বিহুঃ মোৰ গাওঁ, দেখি অহা পৰম্পৰাৰ কিছু অনুভৱ Bihu:Some Feelings on Observed Traditions in my Village

বিহু জাতিৰ চেতনা, অসমীয়াৰ প্ৰাণৰ স্পন্দন , অসমীয়াৰ আয়ুস ৰেখা৷ সৰুৰপৰাই গাঁৱৰ বোকাপানী গছকি ডাঙৰ হলো৷ চকুৰ আগত অলেখ বসন্ত পাৰ হৈ গ’ল৷ অনেক পৰম্পৰাই বাগৰ সলালে৷ ৰঙালী বিহুৰ দিনত পাৰ হোৱা মোৰ গাঁৱৰ ছবিখনে প্ৰাণ টানি নিয়ে ৷ যতেই নাথাকো লাগে বাৰে বাৰে গাঁওখনে হাত বাউলি মাতে৷ দহোবন কাটি কৰি হলেও বিহুৰ দিনত গাঁৱত গৈ উপস্থিত হলেহে মনে শান্তি লাভ কৰে৷

ৰঙালীৰ ৰঙেই সুকীয়া ৷ ই কাৰো সতে যেন তুলনা নহয়৷মোৰ গাঁৱৰ বুকুত বহুদিনৰে পৰা চলি অহা ৰঙালী বিহুৰ আদৰণি উৎসৱটিৱে সকলোকে আদৰি আনে৷ বহাগ মাহৰ ১তাৰিখৰ দিনা অথাৎ মানুহ বিহুৰ দিনটোতে পালন কৰা হয় ৰঙালী আদৰণি৷ সৰুৰেপৰা দেখি অহা এই দিনটোৱে অন্য এক অনুভূতি সোমাই আছে তেনে লাগে৷

বিহুৰ দুদিনমানৰ আগৰেপৰা গাঁৱৰ এমুৰত থকা জানৰ কাষত , নতুবা স্কুলৰ সন্মুখত সন্ধিয়াৰ লগে লগে ঢোলটোৱে গুমগুমাই উঠে৷ মন উৰি গৈ একেবাৰে ঢোলৰ কাষ পাইগৈ৷ সৰুৰপৰাই হুচৰি গাই আহিছো৷গৰু বিহুৰ দিনা গাঁৱৰ সৰহভাগ লোকেই গৰু গা ধুৱাবলৈ জানৰ কাষলৈ ঢাপলি মেলে৷ আগতে কেইবা শ গৰু গোট খাইছিল৷ এতিয়া গৰু নায়েই ৷ কেইটামানহে আছেগৈ৷ হালোৱা গৰু দেখা পাবলৈয়ে নাই৷ তথাপিয়ো বিহুৰ ৰং, উল্লাস স্থবিৰ হোৱা নাই৷ হাতে হাতে চালনীত কলপাতেৰে ভৰাই লয় চাগ৷ দুডলীয়া, তিনিডলীয়া, চাৰিডলীয়া চাগ সাজি লাউ, বেঙেনা, কেৰেলা, থেকেৰা , কেতকুৰি হালধী সিঙি লয়৷ ইয়াৰ উপৰিও চালনীত বাকী অৱশিষ্টখিনি লৈ যোৱা হয়৷ জানটোৰ কাষত লাহনী লৈ পানী ছটিয়াবলৈ সাজু থকা খুৰাহঁতৰ দীঘল উকিয়ে ৰজনজনাই যাই মুকুলি পথাৰখনৰ চৌপাশ৷ কোনোজনে হৰিধ্বনি দিয়াৰ লগে লগে আৰম্ভ হয় গা ধুৱাৰ পৰ্ব৷ নিজৰ গৰু বিচাৰি বিচাৰি গাত লাও বেঙেনা মৰা হয়৷ সেই উল্লাসত বুৰ গৈয়েই ইজনে সিজনৰ গালৈ লাও, বেঙেনা মাৰি স্ফুৰ্তি কৰে৷কেতিয়াবা আকৌ খুৰাহঁতে পানী গালৈ ছটিয়াইও উল্লাস কৰে৷ ইজনে সিজনৰ ছাগসমূহ বদলি কৰে৷ দুডলীয়াৰ লগত দুডলীয়া তিনিডলীয়াৰ লগত তিনিডলীয়া সলনি কৰে৷ ইয়াৰ উপৰিও মাখিয়তীবোৰো সলনি কৰা হয়৷ তাৰপৰা আহিয়েই বাঁহগছৰ গুৰিত মাটি দিয়াৰ নিয়ম৷ এইবাৰ কোৰখন লৈ ময়েই গৈ দুচপৰামান মাটি চপাই দিলো৷ পদুলিমুখত ক্ৰমশঃ হুলস্থুল বাঢ়িল৷ সৰু ডাঙৰ সকলোৱে কণী যুঁজ আৰম্ভ কৰি দিলে৷কোনোৱে হাঁহৰ কণী, কোনোৱে কুকুৰাৰ কণী হাতত লৈ আহিছে৷ দোকানৰপৰা কাৰ্টুনৰ কণীখিনি খুৰাই উলিয়াই ললে৷ এতিয়া সেই বিলাতী কণী যুঁজখনহে বেছিকৈ হয়৷ হাঁহ, কুকুৰা কণীৰ অভাৱ হ’ল৷
পদুলিত লৰা ডেকামখাৰ চিঞৰ কমি আহিল ৷নিজৰ ঘৰে ঘৰে গৈ মাহ হালধীৰে হয়তো গা ধোৱাত ব্যস্ত হ’ল৷

এনেকৈয়ে এবেলা পাৰ হ’ল৷ লৰাবোৰ এটা এটাকৈ স্কুলৰ সৰু ফিল্ডখনত জমা হ’ল৷ পিছদিনাই মানুহৰ বিহু৷ আমাৰ গাঁৱৰ বাবে এই দিনটোৱেই সকলোকে আকৰ্ষণ কৰা এক পৰম্পৰা হৈ গ’ল৷ বিহু পালন কৰিব লাগিব কালিলৈ ৷যিয়েই যেনেকৈ পাৰে হাতে হাতে দা কটাৰী খন্তী লৈ কামত লাগিবলৈ ধৰিলে৷ কাৰোবাৰ বাঁহনিৰপৰা বাঁহ কাটিলে৷ কাৰোবাৰ ঘৰৰপৰা চাহ তামোল আহিল৷ কাৰোবাৰ ঘৰৰপৰা তিলপিঠা , তেলপিঠা আহিল৷ মুঠতে সকলো ব্যস্ত৷ এখন ৰভা দিব লাগে৷ যাতে বৰষুণ আহিলেও পানী নপৰে৷ লৰাবোৰে যিয়েই যেনেকৈ পাৰে হাতে কামে ধৰি বিহু আদৰণি পাতিব লাগে৷ সকলোৱে হাত উজান দিয়াৰ বলতে সৰুকৈ এখন ৰভা দিয়া হয়৷ বৰ্তমান বিশাল বিশাল পেণ্ডেলৰ তুলনাত তেনেই জুপুৰি হলেও মোৰ গাঁৱৰ মৰ্যাদাৰ বাবে এই আদৰণি উৎসৱ হিয়াৰ আমঠু, গাৱৰ ঐতিৰ্য, গাঁৱৰ ভালপোৱা৷ বিহুৰ এক তাৰিখে পুৱাই পুৱাই কীৰ্তনৰ এক শোভাযাত্ৰা কৰা হয়৷ এই পৰম্পৰা আমি জনাৰপৰাই দেখি আহিছো৷ গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত আদৰণি উৎসৱে গোটেই গাওঁখনকে একত্ৰিত কৰি ৰাখিছে৷ পুৱাৰ শোভাযাত্ৰাত ডেকা বুঢ়া জীয়ৰী বোৱাৰী ককা আইতা সকলোৱে যাত্ৰা কৰে৷ সকলো ঘৰৰ পদুলিৰ মুখে মুখে আদৰণি কীৰ্তনৰ শোভাযাত্ৰাৰ আগত সেৱা লয় যাতে গোটেই বছৰজুৰি কুশলে পাৰ হয়৷ যাত্ৰাটোত হৰি নামৰ ধ্বনিৰপৰা আৰম্ভ কৰি বিহু ঢুলীয়া নাচনীৰে ভৰি থাকে৷

মোৰ গাঁৱত উৎযাপন কৰি অহা ৰঙালীৰ ৰঙে আামাৰ হৃদয় চুৱে, দেহ নচুৱাই, আপোনা আপুনি বিহুগীতৰ কলি নিগৰি আহে৷ সকলোৱে একেলগে গোটেই গাওঁখন এপাক ঘূৰে৷ প্ৰায় দুই কিলোমিটাৰ মান এই শোভাযাত্ৰা কৰা হয়৷ ঢোল খোল তাল হৰিনাম বিহুনামৰপৰা আৰম্ভ কৰি পেঁপা বাহী সকলোৰে ৰজনজনাই যায়৷ কি যে বিতোপন, কি যে সৌন্দৰ্য! বৰ্তমান আধুনিকতাৰ বিশালকায় ৰঙালীৰ উৎসৱৰ মেলাতকৈ আমাৰ বাবে সেই সৰুকৈ অনুষ্টুপীয়াকৈ পতা আদৰণিয়ে হাজাৰ গুণে বিহুৰ ৰং দিয়ে ৷ শোভাযাত্ৰাৰ অন্তত লৰা বুঢ়া সকলোৱে বিহু কৰে৷ শোভাযাত্ৰাটোৱেই গাঁৱত বিহুৰ উদ্মাদনা দিয়ে৷ গাঁৱৰ জীয়ৰী বোৱাৰী আবাল বৃদ্ধকো আকৰ্ষণ কৰে৷ শোভাযাত্ৰাৰ অন্তত সৰু ৰভাখনতে বিহুৰ ৰগৰ তোলে৷ কেতিয়াবা ওচৰৰ গাঁৱৰপৰা দেউৰী, মিছিং, ঝুমুৰ, নেপালী আদি বিহু প্ৰদৰ্শন কৰা হয়৷ সংস্কৃতিৰ বাৰেৰহনীয়া মিলনে অনাবিল আনন্দ প্ৰদান কৰে ৷
গাঁৱৰ এই অনুষ্টুপীয়া অনুষ্ঠানটো গাৱৰ সকলোৱে সহযোগিতা আগবঢ়াই৷ সকলো লোক গৈ তাতেই একত্ৰিত হয়গৈ৷ বৰ্তমান প্ৰশিক্ষণ যুক্ত হুচৰিও আহি সহযোগ কৰে৷ এইবাৰ গাঁৱতে দুইযোৰ হুচৰিয়ে বিহু প্ৰদৰ্শন কৰে৷ গাঁৱৰে মানুহৰ ঘৰে ঘৰে তুলি অনা পিঠাপনা, চিৰা, সান্দহ, আখৈ, হুৰুম আদি খোৱা ব্যৱস্থা কৰা হয়৷
বৰ্তমান আধুনিকতাৰ বিশাল আয়োজনত তেনেই সাধাৰণ অনুষ্ঠান হলেও আমাৰ বাবে গাঁৱখনৰ বাবে এক মৰ্যদাপুৰ্ণ অনুষ্ঠান৷ আনে হাঁহিলেও সেয়া আমাৰ বাবে বুকুৰ আপোন৷ সৰু অনুষ্ঠান হলেও আমাৰ গাঁওখনে জীয়াই ৰখা ৰঙালীৰ পৰম্পৰা হয়তো বিৰল৷ গাঁৱৰ বুকুত সকলোবোৰেই অভাৱ৷ গাঁৱৰ মানুহ অৰ্থনৈতিক ভাবে তেনেই দুৰ্বল তথাপি সাধ্য অনুযায়ী আয়োজন কৰা হৃদয়ৰ মৰ্যাদাক হেয় কৰিব নোৱাৰে৷ বহাগৰ ১তাৰিখেই এতিয়া বিশাল আয়োজন চলা অনুষ্ঠান চাবলৈ হাজাৰ হাজাৰ মানুহে সমাগম কৰিব পাৰে কিন্তু আমাৰ এশ দুশ মানুহৰ বাবে এইয়াই যেন বিহুৰ উল্লাস৷ সকলোৱেই অকনমান আনন্দ কৰো, অকনমান স্ফুৰ্তি কৰো৷ বিহু কেৱল চাবলৈ জানো হয়, সকলোৱেই মিলি আনন্দ কৰিবলৈ৷
শেষত কওঁ মোৰ গাৱৰ পৰম্পৰা দীৰ্ঘদিন জীৱিত হওঁক, আধুনিকতাত বিলীন হৈ কেৱল দেখনীয়া নহওঁক তাকেই কামনা কৰো৷৷

Leave a Response