বিহুৰ সৃষ্টিত প্ৰকৃতিৰ প্ৰেৰণা Impetus of Nature in Genesis of Bihu

-দেবব্ৰত শৰ্মা

ভাৰতীয় বৈদিক সভ্যতাৰ উৎকৃষ্টতম নিদৰ্শন ঋকবেদত দেৱতাসকললক যথাৰ্থতে পাৰ্থিৱ জগতখনৰ একো একোটা চিন্ময়ৰূপৰ প্ৰতীক বুলিহে স্বীকাৰ কৰা হৈছে । বেদাংগ নিৰুক্তত এই কথা নিৰ্বিবাদে ঘোষণা কৰা হৈছে । বিশিষ্ট পণ্ডিত ড° যোগীৰাজ বসুৱে এই সন্দৰ্ভত বেদৰ পৰিচয় নামৰ গ্ৰন্থত এনেদৰে উল্লেখ কৰিছে- বেদত বৰ্ণিত প্ৰত্যেক দেৱতাই একো একোটা পাৰ্থিৱ বস্তুৰ বা পাৰ্থিৱ পদাৰ্থৰ প্ৰতীক ।

আদিম যুগৰ কৃষিনিৰ্ভৰ সমাজখনে যেতিয়াৰেপৰা প্ৰকৃতিৰ ৰহস্যময় শক্তিক দেৱ বা দেৱী- এইভাৱে পূজা-অৰ্চনা কৰিবলৈ ল’লে, প্ৰায় তেতিয়াৰে পৰা তেওঁলোকে চিৰন্তন ধাৰণাও অনুভৱ কৰিছিল যে যদিহে কোনো ব্যক্তিবিশেষে কৰা কামৰ প্ৰসঙ্গত অন্য কোনোৱে সমৰ্থন অথবা স্বীকৃতি প্ৰদান কৰে, তেনেহ’লে সেই কাম সমাধা কৰা বিশেষ ব্যক্তিজনে তেনে মূহুৰ্তত মনত নিৰ্বিবাদে অপাৰ আনন্দও অনুভৱ কৰে । এনে এটা অৰ্থতে আদিম যুগত বিশ্বাসৰ আধাৰত সৃষ্ট অনেক দেৱ দেৱীৰ সন্তুষ্টিৰ হকে তেওঁলোকে পূজা অৰ্চনা কৰাৰ পৰিবেশত সেই দেৱ-দেৱীৰ শক্তিৰ অভিব্যক্তিৰ নানান ৰূপ যথাৰ্থতে নৃত্য-গীতৰ আধাৰত উৎসৱ হিচাপে পালন কৰিছিল । এনে এটা বিশ্বাসো মৰ্য্যাদা সহকাৰে তেওঁলোকৰ মনত সংস্থাপিত হৈছিল যে দেৱ-দেৱীৰ শক্তি সম্বলিত কাৰ্য বৰ্ণনাৰ এনে নৃত্য গীতৰ উৎসৱৰ ফলত যথাৰ্থতে সেইবিলাক দেৱ দেৱী সন্তুষ্ট হৈ নিশ্চয় কৃষকৰো মঙ্গল সাধন কৰিব । এনে এটা মনৰ প্ৰবল বিশ্বাসৰ আধাৰত সৃষ্ট আদিম কালৰ লোকসমাজৰ এই অনুষ্ঠান আৰু ধৰ্মীয় পৰিবেশৰ মাজতেই যথাৰ্থতে সৃষ্টি হৈছিল লোকনৃত্য, লোকবাদ্য আৰু লোকগীত সমুদায় ।

পৃথিৱীৰ বিবিধ জাতি জনজাতিৰ লোকসংস্কৃতিৰ ক্ষেত্ৰখনলৈকো লক্ষ্য কৰিলে গম পোৱা যায় যে তেওঁলোকৰ কৃষি ভিত্তিক লোক উৎসৱসমূহত যথাৰ্থতেই থলুৱা দেৱ দেৱীৰ নামত নৃত্য-গীত পৰিবেশন কৰাটো এটা প্ৰচলিত ৰীতি । এই কথাও স্বীকাৰ্য যে কৃষিকাৰ্য্য সুকলমে সমাধা কৰাৰ অৰ্থত আৰু প্ৰচুৰ উৎপাদনৰ স্বাৰ্থতে নিতান্তই প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় বাবেই এই অৰ্থত অতিকে প্ৰয়োজনো হয় উৰ্বৰা ভূমি আৰু নিয়মীয়া বৰষুণৰো । এনে এটা অৰ্থতে বৰষুণৰ আধাৰ স্বৰূপ মেঘ বা আকাশক যথাৰ্থতে দেৱতা তথা শস্য বা কৃষি উৎপন্নৰ আধাৰত ধৰিত্ৰী বা পৃথিবীক নিতান্তই দেৱী ৰূপত কল্পনা কৰাৰ লগতে এনে দেৱ দেৱীৰ শক্তিক সন্তুষ্ট কৰাৰ স্বাৰ্থতে আদিম লোকসমাজখনে যথাৰ্থতেই কৃষি কাৰ্য আৰম্ভৰ পূৰ্বে নৃত্য গীত কৰাটো এটা প্ৰচলিত ৰীতি আছিল আৰু যুগ যুগ ধৰি প্ৰচলিত এনে ৰীতিকে বৰ্তমানেও লোকসমাজৰ কৃষকসকলৰ বাবেও যে এটা চিৰাচৰিত পৰম্পৰা সেয়াও অৱশ্যে দ্বিধাহীনভাৱে সত্য ।

পৃথিৱীৰ আদিম লোকসমাজৰ ক্ষেত্ৰখনলৈ দৃষ্টিপাত কৰিলে সহজে অনুমেয় যে মিছৰীয়সকলে আকাশক যথাৰ্থতে দেৱতা জ্ঞান কৰাৰ লগতে পৃথিৱী বা ধৰিত্ৰীকো দেৱী জ্ঞান কৰি চিবু আৰু নুইট বুলি অভিহিত কৰিছিল । তেওঁলোকে বিশ্বাস কৰে যে এই দুটা শক্তিৰ মিলনৰ ফলতে পৃথিৱী শস্য শ্যামলা হয় । এনে অৰ্থতে এই দুটা মহাশক্তিক ( পৃথিৱী আৰু আকাশ) সন্তুষ্ট কৰাৰ মানসেৰে তথা অত্যধিক ফচল উৎপাদনৰ আশাৰে তেওঁলোকে কৃষিকাৰ্য্যৰ পূৰ্বে নৃত্য গীতধৰ্মী উৎসৱৰ আয়োজন কৰে । সুমেৰীয়সকলে বিশ্বাস কৰে যে তেওঁলোকৰ ইলিনী দেৱী যথাৰ্থতে পৃথিৱীৰ অধিষ্ঠাত্ৰী শস্য উৎপাদিকা শক্তিৰ এগৰাকী দেৱী । একেদৰে ইহুদীসকলৰ আস্তৰ্তা দেৱীগৰাকীও যথাৰ্থতে পৃথিৱী বা ধৰিত্ৰীৰ উৰ্ব্বৰতাৰেই প্ৰতীক । এই প্ৰসঙ্গতে কব পাৰি যে বেবিলনীয়সকলে বিশ্বাস কৰা ইষ্টাৰ দেৱীগৰাকীও যথাৰ্থতে কৃষি বা শইচ উৎপাদিকা শক্তিৰেই অধিষ্ঠাত্ৰী দেৱী । বিশিষ্ট পণ্ডিত R. Briffault দেৱে তেখেতৰ Mothers (VOL-III P.P 56F) শীৰ্ষক গ্ৰন্থত পৃথিৱীক নাৰী জ্ঞান কৰাৰ লগতে কৃষিৰ লগত থকা নাৰী সম্পৰ্কৰ বিষয়েও যুক্তিনিষ্ঠ ভাৱেই উল্লেখ কৰিছে- The identification of earth with women parvades the thought of all stages of culture and pages could be filled with illustration of this universal equations.
এই প্ৰসঙ্গতে উল্লেখ বাঞ্চনীয় যে আমাৰ ভাৰতীয় বৈদিক সাহিত্যতো অৱশ্যে পৃথিৱীক নাৰীৰ সৈতে তুলনা কৰাৰ লগতে ধৰিত্ৰী বা পৃথিৱীক যথাযথ ভাৱেই মাতৃ দেৱীৰূপে পূজা অৰ্চনা কৰি বিশেষ মৰ্যদা প্ৰদান কৰা হৈছে । মনুস্মৃতিত এইদৰে উল্লেখ আছে- “ক্ষেত্ৰ ভূতা-স্মৃতা নাৰী বীজভূত স্মৃতাং অনুমান,”।

এনে লোকবিশ্বাসৰ আধাৰতে অসমৰ ক্ষেত্ৰতো বিশেষ লক্ষণীয় যে এই মেঘ বা আকাশৰূপী পুৰুষে যথাৰ্থতে নাৰীৰূপী ধৰিত্ৰী বা পৃথিৱীত বৰষুণৰ আকাৰত বীৰ্যস্খলন কৰাৰ লগতে এনে বীৰ্যক ভূমিত স্থিতি কৰাৰ ফলতেই পৃথিৱী সজীৱ আৰু ৰসাল হোৱাৰ লগতে হৈ পৰে সগৰ্ভা আৰু প্ৰকৃতি হয় বিনন্দীয়া ।

এনে এটা লোকবিশ্বাসৰ আধাৰতে যথাৰ্থতে ভূমিৰ লগত মেঘ বা আকাশৰ মিলনৰ যি তাৎপৰ্য তেনে অৰ্থকে বিবিধ নৃত্যভংগীমা আৰু সংগীতৰ মাজেদি প্ৰকাশ কৰাৰ লগতে উৎসৱো উদযাপিত হৈছিল । আদিম সমাজৰ কৃষক সকলে কৃষিকাৰ্য্যৰ পূৰ্বে মেঘ আৰু ধৰিত্ৰীৰ মিলনৰ ফলত সৃষ্ট বিশেষ তাৎপৰ্যক অৰ্থবহ কৰি প্ৰকাশৰ বাবেই যথাৰ্থতে মেঘৰ গাজনিৰ অনুকৰণতে সৃষ্টি কৰিছিল ‘ঢোলবাদ্য’ যি নৃত্য আৰু গীতৰ সময়ত বজোৱাটো অপৰিহাৰ্য আছিল । এয়াও স্বীকাৰ্য যে আদিম সমাজখনে বিশ্বাস কৰিছিল -মেঘৰ মাতত হে বৰষুণ হয়, সেয়েহে ঢোলৰ শব্দত যে বৰষুণ হয় সেয়া অনিবাৰ্য আৰু তেনে বৰষুণৰো অতীব আৱশ্যক হয় কৃষিৰ বাবেই । অসমীয়া লোক সমাজে বিশ্বাস কৰে যে অসমীয়া ঢুলীয়া গৰাকী মেঘৰূপী পুৰুষ । তেনেদৰে বিহুৱতী গাভৰুগৰাকীও হৈছে লাৱণ্যময়ী প্ৰকৃতিৰেই প্ৰতীক পৃথিৱী । অসমৰ ঢুলীয়া সকলে গভীৰ ভাবে বিশ্বাস কৰা বিষয়টো হৈছে ঢোলৰ কোবনি অংশ পুৰুষ আৰু সেই কোবনি অংশত কোবাই বজোৱা ঢোলৰ মাৰিডাল আকৌ হৈছে পুৰুষৰ পুৰুষাংগ । তেনে দৰে ঢোলৰ তালি অংশক তেওঁলোকে নাৰীৰ যৌনাংগ বুলি বিশ্বাস কৰাটোও এই প্ৰসঙ্গত তাৎপৰ্যপূৰ্ণ ।

পৃথিৱীৰ বিবিধ প্ৰান্তৰ লোকসমাজ বিশেষত এনে বোৰ বিশ্বাস প্ৰচলিত হৈ আহিছে । উল্লেখ বাঞ্চনীয় যে প্ৰশান্ত মহাসাগৰীয় আৰু দক্ষিণ আমেৰিকাৰ লোকসমাজ খনেও কৃষিকৰ্মৰ পূৰ্বে ধৰিত্ৰীৰ উৰ্বৰা শক্তি বঢ়োৱাৰ স্বাৰ্থত নাৰী আৰু পুৰুষ ৰূপৰ প্ৰতীক হিচাপে দুটা ঢোল (এটা গোটা আৰু আনটো এফলীয়া) কিঞ্চিত পাতলভাৱে বজাই নৃত্য গীত পৰিবেশন কৰি উৎসৱ পালন কৰে । তেনেদৰে এছিয়াৰ জাপান দেশৰ লোকসমাজ খনেও “Tsuridaike” নামৰ এটা প্ৰকাণ্ড ঢোল দুডাল মাৰিৰে বজাই কৃষিকৰ্মৰ পূৰ্বে ধৰিত্ৰীক উৰ্বৰা কৰাৰ মানসৰে নৃত্য-গীতেৰে উৎসৱ পালন কৰে । তাৎপৰ্যপূৰ্ণ কথাটো হৈছে- তেওঁলোকে সেই ঢোলটো বজোৱাৰ ক্ষেত্ৰত সোঁহাতেৰে ব্যৱহাৰ কৰা ডাঙৰ আৰু টুপ কাটি তৈয়াৰ কৰা মাৰিডালক পুৰুষাংগ বুলি বিশ্বাস কৰা লগতে বাঁওহাতেৰে ব্যৱহাৰ সৰু মাৰিডালক আকৌ নাৰীৰ যৌনাংগ বুলি বিশ্বাস কৰে । তেওঁলোকৰ মাজত এনে এটা বিশ্বাসো গভীৰ ভাৱে প্ৰচলিত যে দুয়োডাল মাৰিৰ দ্বাৰা ঢোল বাদ্য বজালে অৱশ্যেই পৃথিৱী সজীৱ আৰু উৰ্বৰা হয় ।

এনে বিষয়বোৰে এই কথা স্পষ্ট কৰে যে আদিম কালৰে পৰাই লোকসমাজৰ জীৱন নিৰ্বাহৰ ওপৰত প্ৰকৃতিৰ প্ৰভাৱ আছিল অপৰিসীম । তেওঁলোকৰ প্ৰকৃতিৰ ৰহস্যময়ী শক্তিৰ ওপৰত আছিল গভীৰ বিশ্বাস আৰু সেই মহাশক্তিৰ কুপ্ৰভাৱৰপৰা পৰা যাতে তেওঁলোক ৰক্ষা পাবলৈ সমৰ্থ হয় । সেইবাবেই সেই শক্তিক দেৱ-দেৱী জ্ঞান কৰি পূজা অৰ্চনা কৰিছিল আৰু তেওঁলোকৰ সন্তুষ্টিৰ বাবেই নৃত্য-গীতেৰে উৎসৱ উদযাপিত কৰিছিল । এনেবোৰ দিশে প্ৰমাণ কৰে যে কৃষি ভিত্তিক এনে উৎসৱ পাৰ্বণৰ লগত প্ৰকৃতি আৰু দেৱ-দেৱীৰ অৰ্চনাও সম্পৃক্ত হৈ আহিছিল ।

নকলেও হয় যে অসমৰ লোকসমাজখনৰ মাজত পূৰ্বৰেপৰা এইদৰে পালিত হৈ অহা কৃষিৰ লগত সম্পৃক্ত হৈ থকা লোক-উৎসৱেও যথা সময়ত বিহু নামেৰে স্বীকৃতি পালে । এই দিশৰ পৰা বিহু শব্দটোক কেন্দ্ৰ কৰিয়েই বিহু উৎসৱৰো যে সৃষ্টি, এনে ধাৰণাও মুঠেই অমূলক নহয় যদিও অসমত পালিত বিহু উৎসৱ কৃষিকৰ্ম আৰু প্ৰকৃতিৰ লগত যে গভীৰ ভাৱে সম্পৃক্ত সেয়া নিশ্চয় অনস্বীকায্য । অসমৰ লোকসমাজ খনত প্ৰচলিত এই বিহু উৎসৱৰ বিবিধ নৃত্য গীতৰ অনুষ্ঠানত ব্যৱহৃত ঢোল, গগনা, সুতুলি, পেঁপা ইত্যাদি বাদ্যবোৰৰ সৃষ্টিৰ প্ৰসংগতো প্ৰকৃতিৰ অৰিহণা লক্ষ্য কৰা যায় । এই প্ৰসঙ্গত উল্লেখ বাঞ্চনীয় যে অসমৰ ঢোলটো সৃষ্টি কৰা হৈছে মেঘৰ মাতৰ অনুকৰণত, তদ্ৰুপ গগনা সৃষ্টি কৰা হৈছে বেঙৰ মাতৰ অনুকৰণত আৰু সুতুলি বাদ্যটো অসমৰ বসন্ত কালৰ বিবিধ চৰাইৰ সুৰীয়া শব্দৰ অনুকৰণত সৃষ্টি কৰা হৈছে । এনে পৰ্য্যালোচনাৰ পৰাই লোকসমাজ খনৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়াৰ লগত প্ৰকৃতিৰ প্ৰভাৱ নিৰৱচ্ছিন্ন ভাৱে লক্ষ্য কৰা যায় । বিহু স্বৰূপাৰ্থত প্ৰকৃতিৰ পৰা পোৱা জ্ঞান, অভিজ্ঞতা তথা শিক্ষাৰ ফলপ্ৰসু ফল ।

অসমৰ লোকসমাজত প্ৰচলিত বিহুগীত সমূহতো সহজ-সৰল গ্ৰাম্য লোকসমাজ খনৰ চিত্ৰ অবিকলভাৱেই প্ৰতিফলিত হৈছে । বিহুগীতবোৰত কৃষক সমাজৰ চিত্ৰ, তেওঁলোকৰ কৰ্ম, সৰল চিন্তা, বুদ্ধি আৰু আবেগ অনুভূতিবোৰো যযাৰ্থভাৱে প্ৰতিফলিত হোৱাটো লক্ষ্য কৰা যায় । এইবোৰে বিহুৰ প্ৰকৃত স্বৰূপকে উদ্ভাসিত কৰিছে । অসমৰ মোহনীয় প্ৰকৃতিৰ আলমত নিৰক্ষৰ মহৎ কবিসকল লোকসমাজৰ চিন্তাসৰ্বস্বক যথাৰ্থতেই বিহুগীত সমূহৰ মাজেদি অৰ্থবহভাৱে প্ৰকাশ কৰাত সফল হৈছে । এয়াও স্বীকাৰ্য যে এই অনুপম গীতবোৰৰ মাজেদি প্ৰকৃতিজগত খনত প্ৰতিদিনে ঘটা বিবিধ কাৰ্যবোৰৰ হুবহু বিৱৰণ আৰু এই প্ৰকৃতিৰ বিবিধ কাৰ্যই চহা সমাজ আৰু কবিসকলৰ মনত যি উপলব্ধি আৰু জীৱনবোধৰ সূচনা কৰিছিল তাৰো বুদ্ধিনিষ্ঠ প্ৰকাশ এই গীতবোৰৰ মাজেদি নিৰ্বিবাদে হৈছে, তাকো লক্ষ্য কৰা যায় । এনে বিশ্লেষণে অৱশ্যেই প্ৰমাণ কৰে যে লোকসমাজ খনত পূৰ্বৰেপৰা প্ৰচলিত বিহুৰ সৃষ্টিত প্ৰকৃতিজগতখনৰেই প্ৰেৰণা সৰ্বাধিক ।*******************************
তথ্যসুত্ৰ:
১। অসমৰ লোকসংস্কৃতি- ড° নিৰ্মল প্ৰভা বৰদলৈ
২। ঢোলত চাপৰ মাৰি- ড° নৰেন্দ্ৰ নাথ বৰদলৈ ।
ঠিকনা:- দাধৰা বামুন চুবুৰি, তেজপুৰ
৭৮৪০০১, ফোন: ৯৮৫৪২-৪৩২৫০, ০৩৭১২-২২৪২১৮

Leave a Response