বিহু আৰু আমাৰ লোক সংস্কৃতি Bihu and Our Folk Culture

(ফটো:দ্বীজেন মহন্ত)


পলাশ,মদাৰ এইবিলাক বছৰৰ নিৰ্দিষ্ট এটা সময়তহে ফুলে৷ তগৰ ফুলপাহৰ ওচৰলৈ গ’লেই ভাৱ হয় বহাগ যেন আহি পালেই৷

তগৰ ফুল

(ফটো: মৃদুল বৰুৱা)

এই বিষয়ত যদি আমি চ’তৰ আৰম্ভনিৰ পৰাই কবলৈ আৰম্ভ কৰো তেন্তে, আমি কব পাৰো কোনো কোনো অঞ্চলত থকা এই লোকাচাৰ অসমীয়া সংস্কৃতিৰ পৰা হেৰাই যাব ধৰা আন এক বিহু “তৰা-ছিঙা” বিহুৰ কথা৷ বিহুৰ আগজাননী অৰ্থাৎ বিহুৰ আৰম্ভণী অনুস্থান হ’ল “তৰাছিঙা” বিহু৷ চ’ত মাহৰ ৪ তাৰিখে এই বিহু অনুষ্ঠিত হয় ৷ এই বিহুৰ আৰম্ভণিতে গাঁওবাসীয়ে গাঁৱৰে এজোপা বৰ গছৰ তলত বিহু থাপনা স্থাপন কৰে ৷ কাৰণ গাঁওবাসীৰ লোকে বিশ্বাস কৰে যে বৰগছত বিহু ডাঙৰীয়া থাকে আৰু সেই বৰ গছৰ তলত থাপনাৰ চাৰিখুঁটিত চাৰিজোপা তৰাগছ ৰোৱে ৷ এই তৰাগছ গাওঁবাসীয়ে ঢোলতাল বজাই বিহুনাম গাই গাঁৱৰ হাবিৰ পৰা তুলি আনি বিহু থাপনাৰ চাৰিওদিশে ৰোপন কৰে, লগতে বৰগছৰ তলত পতা বিহু থাপনাখনত তামোল-পানৰ টোপোলা আৰু এটা ভোজনি দিয়ে ৷ এইদৰে বিহুনামৰ মাজেৰে বিশেষ ৰীতি-নীতিৰে ৰঙালী বিহুৰ আগজাননীৰে অনুস্থিত হয় “তৰা-ছিঙা” বিহু ৷ উল্লেখযোগ্য যে ব’হাগ মাহৰ সাত তাৰিখ অথাৎ সাত বিহুৰ দিনা গাঁওবাসীয়ে বিহু উৰুৱাই বৰগছৰ তলত থকা বিহু থাপনাখন তোলে ৷ সাধাৰণতে বিহুৱা ডাঙৰীয়াই দোষ-দাই নধৰিবলৈ বুলি বৰগছৰ তলত থাপনা পাতিছোঁ, এই কথা জানিবলৈ দিয়ে, যিহেতু বিহু কৃষিভিত্তিক উৎসৱ আৰু তৰাগছ কৃষিৰ লগত জড়িত সেয়ে কৃষি ভাল হ’বৰ বাবেই তৰাগছক প্ৰতীক হিচাবে লৈ বিহু আগজাননীৰে এই বিহু পতা হয় ৷ “তৰা-ছিঙা” বিহু বৰ্তমান প্ৰজন্মৰ মাজত আজিও একেবাৰে অপৰিচিত হৈয়ে আছে ৷


ইয়াৰ পাছত আৰম্ভ হয় বিহুৰ নানাধৰণৰ প্ৰস্তুতি৷ গাৱঁৰ জীয়ৰী বোৱাৰি সকলে শালত থকা গামোচা খন সোনকালে বৈ উলিয়াবলে খৰখেদা কৰে৷ বিহুৰ আখৰা কৰে৷ চ’তৰ শেষত বিহুৰ আগে আগে শুক্লাষ্টমীৰ দিনা অশোকাষ্টমী৷ সেইদিনা সকলোৱে ব্ৰহ্মপুত্ৰত স্নান কৰে৷ প্ৰবাদ আছে যে, এই শুক্লাষ্টমীৰ দিনা ব্ৰহ্মপুত্ৰৰ জন্ম হৈছিল আৰু এইদিনটোতে গংগা-যমুনাৰ দৰে সকলো পবিত্ৰ নদীৰ পানী ব্ৰহ্মপুত্ৰৰ লগত মিলিত হয়৷ এই অশোকাষ্টমীৰ পৰাই বিহুৰ ভৰপূৰ হয়৷ গৰুৰ কাৰণে তৰা পঘা বনাবলৈ আৰম্ভ কৰা হয়৷


এই বিহুৰ মূখ্য লোকাচাৰ সমূহৰ ভিতৰত আমি কব পাৰো গৰু বিহুৰ কথা৷ এই গৰু বিহুৰ মূল বৈশিষ্ট্য হ’ল- ঘৰৰ গোহালিৰ গৰু কেইটাক গা-পা ধুঁৱাই চাফ-চিকুন কৰি সেৱা-সৎকাৰ কৰা৷ ইয়াৰ দ্বাৰা আমাৰ কৃষিজীৱি ৰাইজে আগন্তুক কৃষিকৰ্মৰ বাবে নিজেও মানসিকভাৱে সাজু হয়৷ এই গৰু বিহুৰ দিনা ৰাতিপুৱাই ঘৰৰ গৃহস্থই জাতিবাহঁৰ পাবত দুই বা তিনি ফেৰেঙনিৰ চাত বনাই লাওঁ, বেঙেনা, কেৰেলা, বৰথেকেৰা, হালধি ইত্যাদি চকল চকলকৈ কাটি সীঁঁ দিয়ে, গৰু গা ধুৱাবলৈ মাহ-হালধি বঁটে, গা ঘহিঁবৰ বাবে খেৰৰ জুমুঠি বনায়৷ আজিকালি প্ৰত্যেকেই নিজৰ ঘৰতে কৰে যদিও, আগৰ দিনত হ’লে গাৱঁৰ গৰুবোৰক নদীলৈ লৈ গৈ সমূহিয়াকৈ গা ধুওঁৱা হয়৷ গা ধুৱাই হোৱাৰ পাছত নিৰোগী নিপোটল শৰীৰ কামনা কৰি গৰুৰ গালৈ লাওঁ, বেঙেনা, কেৰেলা ইত্যাদি ছটিওৱা হয়৷ আৰু তেতিয়া গোৱা হয় –


“ লাওঁ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা;
মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ গৰু” ৷

(ফটো:উইকিপেদীয়া)

তাৰ পাছত দীঘলতি আৰু মাখিয়তিৰ পাতেৰে গৰুত গাত কোবোৱা হয়৷ আৰু এইদৰে কোৱাওঁতে গোৱা হয় –


“দীঘলতিৰ দীঘল পাত, মাখি মাৰো জাত জাত;
মাখিয়তিৰ মাখি পাত, মাখি মাৰো জাত জাত”

ইয়াৰ পাছতে নিজৰ ছাটৰ বাকী থাকি যোৱা খিনিক ওচৰ চুবুৰীয়াৰ লগত সলোৱা হয়৷ ইয়াৰে চাত এডাল দীঘলতি -মাখিয়তিৰ ডাল দুটা আৰু গৰুক গা ধুৱাওঁতে পিন্ধোৱা সৰু পঘাডাল গৰুৰ ঠেঙৰ তলেৰে পাৰ কৰি গোহালিত ৰাখি থোৱা হয় বছৰটোলৈ গৰুকিটাৰ মংগল কামনা কৰি৷


ইয়াৰ পাছতে গৰু ধুৱাওঁতে ৰৈ যোৱা গুৰি মাহ-হালধিৰে গৃহস্থ ঘৰে নিজেও গা ধোৱে৷ প্ৰবাদ আছে যে, এই মাহ-হালধিৰে গা-ধুলে বছৰটোলৈ বহুত ধৰণৰ চালৰ বেমাৰ ইত্যাদিৰ পৰা বাচি থাকিব পাৰি৷ এইদৰেই ঘৰৰ গৰুকিটাৰ মংগল কামনা কৰি গোঁসাইসেৱা কৰি সকলোৱে একেলগে চাহ-জলপান খায়৷

সন্ধিয়া পথাৰৰ গৰু ঘৰলৈ ঘূৰি অহাৰ পাছত গোহালীলৈ অহাৰ বাটত ফলীয়া তুঁহ, বিহলঙনী, ল বৰুৱা, টিকনি বৰুৱা, কেঁচা বা পকা পান ইত্যাদিৰে জাঁক দি গৰুৰ আগত ধোঁৱা দিয়া হয়৷

(ফটো: উইকীপেদীয়া)


অসমৰ কোনো ঠাইত সন্ধিয়া গৰু ঘৰলৈ ঘূৰি আহিলে মাছধোৱা পানীৰে গৰুৰ ভৰি ধুৱোৱাৰ নিয়ম আছে৷ এনে কৰিলে বছৰটোলৈ গৰুৰ ভৰিৰ খুৰাত কোনো বেমাৰ নহয় বুলি লোকবিশ্বাস আছে৷ এইদৰে সন্ধিয়া গৰুক নতুন পঘা দি, খুদ চাউলেৰে পিঠা বনাই খুৱাই বিচনিৰে বিচি দিয়ে৷ গৰুক বিহুৰ দিনা দিয়া এই পঘাডাল বিশেষভাৱে তৰাপাতেৰে বনাই তাত ৰঙা আৰু বগা এৱাঁ সুতা মেৰিওৱাই দিয়া হয়৷

এই গৰু বিহুৰ দিনাই অসমীয়াই বছৰটোলৈ মংগল কামনা কৰি আন কিছুমান কাম কৰে যেনে, -গৰু ধুৱাওঁতে থাকি যোৱা মাহ-হালধিৰ এটা অংশৰ লগত নহৰু, বচগছৰ শিপা ইত্যাদি মিহলি কৰি ঘৰৰ চাৰিওকাষে ছটিয়াই বছৰটোলৈ ঘৰত সাপ নোসোমাবলৈ, ধুমুহা-বতাহৰ পৰা বাচিবলৈ নাহৰ পাত লিখে৷ এই নাহৰ পাতৰ মন্ত্ৰ হ’ল –
“দেৱ দেৱ মহাদেৱ, নীলগ্ৰীৱ জটাধৰ;বাতং বৃষ্টি হৰং দেৱ, মহাদেৱ নমহস্তুতে”(ফটো:উইকীপেদীয়া)
এই নাহৰ পাতৰ লগতে ঘৰৰ দুৱাৰ মুখতটিকনী বৰুৱাৰ লতাও আৰি দিয়াৰ নিয়ম আছে৷

এই গৰু বিহুৰ দিনাই এশ এবিধ শাক খোৱা পৰম্পৰা আমাৰ অসমত আছে৷ প্ৰবাদ ম’তে, সেইদিনা অকাল বিহ পাতটো বিষ নাইকীয়া হয়৷ এই এশ এবিধ শাকৰ লগতে গৰু নোৱাওঁতে বুটলি থোৱা চাটৰ পাচলি দুই-চাৰি চকল, চাটত থাকি যোৱা পাচলি, আমৰ কলি, কঠালৰ মুচি, বাহঁৰ গাজ অলপমান, কল পচলা অলপ মান ইত্যাদিও মিহলি কৰি ভাজি বনাই খোৱা হয়৷ এই ১০১ বিধ শাকৰ নাম বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি তলত আপোনালোকলৈ আগবঢ়োৱা হৈছে –

সোণবৰিয়াল, কৰ্দ্দেটেঙাৰ কুমলীয়া পাত, কাঁচিডৰীয়া, শতমূলৰ কোঁহ, গৰুখিচ, গুৱামালী বা খৰিকাজাঁই, শেৱালি ফুলৰ পাত, জবা ফুলৰ পাত, ফুটুকা গছৰ কুমলীয়া পাত, নুনি গছৰ কুমলীয়া পাত, লাজুকি বন, শুকলতি, নেফাফু পাত, শগুনীলতা, ভোমলতিৰ পাত, মেচাকি বনৰ পাত, ভেঁকুৰি তিতা, পচতীয়া, দুপৰটেঙা, অমৰা ফুল বা কুমলীয়া পাত, মধুৰি কুমলীয়া পাত, ভাং গছৰ পাত, বাঘ আচোৰ, মছোন্দৰী, মধুসোলেং, ব্ৰাহ্মী শাক, জিলমিল শাক, কলমৌ শাক, টেঙামৰা কুমলীয়া কোঁহ, বগী টেঙা, নৰসিংহ পাত, বেত গাজ, বাঁহ গাজ, মহানিম, চিৰতা তিতা বা কালমেঘ, তিতাবাহেক, বগা বাহেক, টোলোঠা পকাৰ কুমলীয়া পাত,বন আমলখি/মাটি আমলখি, বন জালুক, শোহনি বন, গাখীৰতী বন, চেনি বন/বনধনিয়া, কঁণা শিমলু, বৰালী বকুৱা, হাঁচিয়া বা হাঁচিয়তি বন, কেঁঞাবন, দুৱৰি বন, মৰলীয়া শাক, বিহলঙনি, কপৌ লতা, ঢেকীয়া শাক, পনৌনৱা, লাইজাবৰি, টেঙেচি টোঙা, টুবুকি লতা, জেতুলী পকা পাত, টিকনি বৰুৱা, গোন্ধোৱা বন, দ্ৰোণ শাক, কেঁহৰাজ, বৰ থেকেৰা, কল পচলা, আমৰ কলি, কঠালৰ মূচী, চেংমৰা শাক, খুটৰা শাক, মাটি কাঁদুৰী , ভেদাই লতা, বৰ মানিমুনি, সৰু মানিমুনি, মালভোগ খুটৰা শাক, হাতী খুতৰা, চজিনা পাত, জলকীয়া ফুছল বা কুমলীয়া পাত, বেঙেনাৰ ফুল বা কুমলীয়া পাত, দহি কচু থোৰ, ক’লা কচু থোৰ, চেমা কচুৰ কুমলীয়া পাত, পকমৌ, ল বৰুৱাৰ পাত, মাটিকঠালৰ কুমলীয়া কোঁহ, খকছা ডিমৰুৰ কুমলীয়া পাত, মদাৰ গছৰ কুমলীয়া পাত, পদিনা, আমগন্ধি, চালকুঁৱৰী , অমিতা ফুল, ৰঙালাউ আগ, জাতিলাউ আগ, ভাত কেৰেলাৰ আগ, পিৰালি পালেং, তুলসী পাত, ঢ়েৰুৱা শাক, পালেং, সৰিয়হ শাক, মেথি শাক, পিয়াঁজ পাত, আদাৰ গজালি পাত, মান ধনিয়া, ধনিয়া, পিপলি, জালুকৰ পাত, তেজপাত ইত্যাদি৷


আনহাতে, এই বিহুৰ উৰুকাৰ দিনা কড়ি বা পঁচি খেল আৰু গৰু বিহুৰ দিনা কণী যুঁজ কৰি নতুন বছৰটোৰ ভাল-বেয়াৰ উমান লোৱা হৈছিল৷ কণী যুজৰ কাৰণে আগবাঢ়োতে সাধাৰণতে লক্ষ্য কৰা কিছু কথা হ’ল, কণী এটাৰ মুৰ, তল আৰু বেৰ ইত্যাদি তিনিটা ভাগ৷ কেতিয়াবা কণী সমানে সমানে আৰু কেতিয়াবা এটা এটা ভাগতে যুঁজ কৰা হয়৷ কেতিয়াবা যুঁজত কণী সলনা-সলনি কৰিও যুঁজোৱা হয়৷ কণী এটা যুঁজৰ বাবে প্ৰস্তুত কৰিবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰা হয়৷ তাৰে ভিতৰত আমলৰি পৰুৱাৰ বাহত সোমাই ৰখা, জুহালৰ চৌকাৰ ওপৰৰ ঢোৱা চাঙত উঠাই থোৱা ইত্যাদি৷ কণীৰ চোকোৰা খন টান কোমলৰ ওপৰত নিৰ্ভৰ কৰি কণীক সৈয়া, এতলীয়া ইত্যাদি নাম দিয়া হয়৷


সাতদিনীয়াকৈ পালন কৰা এই বিহুৰ দ্বিতীয় দিনা, অৰ্থাৎ বহাগৰ এক তাৰিখৰ দিনা মানুহৰ বিহু৷ সেইদিনা সৰুসকলে বয়োজেষ্ঠ্য সকলৰ আশিৰ্বাদ লয়, সকলোয়ে বিহুৱান লয়, ইজনে সিজনক শুভেচ্ছা দিয়ে, সকলোয়ে আনন্দ ফুৰ্তি কৰে৷ গাৱঁৰ ৰাইজে হুঁচৰি মাৰিবলৈ যায়৷


ইয়াৰ তৃতীয় দিনা গোঁসাই বিহু৷ ঘৰৰ গোঁসাই, নামঘৰ ইত্যাদিত নাম-গুণ গায়, পূজা-পাতল কৰে৷ অসমৰ কোনো কোনো ঠাইত সেইদিনা দৈ পইঁতা খায়৷ কোনো কোনোয়ে এই দৈ পইঁতা সাতদিনৰ দিনা বিহু চেৰাৰ দিনা খায়৷ কথিত আছে যে, এই দৈ-পইঁতা খাই বিছনীৰ বা ললে হেনো বছৰটোলে গাঁ শাত পৰি থাকে৷
ইয়াৰ চতুৰ্থ দিনা আমাৰ গাঁৱৰ জীয়ৰি-ৱোৱাৰীৰ বুকুৰ আপোন তাতঁশালখনৰ বিহু৷ সেইদিনা তেওঁলোকে তাতঁশালখন চাফা কৰে৷ সেন্দুৰৰ ফোঁট দিয়ে ইত্যাদি৷ এইবিলাক বিষয়ত বিভিন্ন ঠাইত বিভিন্ন ধৰনৰ লোকাচাৰ দেখিবলৈ পোৱা যায়৷


ইয়াৰ পঞ্চমদিনা, কৃষিকৰ্মৰ লগত জড়িত নাঙল বিহু৷ কবলৈ গ’লে এই বিহুৰ দ্বাৰাই কৃষকসকলক মানসিক ভাৱে কৃষিৰ বাবে প্ৰস্তত কৰি তোলা হয়৷


ষষ্ঠদিনা, জেংবিহু বা হাটবিহু৷ এইবিহু বিশেষ ভাৱে গাঁওৰ যুৱতী বা মহিলা সকলৰ বাবে৷ এই বিহুতলীত সাধাৰণতে পুৰুষ নিষেধ হয়৷ এজোপা গছক প্ৰতীক হিচাপে লৈ গাঁওৰ যুৱতী আৰু মহিলা সকলে ঘূৰি ঘূৰি বিহুনাম গাই হাহিঁ-ধেমালী কৰে এই বিহুতলীত৷ আৰু এই বিহু আৰম্ভ কৰাৰ আগতে প্ৰতীকি গছজোপাক সেৱা কৰি বিহুৱান দিয়া হয়৷ এই বিহুত বাঁহেৰে বনোৱা টকা ব্যৱহাৰ কৰা হয় আৰু হাতচাপৰি মাৰে৷ আজিকালি এই জেংবিহু গছ তলৰ পৰা মঞ্চলৈ অহাৰ বাবে ধৰণ-কৰণবোৰো অলপ সলনি হ’ল৷


সপ্তমদিনা অৰ্থাৎ, শেষৰ দিনা চেৰা বিহু৷ এই বিহুৰ দিনা গাঁওৰ হুঁচৰি দলে বিহু উৰুৱাই ভোজ-ভাত খাই বছৰটোলে বিহুৰ সামৰণি মাৰে৷

অতীজত এইদৰে আমাৰ সংস্কৃতি সমূ’হ পালন কৰি অহা হৈছিলে কাৰণেই হয়টো আমাৰ মান ৰক্ষা পৰিছিল৷ কিন্তু এতিয়া যান্ত্ৰিক যুগ৷। চহৰমূখী প্ৰৱণতাই চহৰৰ দাঁতিকাষৰীয়া কৃষিভূমি শেষ কৰি পেলাইছে৷ গোহালিৰ গৰু হালৰ সলনি এতিয়া ট্ৰেক্টৰ-পাৱাৰটিলাৰ আহিল৷ আমাৰ নতুন প্ৰজন্মই কৃষিক্ষেত্ৰৰ পৰা নিজক আঁতৰাই আনিছে৷ আৰু এইদৰেই আমাৰ এই সাতামপুৰুষীয়া লোক সংস্কৃতিবোৰো এই যান্ত্ৰিকতাৰ মাজত হেৰাই যাবলৈ আৰম্ভ কৰিছে৷

 ~পাপু কোঁৱৰ, ডিব্ৰুগড়৷

Leave a Response