মানুহৰ ঘৰ দুৱাৰ, কৃষি ভূমি, গছ-গছনি, আবৰ্জনা আদিয়েই যে অকল কঢ়িয়াই আনে তেনে নহয়, ইয়াৰ সংগে সংগে ই কঢ়িয়াই আনে বিভিন্ন ৰোগৰ বীজানু তথা ৰোগৰ কাৰক ৷ নানা ঠাই বাগৰি অহা বানপানীয়ে অচিন তথা ৰোগৰ প্ৰাদূৰ্ভাব ঘটা অঞ্চলৰ পৰা কঢ়িয়াই আনে ৰোগাক্ৰান্ত জীৱ-জন্তুৰ মৰাশ তথা বিভিন্ন ৰোগৰ বীজাণু ৷ সেয়েহে বানপানী হৈ পৰে বিভিন্ন ৰোগৰ বীজাণুৰ এক উত্তম বাহক ৷ যাৰ ফলত বিভিন্ন ৰোগ বিশেষকৈ ডায়েৰিয়াসদৃশ ৰোগসমূহ যেনে- কলেৰা, গ্ৰহণী আদি বানাক্ৰান্ত অঞ্চলবোৰত সহজে প্ৰাদূৰ্ভাৱ ঘটা দেখা যায়৷ কিয়নো বিশুদ্ধ খোৱা পানীৰ অভাৱত মানুহ তথা আন জীৱ-জন্তুৱে যেতিয়া কলুষিত পানীকে ধৰি কলুষিত খাদ্যসম্ভাৰ গ্ৰহণ কৰে, তেতিয়াই ৰোগৰ বীজানুয়ে অতি সহজে দেহত প্ৰৱেশ কৰি খোপনি পুতি ৰোগ সৃষ্টিকাৰক হৈ পৰে আৰু ঠাই বিশেষে মহামাৰী ৰূপ ধাৰণ কৰে ৷ ইয়াৰোপৰি পানীৰ পৰা হব পৰা আন ৰোগসমূহ যেনে-টাইফয়ড, লেপ্টোস্‌পাইৰোচিচ্‌, হেপাটাইটিছ -এ ইত্যাদিবোৰ অন্যতম ৷ অন্যহাতে বানপানীৰ পিছত বিভিন্ন কীট-পতংগ তথা ম’হ-মাখি আদিবোৰৰ দ্ৰুতগতিৰে বংশ বৃদ্ধি পাবলৈ ধৰে আৰু যাৰ ফলত বাহকৰ পৰা হ’ব পৰা ৰোগসমুহ যেনে- হালধীয়া জ্বৰ, ডেংগু, মেলেৰিয়া, কালাজ্বৰ আদিয়েও গুৰুত্বৰ ৰূপ ধাৰণ কৰে ৷ এনেবোৰ ৰোগৰ ভিতৰত মেলেৰিয়াই প্ৰধান যি মাইকী এন’ফিলিছ ম’হে কামোৰাৰ ফলত হয় ৷ বানপানীৰ পিছৰ অৱস্থা ম’হৰ বংশবৃদ্ধিৰ বাবে বৰ অনুকূল ৷ কাৰণ বানপানী শুকায় যদিও কোনো ঠাইত বিশেষকৈ পুৰনা টায়াৰ, বটল, টিনৰ টেমা, সৰু গাত, নাৰিকলৰ খোলা আদিত দৃষ্টিৰ অগোচৰে ৰৈ যোৱা স্থিৰ পানীসমূহ ম’হে কণী পাৰিবৰ বাবে বাচি লয় আৰু যিয়ে ম’হৰ বংশবৃদ্ধিত প্ৰভূত অৰিহনা যোগায় ৷
বানপানীৰ পিছতে দেখা দিয়া অন্য এবিধ ভয়ংকৰ ৰোগ হ’ল গেষ্ট্ৰএন্টিৰিটিজ(Gastroenteritis)৷ বিভিন্ন ধৰণৰ বীজাণু যেনে-ৰ’টাভাইৰাছ, ছালম’নেলা, ই-কলাই আদি ইয়াৰ বাবে জগৰীয়া হব পাৰে ৷ এই ৰোগত ৰোগীৰ অতিপাত জ্বৰ হোৱাৰ লগতে পেটৰ বিষ আৰু পনীয়া শৌচ হয় ৷ অত্যাধিক পনীয়া শৌচৰ লগত দেহৰ পৰা পানী আৰু প্ৰয়োজনীয় দ্ৰব্য, খাদ্যপ্ৰান আদি ওলাই যোৱা তথা অন্ৰৰ বেৰসমূহে ঔষধজাতীয় দ্ৰব্য অৱশোষণ কৰাত ব্যৰ্থ হোৱাৰ ফলস্বৰূপে ৰোগী মৃত্যুমুখতো পৰে ৷
লৰা-ছোৱালী তথা শিশুবোৰৰ ক্ষেত্ৰত বানপানীৰ পিছত জ্বৰ, কাহঁ হোৱাটো খুবেই দৃষ্টিগোচৰ হয় আৰু ইয়াৰ অন্যতম কাৰণ হৈছে আশ্ৰয়ৰ অভাৱত বৰষুণত তিতি-বুৰি থকা বা অভিভাৱকৰ অলক্ষিতে বানপানীত সাঁতোৰা তথা ওমলি-জামলি নানা ধৰণৰ খেল-ধেমালি কৰা ৷ যাৰ ফলত ৰোগৰ বীজাণুয়ে অতি সহজে শিশুৰ দেহত প্ৰৱেশ কৰি ৰোগ সৃষ্টিৰ বাবে অন্যতম সুযোগ গ্ৰহণ কৰে ৷
ভাইৰাচ তথা বেক্টেৰীয়াজনিত ৰোগসমুহৰ ওপৰিও নানা বিধ অঞ্চলৰ জনসাধাৰণ পৰজীৱি তথা কৃষিজনিত ৰোগৰ চিকাৰ হোৱাও দেখিবলে পোৱা যায় ৷ আগতেই উল্লেখ কৰা হৈছে যে, এই পৰজীৱি জনিত ৰোগসমূহৰ অন্যতম হৈছে মেলেৰীয়া ৰোগ ৷ ইয়াৰ উপৰিও অন্য পৰজীৱি তথা কৃষিজনিত ৰোগবোৰ হৈছে যকৃৎ কৃমিৰ সংক্ৰমন, ফিটা পেলুৰ সংক্ৰমন ইত্যাদি ৷ বানাক্ৰান্ত অঞ্চলবোৰত ফাইলেৰিয়া ৰোগৰ প্ৰাদূৰ্ভাৱ যথেষ্ট বেছি, কিয়নো আক্ৰান্ত ব্যক্তিৰ মূত্ৰৰে এই ৰোগৰ বীজাণু নিৰ্গত হয় আৰু সুস্থ ব্যক্তিৰ ভৰিৰ তলুৱাৰে মানৱদেহত প্ৰৱেশ কৰে৷ এই ৰোগত আক্ৰান্ত হ’লে লসিকা গ্ৰন্থিসমূহ (নিম্নাংশ) পথ ৰুদ্ধ হৈ ফুলি উঠা হেতুকে ৰোগীৰ নিম্নাংশ, যেনে- ভৰি, অণ্ডকোষ, জননেন্দ্ৰীয় ইত্যাদিবোৰ কিম্ভুত কিম্ভাকাৰ হৈ উখহি উঠে ৷ এই ৰোগৰ প্ৰতিষেধক স্বাস্থ্য কেন্দ্ৰসমূহত বিনামূল্যে পোৱা যায় আৰু সময়মতে প্ৰতিষেধক ল’লে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷ এনবোৰ ৰোগৰ ওপৰিও বানাক্ৰান্ত অঞ্চলৰ মানুহৰ মাজত যক্ষ্মা,হুপিংকাঁহ, কালাজ্বৰ ইত্যাদিবোৰো কম বেছি পৰিমাণে দেখিবলৈ পোৱা যায় ৷

পশু-পক্ষীৰ ৰোগসমূহ :

পশু-পক্ষী তথা বিভিন্ন জন্তুৰ বানপানীৰ পিছত বিভিন্ন ৰোগৰ কবলত পৰে ৷ পশুধনে সঘনাই আক্ৰান্ত হোৱা ৰোগসমুহৰ অন্যতম হৈছে গল ফুলা ৰোগ, জহৰবাত ৰোগ, টেটুৱা লগা ৰোগ, ঘোৰা শলখা ৰোগ, যকৃৎ কৃমিৰ সংক্ৰমন, পেটফুলা ৰোগ বিভিন্ন ডায়েৰিয়া তথা গ্ৰহণীসদৃশ ৰোগসমূহৰ অন্যতম ৷
এই ক্ষেত্ৰত অন্যতম লেখত লবলগীয়া ৰোগ হ’ল গলফুলা ৰোগ আৰু জহৰবাত ৰোগ৷ গলফুলা ৰোগ, যাক ইংৰাজীত কোৱা হয় (Haemorrhagic septicaemia) পশুধনৰ এক মাৰাত্মক ৰোগ আৰু (Pasteurella maltocida) নামৰ এক গ্ৰাম ঋণাত্মক বেক্টেৰীয়া এই ৰোগৰ বাবে জগৰীয়া৷ এই ৰোগত ঘাইকৈ গৰু, ম’হ, ছাগলী, গাহৰি আদিয়ে আক্ৰান্ত হোৱা দেখা যায়৷ কলুষিত খাদ্য বা পানী গ্ৰহণ কৰিলে তথা আক্ৰান্ত পশুৰ সংস্পৰ্শলৈ অহা অঞ্চলৰ ঘাহঁ-বন, গছৰ পাত, আদি গ্ৰহণ কৰিলে এই ৰোগৰ বীজানু পশুধনৰ দেহত প্ৰবেশ কৰি ৰোগ সৃষ্টি কৰিবলৈ সক্ষম হয়৷ ই এক অন্যতম সোঁচৰা ৰোগ আৰু সেয়েহে বানবিধস্ত অঞ্চলৰ গৰু ম’হক এনে ৰোগ”ৰ প্ৰতিষেধক দিয়াটো নিতান্তই প্ৰয়োজন ৷ এই ৰোগৰ লক্ষণসমুহ হ’ল আক্ৰান্ত পশুৱে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰে, উশাহ লওতে ঘেৰঘেৰনীযুক্ত শব্দ শুনিবলৈ পোৱা যায় ৷ শৌচ পনীয়া তথা পাতল হয়, দেহৰ উঞ্চতা বাঢ়ি ১০৬ ৰ ১০৭ পৰ্য্যন্ত হয়, মুখৰ পৰা ৰঙা পৰা দেখা যায় ৷ এনে ৰোগত আক্ৰান্ত হ’লে পশুধনে ২০ৰ পৰা ২৪ ঘন্টাৰ ভিতৰত মৃত্যু মুখত পৰে আৰু সেয়েহে ৰোগৰ লক্ষণ দেখাৰ ১২ঘন্টাৰ ভিতৰতে চিকিৎসা কৰাটো নিতান্তই প্ৰয়োজন আৰু সেয়েহে ততাতৈয়াকৈ পশু চিকিৎসকৰ লগত যোগাযোগ কৰা উচিত ৷
অন্য এক ভয়ংকৰ ৰোগ হ’ল জহৰবাত ৰোগ ৷ (Clostridium chauvoei) নামৰ এক গ্ৰাম ধনাত্মক বেক্টেৰীয়া এই ৰোগৰ বাবে জগৰীয়া৷ বানপানীৰ সময়ত একেলেথাৰীয়ে হোৱা বৰষুণৰ পিছত বানপানী শুকুৱাৰ সময়ত হোৱা অতিপাত ৰ’দ তথা বায়ুমণ্ডলৰ আৰ্দ্ৰতা এইবিধ বেক্টেৰীয়াৰ বংশ বৃদ্ধিৰ বাবে অনুকুল ৷ তেনে সময়তে পশুধনে কলুষিত খাদ্য যেনে ঘাঁহ-বন আদি ভক্ষন কৰাৰ ফলস্বৰুপে কিম্বা কলুষিত পানী গ্ৰহন কৰিলে এই বেক্টেৰীয়াবিধ দেহৰ ভিতৰত প্ৰবেশ কৰে যদিও প্ৰথম অৱস্থাত কোনো ৰোগৰ সৃষ্টি নকৰে ৷ কিন্তু মাত্ৰাধিক কষ্ট তথা খাদ্যৰ অভাৱত পশুধনৰ শৰীৰ যেতিয়া দুৰ্বল অৱস্থাৰ ফালে ঢাল খায়, তেতিয়া এইবিধ বেক্টেৰিয়াই পশুধনৰ দেহৰ কঠিন মাংসপেশীত খোপনি পুতি ৰোগ সৃষ্টি কৰে ৷ এই ৰোগত ভৰিৰ উৰু তথা তপিনাৰ মাংসপেশী সমূহ ঘাইকৈ আক্ৰান্ত হয় ৷ আক্ৰান্ত অংশ প্ৰথমাৱস্থাত বিষমুক্ত হৈ ফুলি উঠে আৰু ক্ৰমান্বয়ে ক’লা পৰিবলৈ আৰম্ভ কৰে ৷ সময় যোৱাৰ লগে লগে এই অংশৰ পৰা বুৰবুৰণিযুক্ত শব্দ শুনিবলৈ পোৱা যায় ৷ ৰোগৰ অন্য লক্ষণসমূহ যেনে মুখেৰে লেলাৱতি ওলোৱা, দেহৰ উষ্ণতা ১০৬-১০৭ ডিগ্ৰী ফাৰেইনহাট পৰ্য্যন্ত বৃদ্ধি পোৱা, নোম ঠৰঙা হোৱা খোজকাঢ়োতে কষ্টৰ সন্মুখীন হোৱা তথা খোজ কাঢ়িলে লেঙেৰাই থকা আদিবোৰৰ পৰা এই ৰোগৰ উমান লব পাৰি ৷ প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়া ছয় ঘন্টাৰ ভিতৰত (Broad Spectrum antibiotic) প্ৰয়োগেৰে পশুধনৰ চিকিৎসা কৰাটো নিতান্তই প্ৰয়োজন, অন্যথাই পশুধনৰ মৃত্যুৰ সৈতে যুঁজ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷
বানপানীৰ সময়ত মানুহৰ লেখিয়াকৈ পশুধনৰ ক্ষেত্ৰত বিশেষকৈ গৰু-ম’হৰ ক্ষেত্ৰত ডায়েৰীয়া তথা গ্ৰহণী সদৃশ ৰোগৰ প্ৰাদূৰ্ভাৱ ঘনাই দেখিবলৈ পোৱা যায় ৷ এইবোৰ ভাইৰাচজনিত, পৰজীৱিজনিত বা বেক্টেৰীয়াজনিত, পেলুজনিত হ’ব পাৰে আৰু সেয়েহে সময়মতে পশুধনক চিকিৎসাৰ দিহা পৰামৰ্শ অনুসৰি পেলুৰ দৰব খুওৱা উচিত ৷ অন্যহাতে এনে ডায়েৰীয়া সদৃশ ৰোগ বীজাণুৰ উপৰিও যেতিয়া বানাক্ৰান্ত অঞ্চলত পশুধনে খাদ্য তথা ঘাঁহ বনৰ অভাৱত বিভিন্ন জলজ উদ্ভিদ যেনে মেটেকা, পুনী আদি ভক্ষণ কৰিবলৈ বাধ্য হয়, তেনে কোনো ক্ষেত্ৰটো এই ৰোগ হোৱা দেখিবলৈ পোৱা যায়৷ সেয়েহে পশুপালক সকলে গৰু-ম’হক এনেবোৰ জলজ উদ্ভিদ খাদ্য হিচাপে আগবঢ়োৱাৰ আগতে বিশেষ পদ্ধতিৰে চেপি এনেবোৰ উদ্ভিদৰ অতিৰিক্ত পানীভাগ আঁতৰ কৰা উচিত যাতে এনেবোৰ খাদ্যত পটাছিয়ামৰ মাত্ৰা কমোৱা সম্ভবপৰ হয় ৷
অন্য এবিধ সচৰাচৰ দেখা পোৱা ৰোগ হ’ল পেটফুলা ৰোগ ৷ এই ৰোগ গৰু-ম’হ প্ৰমূখ্যে সকলোবোৰ ৰোমন্থক প্ৰণীৰ মাজত হোৱা দেখিবলৈ পোৱা যায় ৷ শুকান তথা সহজে জীৰ্ণ নোযোৱা খাদ্য তথা ঘাঁহ- বন, বাঁহ-পাত আদি ভক্ষণ কৰিলে পশুধন এই ৰোগৰ চিকাৰ হ’ব লগাত পৰে ৷ কিয়ননো শুকান খাদ্য তথা অজীৰ্ণ খাদ্য গ্ৰহণ কৰাৰ ফলত ৰোমন্থক প্ৰাণীৰ পাকস্থলীৰ (প্ৰধানত: Rumen ৰ) কাৰ্য্যক্ষমতা হ্ৰাসপোৱা হেতুকে ই স্থবিৰ হৈ পৰে আৰু যাৰ ফলত স্থিৰহৈ ৰোৱা ঘাঁহ-বন আদিৰ পৰা বিষাক্ত মিথেন গেছ নিৰ্গত হৈ ওলাই যোৱাৰ কোনো সুৰুঙাৰ অভাৱৰ বাবে গেছ জমা হোৱাৰ ফলত পেট উখহি উঠা দেখা যায় (বাওঁফালৰ দিশত) ৷ কোনো কোনো ক্ষেত্ৰত পেট ফুটা কৰি অতিৰিক্ত গেছ উলিয়াই দিব লগা হয়, অন্যথা হাওঁফাাওঁ আৰু হৃদযন্ত্ৰৰ ওপৰত চাপৰ সৃষ্টিহৈ পশুধনৰ মৃত্যু ঘটাব পাৰে ৷
আনহাতে পৰজীৱিজনিত ৰোগৰ অন্যতম যকৃৎ কৃমিৰ সংক্ৰমন এই সময়ছোৱাত যথেষ্ট বেছি কিয়নো এই ক্ষেত্ৰত বাহক হিছাপে কাম কৰা Lymnaea auriculoria নামৰ শামুকবিধৰ এইখিনি সময়ত বংশবৃদ্ধিৰ হাৰ সৰ্ব্বাত্মক আৰু ঘাঁহ-বনৰ যোগেদি পশুধনৰ শৰীৰত প্ৰৱেশ কৰি যকৃত কৃমি সংক্ৰমণৰ বীজ মেলি দিয়ে ৷ ইয়াৰোপৰি, ঘূৰণীয়া কৃমিৰ সংক্ৰমণ, ফিটাপেলুৰ সংক্ৰমণ আৰু হাকোটা পেলুৰ সংক্ৰমণ এনে সময়ত অধিক হয় ৷

**********************************************************************************************************
পশু চিকিৎসা মহাবিদ্যালয়,খানাপাৰাৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক ডা° অতুল বৰগোঁহাইদেৱে, তেখেতৰ সহযোগী সকলৰ সহযোগত এই লেখাটো প্ৰকাশ কৰিছে৷ এই লেখাটো পশু চিকিৎসা মহাবিদ্যালয় খানাপাৰাৰ শিক্ষাৰ্থীসকলৰ শ্ৰেণী কৰ্মসূচীৰ এটা অংশ ৷ ড° বৰগোহাঁইদেৱলৈ ধন্যবাদ ৰাইজৰ সুবিধাৰ্থে তেখেতে এই লেখাটো আমাৰ আলোচনীত প্ৰকাশৰ বাবি আগবঢ়ালে৷

Leave a Response