বিশ্ব নাৰিকল দিৱসৰ তাৎপৰ্য্য Significance of World Coconut Day

~শ্ৰী মতী অমৃতমাধুৰী দেৱী

প্ৰতি বছৰৰ দৰে এইবাৰো সমগ্ৰ বিশ্বতে উৎযাপন হব বিশ্ব নাৰিকল দিৱস৷ ১৯সংখ্যক এই দিৱস উদযাপন কৰিছে বিশ্বৰ নাৰিকল উৎপাদন কাৰি বন্ধু ৰাষ্ট সকলে৷ ১৯৬৮ চনৰ ২চেপ্তেম্বৰত বিশ্বৰ তিনিখন দেশ ভাৰত, ইণ্ডোনেচিয়া আৰু ফিলিপাইন একেলগে হৈ এটা সমুদায় গঠন কৰে৷ আজি এই সমুদায়টোত ১৭খন দেশ জড়িত হৈ আছে৷ বিশ্বৰ নাৰিকলৰ এই সমুদায়টোক কোৱা হয় APCC অৰ্থাৎ Asian Pacific Coconut Community ৷ এই APCC গঠন কৰা হৈছিল ইণ্ডোনেচিয়াৰ জাকাটত৷ এই APCC mission হৈছে ইয়াৰ সদস্য দেশ বোৰৰ উন্নয়ন সাধিবলৈ, নাৰিকলৰ ওপৰত যিকোনো উদ্যোগ গঢ়িবলৈ বিজ্ঞান সন্মত প্ৰযুক্তিৰ আদান-প্ৰদানৰ জড়িয়তে সহায় কৰা৷ APCC য়ে বিভিন্ন বিষয়ৰ সৈতে সম্বন্ধ থকা উদ্যোগৰ প্ৰকল্প সংসাধিতকৰণ কৰা, বৈজ্ঞানিক প্ৰযুক্তি শিকাৰ সুবিধা কৰি দিয়া, নাৰিকলৰ তথ্যবোৰ বিস্তাৰ কৰা, প্ৰযুক্তিৰ স্থানান্তকৰণত সহায় কৰা৷ APCC ৰ সদস্য দেশবোৰে উৎপাদন কৰা সামগ্ৰীসমুহ (নাৰিকলৰ) পৃথিৱীৰ মুঠ উৎপাদনৰ৭০% ৰো অধিক হব৷ এই দেশ সমুহে প্ৰতি বছৰে ৫৫ বিলিয়ন নাৰিকল উৎপাদন কৰে আৰু তাৰ পৰা উৎপাদিত সামগ্ৰীৰ ৩৩ বিলিয়ন নাৰিকল মেট্ৰিকটন উৎপাদন (নাৰিকল আহঁৰ পৰা তৈয়াৰ কৰা সামগ্ৰীও আছে) দেশৰ বাহিৰলৈ ৰপ্তানি কৰে৷ ইয়াৰ দ্বাৰা ভাৰতবৰ্ষই এটা শকত অংশৰ ৰেভিনিউ বছৰি লাভ কৰিবলৈ সক্ষম হৈছে৷
১৯৯৮ চনৰ পৰা ভিয়েটনামৰ Ho chi Min নগৰত হোৱা ৩৫ তম অধিবেশনত ৩০ বছৰ আগত জন্ম লোৱা এই সমুদায়টোয়ে ২চেপ্তেম্বৰ দিনটো world coconut day হিচাপে পালন কৰিবলে মনস্থ কৰে৷ আৰু তেতিয়াৰ পৰাই আজিলৈকে ২চেপ্তেম্বৰ দিনটো wcd হিচাপে পালন কৰি আহিছে৷ আমাৰ সৌভাগ্য যে, প্ৰথম wcd পালন কৰা হৈছিলে ভাৰতৰ কোচিত (কেৰেলা)৷ আমাৰ অসমতো এই দিৱস গুৱাহাটীৰ নাৰিকল উন্নয়ন বৰ্ডে পালন কৰে৷ 2012 চনত গুৱাহাটীৰ NEDFEE ত নাৰিকল উন্নয়ন বৰ্ডৰ (NE) উত্তৰ পূৰ্বাঞ্চলৰ ডাইৰেক্টৰ শ্ৰী সুগাত ঘোষ মহাশয়ৰ দিনত National Award আৰু World Coconut Day একেলগে উদযাপন কৰাৰ সৌভাগ্য এই অভাগিনীৰো হৈছিল৷ এইজনা সঞ্চালকৰ দিনতেই বহুত কেইটা আচঁনি উত্তৰ পূৰ্বাঞ্চলৰ বাবে লৈছিল৷ তাৰ সুফল আজি অসমৰ কৃষকে ভোগ কৰিছে৷ এইজনা সাহসী চাৰক এই চেগতে ধন্যবাদ জনাইছো৷ প্ৰতিবাৰৰ দৰে এইবাৰো World Coconut Day অতি ধুমধামেৰে আয়োজক মণ্ডলীয়ে আয়োজন কৰিছে৷ এইবাৰ এই দিৱস পালন কৰা হব অন্ধ্ৰ প্ৰদেশৰ Bijaya Wadaত৷

*****************************************************************
লিখিকা- শ্ৰী মতী অমৃতমাধুৰী দেৱী,তেজপুৰ৷

Leave a Response