বিশ্বকৰ্মাই কৈছে-কামকৰা সা-সজুলিৰ যত্ন লওঁক Take Care of Working Tools-Speaks Biswakarma

~শ্ৰী দিবাকৰ দত্ত

প্ৰতিবছৰে ভাৰতবৰ্ষত এই চেপ্তেম্বৰ মাহতে বিশ্বখনিকৰ বুলি পূজিত বিশ্বকৰ্মাৰ মহাপূজা অনুষ্ঠিত হয় ৷ প্ৰচলিত পৰম্পৰামতে, এই বিশ্বাস পুৰণি কালৰে পৰা চলি আহিছে যে এই সুন্দৰ বসুন্ধৰাখনি পৰমেশ্বৰৰ ইচ্ছাত বিশ্বকৰ্মাই নিজহাতে গঢ়িছিল ৷ আৰু আমি সৰুৰে পৰা দেখি আহিছো যে বিশ্বকৰ্মা পূজাৰ দুদিনমান আগৰ পৰা আমাৰ ঘৰত দেউতাই দা-কটাৰী,কোৰ-কুঠাৰ, হাতুৰি-বটালি,কৰত আদি চাফা-চুফা কৰি ধৰাই মেলি দৰকাৰমতে তেল বা গ্ৰীজ সানি পূজাৰ দিনা দেৱতাৰ পূজাস্থলীত সভক্তিৰে উপস্থাপন কৰিছিল ৷ এতিয়াও দেখা যায় যে ঘৰে-ঘৰে পূজাৰ আগদিনাৰ পৰাই চাইকেল, স্কুটাৰ, মোবাইক, গাড়ী আদি ধুই মেলি পলিছ কৰি টিপ্ টপ্ কৰি ৰাখে ৷ বহুতে পূজাৰ স্থলীলৈ নিজৰ বাহনখন নি পূজাৰ সেন্দুৰ লগাইহে সন্তুষ্টি লাভ কৰে ৷ বিশ্লেষণ কৰিলে ধৰিব পাৰি যে প্ৰাচীণ মহাজ্ঞানী ঋষি-মুণিসকলে এই পূজাৰ মাধ্যমৰে আমাক আমি ব্যৱহাৰ কৰা কামৰ সঁজুলি, যন্ত্ৰপাতি আৰু যান-বাহনবোৰৰ যত্ন লোৱাৰ আৱশ্যকতাৰ গুৰুত্ব উপলদ্ধি কৰোৱাৰ এটা ব্যৱস্থা নিৰ্ধাৰিত কৰিছিল ৷
এতিয়া আমি আচল কথালৈ আহোঁ ৷ আমি জানো যে কৰ্মচাৰী বা বনুৱাৰ পৰা আশাকৰা মতে কাম পাবলৈ হ’লে, কামভেদে উপযুক্ত সা-সঁজুলি আৰু যন্ত্ৰপাতি ৰখাটো অতীব প্ৰয়োজনীয় ৷ আজিকালি দেখা যায় যে বহুতো দিনহাজিৰা কৰা বনুৱায়ো নিজৰ পাৰদৰ্শিতা বঢ়াই কাম কৰিব পৰাকৈ নিজাববীয়াকৈ প্ৰয়োজনীয় সা-সঁজুলি ৰাখে ৷ পেশাদাৰী মজদুৰেটো নিজৰ টুলবেগ সদায় লগত ৰাখে ৷ আৰু নিজৰ হাতত বা ঘৰত মজুত থকা সা-সঁজুলিবোৰ যত্নসহকাৰে ৰখাটো এবিধ আপুৰুগীয়া সম্পদৰ আপডাল কৰাৰ তুল্য ৷ আমি যদি সা-সঁজুলিবোৰ যত্নসহকাৰে ৰাখোঁ, চাফা-চিকুণ কৰি থাকোঁ, আৰু নিয়মিতভাৱে চকু দিওঁ- তেন্তে সিহঁতে আমাৰ কেৱল পইচা আৰু সময় বচায় এনে নহয়, আমাৰ কামৰ প্ৰতি আগ্ৰহো বঢ়ায় ৷

সা-সঁজুলিবোৰ সাধাৰণতে এনেদৰে শ্ৰেণীৱদ্ধ কৰিব পাৰি-হাতেৰে কামকৰা সঁজুলি, যন্ত্ৰচালিত সঁজুলি, বাগীছা-সঁজুলি, পাকঘৰৰ সঁজুলি,গেৰেজৰ সা-সঁজুলি,চিলাই শিল্পৰ সঁজুলি, ৰং কৰা সঁজুলি, হস্তশিল্পৰ সঁজুলি, ঘৰ সজা সঁজুলি,সৌন্দয্যচৰ্চ্চাৰ সঁজুলি আদি ৷ আমি সা-সঁজুলিবোৰৰ যত্ন কেনেকৈ ল’ব লাগে? আমি কি কৰা উচিত?

১) সা-সঁজুলিবোৰ সযতনে ৰাখিব লাগে ৷
সা-সঁজুলিবোৰ সহজে দেখা পোৱাকৈ ওলোমা-বোৰ্ড, ঘূৰ্ণীয়মান বোৰ্ড, হাকোঁটা, বা কঢ়িয়াই লৈ ফুৰিব পৰা বোৰ্ডত সজাই থব লাগে ৷ কিছুমান সঁজুলি টুল-বক্সত থলে, লৈ ফুৰাবলৈ সুবিধা ৷ বহুতে মোনা, চন্দুক, ডেৰাজ, ছেল্ফ আদিতো থয় ৷ মনত ৰখা দৰকাৰ যে ‘মামৰ’ সা-সঁজুলিৰ ৰক্ষণাবেক্ষণৰ সৰ্বপ্ৰধান শত্ৰু; আৰু মামৰৰ পৰা সা-সঁজুলিবোৰ বচাই ৰখাটো গৰাকীৰ প্ৰাথমিক আৰু নিৰন্তৰ কৰ্ত্তব্য ৷ বিশেষকৈ,
ক) সঁজুলিবোৰ শুকান ঠাইত থব লাগে ৷
খ) বাগীছা-সঁজুলিবোৰ ওলমাই থব লাগে ৷
গ) যন্ত্ৰচালিত সঁজুলিবোৰ ইহঁতৰ নিজা বাকছত থব লাগে ৷
ঘ) সা-সঁজুলিবোৰ থোৱা ঠাইত ছিলিকা জেল পেকিং বা মামৰ গ্ৰহণকাৰী/প্ৰতিৰোধী লাইনাৰ ব্যৱহাৰ কৰি আদ্ৰতাৰ পৰা ৰক্ষা কৰিব লাগে ৷
২) প্ৰতিবাৰ ব্যৱহাৰ কৰাৰ পিছত সা-সঁজুলিবোৰ চাফ-চিকুণ কৰিব লাগে ৷ দিনটোৰ কামখিনি শেষ কৰাৰ পিছত সা-সঁজুলিবোৰ চাফা কৰি ভালকৈ থলে, ঘনাই মেৰামতিৰ কৰা খৰচ আৰু সময়ৰ অপব্যয়ৰ হাত সাৰিব পাৰি ৷
ক) হাত-সঁজুলিবোৰ এখন ফটাকানিৰে মুচি থলেই হ’ল ৷ বেছি লেতেৰা হ’লে, চাবোন আৰু পানী ব্যৱহাৰ কৰিব লাগে ৷ সঁজুলিৰ ধাতু অংশবোৰ স্পীৰিটেৰে ধুই ‘ডব্লিউ ডি-৪০’ জাতীয় দ্ৰব্যৰ এটা মিহি লেপন দিব লাগে আৰু এখন চাফা ফটাকানিৰে মুচি দিব লাগে যাতে মামৰে আক্ৰমণ কৰিব নোৱাৰা আৱৰণ পৰে ৷ আৰু কাঠৰ মুঠিয়াবোৰ তিচিতেলত সেমেকোৱা ফটাকানিৰে মুচি থব লাগে ৷
খ) বাগীছাত ব্যৱহাৰ কৰা সঁজুলিবোৰো একেধৰণেই চাফা কৰা হয় ৷ প্ৰয়োজনমতে ভালকৈ ধুব লাগে, শুকুৱাব লাগে আৰু তেল ঘঁহিব লাগে ৷ বহুতে এটা বাল্টি বা বাকেটত বালি আৰু অলপ তেল মিলাই সঁজুলিবোৰ কিছু সময় ঘোদালি সহজে চাফা কৰে ৷বাগীছাৰ সঁজুলিবোৰত গাড়ীত ব্যৱহৃত তেলৰ ব্যৱহাৰ বাগীছাৰ মাটিৰ বাবে ক্ষতিকাৰক, সেয়ে তিচিতেলৰ দৰে জৈৱিক তেলহে ব্যৱহাৰ কৰিব লাগে ৷
গ) যন্ত্ৰচালিত সা-সঁজুলিবোৰ চাফা কৰা কামটোত কিছু কৌশলৰ প্ৰয়োজন ৷ চাফা কৰাৰ আগেয়ে, এনে সঁজুলিবোৰৰ প্লাগবোৰ বিজুলি-বোৰ্ডৰ ছকেটৰ পৰা খোলাটো নিশ্চিত কৰিব লাগে ৷ তাৰ পিছতে, ধুলি-মাকটিবোৰ আঁতৰাব লাগে ৷ এনে কামৰ বাবে, এটা ‘এয়াৰ কম্প্ৰেছাৰ’ নহ’লেবা যিকোনো ‘হেণ্ড পাম্প’ ব্যৱহাৰ কৰিব পাৰি ৷ সঁজুলিৰ উপৰিভাগ চাফা কৰি লৈ ভিতৰৰ চলমান অংশবোৰ ‘মেচিন অইল’ৰে ঘঁহি পিছল কৰিব লাগে ৷ দৰকাৰ হ’লে, সঁজুলিৰ লগত থকা ‘মেনুৱেল’ খন চাই ব্যৱস্থা ল’ব লাগে ৷ টুলবক্স, বেল্ট, মোনা আদি মাজে-মাজে পূৰাকৈ খালি কৰি চাফা কৰিব লাগে; আৰু চামৰাৰ হ’লে, চামৰাৰ বাবে নিৰ্দ্দিষ্ট পলিছ ব্যৱহাৰ কৰিব লাগে ৷
৩) প্ৰতিবাৰ ব্যৱহাৰ কৰাৰ পিছত, সা-সঁজুলিবোৰ খুটি-নাটি মাৰি চাব লাগে আৰু প্ৰয়োজনসাপেক্ষে কামটোত মেৰামতি কৰিব লাগে ৷
সা-সঁজুলি আৰু যন্ত্ৰপাতিবোৰ নিৰাপদে ব্যৱহাৰ কৰা প্ৰয়োজন, নহ’লে বুমেৰাং হোৱাৰ সম্ভাৱনা থাকে ৷ বিশেষকৈ যন্ত্ৰচালিত সঁজুলিবোৰ ব্যৱহাৰ কৰোঁতে নিৰ্দ্দেশিত নিৰাপত্তা প্ৰট’কল অনুসৰণ কৰিব লাগে ৷ এনেদৰে, ব্যৱহাৰৰ লগে-লগে সঁজুলিবোৰৰ ওপৰত নজৰ ৰাখিলে নিজৰ নিৰাপত্তা অক্ষুণ্ণ থকাৰ উপৰিও সঁজুলিৰ জীৱনকাল বাঢ়িব ৷
কিছু সময় খৰচ কৰি তলত দিয়া দিশকিটাত চকু দিলে, লাভৱান হোৱা যায় :
ক) ঢিলা, ভঙা বা ফটা মুঠিয়াবোৰ মেৰামতি কৰি ল’ব লাগে ৷ মুঠিয়াবোৰে যাতে হাতৰ তলুৱাত আঘাট দিব নোৱাৰে, সেই উদ্দেশ্যে প্ৰথমতে মোটা বালিৰে ঘঁহিব লাগে; পিছত মিহি বালিৰে ঘঁহি একেবাৰে ফিনফিনিয়া কৰি ল’ব লাগে ৷ পিছত তিচিতেলৰ প্ৰলেপ এটা দিলে ভাল ৷ বেছিকৈ নষ্ট হোৱা মুঠিয়াবোৰ লগে-লগে সলোৱাটো নিতান্ত প্ৰয়োজন ৷
খ) বটালি আৰু আগজোঙা ফাট-গজালবোৰৰ ভোবোৰা মূৰবোৰ ঠিক কৰি ল’ব লাগে ৷ বেছিকৈ ব্যৱহৃত হোৱাৰ পিছত এনে সঁজুলিৰ আগবোৰ ভোটা আৰু ভোবোৰা হৈ পৰে; এনে সঁজুলি কামত লগালে মাৰৰ কোবত ছিটিকি যোৱাৰ ভয় থাকে ৷ এনে সঁজুলিবোৰ ধৰাই থাকিব লাগে, কমেও ছমাহৰ মূৰত অভ্যাসবশত: কৰাব লাগে ৷
গ) সঁজুলিবোৰ ক্ষয়ীকৰণ আৰু মামৰৰ পৰা বচাওক ৷ বেছিকৈ মামৰে ধৰি একেবাৰে কামত নহা নহ’লে, মামৰবোৰ গুছাই চাফা কৰি ধৰাই ল’ব পাৰি ৷
ঘ) যন্ত্ৰচালিত সঁজুলিৰ আৱৰণ চকুত পৰাকৈ ফাটিলে, ব্যৱহাৰ কৰিব নালাগে ৷ পৰাপক্ষত, এনে বিসঙ্গতি দেখিলে সংশ্লিষ্ট বৃত্তিজীৱিলোকৰ দ্বাৰা মেৰামতি কৰাই ল’ব লাগে ৷
ঙ) যন্ত্ৰচালিত সঁজুলি সহজে চলিব নুখুজিলে, ব্যৱহাৰ কৰিব নালাগে ৷ প্ৰথমতে চাফা কৰি তেল দি ঘঁহি পিছল কৰি চাব লাগে; যদি নহয়, মেৰামতি কৰা প্ৰয়োজন ৷ ক’ৰবাত নাট্ ঢিলা থাকলে বা ফিটা ক্ষয় গ’লে, নিজেও বদলাব পাৰি ৷ নোৱাৰিলে, সংশ্লিষ্ট বৃত্তিজীৱিৰ সহায় ল’ব লাগিব ৷
চ) গোলমলীয়া ছিগা অংশ আৰু তাঁৰ ওলাই থকা ঠাইবোৰে বিজুলিসম্পৰ্কীয় মৃত্যুসম বিপদ মাতিব পাৰে ৷ অস্থায়ীভাৱে বিজুলি অপৰিবাহী টেপ ব্যৱহাৰ কৰি কাম চলাব পাৰি যদিও, এনে সঁজুলি মেৰামতি কৰাই ল’ব লাগে ৷

সকলোকে শ্ৰী শ্ৰী বিশ্বকৰ্মা পুজাৰ আগতীয়া শুভেচ্ছা জনালো৷

লিখক – শ্ৰী দিবাকৰ দত্ত, কলিকতা৷

Leave a Response