বিলাহী আৰু বাঁহগাজেৰে সিজোৱা মাছ / Fish boil with tomato and bamboo shoot

~পুৰবী বৰদলৈ/পৰী


উপকৰণ :
বিলাহী এটা ডাঙৰ কৈ টুকুৰা কৰা।
পিয়াজ এটা কুটি লোৱা।
আদা এটুকুৰা কুটি লোৱা।
নহৰু ৬ ফুট কুটি লোৱা।
জলকীয়া ৫-৬ টা।
কেঁচা খৰিচা ২ চামুচ।
নিমখ আন্দাজ মতে।
যিকোনো ডাঙৰ মাছৰ টুকুৰা ৩-৬ ।

প্ৰণালী:

কেৰাহীত পৰিমাণ মতে পানী লওক যাতে পাচলি আৰু মাছ সিজি অলপ বাকী ৰয়। নিমখ মিলাই উতলাওক। উতল আহিলে পিয়াজ আদা নহৰু জলকীয়া দিয়ক। অলপ সময় পাছত বিলাহী দিব। বিলাহী সিজিলে মাছ দি ঢাকোন লগাই দিব। ৫ মিনিট পাছত খৰিচা দিব। মাছ সিজি পানী কমি গলে নমাই ভাতৰ লগত পৰিবেশন কৰক।

Leave a Response