বীজাণু সংক্ৰমিত খাদ্যজনিত ৰোগ Infectious Foodborne Disease

~ডা° অঞ্জন জ্যোতি নাথ

অপৰিস্কাৰ পৰিস্থিতিত উৎপাদিত আৰু সংৰক্ষিত খাদ্য, বীজাণু সংক্ৰমিত ৰোগত আক্ৰান্ত জীৱ-জন্তুৰ পৰা উৎপাদিত খাদ্য, অথবা পচিবলৈ ধৰা খাদ্যত বীজাণু বা বীজাণুসৃষ্ট কিছু বিষাক্ত পদাৰ্থ যাক ট’ক্সিন (toxin) বুলি কোৱা হয় তাৰ উপস্থিতিয়ে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰে৷ খাদ্যত স্বাভাৱিক ভাৱে থকা অথবা আন উৎসৰ পৰা দূষিত হৈ পৰা বীজাণুৰ উপৰিও অন্যান্য দূষিতকাৰক ৰসায়নিক বা ভৌতিক পদাৰ্থ, বা প্ৰাকৃতিক ভাৱে থাকিব পৰা কিছু ট’ক্সিন সেৱনৰ ফলত হোৱা ৰোগক সামূহিকভাৱে খাদ্যজনিত ৰোগ(ফুডবৰ্ণ ডিজিজেচ- Foodborne diseases)ৰ আখ্যা দিয়া হয়৷

খাদ্য সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি খাদ্যৰ জৰিয়তে সংক্ৰমণ হব পৰা বীজাণুজনিত কিছু ৰোগ আৰু তাৰ সৈতে জড়িত অন্যান্য কিছু প্ৰাসঙ্গিক দিশ সামৰি এই লিখাটি পাঠক সমাজৰ জ্ঞাতাৰ্থে প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰা হৈছে৷
বীজাণু আৰু খাদ্যৰ দ্বাৰা হোৱা বীজাণুসংক্ৰমিত ৰোগ:
বীজাণু হৈছে সাধাৰণতে খালীচকুৰে মণিব নোৱাৰা কিছু ক্ষুদ্ৰাতি-ক্ষুদ্ৰ জীৱ৷ অণুবীক্ষণ যন্ত্ৰ (মাইক্ৰ’ক্সপ-Microscope)ৰ সহায়তহে দেখা পাব পৰা এনে জীৱসমূহক (যেনে-বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট্’জৱা আদি) আণুবীক্ষণিক জীৱ(মাইক্ৰ’অৰ্গেণিজম-Microorganism) বুলি কোৱা হয়৷ ভাইৰাচ বা বিষাণু বেক্টেৰিয়াতকৈ ক্ষুদ্ৰ আৰু ইলেকট্ৰন মাইক্ৰ’ক্সপৰ সহায়তহে চাব পাৰা তেনে আন এক আণুবীক্ষণিক বীজাণু ৷ খাদ্য বস্তুৰ পচন, অৰ্থাৎ সাধাৰণ পৰিৱেশত থৈ দিয়া খাদ্য বস্তুসমূহ বেয়া হৈ যোৱাৰ মূল কাৰণ হৈছে এনে কিছু আণুবীক্ষণিক জীৱ ৷ খাদ্যত থকা পানী আৰু অন্যান্য পুষ্টিতত্বসমূহ যে অকল মানৱ দেহৰ কাৰণেই লাগতিয়াল এনে নহয়, বৰঞ্চ বহু আণুবীক্ষণিক জীৱসমূহৰ কাৰণেও জীৱন ধাৰণৰ সমল ৷ উপযুক্ত পৰিৱেশ, যেনে উষ্ণতা, অম্লতা, আৰ্দ্ৰতা, আৰু বায়বীয় পৰিস্থিতি (যেনে- অ’ক্সিজেন, কাৰ্বন-ডাই-অক্সাইড আদি গেছসমূহ)পালে তেনে বীজাণুসমূহৰ মাত্ৰাধিক বৃদ্ধি হ’ব পাৰে ৷ বৃদ্ধিৰ ফলত বহুতো এনে বীজাণুৱে সৃষ্টি কৰা পাচক পদাৰ্থসমূহে প্ৰাণীদেহত বিষ (ট’ক্সিন) হিচাপে কাম কৰিব পাৰে ৷ গতিকে, খাদ্যই ৰোগ সৃষ্টিকাৰী বীজাণু বা বীজাণুসৃষ্ট ট’ক্সিনসমূহৰ বাহক হিচাপে কাম কৰে৷
খাদ্যত ৰোগ সৃষ্টিকাৰী বীজাণু মিহলি হোৱাৰ প্ৰধান উৎসসমূহ:
*ৰোগীয়া পশু বা বীজাণু সংক্ৰমিত খাদ্য-শস্য,
*শস্য উৎপন্ন কৰা মাটি আৰু খাদ্য উৎপাদনত ব্যৱহৃত হোৱা পানী, অথবা চৌপাশৰ জলবায়ু,
*খাদ্য-সামগ্ৰী ধোৱা বা প্ৰস্তুতকৰণত ব্যৱহৃত হোৱা পানী,
*খাদ্য বস্তুৰ সংস্পৰ্শত থকা যিকোনো ৰোগীয়া ব্যক্তি,
*খাদ্য বস্তু প্ৰস্তুতকৰণত ব্যৱহৃত হোৱা যিকোনো আহিলা-পাতি,
*কীট-পতংগআৰু অন্যান্য বনৰীয়া পশু-পক্ষী,
*খাদ্য বস্তুৰ পৰিবহন, সংৰক্ষণ বা খাবলৈ প্ৰস্তুত কৰাৰ যিকোনো মুহুৰ্তত ৰোগ সৃষ্টিকাৰী বীজাণু বা বীজাণুসৃষ্ট ট’ক্সিনৰ সংক্ৰমণ, অথবা অন্যান্য কাৰকসমূহ৷
বীজাণুসৃষ্ট ৰোগসমূহ: খাদ্যত উপস্থিত থকা সকলো বীজাণুৰে ৰোগ সৃষ্টিকাৰী ক্ষমতা নাথাকিবও পাৰে ৷ প্ৰাণীদেহতো বহুত ধৰণৰ বীজাণু পৰজীৱি হিচাপে সহবাস কৰে যদিও অনুকূল পৰিৱেশত এনে কিছু পৰজীৱি আৰু খাদ্য সংক্ৰমিত বীজাণুৰ দ্বাৰাও ৰোগ সৃষ্টি হ’ব পাৰে ৷ উপযুক্ত পৰিৱেশ পালে আৰু মাত্ৰাধিক পৰিমাণত সেৱন কৰিলে আপেক্ষিকভাৱে নিৰাপদ বীজাণুসমূহো ৰোগৰ কাৰণত পৰিণত হ’ব পাৰে ৷ বীজাণুযুক্ত খাদ্য অথবা বীজাণুসৃষ্ট ট’ক্সিনৰ উপস্থিতি থকা খাদ্য খালে সাধাৰণতে তেনে বীজাণুজনিত ৰোগৰ সংক্ৰমণ (Infection) বা বিষক্ৰিয়া (Intoxication) হ’ব পাৰে৷

খাদ্যজনিত কিছু বীজাণু আৰু তেনে বীজাণু সংক্ৰমিত ৰোগৰ লক্ষণৰ বিষয়ে চমুকৈ:

বেক্টেৰিয়া (Bacteria):সমগ্ৰ বিশ্বজুৰি ৰোগসৃষ্টিকাৰী বহুতো প্ৰজাতিৰ বেক্টেৰীয়া খাদ্য বা পানীজনিত ৰোগৰ কাৰক হিচাপে পৰিগণিত হৈছে (তালিকা-১)৷ অৱশ্যে খাদ্যত সাধাৰণতে উপস্থিত থকা আন বহুতো ধৰণৰ বেক্টেৰিয়াও সংক্ৰমণৰ কাৰক হব পাৰে ৷
তালিকা ১: খাদ্যজনিত কিছু ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া সংক্ৰমণৰ উৎস আৰু ৰোগৰ লক্ষণ-
#পেষ্ট্যুৰাইজেচন হৈছে এক তাপ নিয়ন্ত্ৰিত প্ৰক্ৰিয়াৰ দ্বাৰা গাখীৰত থকা অপকাৰী বীজাণুসমূহ নিৰ্দ্দিষ্ট সময় আৰু তাপমানৰ প্ৰয়োগৰ দ্বাৰা ধ্বংস কৰা হয়।


চিত্ৰ: ১ত অনুবীক্ষণ যন্ত্ৰৰে দেখিব পোৱা ষ্টেফাইলকক্কাচ (Staphylococcus aureus) আৰু চিত্ৰ ২ ত ইশ্চেৰিচিয়া কলাই (Escherichia coli) নামৰ বেক্টেৰিয়াৰ প্ৰজাতি । দুয়োবিধ বেক্টেৰিয়াই খাদ্যজনিত ৰোগৰ কাৰক। (ফ’টো কেইখন ইণ্টাৰনেটৰ পৰা সংগ্ৰহিত)

বিষাণু (ভাইৰাচ-Virus):ভাইৰাচ বা বিষাণু হৈছে বেক্টেৰিয়াতকৈ ক্ষুদ্ৰ জীৱ আৰু জড় পদাৰ্থৰ মাজৰ এক অৱস্থা ৷ কেৱল প্ৰাণীকোষৰ ভিতৰতহে ইহঁতৰ বংশ বৃদ্ধি হয়৷ কিন্তু দুষিত খাদ্য বা পানীৰ জৰিয়তে এনে বিষাণুসৃষ্ট ৰোগৰ বিস্তাৰ হ’ব পাৰে ৷ ইনফ্লুয়েঞ্জা, পলিঅ’আৰু হেপাটাইটিচ-এ হৈছে খাদ্য আৰু পানীযোগে বিয়পিব পাৰা বিষাণু ৷ তদুপৰি নৰ’ ভাইৰাচ, ৰ’টা ভাইৰাচ, পাৰভ’ ভাইৰাচ, এডিন’ ভাইৰাচ, এষ্ট্ৰ’ ভাইৰাচ আদি বিষাণু সমূহো সাধাৰনতে ডায়েৰিয়া বা অন্যান্য পাচন প্ৰণালীত জড়িত ৰোগৰ কাৰণ ৷ ৰোগীয়া জীৱ-জন্তু/খাদ্য তদাৰককাৰী লোকৰ পৰাও এনে বিষাণু সমূহৰ সংক্ৰমণ হয়৷
ভেঁকুৰ (ফাঙ্গাচ-Fungus):সেমেকা ঠাইত সংৰক্ষণ কৰা খাদ্য-সামগ্ৰীত সোণকালে ভেঁকুৰ লাগে৷

চিত্ৰ ৩ আৰু ৪: ভেঁকুৰ লগা ব্ৰেড।


চিত্ৰ ৫ আৰু ৬: অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা পোৱা ভেঁকুৰ আৰু ভেঁকুৰৰ ৰেণু।


চিত্ৰ ৭: ভেঁকুৰ লগা পাচলি, চিত্ৰ ৮: প্ৰজাতি সাপেক্ষে অণুবীক্ষণ যন্ত্ৰৰে দেখা পোৱা ভেঁকুৰৰ চাৰিত্ৰিক বৈশিষ্টও বেলেগ।

এনে ভেঁকুৰ সমূহৰ পাচনক্ৰিয়াৰ ফলত উৎপন্ন কৰা পদাৰ্থ বা ট’ক্সিনসমূহ (যাক মাইক’ট’ক্সিন-Mycotoxin নামেৰে জনা যায়) প্ৰাণীদেহৰ কাৰণে ক্ষতিকাৰক৷ ভেঁকুৰ বা ভেঁকুৰ উৎপাদিত ট’ক্সিন সেৱনৰ ফলত চৰ্দি(ফ্লু), খাদ্যনলীৰ বিষ, মূৰৰ বিষ, নাকৰ পৰা ৰক্তক্ষৰণ, ডায়েৰিয়া, চৰ্মৰোগ, ৰোগ প্ৰতিৰোধী ক্ষমতা কমোৱা আদি ধৰণৰ বহুতো উপসৰ্গই দেখা দিব পাৰে৷বিভিন্ন প্ৰজাতিৰ এনে ভেঁকুৰ সমূহে বিভিন্ন ধৰনৰ ট’ক্সিন উৎপন্ন কৰে (তালিকা-২)৷ তাৰ ভিতৰত আফ্লাট’ক্সিন, অক্ৰাট’ক্সিন, ট্ৰাইক’থিচিন আদি প্ৰধান৷

তালিকা ২: খাদ্যত উপস্থিত থাকিব পৰা কিছু বীজাণুসৃষ্ট ট’ক্সিন আৰু টক্সিন সেৱনৰ ফলত হোৱা বিষক্ৰিয়াৰ লক্ষণ-

আনহাতে, কাঠফুলা(Mushroom)ও হৈছে এক ধৰনৰ ভেঁকুৰৰ অংশবিশেষ (spore-bearing fruiting body)৷ বিষাক্ত প্ৰজাতিৰ কাঠফুলা খাই কোনো লোকৰ মৃত্যু পৰ্য্যন্ত হোৱাৰ বাতৰিও আমি কেতিযাবা পাওঁ৷ সেয়েহে,যিকোনো অচিনাক্ত প্ৰজাতিৰ কাঠফুলা খোৱাতো বাঞ্চনীয় নহয়৷


চিত্ৰ: ৯ আৰু ১০: কিছু বিষাক্ত প্ৰজাতিৰ কাঠফুলা (ফ’টো কেইখন ইণ্টাৰনেটত উপলব্ধ)


চিত্ৰ: ১১ আৰু ১২: বৈজ্ঞানিক ভিত্তিত কৰা খাদ্যৰ উপযোগী কিছু কাঠফুলা (ফ’টো কেইখন ইণ্টাৰনেটত উপলব্ধ)

বেক্টেৰিয়া উৎপাদিত ট’ক্সিন: কিছুমান বিশেষ প্ৰজাতিৰ বেক্টেৰিয়া, যেনে-বেচিলাচ চেৰিয়াচ (Bacillus cereus),ক্লষ্ট্ৰিডিয়াম পাৰফ্ৰিঞ্জেন্স (Clostridium perfringens), ষ্টেফাইল’কক্কাচ অৰিয়াচ (Staphylococcus aureus) আদিয়েও ট’ক্সিন উৎপন্ন কৰে৷ তেনে ট’ক্সিন মিশ্ৰিত খাদ্য সেৱনৰ ফলত পাচন তন্ত্ৰৰ বিভিন্ন ৰোগ যেনে হঠাতে বমি হোৱা বা বমি ভাৱ অহা, পেট খামুছি ধৰা, ডায়েৰিয়া আদি বিষক্ৰিয়া সমূহে দেখা দিব পাৰে৷
প্ৰিয়ন (Prion):“প্ৰিয়ন” নামৰ এক সংক্ৰামক প্ৰ’টিন “মেড কাউ” (Mad Cow, Bovine Spongiform encephalopathy নামেৰেও জনা যায়) অৰ্থাৎ “বলিয়া গৰু” নামেৰে জনাজাত হোৱা এক ৰোগৰ কাৰক । প্ৰিয়ন দূষিত গো-মাংস সেৱনৰ ফলত সমগ্ৰ ইউৰোপ আৰু কিছু প্ৰাশ্চ্য দেশত মানুহলৈ “মেড কাউ” ৰোগ-সদৃশ ক্ৰুজফেল্ট-জেকব নামৰ ৰোগ (variant Creutzfeldt-Jakob disease- vCJD) সংক্ৰমণ হোৱাতো প্ৰমাণিত হৈছিল৷ বেক্টেৰিয়া বা ভাইৰাচক ধ্বংস কৰিব পৰা আৰু খাদ্য প্ৰস্তুতকৰণত ব্যৱহৃত উচ্চ উষ্ণতাতো (৬০০ ডিগ্ৰী পৰ্য্যন্ত) এই প্ৰ’টিন বিনষ্ট নহয় ৷ আক্ৰান্ত ব্যক্তি সকলৰ স্নায়ৱিক ৰোগৰ লক্ষণসমূহ যেনে- হতাশাতভোগা অথবা উত্তেজিত হোৱা, অসাধাৰণ ব্যৱহাৰ, খোজ কঢ়াত সামঞ্জস্য হেৰুওৱা ইত্যাদি উপসৰ্গসমূহে দেখা দিয়ে৷
আক্ৰান্ত জন্তু সমূহক একেসময়তে নিধন(Mass slaughter) কৰি সমগ্ৰ ইউৰোপত এতিয়া অত্যন্ত সতৰ্কতা আৰু পৰ্য্যবেক্ষণৰ জৰিয়তে এই ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হৈছে ৷ অন্যান্য দেশসমূহে আক্ৰান্ত অঞ্চলৰ পৰা গো-মাংসৰ আমদানিকৰণতো বহু সতৰ্কতামূলক নীতি পালন কৰি আহিছে৷

এককোষী বা বহুকোষী আন কিছু পৰজীৱি প্ৰাণী:
খাদ্যৰ যোগেদি বহুতো আন পৰজীৱি জীৱ, যেনে প্ৰট’জৱা, এমিবা আৰু কৃমি (গোটা বা চেপেটাকৃমি/কৃমিৰ অণ্ডসমূহ) কেঁচা খাদ্য সামগ্ৰী, ভালকৈ নিসিজোৱা খাদ্য, মানুহ বা অন্য জীৱ জন্তুৰ বিষ্ঠাৰ দ্বাৰা দূষিত হোৱা কেঁচা শাক-পাচলি বা খাদ্য তদাৰককাৰী আৰু পৰিৱেশনকাৰীলোকৰ পৰাও সংক্ৰমিত হ’ব পাৰে (কীট-পতঙ্গৰ বাহকৰুপী ভূমিকাও উল্লেখযোগ্য)৷ কৃমিৰ ফলত হোৱা ডায়েৰিয়া, অন্যান্য পেটৰ ৰোগ, ওজন কমা, ৰক্তহীনতাত ভোগা, ৰোগ প্ৰতিৰোধী ক্ষমতা কমা আদিৰ কথা হয়তো বিস্তৃতভাৱে কোৱাৰ প্ৰয়োজন নাই৷

খাদ্যত বীজাণু বা বীজাণু সৃষ্ট ট’ক্সিনৰ অনুমোদিত সীমা (Permissible limit): যিহেতু খাদ্যসামগ্ৰী সমূহ পুষ্টি তত্বৰ উৎকৃষ্ট সমল,সেয়েহে খাদ্যশৃঙ্খলৰ লগত জড়িত বিভিন্ন পৰ্য্যায় সমূহত খাদ্যসামগ্ৰী বীজাণুৰদ্বাৰা দুষিত হৈ তেনে খাদ্যত বীজাণুৰ বৃদ্ধি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ৷ জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ (Food Safety and Standards Authority of India)ৰ দ্বাৰা খাদ্য অনুসৰি এনে বীজাণু আৰু টক্সিনৰ কিছু অনুমোদিত পৰিসীমা(Permissible limit) ধাৰ্য্য কৰি দিয়া হৈছে ৷ এনে নিৰ্দ্দিষ্ট পৰিসীমাৰ ভিতৰত থাকিলে বীজাণু বা বীজাণুসৃষ্ট ট’ক্সিন সমূহে স্বাস্থ্যৰ বিশেষ ক্ষয়-ক্ষতি কৰাৰ সম্ভাৱনা নাথাকে ৷ উদাহৰণ স্বৰুপে, প্ৰতি মি.লি. পেষ্ট্যুৰাইজড গাখীৰত ৩x১০,০০০=৩০,০০০ সংখ্যক মুঠ বেক্টেৰিয়া (Total count in colony forming unit) আৰু আফ্লাট’ক্সিন M1 ৰ পৰিমাণ 0.৫ মাইক্ৰ’গ্ৰাম (μg)তকৈ অধিক হব নোৱাৰিব৷ সবিশেষ তথ্যৰ বাবে FOOD SAFETY AND STANDARDS (FOOD PRODUCTS STANDARDS AND FOOD ADDITIVES) REGULATIONS, 2011 (Version-II dated 23.5.2017) ৰ Appendix B: Microbiological Requirements আৰু FOOD SAFETY AND STANDARDS (CONTAMINANTS, TOXINS AND RESIDUES) REGULATION, 2011 (Version I dated 8.5.2017)চাব পাৰে (www.fssai.gov.in )৷
খাদ্যজনিত বিষক্ৰিয়া/বীজাণু সংক্ৰমণ প্ৰতিৰোধৰ বাবে লব লগা সাৱধানতা:
*খাদ্য বস্তু ভালকৈ সিদ্ধ কৰি খোৱা,
*নিৰ্দ্দিষ্ট উষ্ণতা তথা পৰিৱেশতহে খাদ্য বস্তুৰ সংৰক্ষণ কৰা,
*খাদ্য প্ৰস্তুতকৰণত বিশেষ সতৰ্কতা অৱলম্বন আৰু প্ৰস্তুতকৰ্তাৰ নিৰ্দ্দেশাৱলীমতে খাদ্য প্ৰস্তুত কৰা বা সংৰক্ষণ কৰা,
*কোনো কাৰণতে সংৰক্ষণৰ ম্যাদ উকলা খাদ্য দ্ৰব্য সেৱন নকৰা,
*খাদ্যজনিত ৰোগৰ লক্ষণসমূহে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা,
আৰু সৱাতোকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ সাৱধানতাসমূহ হল-
খাদ্য প্ৰস্তুতকাৰী আৰু ব্যৱসায়ী সকলৰ দ্বাৰা খাদ্য দূষিতকৰণ নহবলৈ প্ৰয়োজনীয় সু-অনুশীলনসমূহ মানি চলা আৰু গ্ৰাহক সচেতনতা৷
কেতিয়াবা আকৌ খাদ্যত কিছু বীজাণুৰ উপস্থিতি প্ৰয়োজনীয় তথা উপকাৰীও হব পাৰে৷ উদাহৰণ স্বৰুপে, গাখীৰত থকা বহুতো বীজাণুয়ে কিন্বণ (ফাৰ্মেণ্টেচন-Fermentation) প্ৰক্ৰিয়াৰ দ্বাৰা গাখীৰক দৈত পৰিৱৰ্তিত কৰাৰ লগতে তেনে বীজাণুসমূহ আমাৰ শৰীৰৰ পাচন তন্ত্ৰৰ বাবেও উপকাৰী হিচাপে বৈজ্ঞানিক অধ্যয়নৰ দ্বাৰা প্ৰমাণিত হৈছে ৷ অৱশ্যে, গাখীৰত থকা সকলো বীজাণুয়েই যে স্বাস্থ্যৰ বাবে উপকাৰী হব, সেয়া এক ভ্ৰান্ত ধাৰণা৷ সেয়েহে ভালকৈ উতলাই নিৰ্বীজকৰণ কৰা (ষ্টেৰিলাইজড-Sterilized) বা পেষ্ট্যুৰাইজেশনকৰা (পেষ্ট্যুৰাইজড -Pasteurized) গাখীৰত FSSAI দ্বাৰা অনুমোদিত আৰু বাণিজ্যিক ভাৱে উপলব্ধকিছু উপকাৰী বীজাণু মিহলাইহে ব্যৱসায়ীক ভিত্তিত দৈ প্ৰস্ত্তত কৰা হয় ৷ কিন্বণ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰা অন্যান্য বহুতো খাদ্য বা খাদ্যৰ কেঁচা সামগ্ৰীসমূহ, যেনে- পাউৰুটি, পনীৰ, ক্ৰীম, মাছৰ চ’চ, চয়া চ’চ,দাক্ষিণাত্যৰ জনপ্ৰিয় জলপানসমূহ যেনে আপ্পম, ইডলী, ড’চা আদিৰ মিশ্ৰণ, পশ্চিম ভাৰতৰ জনপ্ৰিয় ঢকলাৰ মিশ্ৰণ ইত্যাদি এতিয়া আমাৰ চিৰপৰিচিত খাদ্য ৷ আমাৰ অসমৰ অতি প্ৰিয় আৰু লোভনীয় বাঁহগাজৰ খৰিচাকণো আচলতে আমাৰ অজানিতে এই কিন্বণ প্ৰক্ৰিয়াৰ দ্বাৰাই হৈ উঠে৷
খাদ্যত প্ৰাকৃতিকভাৱে বা আন উৎসৰ পৰা সংক্ৰমিত হৈ উপকাৰী আৰু অপকাৰী দুয়োধৰণৰ বীজাণুৰ উপস্থিতি থাকিব পাৰে ৷ নিঃসন্দেহে উপকাৰী বীজাণুৰ সংখ্যা বা গুণাগুণৰ তুলনাত অপকাৰী বীজাণুৱে কৰিব পৰা খাদ্যৰ গুণাগুণৰ অৱণতি, স্বাস্থ্যৰ ওপৰত পেলাব পৰা ক্ষতিকাৰক প্ৰভাৱ, তথা আৰ্থিক ক্ষয়-ক্ষতিৰ পৰিমাণেই বেছি ৷ সেয়েহে, খাদ্যৰ গুণগত মান তথা সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি উৎপাদিত খাদ্য আৰু নিৰ্দ্দিষ্ট খাদ্য যোগানকাৰীৰ পৰা সঠিকভাৱে সংৰক্ষিত খাদ্য-বস্তুহে ক্ৰয কৰাৰ সিদ্ধান্ত কিন্তু গ্ৰাহকৰ নিজাবৱীয়া ৷
(কৃতজ্ঞতা: লিখনিটোৰ কিছু ভুল-ত্ৰুতি শুধৰাই দিয়াৰ বাবে শ্ৰী দীপাংকৰ পাল আৰু শ্ৰী কুলজিৎ কলিতাক লিখকৰ ফালৰ পৰা অশেষ ধন্যবাদ৷)

*******************************************************************
লিখক ডা° অঞ্জনজ্যোতি নাথ, সহকাৰী অধ্যাপক, অণুজীৱ বিজ্ঞান বিভাগ, লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অ.কৃ.বি., জহিঙ, উত্তৰ লক্ষীমপুৰ- ৭৮৭ ০৫১. ই-মেইল: drnath76@gmail.com

তথ্যসূত্ৰ:-
১) বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবচাইটৰ (www.who.int/topics/foodborne_diseases/en/)
২) ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক সংস্থাৰ ৱেবচাইট (www.fssai.org)

3 Comments

  1. Thank you Mr. Paul. Tried to incorporate some important aspects of microbial causes of foodborne illness in a nutshell. Hope other readers too find it useful.

Leave a Response