বাৰ্ষিকী বিশেষ Anniversary Special

সন্মানীয়
আমাৰ পৰামৰ্শদাতাসকল, লিখক-লেখিকা সকল, পাঠক বৃন্দ আৰু শুভাকাংক্ষীসকল,

বিশেষ এই যে, অহা জানুৱাৰী মাহত আমাৰ আলোচনীৰ এবছৰ হোৱাৰ উপলক্ষে আমি কিছু পৰিকল্পনা হাতত লৈছো৷ আমি নিৰ্দিষ্ট দিনটোৰ কাৰ্য্যসূচী সমূহ এতিয়াও নিৰ্ধাৰণ কৰা নাই যদিও অহা নভেম্বৰ মাহৰ পৰা আৰম্ভ হব লগীয়া কাৰ্য্যসূচী সমূহৰ কিছু চমু আভাস আপোনালোকক দিব বিচাৰিছো৷
উক্ত কাৰ্য্যসূচীৰ অংশস্বৰূপে আমি
১) আমাৰ আলোচনী অহা তিনিমাহৰ বাবে আগবঢ়াই নিবলৈ তিনিজন সম্পাদকক আমন্ত্ৰন জনোৱাৰ পৰিকল্পনা হাতত লৈছো৷ ইয়াৰ প্ৰথম মাহৰ বাবে এজন কৃষি বিষয়ক অভিজ্ঞ বিজ্ঞানী, দ্বিতীয় মাহৰ বাবে এজন কৃষি বিষয়ৰ শিক্ষাৰ্থী আৰু তৃতীয় মাহৰ বাবে আন এজন আমন্ত্ৰিত ব্যক্তিৰ সহযোগত আলোচনীখন প্ৰকাশ কৰাৰ চিন্তা কৰিছো৷
২) আমি কিছু অনলাইন প্ৰতিযোগিতা পাতিবলৈ চিন্তা কৰিছো৷ ইয়াৰ ভিতৰত – i) প্ৰজেক্ট প্ৰতিযোগিতা,
ii) নাৰ্চাৰী প্ৰতিযোগিতা,
iii) কাটিং-লেয়াৰিং-গ্ৰাফটিংৰ প্ৰতিযোগিতা,
iv) কৃষি বিষয়ক দক্ষতা প্ৰদৰ্শণ আৰু প্ৰতিযোগিতা,
v) যুৱ কৃষক উদ্যমীৰ প্ৰতিযোগিতা,
vi) শ্ৰেষ্ঠ কৃষকৰ (বাৰী বিষয়ক) প্ৰতিযোগিতা,
vii) মহিলা সকলৰ বাবে হস্তশিল্প আৰু কৃষি বিষয়ক বিভিন্ন বিষয়ৰ দক্ষতা প্ৰদৰ্শণ আৰু প্ৰতিযোগিতা,
viii) ৰেচিপি প্ৰতিযোগিতা,
ix) কৃষক দম্পতীৰ প্ৰতিযোগীতা
x) মুকলি তৰ্ক প্ৰতিযোগিতা ইত্যাদি৷
৩) মূল কাৰ্য্যসূচীৰ দিনা আমি আমাৰ সন্মানীয় পৰামৰ্শদাতা সকল, আমাৰ সন্মানিয় লিখকসকল আৰু শুভাকাংক্ষী সকলক একেলগে এবাৰ লগ পোৱাৰ পৰিকল্পনা কৰিছো৷ সেইদিনাই আমাৰ আলোচনীৰ থিম “মোমাই তামুলী বৰবৰুৱাৰ ঘৰ-বাৰী সংস্কৃতি” সম্পৰ্কীয় এখন আলোচনাচক্ৰ অনুষ্ঠিত হব, প্ৰতিযোগিতাসমূহৰ বিজেতা সকলক পুৰস্কৃত কৰা হব আৰু যদি সম্ভৱ হয় কৃষক বন্ধু ই-আলোচনীখন মুদ্ৰিত আকাৰে প্ৰকাশ কৰা হব বিক্ৰিৰ বাবে৷
আমাৰ কৃষকসকলক কৃষিৰ প্ৰচলিত ধাৰাসমূহৰ বাহিৰেও বৰ্তমান আধুনিক ধাৰাসমূহৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে আমি অলপ নতুন ধৰণৰ কিবা এটা কৰিবলৈ চিন্তা কৰিছো আৰু এইয়া আমি দুজনমানে কৰিব পৰা কাম নহয়৷

এইয়া আমি সকলোৰে সহযোগতহে কৰিব পাৰিম৷

আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকল, আমাৰ কৃষি বিভাগ তথা কৃষি বিষয়া আৰু কৰ্মীসকল, কৃষি বিজ্ঞান কেন্দ্ৰ সমূহ, কৃষি বিষয়ক গৱেষণা প্ৰতিষ্ঠান সমুহ ; অসমৰ কৃষি ক্ষেত্ৰখনক বা কৃষক সকলক দুখোজ আগুৱাই অনাত আপোনালোকৰ অৱদান অপৰিহাৰ্য্য৷ আপোনালোকৰ সহযোগিতাৰ আমি আশাপ্ৰাৰ্থী৷ আমি আশা কৰিছো আপোনালোকে দিহা-পৰামৰ্শ তথা সহযোগিতাৰে আমাক আগবাঢ়ি যাবলৈ সাহস দিব৷

 

শেষত সকলোলৈকে আমাৰ কৃষক বন্ধু টিমৰ হৈ মই ধন্যবাদ জনালো আমি পাৰ কৰি অহা সময়খিনিত আমাক আগবাঢ়ি যাবলৈ সাহস দিয়া বাবে৷ আৰু শুভেচ্ছা জনালো অনাগত সময়ৰ বাবে৷
সেৱাৰে
~বৰ্নালী, প্ৰম’টাৰ তথা সম্পাদক, কৃষক বন্ধু ৷

4 Comments

    1. নভেম্বৰ মাহত তোমাৰ কাৰণে এটা গুৰু দায়িত্ব আহি পৰিব পাৰে দিপাংকৰ৷ সময়ত আমি সিদ্ধান্ত লম৷

  1. অতি সুন্দৰ পৰিকল্পনা | আশা কৰো ‘কৃষক বন্ধু ‘ক সকলো ৰাইজে আকোৱালি ল’ব |

Leave a Response