সঁচাকৈয়ে নাৰীদিৱস লাগে জানো

সঁচাকৈয়ে নাৰীদিৱস কিয় লাগে নাজানো। প্ৰত্যেক বছৰে এই বিশেষ দিনটো উদযাপন পতাৰ পিছত নাৰীসকলৰ কিবা লাভালাভ হয়নে? ব্যক্তিগত ভাৱে মই শ্ৰীযুতৰ অবিহনে বৰ অসহায় হওঁ, আনকি গেচ চিলিণ্ডাৰ কঢ়িওৱা বাদেই সলনি কৰিবও দিগদাৰ হয়। বান্দৰ,সাপ আদি চৌহদত দেখিলে, কোনোবা এজন পুৰুষ আনকি পোন্ধৰ ষোল্ল বছৰীয়া আলহী ল’ৰা এজন ঘৰত থাকিলেও সাহস পাওঁ। শাৰিৰীক ভাৱে পুৰুষ শক্তিশালী বুলি মানো। অৱশ্যে মানসিকভাৱে দুয়ো সমপৰ্যায়ৰ বুলি ভাবোঁ।
আৰু এটা কথা, যিমানেই নাৰীদিৱস নাপাতো কিয়, সমানে সমানে টকা পইচা উপাৰ্জন নকৰোঁ কিয়, আমাৰ
কোনোবাগৰাকী ভাগ্যবান নাৰীৰ স্বামীয়েহে পুৱাৰ চাহকাপ হাতত তুলি দিব। অথবা কাপোৰ কানি খিনি ধুই সহায় কৰি দিব।কেচুৱাৰ হগা মুতা চাফ কৰিব। এইসকল পুৰুষৰ মানসিকতা বিশ্ব নাৰী দিৱস, ব্ৰহ্মাণ্ড মহিলা দিবসৰ হেজাৰ শ্লোগানেও সলনি কৰিব নোৱাৰে।
সেইদিনা আমাৰে নিজৰ এগৰাকীয়ে অসমৰ মহিলাক বিশ্বৰ আগত বদনামী কৰিলে। তেখেতৰ সপক্ষে মাত মতাও অনেক ওলাল। বেশ্যা বদনামী হয়, সংগী পুৰুষজন ধোঁৱা তুলসীৰ পাত। স্বামী লেখক হ’লে পত্নীয়ে তেখেতক টেবুলতে চাহ ভাতৰ জোগাৰ দিব। লিখি থকা সময়ত দিগদাৰ হব বুলি ল’ৰা ছোৱালী তথা আলহীক সেই সময়ত ওচৰলৈ যাব নিদিব।
অথচ, পত্নী লেখিকা হ’লে, ন কঞ্চিদাৰেচন। দহ হাতযুক্ত মা দূৰ্গা হব লাগিব। তাৰোপৰি সহিব লাগিব ঠাট্টা মস্কৰা। তাতো কোনোবা এগৰাকী ভাগ্যবান লেখিকা থাকে। সেয়া ব্যতিক্ৰম।
সৌ সিদিনা এগৰাকী সুলেখিকাই মোৰ লগত কথা পাতিছিল। ল’ৰা ছোৱালী,গৃহস্থী তথা সামাজিক জীৱন সুন্দৰকৈ পালন কৰাৰ পিছতো আগশাৰীৰ আলোচনী তথা ফেচবুকতো সুন্দৰ গল্প কবিতা লিখে। কিতাপ আকাৰে প্ৰকাশ কৰাৰ মন। দুখেৰে জনালে যে স্বামীয়ে লেখা কথাটোত কোনোদিনে উৎসাহিত নকৰে। সহযোগ নকৰে। আনকি পঢ়িও নেচায়।
অসমৰ বাহিৰত থকাবাবে নিজেও আগবাঢ়ি আহিব নোৱাৰে। এইবোৰ বাস্তৱ কথা।
ব্যক্তিগতভাৱে মই এই দিৱসটো এক প্ৰহসন বুলি ভাবোঁ। মিটিং কৰি, শ্লোগান দি সময় নষ্ট কৰাৰ নিচিনা হয়।
ঘৰুৱা সহায়কাৰীক যেতিয়ালৈকে আমি কাৰোবাৰ পত্নী , মাতৃ বুলি ভাবিব নোৱাৰোঁ, শাহু ননদ, জা, অথবা বোৱাৰী গৰাকীক নিজৰ সহমৰ্মিতাৰে আপোন বুলি ভাবিবলৈ নোৱাৰোঁ, দুমুখীয়া মানসিকতা পৰিহাৰ কৰিব নোৱাৰোঁ, মিছা কথা এইবোৰ দিৱসপালনৰ শ্লোগানৰ লম্ফ জম্ফ।
*****************************************

Leave a Response